অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা :

মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা :

অসম চৰকাৰে গ্ৰামাঞ্চলৰ সৰ্বাধিক উন্নয়নৰ বাবে মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা নামে এক বৃহৎ আঁচনি ৰুপায়ণ কৰে।প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৱিষ্যৎ দৰ্শনৰ লগত সংগতি ৰাখি কৃষকসকলৰ আয় দুগুণ কৰাই এই আঁচনিখনৰ মুখ্য উদ্দেশ্য।২০২২ চনত এই আঁচনিখনৰ ৰুপায়ণ সমাপ্ত হ’ব।অনাগত পাঁচ বছৰৰ ভিতৰত কৃষকসকলৰ লগতে গাওঁ অঞ্চলৰ পৰিৱৰ্তন সম্ভৱ কৰিবলৈ এই আঁচনিখন ৰুপায়ণ কৰা হৈছে।কৃষকৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে এই আঁচনিৰ অধীনত আন কেইটিমান দিশত গুৰুত্ব প্ৰদান কৰা হৈছে।তাৰ ভিতৰত কৃষি,মীন পালন,দুগ্ধ উৎপাদন,পশু পালন আৰু গাহৰি পালন,ৰেচম,খাদী আৰু গ্ৰামোদ্যোগ,অসম বাণিজ্যিক ৰোপণ কাৰ্যসুচী,যুৱ উন্নয়ন,ক্ৰীড়া আৰু সাংস্কৃতিক দিশক সামৰি উন্নয়ন কৰা হ’ব।ইতিমধ্যে উক্ত আঁচনিলৈ ১০০০ কোটি টকা আবণ্টন দিয়া হৈছে।এই আঁচনিৰ অধীনত অসমৰ প্ৰায় ২৬ হাজাৰ গাওঁ পঞ্চায়তক ১.২০ কোটি টকাকৈ আগবঢ়োৱা হ’ব যাতে গাওঁখন অৰ্থনৈতিক দিশত সবল হয়।উক্ত আঁচনিৰ অধীনত অনাগত পাঁচ বছৰত অসমৰ গাঁৱলৈ ৩০ হাজাৰ কোটি টকা আবণ্টন কৰা হ’ব,যাতে গ্ৰামাঞ্চলৰ সৰ্বাংগীণ বিকাশ সম্ভৱ হয়।মুখ্য মন্ত্ৰীৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত অসমৰ ২৬,০০০ গাঁৱলৈ একোখনকৈ ট্ৰেক্টৰ যোগান ধৰিব ৰাজ্য চৰকাৰে।মুলত: কৃষি যান্ত্ৰিকীকৰণৰ জৰিয়তে কৃষকৰ উৎপাদন দুগুণ কৰাৰ লক্ষ্যৰে এই ট্ৰেক্টৰসমুহ প্ৰদান কৰা হ’ব।ৰাজ্য চৰকাৰে প্ৰতিখন ট্ৰেক্টৰত ৭০ শতাংশ ৰাজসাহায্য প্ৰদান কৰিব।ইয়াৰ বিপৰীতে ২০ শতাংশ বেংকৰ জৰিয়তে কম সুতত ঋণ লাভ কৰিব।হিতাধিকাৰীসকলে ১০ শতাংশ ধন আদায় দিব লাগিব।৭০ শতাংশ ৰাজসাহায্যত চৰকাৰে যোগান ধৰা ট্ৰেক্টৰ লাভৰ উদ্দেশ্যে প্ৰতিখন গাঁৱতে ৮-১০ জনীয়া নিবনুৱা গোটে বেংকত যুটীয়াভাৱে একাউণ্ট খুলি এই আঁচনিৰ অধীনৰ ট্ৰেক্টৰ লাভ কৰিবলৈ আৱেদন কৰিব পাৰিব।হিতাধিকাৰী গোটে নিজে পচন্দ কৰি কৃষি বিভাগৰ প’ৰ্টেলৰ দামত ল’ব পাৰিব উন্নত ম’ডেলৰ অশ্বশক্তিসম্পন্ন ট্ৰেক্টৰ।কৃষি কাৰ্যৰ বাহিৰে ট্ৰেক্টৰসমুহ অন্য কামত ব্যৱহাৰ কৰিব নোৱাৰিব।মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বিতৰণ কৰা ট্ৰেক্টৰ গোটৰ নামত পঞ্জীয়ন হ’ব আৰু গোটসমুহ সংশ্লিষ্ট বেংকৰ ওচৰত দায়বদ্ধ হ’ব।এই ট্ৰেক্টৰসমুহ যাতে অন্যক্ষেত্ৰত ব্যৱহাৰ হ’ব নোৱাৰে বা বাহিৰৰ আন কোনো লোকক বিক্ৰী কৰি দিব নোৱাৰে তাৰ বাবে প্ৰতিখন ট্ৰেক্টৰত থাকিব জি পি এছ ব্যৱস্থা।এই ট্ৰেক্টৰৰ বাবে হিতাধিকাৰীৰ প-পত্ৰ পুৰণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে।ইয়াৰ উপৰি মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত চৰকাৰে প্ৰতিখন গাঁৱতে একোখনকৈ ফুটবল খেলপথাৰ আৰু প্ৰতিখন গাওঁ পঞ্চায়তত ভিলেজ নলেজ চেণ্টাৰ গঢ়ি তোলা হ’ব।আনহাতে,উক্ত আঁচনি চোৱা-চিতা কৰাৰ উদ্দেশ্যে চৰকাৰে প্ৰতিটো উন্নয়ন খণ্ডত লিড ক’অৰ্ডিনেটৰ আৰু বিশেষজ্ঞক নিযুক্তি দিব।মুঠ ১২০০ বিষয়া এই মেগা মিছনত নিযুক্তি দিয়া হ’ব বুলি চৰকাৰী সুত্ৰত প্ৰকাশ পাইছে।এই আঁচনিখনৰ সফল ৰুপায়ণৰ ফলত অসমৰ গ্ৰামাঞ্চলৰ ৰুপৰেখাই সলনি হৈ যাব।কৃষি উৎপাদন দুগুণ হোৱাৰ লগতে যুৱক-যুৱতী,নৱপ্ৰজন্ম যথেষ্ট উপকৃত হ’ব।উল্লেখযোগ্য যে যোৱা ৫ ফেব্ৰুৱাৰীত উক্ত আঁচনিখন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিছিল।মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত শেহতীয়াকৈ অসমৰ প্ৰতিখন ৰাজহ গাঁৱৰ একোটা কৃষক গোটলৈ একোখনকৈ ট্ৰেক্টৰ প্ৰদান কৰা হৈছে।এই যোজনাৰ অধীনত প্ৰথম পৰ্যায়ত ১০,১০৯ খন ট্ৰেক্টৰ বিতৰণ কৰা হৈছে।সৰুসজাইত অনুষ্ঠিত ছহিদ দিৱসৰ অনুষ্ঠানত এই যোজনাৰ অধীনত ট্ৰেক্টৰসমুহ বিতৰণ কৰা হয়।

এই আঁচনিখনৰ বিষয়ে বিত্ংভাৱে জানিবলৈ তলৰ ঠিকনাত যোগাযোগ কৰক -

মুখ্য কাৰ্যবাহী বিষয়া,মেগা মিছন ছ’চাইটী,

মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা,

অসম সচিবালয়,দ্বিতীয় মহলা,চি বল্ক,দিছপুৰ,গুৱাহাটী-৬

উৎস:ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 10/16/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate