অংশিদাৰী

ৰাজ্যিক মূল অভিকৰণসমূহ

Centre for Rural Development (CRD)
চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট হৈছে অসমৰ ৰাজ্যিক মূল অভিকৰণ। এই অনুষ্ঠান স্থাপিত হৈছিল ১৯৯৪ চনত। চিআৰডিয়ে দেশৰ দুখীয়া লোকসকলক সৱল কৰি তুলিবলৈ অহৰহ চেষ্টা কৰি আহিছে। দেশৰ দুখীয়া লোকসকলে স্থানীয় সম্পদ আৰু তেওঁলোকৰ অৰ্হতাসমূহ সৎ ব্যৱহাৰ কৰি কিদৰে জীৱিকা নিৰ্বাহৰ পথ বিচাৰি উলিয়াব পাৰে এয়ে হ’ল চিআৰডিৰ মূল অভিযান। এই অভিযানৰ বাবে চিআৰডিয়ে দুখীয়া সম্প্ৰদায় আৰু সাধাৰণ খেতিয়ক, দুখীয়া লোকসকল, জনজাতি, অনুসূচীত জাতি, মহিলা আৰু শিশুসকলক লক্ষ্য হিচাপে লৈছে। চিআৰডিয়ে ৰিস্কা বেংক প্ৰকল্প, বিজ্ঞান আৰু প্ৰযুক্তিগত উদ্যমীৰ উন্নয়ন ইত্যাদিৰ হকে কাম কৰি আহিছে। ২০০৪ চনত আৰম্ভ হোৱা ৰিস্কা বেংক প্ৰকল্পৰ জৰিয়তে চিআৰডিয়ে সমাজৰ দুখীয়া শ্ৰেণীৰ লোকসকলৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি সাধন কৰাৰ লগতে এক সন্মানজনক উপাৰ্জনৰ পথ দেখুৱাই দিয়াৰ বাবে দেশৰ লগতে আন্তৰ্জাতিক পৰ্য্যায়ৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। http://www.crdev.org/
Has Vikaspedia helped you? Share your experiences with us !!!
To continue to home pagehttp://asvikaspedia.in/InDG
Back to top