মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / আমাৰ কৃষক, আমাৰ গৌৰৱ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমাৰ কৃষক, আমাৰ গৌৰৱ

ইজোপাৰ পিছত সিজোপাকৈ দৰঙৰ নয়নে ৰুই গৈছে পাণঃ

 

‘পঢ়ে পঢ়ুৱাই ৰুৱে পাণ সেই তিনিয়ে নিচিন্তে আন’- এই বাক্যশাৰীকে যেন সঁচা প্ৰমাণিত কৰিছে দৰঙৰ এজন খেতিয়কে। দৰং জিলাৰ বৰঙাবাৰী গাঁৱৰ কৃষক নয়ন শইকীয়াই। পাণ খেতিৰ বাহিৰে যেন আন কথা ভবাৰ আহৰি নাই। বিগত ১০ বছৰ ধৰি পাণৰ খেতি কৰি নয়ন শইকীয়াই স্বাৱলম্বী হোৱাৰ লগতে বৰ্তমান আন ১০ জন নিবনুৱাৰো আদৰ্শ হৈ পৰিছে। পূৰ্বতে তেওঁ তামোল বা নাৰিকল গছত পাণ ৰুইছিল যদিও সেইবোৰ বানপানীৰ সময়ত মৰি গৈছে। ফলত বহু টকাৰ ক্ষতি হৈছিল তেওঁৰ। বৰ্তমান কিন্তু তেওঁ ন ন চিন্তাৰে ওখ পানী নুঠা ঠাইত পাণ গছ ৰুই স্বাৱলম্বী হৈ পৰিছে। অকল এয়াই নহয়, বিগত ১০ বছৰে পাণ খেতিৰে নিজৰ ঘৰখনকো পোহপাল দি আছে। অসমীয়া লোকসমাজত পাণৰ যথেষ্ট চাহিদা আছে। অসমৰ পাণ-তামোল ভাৰত বিখ্যাত। বিশেষকৈ উৎসৱ-পাৰ্বণ, বিয়া-সবাহ বা ঘৰুৱা ব্যৱহাৰৰ বাবে অসমত পাণৰ চাহিদা যথেষ্ট আছে। সেইবোৰলৈ লক্ষ্য ৰাখিয়েই নয়নে ইজোপাৰ পাছত সিজোপাকৈ ৰুই গৈছে পাণ। ৰাজ্যখনৰ বিভিন্ন ঠাইত যোগান ধৰিছে তেওঁৰ বাগিচাত উৎপাদিত পাণ। নয়ন শইকীয়া আদৰ্শ হওক যুৱপ্ৰজন্মৰ বাবে।

 

ঘৰলৈ সোণগুটি চপোৱাৰ সপোন ৰচি পথাৰত ব্যস্ত নগাঁৱৰ কৃষকঃ

 

