অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নাৰিকল উন্নয়ন বোৰ্ড

নাৰিকল উন্নয়ন বোৰ্ড ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত

নাৰিকল উন্নয়ন বোৰ্ড ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত ১২ জানুৱাৰী ১৯৮১ চনত মুখ্য কাৰ্যালয় কোচি, কেৰেলাত স্থাপন কৰা হৈছিল| নাৰিকল উন্নয়ন বোৰ্ডৰ ক্ষেত্ৰীয় কাৰ্য্যালয় পূৱ আৰু উত্তৰ-পূৱ গুৱাহাটীত অৱস্থিত আৰু পূৰ্বাঞ্চলৰ নাৰিকল খেতিৰ সমূহীয়া উৎপাদন বৃদ্ধি আৰু প্ৰসাৰৰ কাৰণে ১৯৮৫ চনৰ পৰাই কাম কৰি আহিছে| বোৰ্ডে ১৯৮৭ চনত অভয়াপুৰী বঙাইগাঁও জিলাত ৪০ হেক্টৰৰ মাটিৰ এখন ফাৰ্ম স্থাপন কৰে| ফাৰ্মত উন্নত মানৰ ৰোপণ সামগ্ৰী পোৱাৰ লগতে প্ৰশিক্ষণ দিয়া হয়|

নাৰিকল গছ পৃথিৱীৰ প্ৰয়োজনীয় গছবোৰৰ ভিতৰত এজোপা| ব্যৱহাৰ আৰু গুণাগুণৰ ওপৰত ভিত্তি কৰি নাৰিকল গছক ‘কল্পবৃক্ষ’ বা ‘সৰগৰ গছ’ নামে জনা যায়|

নাৰিকল উন্নয়ন বোৰ্ডৰ আঁচনিঃ

(ক) নাৰিকল বাগান স্থাপনৰ বাবে সাহাৰ্য্যঃ

উদ্দেশ্য:- ট্ৰাইবেল জন-জাতিৰ অধীনত কৰিব পৰা বিশাল ভিত্তিত নাৰিকল বাগান স্থাপন কৰা| আঁচনিৰ মুঠ খৰচৰ (১.৬০ লাখ প্ৰতি হেক্টৰ) ২৫% খৰচ (৪০,০০০ টকা) প্ৰতি হেক্টৰত দুটা সমকিস্তিত দুই বছৰৰ বাবে অনুদান দিয়া হ’ব|

আঁচনিৰ বিৱৰণ:-

(১) একেটা ঠাইত নিম্নতম ২৫ হেক্টৰ (৪০০০ জোপা) হ’ব লাগিব|

(২) এই আঁচনি পাবৰ বাবে খেতিয়কৰ নিম্নতম ০.২ হেক্টৰ মাটি অথবা ৩২ জোপা গছ লগাব লাগিব|

(খ) নাৰিকলৰ অধীনত থকা এলেকাসমূহৰ বৃদ্ধিৰ যোজনাঃ

উদ্দেশ্য:-

(১) ভৱিষ্যতে নাৰিকল উৎপাদন বৃদ্ধিৰ বাবে ক্ষুদ্ৰ তথা প্ৰান্তিক খেতিয়কক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা|

(২) এই আঁচনিৰ জৰিয়তে নাৰিকলৰ অধীনত এলেকা বৃদ্ধিৰ দ্বাৰা দেশৰ মুঠ উৎপাদন বৃদ্ধি কৰা|

আৰ্থিক সাহাৰ্য্যঃ-

(ক) প্ৰতি হেক্টৰত ১৩৭৫০ টকা দুই সমকিস্তিত দুই বছৰৰ বাবে অনুদান (অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম) অথবা ৮৫.৯২/- টকা প্ৰতি জোপা নাৰিকল পুলিত দুই বছৰৰ বাবে অনুদান|

(খ) প্ৰতি হেক্টৰত ৬৫০০/- টকা দুই সমকিস্তিত দুই বছৰৰ বাবে অনুদান (নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ) অথবা ৪০.৬২/- টকা প্ৰতিজোপা নাৰিকল পুলিত দুই বছৰৰ বাবে দুই সমকিস্তিত অনুদান|

অনুদান পোৱাৰ বাবে যোগ্যতাঃ

(১) খেতিয়কে অতিকমেও ১০ জোপা নাৰিকলৰ পুলি ৰুব লাগিব আৰু উচ্চতম ৪ হেক্টৰলৈকে পুলি লগাব পাৰিব|

(২) প্ৰতিহেক্টৰত লগাব লগা পুলিৰ সংখ্যা ১৬০ জোপা|

(৩) গোটৰ জৰিয়তে সংহত কৃষি ব্যৱস্থাপনাৰ দ্বাৰা উৎপাদন বৃদ্ধি

এই আঁচনিৰ উদ্দেশ্য হৈছে খেতিয়কৰ সহযোগিতাৰ দ্বাৰা উপযুক্ত আৰু সময়মতে কৃষি পদ্ধতিৰ গ্ৰহণৰ দ্বাৰা উৎপাদন আৰু উৎপাদিকা শক্তি বৃদ্ধি আৰু প্ৰতি এককৰ পৰা পোৱা আৰ্জিত আয়ৰ উন্নতিকৰণ|

(গ) নাৰিকলৰ উৎপাদনৰ বৃদ্ধিৰ বাবে প্ৰদৰ্শন ভূমিৰ শাখা

উদ্দেশ্য:- আঁচনিৰ লক্ষ্য হৈছে খেতিয়কক আধুনিক কৌশল প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰা আৰু ফলাফল ভিত্তিত উৎপাদন পদ্ধতি গ্ৰহণ কৰিবলৈ প্ৰেৰিত কৰা|

আৰ্থিক সাহাৰ্য্য:- প্ৰতিহেক্টৰত ৩৫০০০/- টকা দুই সমকিস্তিত দুই বছৰৰ বাবে অথবা ১০০ টকা প্ৰতি জোপা লগা নাৰিকল গছ (দুই বছৰৰ বাবে)|

অনুদান পোৱাৰ বাবে যোগ্যতা:- প্ৰদৰ্শন সমষ্টিৰ আকাৰ ২৫ হেক্টৰ (৪৩৭৫ জোপা নাৰিকল গছ)

(ঘ) জৈৱিক সাৰৰ একক স্থাপনৰ বাবে সাহাৰ্য্যঃ-

উদ্দেশ্য:-নাৰিকল গছত জৈৱিক সাৰ যেনে-কেঁচুসাৰ, কয়ৰ পিথ, FYM আদিৰ ব্যৱহাৰ বৃদ্ধি কৰা|

আৰ্থিক সাহাৰ্য্য:- ৬০,০০০ টকা প্ৰতি কেঁচুসাৰ একক স্থাপনাৰ বাবে|

টেংকৰ জোখ:- ৬০ ফুট * ৮ ফুট *২.৫ ফুট

(ঙ) নিজ মালিকাধীন নাৰিকল নাৰ্ছাৰী স্থাপনৰ বাবে সাহাৰ্য্যঃ-

উদ্দেশ্য:- খেতিয়কক উত্তম গুণ বিশিষ্ট নাৰিকলৰ পুলি যোগান দিয়াৰ অৰ্থে ব্যক্তিগত ক্ষেত্ৰত নাৰ্ছাৰী স্থাপন কৰা|

আৰ্থিক সাহাৰ্য্য:- নাৰিকল উন্নয়ন বোৰ্ডে নাৰ্ছাৰী স্থাপনৰ বাবে মুঠ খৰছৰ ২৫% অথবা ২৫০০০ হাজাৰ পুলিৰ বাবে দুইলাখ টকালৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা|

পুলি উৎপাদন:- সাহাৰ্য্য পাবৰ বাবে অতি কমেও ৬২৫০ টা পুলি আৰু সৰ্ব্বোচ্চ ২৫,০০০ পুলি উৎপাদন কৰিব লাগিব|

(চ) নাৰিকল বীজ বাগিছা স্থাপনৰ বাবে সাহাৰ্য্যঃ-

উদ্দেশ্য:-উন্নতমানৰ বীজ বাগিছা স্থাপন কৰাৰ লগতে উৎকৃষ্ট হাইব্ৰীড পুলি উৎপাদন কৰা|

আৰ্থিক সাহাৰ্য্য:- প্ৰজেক্ট মূল্যৰ ২৫% অথবা ৬ লাখ টকা তিনিটা কিস্তিত-

৩ লাখ (১ম বছৰ)+১.৫ লাখ(২য় বছৰ)+১.৫ লাখ(৩য় বছৰ)

আঁচনিৰ বিৱৰণঃ

এলেকা ৪ হেক্টৰ (৬০০-৭০০ জোপা গছ লগাব লাগিব)

আৰ্থিক সাহাৰ্য্য বাগিছাখনৰ মুঠ মাটি (এলেকাৰ) ওপৰত ভিত্তি কৰি দিয়া হয় অথবা মুঠ প্ৰজেক্ট মূল্যৰ ২৫% দিয়া হয়|

প্ৰজেক্ট চৰ্তঃ- প্ৰজেক্টৰ আৰ্থিক সম্পন্নতা বেংকৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ’ব লাগিব|

(ছ) প্ৰায়োগিক মিছনৰ অধীনত বিত্তীয় সহায়তাঃ-

নাৰিকল উন্নয়ন বোৰ্ডে প্ৰায়োগিক মিছনৰ অধীনত সম্ভাৱিক উদ্যোগিক নাৰিকলৰ উদ্যোগ স্থাপন আধুনিকীকৰণ/বহলাবৰ বাবে আৰু মূল্য বৰ্দ্ধিত নাৰিকলৰ বস্তু প্ৰস্তুতকৰণত উৎসাহিত কৰিবলৈ উদ্যোগ স্থাপনৰ বাবে প্ৰজেক্ট মূল্য ২৫% (সৰ্বাধিক ৫০ লাখ টকা) লৈ সাহাৰ্য্য প্ৰদান কৰে|

বিপণন প্ৰচাৰভিযানৰ বাবে মুঠ প্ৰজেক্ট মূল্য ৫০% (সৰ্বাধিক ১০ লাখ টকা) NGO ৰ বাবে আৰু ১০০% (সৰ্বাধিক ২৫ লাখ টকা) চৰকাৰী এজেন্সি আৰু co-operative societies ক সাহাৰ্য্য প্ৰদান কৰা হয়|

প্ৰশিক্ষণ কাৰ্য্যক্ৰমঃ-

(১) নাৰিকল গছৰ বন্ধু:- নাৰিকল গছত উঠা আৰু গছৰ সুৰক্ষাৰ প্ৰশিক্ষণ: ১৮ ৰ পৰা ৪০ বছৰৰ নিৱনুৱা যুৱক/যুৱতীৰ ২০ জনীয়া দলক ছয়দিনৰ বাবে এই প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে|

(২) নাৰিকলৰ খাদ্য বস্তু প্ৰস্তুতকৰণ প্ৰশিক্ষণ:- নাৰিকল উন্নয়ন বোৰ্ডৰ গুৱাহাটীস্থিত ক্ষেত্ৰীয় কাৰ্য্যালয়ত ১০ জনীয়া দলক চাৰিদিনৰ বাবে এই প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে|

(৩) নাৰিকল হস্ত-শিল্প প্ৰশিক্ষণঃ- পোন্ধৰ দিনৰ বাবে পোন্ধৰজনীয়া দলক এই প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে|

নাৰিকলৰ খেতি আৰু যতনঃ-

. জলবায়ু আৰু মাটিঃ- নাৰিকল গছ প্ৰধানত ট্ৰপিকেল গছ আৰু বিষুৱৰেখাৰ ২০° উত্তৰৰ পৰা ২০° দক্ষিণলৈ সিচঁৰিত হৈ আছে| নিয়মিত হাৰত বছৰি ২০০০ মিমি বৰষুণ নাৰিকল গছৰ আকাৰ আৰু ফলৰ বৃদ্ধিৰ বাবে অতি দৰকাৰ|

নাৰিকল খেতি বিভিন্ন মাটিত হ’লেও নতুন পলসুৱা, বালিচহীয়া, ৰঙা, ৰঙা দোমোজা মাটি হ’লে ভাল| বানপানী হোৱা ঠাইত আৰু দ মাটিত নাৰিকল বান্ধ দি ৰুব লাগে|

. নাৰিকলৰ জাত:- আসাম টল, কামৰুপা অসমৰ মাটিৰ তথা জলবায়ুৰ বাবে উপযোগী| সংকৰ জাত ডি*টি, টি*ডি ব্যৱসায়ভিত্তিক খেতিৰ বাবে আৰু চাপৰ জাত আলংকিক গছ হিচাপে ঘৰৰ চৌহদত ৰোপণ কৰা হয়|

.ৰোপণ সামগ্ৰী:- ৯-১২ মাহ বয়সীয়া পুলি অন্তত: ৬-৭ খন সেউজীয়া পাত আৰু গুৰিটো ১০-১২ ছে মি মোটা পুলি ৰোৱাৰ বাবে নিৰ্বাচন কৰিব লাগে|

.স্থান নিৰ্বাচন:- বাৰিষা পানী জমা নোহোৱা আৰু নলা কাটি পানী উলিয়াই দিয়াৰ সুব্যৱস্থা থকা স্থান নিৰ্বাচন কৰিব লাগে|

.মুখ্য স্থানত ৰোপণ কৰাৰ সময়:- নাৰিকল পুলি উচ্চ ঠাইত এপ্ৰিল মে আৰু নিম্ন ঠাইত ছেপ্তেম্বৰ, অক্টোবৰৰ ভিতৰত ৰুব পৰা যায়|

.পুলি ৰোৱাৰ দূৰত্ব:- বৰ্গ পদ্ধতিত পুলি ৭.৫ মি* ৭.৫ মি হ’ব লাগে| প্ৰতি হেক্টৰত ১৫৬ ডাল পুলি অৰ্থাৎ প্ৰতি বিঘাত ২১ ডাল পুলি ৰুব পৰা যায়|

. গাঁতৰ আকাৰ:- নাৰিকল পুলি ৰোৱাৰ বাবে গাঁতৰ আকাৰ ১মি*১মি*১মি হ’ব লাগে|

. গাঁত পোৰন:- পুলি লগোৱাৰ আগে আগে গাঁতটো ৫০ ছেমিৰ পৰা ৬০ ছেমি মাটি আৰু শুকান গোবৰ বা জৈৱিক সাৰ গুড়ি কৰি মাটিৰ লগত মিহলাই পূৰাব লাগে আৰু পুলিটো গাঁতটোৰ সোঁমাজত ৰাখি মাটিৰে নাৰিকলটো পোত যোৱাকৈ এনেধৰণে হেঁচি দিব লাগে যাতে পুলিৰ গুৰটো মাটিৰে ঢাক নাখায়| পুলি ৰোৱাৰ লগে লগে গছত পানী দিব লাগে আৰু ১৫ ছেমি ওখ এটা বান্ধ গাঁতটোৰ চাৰিওফালে বান্ধিব লাগে যাতে বৰষুণৰ পানী গাঁতটোৰ ভিতৰলৈ সোমাব নোৱাৰে| পুলি ৰোৱা মাটিত উঁই পোক থকাৰ সম্ভাৱনা থাকিলে ১০০ গ্ৰাম Cholophyriphos ১০ শতাংশ গাঁতৰ মাটিত মিহলাই দিব লাগে আৰু পুলি ৰোৱাৰ আগতে Sevidol নামৰ ঔষধবিধ ৫ গ্ৰাম গাঁতৰ মাটিত মিহলাই দিব লাগে| কঠিন মাটি ঢিলা কৰিবলৈ গাঁতৰ তলিত ১ কেজি নিমখ দিব লাগে|

. নতুন পুলিৰ যতন:- নতুনকৈ ৰোৱা পুলিবোৰত গ্ৰীষ্ম আৰু শীতকালত দুবাৰকৈ পানী দিব লাগে| নতুনকৈ লগোৱা পুলিত পাতল ছাঁ দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু বতাহত যাতে হালি যাব নোৱাৰে তাৰ বাবে বাঁহৰ মাৰি পুতি তাত বান্ধি দিব লাগে|

. সাৰৰ প্ৰয়োগ:- নাৰিকল গছৰ বৃদ্ধি আৰু উৎপাদন বৃদ্ধিৰ বাবে প্ৰত্যেক বছৰতে সাৰ প্ৰয়োগ কৰিব লাগে| প্ৰতিজোপা গছত বছৰি প্ৰায়োগ কৰিব লগা ৰাসায়নিক সাৰৰ পৰিমাণ দিয়া হ’ল-

বয়স

সাৰৰ পৰিমাণ

বয়স

সাৰৰ পৰিমাণ

পুলি ৰোৱাৰ পাছত

১ম বছৰ

২য় বছৰ

সাৰৰ ১০ ভাগৰ ১ অংশ

সাৰৰ ৩ ভাগৰ ১ অংশ

সাৰৰ ২ ভাগৰ ১ অংশ

৩য় বছৰ

৪ৰ্থ বছৰ

সাৰৰ ৩ ভাগৰ ২ অংশ

সম্পূৰ্ণ পৰিমাণৰ সাৰ

 

. সাৰৰ পৰিমাণ:- ইউৰিয়া ১ কেজি + এছ এছ পি ২ কেজি + এম অ’ পি ২ কেজি মিহলাই দুভাগ কৰি এটা ভাগ মে’ জুন আৰু আনটো ভাগ অক্টোবৰ-নৱেম্বৰ মাহত প্ৰয়োগ কৰিব লাগে| ওপৰত দিয়া সাৰৰ লগত ৩০ কেজি পচা গোবৰ/ পাচন সাৰ/ কেঁচু সাৰ আৰু ৫০ গ্ৰাম সুৱগা প্ৰতি বছৰে গছৰ গুৰিৰ পৰা ১.৫ মি দুৰত্বত ২০-৩০ ছেমি দ আৰু ৩০ ছেমি বহলকৈ গছৰ চাৰিওফালে এটা গাঁত কৰি প্ৰয়োগ কৰিব লাগে| সাৰ দি নলাটো মাটিৰে ঢাকি দিব লাগে|

