মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / আলংকৰিক মৎস্য উৎপাদনেৰে সফলতা ধিঙৰ এজাক মহিলাৰঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আলংকৰিক মৎস্য উৎপাদনেৰে সফলতা ধিঙৰ এজাক মহিলাৰঃ

 

নগাঁও জিলাৰ ধিং অঞ্চলৰ এটি পৰিচিত নাম মৎস্যগন্ধা। দেশৰ আলংকাৰিক মৎস্য পৰিমণ্ডলৰ সফল উৎপাদন, প্ৰতিপালন আৰু প্ৰজনন গোটটিৰ আচ্ছাদত স্থানীয় গ্ৰাম্য মহিলাসকলে বুটলিছে জীৱনৰ অলেখ ৰং। ১৯৯৯ চনত নগাঁও মহাবিদ্যালয়ৰ পৰা ইণ্ডাষ্ট্ৰিয়েল ফিছ এণ্ড ফিছাৰী বিষয়সহ বিজ্ঞানৰ স্নাতক পাৰ্থক সৰুৰে পৰাই আকৰ্ষণ কৰিছিল ৰং-বিৰঙৰ মাছবোৰে। হয়বৰগাঁও বাসভৱনৰ ওচৰে-পাঁজৰে পথাৰে পথাৰে মাছৰ সন্ধানত দিন-ৰাতি একাকাৰ কৰা শিশুটিয়ে সেই সময়ত হেলাৰঙে মূৰ পাতি লৈছিল পিতাক-মাকৰ বিভিন্ন শাস্তি। পৰৱৰ্তী সময়ত নাবাৰ্ড, মীন বিভাগ, মীন মহাবিদ্যালয় আদিৰ জৰিয়তে দেশৰ বিভিন্ন সংশ্লিষ্ট বিষয়ক কৰ্মশালা, প্ৰশিক্ষণ আৰু প্ৰদৰ্শনীত অংশগ্ৰহণৰ সুযোগ পায় পাৰ্থই। এইবোৰৰ পৰা আহৰিত জ্ঞানখিনিৰ সফল প্ৰয়োগেৰে অচিৰেই দেশৰ আলংকাৰিক মৎস্য পৰিমণ্ডলত প্ৰতিষ্ঠিত নাম হিচাপে ভুমুকি মাৰে পাৰ্থই। ইতিমধ্যে উৎপাদন গোটটিৰ সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তা জোৰা মাৰিবলৈ ২০১৩ চনত পিতাক ৮ বিঘা ভূমিত এমপেডাৰ অৰ্থসাহায্য আৰু আলংকাৰিক মৎস্য বিশেষজ্ঞ ড সঞ্জয় শৰ্মাৰ বিশেষ উদ্যোগত ধিঙৰ আঠগাঁও শান্তিপুৰত নকৈ এটা বৃহৎ গোট আৰম্ভ কৰে। যথেষ্ট মূলধন বিনিয়োগেৰে গোটটি আৰম্ভ কৰিছিল যদিও প্ৰথম বছৰতে বেমাৰ লাগি প্ৰায় ১৮,০০০ প্ৰজননক্ষম মাছ মৰে। ই পাৰ্থৰ কঁকাল কিছু পৰিমাণে বেঁকা কৰিলে যদিও মন ভাঙিব নোৱাৰিলে। অত্যাধুনিক আন্তঃগাঁথনি, যেনে- ৪০টা, ১,১৯,০০০ লিটাৰ জলধাৰণ ক্ষমতা বিশিষ্ট টেংকী, ফিল্টাৰৰ ব্যৱস্থা থকা আৰ চি চি টেংকী, পানীৰ লো নিষ্কাশন, ফিল্টাৰ পাম্প আদিৰে সমৃদ্ধ গোটটিয়ে বছৰেকত গ’ল্ড ফিছ, কইকাৰ্প, চিকলিড, ৰ’জিবাৰ্ব, টাইগাৰ বাৰ্ব, এঞ্জেল, মলি, গাপ্পি, প্লেটি আদি বিভিন্ন আলংকাৰিক প্ৰজাতিৰ প্ৰায় চাৰি লাখ পোনা উৎপাদন কৰে। সমান্তৰালভাৱে একুৱেৰিয়াম প্ৰস্তুত, পৰিপূৰক খাদ্য প্ৰস্তুত, জীৱন্ত খাদ্য প্ৰস্তুত আদিৰ উপ-গোটসমূহ চলাই গৈছে পাৰ্থই। স্থানীয় বহু শিক্ষিত নিবনুৱা যুৱক-যুৱতী জড়িত হৈ আছে পাৰ্থৰ পামত। নগাঁও, তেজপুৰ, গুৱাহাটী, মৰিগাঁও, উজনি অসম সকলোতে যায় পাৰ্থৰ আলংকাৰিক