কৃষি অবিহনে নিঃসহায় অসমীয়া। এতিয়া কঠীয়াৰ মাটি চহোৱাৰ পৰা আৰম্ভ কৰি পথাৰত আলি দিয়া, মাটি চহোৱাত ব্যস্ত অসমৰ কৃষক। কেইমাহমান পাছত পথাৰৰ সোণগুটি ঘৰলৈ চপোৱাৰ সপোন ৰচি কৃষকৰ গাত যেন তত্ নাইকিয়া। ৰাজ্যখনৰ আন আন অঞ্চলৰ দৰে নগাঁৱৰ গ্ৰামাঞ্চলৰ কৃষকসকলো ব্যস্ত এতিয়া পথাৰত। বিভিন্ন প্ৰকাৰৰ খেতিৰ লগতে ধান খেতিৰে জীৱন নিৰ্বাহ কৰি অহা নগাঁৱৰ সেই কৃষকসকলে একপ্ৰকাৰ সেউজ বিপ্লৱৰ সূচনা কৰি আহিছে। বহু যুগ ধৰি কঠোৰ পৰিশ্ৰমেৰে সেইসকল কৃষকে নিৰৱচ্ছিন্নভাৱে কৃষিকাৰ্য সম্পাদন কৰি আহিছে যদিও বিগত কেইবছৰমানৰ পৰা প্ৰকৃতিৰ তাণ্ডৱে দিশহাৰা কৰি আহিছে কৃষকসকলক। এইবাৰ ধানখেতিৰ সময়ত বাৰিষাৰ লগে লগে প্ৰকৃতিয়ে প্ৰয়োজন অনুসৰি কৃষকসকলক যোগান ধৰিছে বৰষুণৰ পানী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰি সাধাৰণ লোকক অনাহূত পৰিস্থিতিৰ সন্মুখীন কৰোৱাৰ সময়ত লক্ষণীয়ভাৱে নগাঁৱত ধান খেতিৰ বাবে প্ৰকৃতি অনুকূল হোৱাত স্বাভাৱিকতেই হাঁহি বিৰিঙি উঠিছে নগাঁৱৰ কৃষকৰ মুখত। কৃষকসকলে বহু আশা বুকুত বান্ধি নামিছে খেতিপথাৰত। বিৰিয়াত কঠীয়াৰ ভাৰ লৈ কান্ধত নাঙল-যুৱলি কঢ়িয়াই পথাৰলৈ ঢাপলি মেলিছে কৃষক। ইয়াৰ বিপৰীতে মহিলাসকলে ৰোৱনী সাজেৰে কঠীয়া ৰুবলৈ পথাৰত নমাৰ লগতে বহু বোৱাৰী-জীয়াৰীয়ে আকৌ তেওঁলোকৰ বাবে জলপান প্ৰস্তুত কৰি আহিছে। যাৰ পৰিণতি নগাঁৱৰ বিস্তীৰ্ণ কৃষিভূমিত দেখা গৈছে কৃষকৰ অতি ব্যস্ততাপূৰ্ণ প্ৰতিচ্ছবি। এইবাৰ নগাঁৱৰ কৃষিভূমিত দেখা গৈছে এচাম শিক্ষিত নিৱনুৱা যুৱক-যৱতীকো। তেওঁলোকে যুদ্ধংদেহি মনোভাৱেৰে নামিছে কৃষিকৰ্মত। ফলত নগাঁৱৰ গ্ৰামাঞ্চলত আগৰ তুলনাত কৃষিকৰ্মীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। এইসকল কৃষকক চৰকাৰে নিয়মীয়াকৈ কীটনাশক, ৰাসায়নিক সাৰ আদি যোগান ধৰাৰ বাবে আহ্বান জনাইছে সচেতন মহলে।

(উৎসঃ নিয়মীয়া বাৰ্তা)।

হাইড্ৰ’পনিকছ কৃষি পদ্ধতিৰ পৰীক্ষামুলক প্ৰয়োগ

খাল-দোং-জলাশয়ত ওপঙা বেদীত খেতিত লাগিছে মাজুলীৰ কৃষক

 

প্ৰতি বছৰে মে’ৰ পৰা আগষ্ট পৰ্যন্ত বাৰিষাৰ সময়ছোৱাত ৰাজ্যৰ বেছিভাগ অঞ্চলতে সতেজ,সেউজীয়া শাক-পাচলিৰ অভাৱ ঘটাটো এক নৈমিত্তিক ঘটনা।বাৰিষা  ঋতুৰ মুষলধাৰ বৰষুণে নৈ-বিল,খাল-দোং পানীৰে ওপচাই পেলোৱাৰ উপৰি বেছিভাগ কৃষিভুমি জলমগ্ন কৰি তোলাৰ বাবে শাক-পাচলিৰ খেতিৰ বাবে প্ৰয়োজনীয় ঠাইৰ নাটনি ঘটে।ফলত বজাৰ আৰু পাকঘৰত বাৰিষাৰ বতৰত দুৰ্লভ হৈ পৰে স্থানীয়ভাৱে উৎপাদিত সতেজ শাক-পাচলি ।শুকান মাটিৰ অভাৱত শাক-পাচলিৰ খেতি কৰিব নোৱাৰাৰ বাবে বাৰিষাৰ এই সময়ছোৱাত নয়মীয়া উপাৰ্জন হ্ৰাস পায় ক্ষুদ্ৰ কৃষক,শাক-পাচলি বিক্ৰেতাৰো।সামগ্ৰিকভাৱে ৰাজ্যখনৰ বন্যাপ্ৰৱণ অঞ্চলসমুহত প্ৰতি বছৰে মে’,জুন,জুলাই ,আগসটৰ সময়ছোৱাত প্ৰতিফলিত হোৱা ‘এই পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ এতিয়া টঙাল বান্ধিছে মাজুলীৰ কৃষকে।বিকল্প কৃষি পদ্ধতিৰে,শুকান মাটিৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ সত্ৰ-সংস্কৃতিৰ পীঠস্থান মাজুলীৰ একাংশ কৃষকে এতিয়া খাল-দোং-জলাশয়ত আৰম্ভ কৰিছে ওপঙা বেদীত শাক-পাচলিৰ খেতি।নাবাৰ্ডৰ পৃষ্ঠপোষকতা আৰু ‘ছাউথ এছিয়া ফ’ৰাম ফৰ এনভাইৰনমেণ্ট’(ছেফ)ৰ উদ্যোগত শেহতীয়াকৈ মাজুলীৰ দুটা কৃষক সংঘই পৰীক্ষামুলকভাৱে ‘ফ্লটিং হাইড্ৰ’পনিক’নামেৰে পৰিচিত এই বিকল্প কৃষি পদ্ধতিৰ প্ৰায়োগিক অনুশীলন আৰম্ভ কৰিছে।ভেকুলীমাৰী কৃষক সংঘ আৰু সোণাৰিবাৰী কৃষক সংঘই ইতিমধ্যে পানীত ভাসমান,বাঁহ আৰু পি ইউ ফ’মেৰে নিৰ্মিত বেদীত শাক-পাচলিৰ বীজ সিঁচি মাজুলীত হাইড্ৰ’পনিকছ কৃষি পদ্ধতিৰ সুচনা কৰিছে।বানপীড়িত অঞ্চলৰ বাবে অত্যন্ত অনুকুল এই বিকল্প কৃষি পদ্ধতি হৈছে-বাৰিষাৰ পৰিৱেশৰ সৈতে ফেৰ মাৰিব পৰাকৈ বাঁহ-ফ’ম আদিৰে নিৰ্মিত ভাসমান বেদীত সামান্য মাটিৰ তৰপ আৰু প্ৰয়োজনীয় জৈৱিক তথা পাচন সাৰ মিহলি কৰি তাত শাক-পাচলিৰ বীজ প্ৰথমে সিঁচা হয়।এই বীজ সামান্য অংকুৰণৰ লগে লগে বাঁহ-ফ’মেৰে নিৰ্মিত বেদীখন পানীত ওপঙাই ৰখাৰ ব্যৱস্থা কৰা হয়।এই বেদীৰ তলত থকা ফ’ম অংশত আগতীয়াকৈ কৰি ৰখা সৰু সৰু ফুটাৰে পুলিবোৰৰ শিপা লাহে লাহে পানীলৈ সম্প্ৰসাৰিত হৈ পুলিবোৰৰ নিয়মীয়া বৃদ্ধিৰ বাবে প্ৰয়োজনীয় আন উপাদান পানীৰ পৰাই ল’বলৈ আৰম্ভ কৰে।এন জি অ’ছেফৰ উদ্যোগত যোৱা ২৫ আৰু ২৬ মে’ত কমলাবাৰীৰ ভেকুলীমাৰী গাঁৱত এই বিকল্প শাক-পাচলিৰ খেতি পদ্ধতি সম্পৰ্কে স্থানীয় কৃষকক জ্ঞান দিয়াৰ বাবে ‘ফ্লাড ৰেজিলিয়েণ্ট এডাপ্টিভ এগ্ৰিকালচাৰেল প্ৰেকটিছ ইন মাজুলী’শীৰ্ষক এক দুদিনীয়া প্ৰশিক্ষণ শিবিৰৰো ব্যৱস্থা কৰা হয়।প্ৰশিক্ষণৰ দ্বিতীয় দিনা ভেকুলীমাৰী কৃষক সংঘৰ এলেকাৰ জলাশয়ত এনেধৰণৰ তিনিখন ভাসমান হাইড্ৰ’পনিক বেদী পৰীক্ষামুলকভাৱে পানীৰ ওপৰত এৰি দিয়া হয়।এই অনুষ্ঠানত মাজুলীৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ো অংশগ্ৰহণ কৰাৰ লগতে মাজুলীত ফ্লটিং হাইড্ৰ’পনিকছ কৃষি পদ্ধতিৰ পৰীক্ষামুলক প্ৰয়োগৰ এই প্ৰয়াসত যথেষ্ট আহ্লাদিত হৈ পৰে।পাছত বৰহোলা গাঁৱৰ জলাশয়ত আন দুখন আৰু সোআণাৰিবাৰী গাঁৱৰ পুখুৰীত এখন এনে ভাসমান শাক-পাচলি খেতিৰ বেদী পানীত এৰা হয়।নাবাৰ্ডে পৃষ্ঠপোষকতা আগবঢ়োৱা এই হাইড্ৰ’পনিকছ কৃষি পদ্ধতি মাজুলীৰ কৃষকৰ মাজত জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত এন জি অ’ছেফক সহযোগ আগবঢ়াইছে স্থানীয় এন জি অ’সুৰ্যোদয়ে।