. জলসিঞ্চন:- খৰালী দিনত নাৰিকল গছৰ গুৰিত প্ৰতি চাৰিদিনৰ অন্তৰে অন্তৰে ১৫০-২০০ লিটাৰ পানী দিলে নাৰিকল উৎপাদনত ৩০-৪০ শতাংশ বৃদ্ধি পায়| নাৰিকল গছৰ গুৰিত শুকান পাত, পচা খেৰ, কয়ৰ পিথ, নাৰিকলৰ বাকলি, সেউজীয়া পাত, পচা জাবৰ, নাৰিকলৰ পাত সিঁচৰিত কৰি থলে মাটি জিপাল কৰি ৰখাৰ লগতে মাটিৰ উৰ্বৰতা শক্তি বঢ়াই আৰু বেচি দিনৰ ব্যৱধানত জলসিঞ্চন কৰিব পৰা যায়|

. বেমাৰ আৰু পোক-পৰুৱা নিয়ন্ত্ৰণৰ ব্যৱস্থা:- কোঁহ পচা ৰোগত আক্ৰান্ত গছৰ মুকুটাংশ পৰিষ্কাৰ কৰি সেই ঠাইত বৰড’ মলমেৰে প্ৰলেপ দিব লাগে| বেমাৰৰ প্ৰকোপ বৃদ্ধি পোৱাত গছ কাটি পুৰি পেলাব লাগে| যদি গছজোপা গেন’ডাৰমা ৰোগৰ দ্বাৰা আক্ৰান্ত হয় তেনেহ’লে কেলিক্সিন ২ মিলি ১০০ মিলি পানীত মিহলাই তিনিমাহৰ মূৰে মূৰে শিপাৰ জৰিয়তে প্ৰয়োগ কৰিব লাগে| ৫০ গ্ৰাম-১০০ গ্ৰাম সুৱগা মুকুট বন্ধন ৰোগত আক্ৰান্ত গছত প্ৰয়োগ কৰিব লাগে| কাণ্ড ৰসক্ষৰণ ৰোগৰ পৰা ৰক্ষা পাবলৈ ৰস ওলোৱা ঠাইখিনি চোকা কটাৰীৰে ৰুকি পৰিষ্কাৰ কৰি ৫৯% (৫মিলি ১০০ মিলি পানীত) কেলিক্সিন প্ৰয়োগ কৰিব লাগে|

গড় পোকৰ দ্বাৰা আক্ৰান্ত গছৰ পৰা তাঁৰৰ হাকোটাৰে পোক উলিয়াই মাৰি পেলাব লাগে| পাতৰ আগত ৪ টা কফুৰ বল দিব পাৰে|

ৰঙা উইভিল পোকৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ গছৰ মুকুটাংশ পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু আক্ৰমণ কৰি মাৰি পেলোৱা গছবোৰ উভালি পুৰি পেলাব লাগে| ফেৰ’মন ট্ৰেপ ব্যৱহাৰ কৰি উইভিল পোকক আকৃষ্ট কৰিব পাৰি| এন্দুৰৰ পৰা ৰক্ষা পাবৰ কাৰণে এন্দুৰ ধৰা ফাণ্ড ব্যৱহাৰ কৰিব পাৰি|

নাৰিকল উৎপাদনকাৰী সমিতি:-

উদ্দেশ্য:- অসংগঠিত নাৰিকল কৃষকক উমৈহতীয়া মঞ্চ প্ৰদান কৰা|

নাৰিকল উৎপাদক সমিতি নাৰিকল উন্নয়ন বোৰ্ডৰ নতুন পদক্ষেপ| বোৰ্ডৰ উন্নয়নমূলক আঁচনি সমূহ এই উৎপাদক সমিতিৰ জৰিয়তে ৰুপায়ণ কৰা হয়|

সহায়ক নিৰ্দেশক: নাৰিকল উন্নয়ন বোৰ্ড, প্ৰদৰ্শন সহ বীজ উৎপাদন পাম বাতাবাৰী, অভয়াপুৰী, জিলা: বঙাইগাঁও, অসম, পিন-৭৮৩৩৮৪, ফোন নং:-০৩৬৪-২১০০২৫

উৎস: নাৰিকল উন্নয়ন বোৰ্ড

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, ভাৰত চৰকাৰ

আঞ্চলিক কাৰ্য্যালয়, হাউচফেড্‌ কমপ্লেক্স বেলতলা ৰোড, দিশপুৰ,

3.09756097561
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top