মাছ। থলুৱা আলংকাৰিক মৎস্যকূলৰ সংবৰ্ধন আৰু প্ৰণালীবদ্ধ প্ৰজননৰ বাবে নিৰৱচ্ছিন্ন প্ৰয়াস অব্যাহত ৰাখিছে পাৰ্থই। সফলো হৈছে যথেষ্টখিনি। সেয়েহে এই সফলতাখিনি মানকৃত আৰু সৰলীকৃত কৰাৰ হৃদয়ৰ আহ্বানক সঁহাৰি দি পাৰ্থ ব্যস্ত আছে বিভিন্ন পৰীক্ষা-নিৰীক্ষাত। পাৰ্থৰ ধিঙৰ ৰং-বিৰঙৰ মৎস্যকেলিয়ে আকৰ্ষিত কৰে গাঁওখনৰ ৪২ গৰাকী মহিলাক। গ্ৰাম্য গৃহিণীৰ দায়িত্বৰ মাজতে আজৰি সময়ত পাৰ্থৰ পামত ৰং বুটলি ৰঙীন মাছৰ চাল-চলন উপভোগ কৰি ভাল পায় এওঁলোকে। মাজে-সময়ে দুই-একে দুই-এটা ৰঙীন মাছ নি নিজৰ গৃহত ক্ষুদ্ৰ ধাৰকৰ আৱদ্ধ পানীত পালন কৰি চখ পূৰাইছিল। লাহে লাহে মহিলাসকলৰ আগ্ৰহ বাঢ়ি গ’ল। তেওঁলোকে কমিটীত জড়িত হ’বৰ ইচ্ছা বেকত কৰি পাৰ্থক খাটনি ধৰিবলৈ ল’লে। পাৰ্থয়ো সুযোগৰ সদ্ব্যৱহাৰ কৰাৰ সিন্ধান্ত লৈ মহিলাসকলক পুথিগত আৰু ব্যৱহাৰিক প্ৰশিক্ষণেৰে সংমৃদ্ধ কৰি পোনা প্ৰতিপালনত জড়িত কৰে। অৰ্থাৎ ভ্ৰূণ পোনাখিনি তেওঁলোকে নি বিক্ৰীযোগ্য পৰ্যায়লৈ প্ৰতিপালন কৰি পুনৰ পাৰ্থক চমজাই দিয়ে। বিপণনৰ দায়িত্ব পাৰ্থৰ। পাৰ্থই তেওঁলোকৰ পৰা কিনি লয়। মহিলাসকলক প্ৰতিপালন, টেংকী নিৰ্মাণকে আদি কৰি আন্তঃগাঁথনি প্ৰস্তুতৰ কামখিনিতো সকলো ধৰণে সহায় কৰে। পাৰ্থ আৰু ৪২ গৰাকী মহিলাৰ উছাহ আৰু কৰ্মত গাঁওখনতো বিৰিঙি উঠিল নব্য ৰঙৰ সমাহাৰ। ৰান্ধনীঘৰৰ চাৰিবেৰৰ মাজত সোমাই থকা প্ৰতিগৰাকী মহিলাই মাহেকত উপাৰ্জন কৰিব ল’লে তিনি হাজাৰৰ পৰা পাঁচ হাজাৰ টকা। যিটো কিছুদিন আগলৈকে তেওঁলোকৰ বাবে আছিল সপোনৰো অগোচৰ। ফলত ঘৰুৱা আয় বৃদ্ধি হোৱাৰ লগতে ঘৰৰ আন সদস্যসকলেও কামটোত জড়িত হৈছে স্বতঃস্ফূৰ্তভাৱে। বৃহৎ অঞ্চলটি পৰিগণিত হৈছে আলংকাৰিক মৎস্য পালনৰ নাভিকেন্দ্ৰ স্বৰূপে। পালনৰ সমান্তৰালভাৱে মহিলাসকলক একুৱেৰিয়াম নিৰ্মাণৰ প্ৰশিক্ষণেৰে সমৃদ্ধ কৰা হৈছে। আলংকাৰিক মৎস্য পালন সম্পৰ্কীয় যিকোনো দিহা-পৰামৰ্শৰ বাবে ইচ্ছুকসকলক তেওঁৰ লগত যোগাযোগ কৰিবলৈ বিষয়াগৰাকীয়ে অনুৰোধ জনাইছে। অলপতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা মৎস্য বিশেষজ্ঞ ড দণ্ডধৰ শৰ্মা (৯৪৩৫৩-১৪৭৬৮) আৰু বিভাগীয় আমৰংগাস্থিত আলংকাৰিক মৎস্য পালন তথা গোট তত্ত্বাৱধায়ক বিষয়ে ৰবেন দাসে (৯৮৬৪৯-৩০৮০২) পাৰ্থৰ পাম তথা বৃহৎ অঞ্চলটি পৰিদৰ্শন কৰি প্ৰশংসা কৰিছে আৰু অদূৰ ভৱিষ্যতে এই যাত্ৰাপথত তেওঁলোকৰ সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে।

(উৎসঃ নিয়মীয়া বাৰ্তা, ড ধ্ৰুৱজ্যোতি শৰ্মা)।

বনৌষধিৰ উদ্যোগেৰে বহুজনক সংস্থাপন দিছে টিহুৰ ঘনশ্যাম মেধিয়েঃ

সফলতাৰ যাত্ৰাত অসম প্ৰাকৃতিক উদ্যোগ-

প্ৰকৃতিৰ স্বৰ্গভূমি অসম। প্ৰকৃতিৰ সেউজভূমি অসম। অসমৰ য’তেই বনজ সম্পদ, ত’তেই বনৌষধ থকা বুলি কোৱা হয়। সেয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা গছ-লতা-বনৰ ঔষধি গুণৰ বাবে আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰা দেশৰ বৃহৎ প্ৰতিষ্ঠানসমূহৰ চকু অসমৰ ওপৰত নিবদ্ধ হৈছে। অসমৰ কেইবাগৰাকীও সুযোগ্য সন্তানে এনে বনৌষধসমূহ চিনাক্ত কৰি ইয়াৰ গুণাগুণ সন্দৰ্ভত পৰ্যাপ্ত তথ্য দাঙি ধৰিছে। মাত্ৰ ৪০ টকা মূলধন হিচাপে লৈ বনৌষধি উদ্যোগ গঢ়ি ২১ বছৰীয়া সফল যাত্ৰাৰে বিৰল দৃষ্টান্ত দাঙি ধৰিছে টিহুৰ ঘনশ্যাম মেধিয়ে। অসম প্ৰাকৃতিক উদ্যোগ শীৰ্ষক এই উদ্যোগটো গঢ়ি মেধিয়ে বৰ্তমানলৈ ৩৮ বিধ বনদৰব প্ৰস্তুত কৰি সৰ্বসাধাৰণক সেৱা আগবঢ়োৱাৰ লগতে সংস্থাপিত কৰিছে অনেকজনক। এতিয়ালৈ শুকান বনৌষধি প্ৰস্তুত কৰি অহা ঘনশ্যাম মেধিৰ পনীয়া বন দৰব প্ৰস্তুতৰ বাবে পূৰ্ণ পৰ্যায়ৰ ব্যৱস্থা সম্পূৰ্ণ হোৱাৰ পথত। টিহুৰ ক্ষুদ্ৰ মাখিবাহাৰ ক্ষেত্ৰাপাৰাৰ প্ৰয়াত আদিত চন্দ্ৰ মেধি আৰু ভাৰতী মেধিৰ পুত্ৰ ঘনশ্যাম মেধিয়ে একনিষ্ঠ সেৱাৰে সম্প্ৰতি টিহু নগৰৰ দুই নং ৱাৰ্ডত থকা গৃহটোক নিজ ঔদ্যোগিক প্ৰতিষ্ঠান হিচাপে গঢ় দিছে। প্ৰয়োজনীয় ভিন্ন যন্ত্ৰপাতি গোটাই সম্প্ৰতি উদ্যোগটোৰ নৱনিৰ্মিত লেব’ৰেটৰীটো সম্পূৰ্ণ হোৱাৰ পথত। উল্লেখ্য যে এই বন দৰবসমূহ প্ৰস্তুত কৰাৰ বাবে উদ্যোগটোত প্ৰয়োজন হয় বৃহৎ পৰিমাণৰ কেঁচা সামগ্ৰী। সেই দিশৰ পৰা সাধাৰণতে ঘৰে-বাৰীয়ে পোৱা আমলখি, শিলিখা, ভোমোৰা আদিৰ লগতে ভিন্ন ঔষধি গুণ থকা ফচলসমূহ ক্ৰয় কৰি তেওঁ এখন বজাৰ দিছে। আনহাতে, সহজতে নোপোৱা বনৌষধিৰ পুলি কৃষকক ৰোপণৰ বাবে অৰ্পণ কৰি স্বাৱলম্বিতাৰ ক্ষেত্ৰত আন এক বাট মুকলি কৰিছে। কৃষক পৰিয়ালৰ সন্তান মেধিয়ে আজিৰ পৰ্যায়ত উপনীত হোৱাৰ অন্তৰালত আছে কঠোৰ শ্ৰম, একনিষ্ঠ সেৱা আৰু দৃঢ় সংকল্প। সৰুৰে পৰা অভাৱ-অনাটনৰ মাজেৰে শিক্ষা জীৱন সমাপ্ত কৰা এইজনা ক্ষুদ্ৰ উদ্যোগীয়ে ১৯৯১ চনত ৰাজনীতি বিজ্ঞানত অনাৰ্চসহ স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে পৰৱৰ্তী সময়ত হিন্দী প্ৰৱীণ সাহিত্য ৰত্ন কৃতিত্বৰে উত্তীৰ্ণ হয়। ইয়াৰ সুবাদতেই তেওঁ ১৯৯৫ চনত পখুৰাৰ নৱজ্যোতি হাইস্কুলত হিন্দী সিক্ষক হিচাপে যোগদান কৰাৰ লগতে ত্ৰিফলা প্ৰস্তুত কৰণত ব্যস্ত হয়। কিন্তু ২০১০ চনত তেওঁ বিনাবেতনৰ শিক্ষকতাৰ চাকৰি বাদ দি অন্যান্য উৎপাদক সামগ্ৰী প্ৰস্তুতকৰণত একাণপতীয়াকৈ মনোনিৱেশ কৰে। এখন বহল বজাৰ বিচাৰি প্ৰস্তুত কৰা মুখশুদ্ধি দ্ৰব্যসমূহ ৰেলত বিক্ৰী কৰা আৰম্ভ কৰে। অতি কম সময়ৰ ভিতৰতে তেওঁ প্ৰস্তুত কৰা সামগ্ৰীয়ে বহুজনক আকৰ্ষিত কৰে। পৰৱৰ্তী সময়ত ভিন্নজনৰ সান্নিধ্যলৈ আহি মেধিয়ে অসম ৰাজ্যিক গ্ৰামোন্নয়নৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবে ২০০৩ চনত সুবিধা লাভ কৰে। পৰৱৰ্তী সময়তো পঞ্জাৱ, চণ্ডীগড় আদিত হাৰবেল মেডিচিন প্ৰস্তুতকৰণ আৰু পেকেজিং আদিৰ প্ৰশিক্ষণৰ অভিজ্ঞতা লাভ কৰে। তেওঁৰ এই সেৱাৰ বাবে ২০০৩ বৰ্ষত উদ্যোগ সঞ্চালকালয়ৰ পৰা নলবাৰী জিলা ভিত্তিত শ্ৰেষ্ঠ উদ্যোগী বঁটা, অসম উদ্যান মেলাত শ্ৰেষ্ঠ উৎপাদিত সামগ্ৰী আদি শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অসম প্ৰাকৃতিক উদ্যোগৰ উৎপাদিত বনৌষধি উপলব্ধ। কোনোধৰণৰ চৰকাৰী অনুদান তথা সাহায্য অবিহনে নিজ ঈপ্সিত লক্ষ্যত উপনীত হোৱা ঘনশ্যাম মেধিৰ এই যাত্ৰা নিঃসন্দেহে ৰাজ্যৰ ক্ষুদ্ৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ বাবে আশাৰ বাৰ্তা।

(উৎসঃ নিয়মীয়া বাৰ্তা, গুণজিৎ কলিতা, টিহু)।

3.02777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top