উৎস:ৰাইজৰ বাতৰি

শিমলু খেতিৰেও স্বাবলম্বী হ’ব পাৰি

 

অসমীয়াৰ মাঘ বিহুৰ সময়ৰ পৰা ফাগুণ মাহলৈ নীলা আকাশত এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে শিমলুৰ ৰঙা ফুলে।এই ৰঙা ফুলৰ মৌ চুহিবলৈ বিভিন্ন পৰিভ্ৰমী চৰায়ে মনোমোহা কোলাহলৰ সৃষ্টি কৰি অন্য এক পৰিৱেশৰো সৃসটি কৰে।শিমলুৰ এই ৰঙা ফুলৰ মাজতো লুকাই আছে অসমীয়া যুৱক-যুৱতীৰ স্বনিৰ্ভৰশীলতাৰ এক সম্বল।শিমলুৰ বৈজ্ঞানিক নাম Bombax Ceiba।এই গছবিধ মানুহৰ বাৰীৰ ঢাপত দেখা যায়।শিমলুক লৈ ব’হাগত অসমীয়াই বিহু নামো গোৱা দেখা যায়-‘আমাৰ জীৱনলৈ আশা নকৰিবা উৰি যোৱা শিমলুৰ তুলা’।

গৃহস্থৰ চোতালত পুৰ্বতে ডেকা-গাভৰুৱে বিহু মাৰিতে যদি গৃহস্থই শৰাইত মাননিৰ লগত ৰুমাল,গামোচা নিদিয়ে ,তেন্তে পুনৰ গীত জুৰি এনেদৰে গাইছিল-

