মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / উন্নত জাতৰ অমিতাৰ খেতিৰে স্বাৱলম্বী বকোৰ তিনি যুৱক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উন্নত জাতৰ অমিতাৰ খেতিৰে স্বাৱলম্বী বকোৰ তিনি যুৱক :

উন্নত জাতৰ অমিতাৰ খেতিৰে স্বাৱলম্বী বকোৰ তিনি যুৱকৰ বিষয়ে লিখা হৈছে ।

 

কৃষিকৰ্মৰে স্বাৱলম্বী তিনিজন সফল যুৱক। উন্নত জাতৰ অমিতা খেতিৰে স্বাৱলম্বী যুৱক তিনিজন হৈছে কামৰুপ জিলাৰ বকোৰ। তেওঁলোকে পাইছে চৰকাৰী স্বীকৃতিও ।আদৰ্শ খেতিয়কৰ সন্মান প্ৰাপ্ত যুৱ খেতিয়ক তিনিজনে মাটি লীজত লৈ ৪৫ বিঘা ভুমিত অমিতা খেতি, ১০০ বিঘাত কল, ১০ বিঘাত ব্ৰকলি, ফুলকবি খেতি কৰি সফল হৈছে। এই তিনিজন যুৱক নিবনুৱাৰ বাবে সমষ্টিৰ ৰংচেপাৰাৰ কৃষ্ণ বড়ো, ৰাজীৱ বড়ো আৰু ভোগদাবাড়ীৰ ৰাজকুমাৰ ৰাভা নামৰ যুৱক তিনিজনে বিগত ছবছৰে বকোৰ লে প্ৰচিৰ নামত ভুমি লীজত লৈ খেতি কৰি আহিছে। স্বপ্না ৰেড লেডী আদি উচ্চ উৎপাদনক্ষম অমিতাৰ খেতিৰে ইতিমধ্যে সফল যুৱককেইজন। যুৱ উদ্যমী খেতিয়ককেইজনে অমিতা খেতিৰ মাজে মাজে ভোট জলকীয়াৰ খেতি কৰি পৰ্যাপ্ত মুনাফা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে কেৱল অমিতাৰ খেতিতে সীমাবদ্ধ নাথাকি এই বছৰো দহ বিঘা মাটিত ব্ৰকলি, ফুলকবি খেতি কৰাৰ লগতে ১০০ বিঘা ৰাজহুৱা মাটিত অমৃত সাগৰ নামৰ উন্নতমানৰ কল খেতি কৰি বিশেষভাৱে সফল হৈছে। যুৱককেইজনৰ সফলতাত ওচৰে-পাঁজৰে থকা নিবনুৱাসকল অনুপ্ৰাণিত হৈ এনেধৰণৰ খেতি কৰিবলৈ আগবাঢ়ি আহিছে। প্ৰধানত: অমিতাৰ খেতিৰে আৰম্ভ কৰা তেওঁলোকৰ কৃষি কৰ্ম ক্ৰমান্বয়ে সম্প্ৰসাৰিত কৰি গৈছে। উন্নতমানৰ স্বপ্না, ৰেডলেডী অমিতাৰ পুলি এবাৰ ৰোপণ কৰিলে ছবছৰলৈকে উৎপাদন দিয়ে। যুৱ খেতিয়ককেইজনে জনোৱা মতে অমিতাৰ পুলি লগাবলৈ এবিঘা মাটিত খৰচ হয় প্ৰায় পঞ্চাশ হাজাৰ টকা। পুলি ৰোপণ কৰাৰ দুমাহ পিছতে ফুল দিয়ে আৰু পাঁচ মাহতে ফল দিয়া আৰম্ভ কৰে। অমিতা গছে একেবাৰে ছবছৰলৈকে ফল দি থকা বুলি জনায়। পাঁচ-ছয় বছৰত এবিঘা মাটিত উৎপাদিত অমিতাৰ পