মূল পৃষ্ঠা / কৃষি / অসমৰ কৃষকসকলৰ বাবে আঁচনিসমূহ / উন্নত কৃষিৰ বাবে জলসিঞ্চন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উন্নত কৃষিৰ বাবে জলসিঞ্চন :

উন্নত কৃষিৰ বাবে জলসিঞ্চন বিষয়ে লিখা হৈছে ।

 

বৰ্তমান চৰকাৰৰ সাফল্যৰ দুবছৰীয়া খতিয়ান -

কৃষি প্ৰধান ৰাজ্য অসমৰ আৰ্থ-সামাজিক অৱস্থা উন্নীতকৰণৰ ক্ষেত্ৰত বৰ্তমান শাসনধিস্থিত চৰকাৰখনে কৃষি উৎপাদন বৃদ্ধিৰ দ্বাৰা ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লক্ষ্যৰে জলসিঞ্চনৰ বিভিন্ন আঁচনি হাতত লৈছে।

চৰকাৰী জলসিঞ্চন আঁচনিৰ খতিয়ান -

*বৰ্ত্তমানলৈ ৰাজ্যখনৰ ১৫ খন সম্পূৰ্ণ হোৱা আৰু ৫ খন অসম্পূৰ্ণ বৃহৎ আৰু মজলীয়া জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে ২০১৮ চনৰ মাৰ্চ মাহলৈ মুঠ ২,৮১,৪২৩ হেক্টৰ কৃষিভূমি জলসিঞ্চনৰ আওতালৈ অনা হৈছে।

*তিনি সহস্ৰাধিক সম্পূৰ্ণ ও অসম্পূৰ্ণ ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ জৰিয়তে ৫,৩৮,০০০ হেক্টৰ কৃষিভূমিৰ বাবে জলসিঞ্চনৰ সামৰ্থ আহৰণ কৰা হৈছে। অৰ্থাৎ ৰাজ্যখনত চৰকাৰী জলসিঞ্চন আঁচনিৰ ।

*জৰিয়তে ৮,১৯,৪২৩ হেক্টৰ কৃষিভূমিত পানী যোগানৰ সামৰ্থ আহৰিত হৈছে।

বৃহৎ আৰু মজলীয়া জলসিঞ্চন:

*ধনশিৰি বৃহৎ জলসিঞ্চন প্ৰকল্পৰ লক্ষত প্ৰাপ্তিত বাকী থকা ২৩,৯৭২ হেক্টৰ কৃষি ভূমি জলসিঞ্চনৰ আওতালৈ অনাৰ বাবে নাবাৰ্ডৰ অধীনত এল টি আই এফৰ অৰ্থ সাহায্যৰে নিৰ্মাণ কাৰ্য্য হাতত লোৱা হৈছে আৰু বাকী থকা কামখিনি ২০১৯ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।

*ব্ৰহ্মপুত্ৰ নদীৰ দূৰলৈ যোৱা সৃতি নগাওঁ জিলাৰ অন্তৰ্গত কলং-কলিয়াবৰ উত্তোলিত জলসিঞ্চন আঁচনিলৈ পূণৰ বোৱাই আনি হাতীমূৰা উত্তোলিত উত্তোলিত কেন্দ্ৰ উজ্জিৱিত কৰাৰ ব্যৱস্থা লোৱা হৈছে, যাৰ জৰিয়তে ১৩২৯৯ হেক্টৰ কৃষিভূমিৰ হেৰোৱা জনসিঞ্চন ক্ষমতা পুণৰুদ্বাৰ হ’ব।

*২৪,৬১৫ হেক্টৰ কৃষি ভূমিত জলসিঞ্চন লক্ষ্যৰে ৩ টা নতুন মজলীয়া জলসিঞ্চন প্ৰকল্প ক্ৰমে বিশ্বনাথ চাৰিআলি জিলাত বুৰৈ জলসিঞ্চন প্ৰকল্প, বাক্সা জিলাত পুঠিমাৰী জলসিঞ্চন প্ৰকল্প আৰু চিৰাং জিলাত বুঢ়ীসূতি জলসিঞ্চন প্ৰকল্পৰ কাম হাতত লৈ প্ৰাৰম্ভিক অনুসন্ধান আৰু জৰীপৰ কাম সম্পূৰ্ণ কৰা হৈছে আৰু বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুতৰ কাম চলি আছে।

ক্ষুদ্ৰ জলসিঞ্চন -

*২০১৬-১৭ আৰু ২০১৭-১৮ বিত্তীয় বৰ্ষত তৰাম্বিত জলসিঞ্চন লাভ কৰা আঁচনি(এ আই বি বি)ৰ অধীনত ৩৪ খন অসম্পূৰ্ণ আঁচনি কৰি ১৫,৭১৫ হেক্টৰ কৃষি ভূমিৰ বাবে জলসিঞ্চনৰ শক্তি আহৰণ কৰা হৈছে।

*অনুসূচিত জাতি উপ-পৰিকল্পনা(এচ চি এচ পি)ৰ অধীনত ৩৩ খন ক্ষুদ্ৰ জলসিঞ্চন আঁচনি সম্পূৰ্ণ কৰি ২,৭৯৪ হেক্টৰ কৃষি ভূমিত পানী যোগানৰ সামৰ্থ আহৰণ কৰা হৈছে।

*জনজাতি উপ-পৰিকল্পনাৰ অধীনত ১৫ খন আঁচনি সম্পূৰ্ণ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে ১,৯৭৬ হেক্টৰ ভূমিৰ বাবে জলসিঞ্চনৰ সামৰ্থ আহৰণ কৰা হৈছে।

*নাৱাৰ্ডৰ অধীনত ৬০ খন জলসিঞ্চন আঁচনি সম্পূৰ্ণ কৰি ৬,৩৭৬ হেক্টৰ কৃষি ভূমি জলসিঞ্চনৰ আওঁতালৈ অনা হৈছে।

মুখ্যমন্ত্ৰী বিষেশ অনুদান(চি এন স্পেচিয়েল পেকেজ) আঁচনিৰ অধীগ্নত ৪ খন ক্ষুদ্ৰ জনসিঞ্চন আঁচনি সম্পূৰ্ণ কৰি ৫৩২ হেক্টৰ কৃষি ভূমি জলসিঞ্চনৰ পৰিসৰলৈ অনা হৈছে।

*এন এল চি পি আৰ ৰ অধীনত বৰচলা উন্নয়ণ খণ্ডৰ ২০১৭-১৮ বিত্তীয় বৰ্ষত ৩০ টা গভীৰ নলী-নাদ ওকেন্দ্ৰ আংশিক ভাৱে সম্পূৰ্ণ ভাৱে সম্পূৰ্ণ কৰি ৩৬০ হেক্টৰ কৃষি ভূমিত জলসিঞ্চনৰ সামৰ্থ আহৰণ কৰা হৈছে। তদুপৰি অসম্পূৰ্ণ অৱস্থাত থকা ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ পৰা মুঠ ৭,৪৪৫ হেক্টৰ কৃষি ভূমিত জলসিঞ্চন ক্ষমতা আংশিক ভাৱে আহৰণ কৰা হৈছে।

ক্ষেত্ৰ উন্নয়ণ আৰু জল ব্যৱস্থাপনা আঁচনি(চি এ ডি ডব্লিউ এম প্ৰগ্ৰাম)-

*এই আঁচনিৰ জৰিয়তে পহুমাৰা ক্ষেত্ৰ উন্নয়ণ প্ৰকল্পৰ ৬,০১৮ হেক্টৰ, মালৈবাৰী উত্তোলিত জলসিঞ্চনৰ ক্ষেত্ৰ উন্নয়ন আঁচনিৰ ৯০০ হেক্টৰ, বৰডিকৰাই প্ৰকল্প ক্ষেত্ৰত উন্নয়ণ আঁচনিৰ জৰিয়তে ৬,৫৩৬ হেক্টৰ আৰু ডেকাডোং জলসিঞ্চন প্ৰকল্পৰ ক্ষেত্ৰ উন্নয়ণৰ ১৮ হেক্টৰ কৃষি ভূমি ইতিমধ্যে জলসিঞ্চনৰ আওতাত সামৰি লোৱা হৈছে।

“বাঢ়িছে মানুহ, টুটিছে মাটি, এডৰা মাটিতে একাধিক খেতি”

এই লক্ষ্যকে সাৰোগত কৰি আঁচনি সমূহৰ সফল ৰূপায়ণত জলসিঞ্চন বিভাগ অগ্ৰসৰ হৈছে।

উৎস: জলসিঞ্চন বিভাগ, অসম(অসমীয়া প্ৰতিদিন)

3.11111111111
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top