অ’ৰঙা শিমলু

আমাৰ জীৱন

ৰুমাল,গামোচা দিবলৈ

নাই জানো গাভৰু।

এনেদৰে বিহুত ডেকা-গাভৰুৱে সুৰ লগাই গোৱা গীত শুনিবলৈ পোৱা যায়।সাহিত্যিকে সাহিত্যৰ দৃষ্টিৰে,কবিয়ে কবিতাৰ ভাষাৰে আৰু বিভিন্নজনে শিমলুৰ বৰ্ণনা কৰা দেখা যায়।এই শিমলু গছ অতি চনকা।জনসংখ্যা বৃদ্ধিৰ লগে লগে ৰাজ্যখনত নিবনুৱাৰ সংখ্যাও বৃদ্ধি হ’বলৈ ধৰিছে।বৰ্তমানে ৰাজ্যখনৰ প্ৰায়বোৰ অঞ্চলতে ঘৰে প্ৰতি তিনি-চাৰিজন পৰ্যন্ত নিবনুৱা আছে।এই শিমলু গছৰ দ্বাৰাও অলপ পৰিমাণ হ’লেও নিবনুৱা সমস্যা দুৰ কৰিব পাৰি।নদীপ্ৰধান আমাৰ ৰাজ্যৰ বিভিন্ন চৰ-চাপৰি,নদ-নদী,বিল,জান-জুৰিৰ কাষত শিমলু গছ নিজে নিজে গাজি উঠে।এপ্ৰিল মাহৰ প্ৰথম ভাগত অৰ্থাৎ ব’হাগৰ সময়ত শিমলুৰ ফলবোৰ পুৰঠ হৈ ফাটিবলৈ ধৰে আৰু ভিতৰত থকা তুলাবোৰ বতাহত উৰি এক বৃহৎ অঞ্চলত সিঁচৰিত হৈ পৰে।তুলাৰ মাজত থকা সৰু সৰু ক’লা বৰণৰ গুটিবোৰৰ পৰাই গজালি মেলে।এয়া এক প্ৰাকৃতিক পৰিক্ৰমা,মানুহে নিজৰ বাৰিৰ ঢাপ সুৰক্ষিত অথবা চিহ্নিত কৰি ৰাখিবলৈও শিমলু গছৰ ডাল ৰোপণ কৰে।আৰু ডালটো অতি সহজতে পোখা মেলি গছলৈ পৰিৱৰ্তিত হয়।কিন্তু প্ৰাণচঞ্চল কৰা ৰঙা শিমলুৰ মাজত থকা সৌন্দৰ্যৰ কথাহে আমি বিভিন্ন ধৰণে উপস্থাপন কৰো।ইয়াৰ পৰা হ’ব পৰা লাভৰ দিশটো চৰ্চা কৰিলে সুফল লাভ কৰিব পাৰি।ৰাজ্যখনৰ প্ৰতিখন জিলাতে থকা লাখ লাখ শিমলুৱে মানুহক কৰ্মসংস্থাপনত সহায় কৰিব পাৰে।অসমৰ বিভিন্ন প্ৰান্তৰ সহজলভ্য বিভিন্ন সমগ্ৰীয়েই আমি বহি:ৰাজ্যৰ পৰা আমদানি কৰিব লাগে।ৰাজ্যখনত নিবনুৱা আত্মনিৰ্ভৰশীল হ’ব পৰা বহু উপায় আছে যদিও আমি সেইবোৰ চিন্তা নকৰি চৰকাৰী চাকৰিৰ পিছত দৌৰি ফুৰো।পৰনিৰ্ভৰশীলতা আমাৰ ৰাজ্যৰ মানুহৰ এক স্বভাৱ হৈ পৰিছে।প্ৰকৃতিয়ে দিয়া অপাৰ সম্পদ তথা এই সম্পদৰ বাণিজ্যিক দিশটো আমি চিন্তা নকৰো।শিমলু গছৰ পৰা জুইশলা,প্লাইউড আদিৰ দৰে ক্ষুদ্ৰ উদ্যোগসমুহ গঢ় লৈ উঠিছিল।শিমলু গছ থকা অঞ্চলসমুহত নদীৰ খহনীয়া ৰোধ কৰিব পাৰি বুলি চৰকাৰে ১৯৬২ চনতেই প্ৰমাণ কৰিছিল।বিগত সময়ছোৱাত মহাবাহু ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ নদ-নদীৰ খহনীয়া ৰোধৰ বাবে পৰ্যাপ্ত পৰিমাণে শিমলু গছ ৰোপণ কৰা হৈছিল।বন বিভাগ আৰু ভুমি সংৰক্ষণ বিভাগে ৰুপায়ণ কৰা এই আঁচনি ফলৱতীও হৈছিল।চ’ত মাহৰ শেষৰ পৰা ব’হাগ বিহুৰ মধ্য ভাগলৈ শিমলুৰ পুৰঠ ফলবোৰ গছৰ পৰা পাৰি ৰাখিলেই আমি শিমলুৰ তুলাসমুহ পাব পাৰো।অতি ওখ গছৰ পৰা অৱশ্যে ডাল কাটি ফলবোৰ সংগ্ৰহ কৰাৰ বাহিৰেও অন্য উপায় নাই।লেপ,তুলি,গাৰু,কুচন আদিৰ বাবেই আমাৰ ৰাজ্যৰ পৰা লাখ লাখ টকা বহি:ৰাজ্যলৈ গৈ আছে।শিমলুৰ তুলা প্ৰতিকেজিৰ বজাৰৰ মুল্য ২০০ ৰ পৰা ৩০০ টকা পৰ্যন্ত হয়গৈ।এজোপা পুৰঠ শিমলুৰ পৰা ২০ কেজি পৰ্যন্ত তুলা উৎপাদন হয়।কিন্তু শিমলু গছত থকা এই লাখ লাখ টকা অসমৰ বতাহত উৰি যায়।ফলত বহি:ৰাজ্যৰ লোকে লেপ,তুলি,গাৰু,কুচন আদি অসমত বিক্ৰী কৰি লাভৱান্বিত হৈছে।আমাৰ নিবনুৱাই যদি ইচ্ছা কৰে শিমলু খেতি কৰি স্বাৱলম্বী হ’ব পাৰে।অৱশ্যে অসম চৰকাৰে ‘সাচি’গছৰ পৰা যেনেদৰে উদ্যোগ স্থাপনৰ চিন্তা-চৰ্চা কৰিছে শিমলু গছৰ পৰাও তুলা-কপাহ উৎপাদনৰ জৰিয়তে নিবনুৱাক সংস্থাপন দিব পাৰে।ৰাজ্যৰ কৃষি বিভাগে শিমলুক উদ্যান শস্য হিচাপে লৈ পতিত মাটি,বানাক্ৰান্ত এলেকা আদিত শিমলু খেতিৰ দ্বাৰা নিবনুৱা সমস্যা বহুলাংশে দুৰ কৰিব পাৰে।এই খেতি যথেষ্ট সুবিধাজনক কিয়নো গৰু-ছাগলী আদি জন্ত্তৱে ইয়াক ভক্ষণ নকৰে।গছৰ পৰা পৰা ফুলটোও জীৱ-জন্ত্তুৱে ভক্ষণ নকৰে।ইফালে সম্প্ৰতি দুষ্প্ৰাপ্ৰ্য হৈ পৰা বহু পক্ষীয়ে ওখ গছ হোৱাৰ বাবে শিমলু গছত বাঁহ সাজে।এই বিধ গছ ৰোপণেৰে অসমৰ নিবনুৱা সমস্যা দুৰ হোৱাৰ লগতে দুষ্প্ৰাপ্য পক্ষীকুলকো সংৰক্ষণ কৰিব পৰা হ’ব।

লেখক:প্ৰকাশ শৰ্মা (ৰাইজৰ বাতৰি)

মীনপালনেৰে নিদৰ্শন দাঙি ধৰিছে দেৱজিৎ বৰ্মনে-

নলবাৰী জিলাৰ নানকাৰভয়ৰা গাঁৱৰ উচ্চ শিক্ষিত মীন পালক দেৱজিৎ বৰ্মনে প্ৰমাণ কৰিছে যে নিষ্ঠা,সততা,একাগ্ৰতা আৰু দুৰন্ত অভিলাসেৰে মীন পালনত ব্ৰতী হৈ ধৰাতেই সৰগ ৰচিব পাৰি।১৯৯০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈয়েই ঘৰৰ অৱহেলিত ডেৰ বিঘা জলকালিৰ পুখুৰীটোত আনৰ পৰা ভ্ৰুণ পোনা আনি মীন পোনা প্ৰতিপালন আৰম্ভ কৰে।প্ৰথম বছৰত লাভ কৰা অপ্ৰত্যাশিত সফলতাই যুৱকজনক মীন পালনৰ প্ৰতি দুগুণে উৎসাহিত কৰে।মীন পালনৰ সমান্তৰালভাৱে পঢ়া-শুনা চলাই যুৱকজনে বাণিজ্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১৯৯৭ চনত আৰম্ভ কৰে হাপা পদ্ধতিৰে মীন পোনা উৎপাদন।ইয়াত এশ শতাংশ সফল বৰ্মন।১৯৯৮ চনত নিৰ্মাণ কৰে চীনদেশীয় আৰ্হিৰ অত্যাধুনিক মীন পোনা উৎপাদন কেন্দ্ৰ।পোনা উৎপাদনৰ লগে লগে দুৰ্বাৰ গতিত চলি থাকিল মীন পালন।লাভাংশৰ ধনেৰে নন ভুমি ক্ৰয় কৰি পাম সম্প্ৰসাৰণ অব্যাহত থাকিল।সমান্তৰালভাৱে দেৱজিতৰ পামত সং =যোজিত হ’বলৈ ধৰিলে বিভিন্ন নন কৌশল।উদাহৰণস্বৰুপে সমন্বিত মীন আৰু গাহৰি পালন,সমন্বিত মীন আৰু উদ্যান শস্য,সমন্বিত মীন আৰু হাঁহ-কুকুৰা পালন ইত্যাদি।তদুপৰি দেৱজিত ৰাজ্যত প্ৰথমবাৰলৈ উচ্চ বাঢ়ন ক্ষমতাসম্পন্ন জয়ন্তী ৰৌ,আমুৰ কাৰ্প আদিৰ পালন আৰু পোনা উৎপাদন কৰি মীন পালকলৈ যোগান ধৰিবলৈ সক্ষম হৈছে।দেৱজিতৰ মীন পালন সম্পৰ্কীয় কাম-কাজখিনি সম্পুৰ্ণ বিজ্ঞানসন্মত আৰু আধুনিক প্ৰযুক্তিৰ ওপৰত প্ৰতিষ্ঠিত।দেশৰ অগ্ৰণী মীন বিজ্ঞানী,গৱেষক ,আমোলা,প্ৰশাসক আদি সকলোৱে দেৱজিতৰ পাম পৰিদৰ্শন কৰি উচ্চ প্ৰশংসা কৰিছে।ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটা প্ৰাপ্তিৰে দেৱজিতে ৰাজ্যবাসীলৈ কঢ়িয়াই আনিছে গৌৰৱ।দেৱজিতৰ পামত প্ৰত্যক্ষভাৱে প্ৰায় অৰ্ধশতাধিক শিক্ষিত নিবনুৱা যুৱক-যুৱতী জড়িত থকাৰ উপৰি পৰোক্ষভাৱে এক বুজনসংখ্যক পাইছে নিয়োগৰ সম্ভাৱনীয়তা।প্ৰায় ২৫০ বিঘা জলকালিৰে সমৃদ্ধ দেৱজিতৰ পামৰ পৌণিক ক্ৰিয়াৰ সুবাসে বৃহৎ অঞ্চলটোৰ বহুতকে মীন পালনলৈ আকৰ্ষিত কৰি নিয়োগৰ সম্ভাৱনীয়তা প্ৰশস্ত কৰোৱাইছে।ৰাজ্যৰ শ্ৰেষ্ঠ মীনপালকৰ স্বীকৃতিৰে পুৰষ্কৃত দেৱজিৎ নিশ্চিতভাৱে আজিৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বাবে এক অনুকৰণীয় আদৰ্শ।উল্লেখযোগ্য যে দেৱজিতৰ প্ৰতি হেক্টৰ জলকালিৰ পৰা বিগত বৰ্ষত উৎপাদন আছিল ৬,০০০ কিলোগ্ৰাম।এই অংকটো এইবাৰ ৮,০০০ কিলোগ্ৰাম হোৱাটো নিশ্চিত।এয়া অন্ধ্ৰপ্ৰদেশ,ওড়িশা বা পশ্চিমবংগৰ প্ৰথম শ্ৰেণীৰ মীন পালনৰ বাবেও ঈৰ্ষণীয়।সম্বনিত গোটটিত বিগত বৰ্ষত গাহৰি উৎপাদন আছিল হেজাৰোধিক।ভ্ৰুণ পোনাৰ উৎপাদন দুশ কোটিৰো অধিক।

লেখক:ড০ধ্ৰুৱজ্যোতি শৰ্মা (অসমীয়া প্ৰতিদিন)

 

2.83333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top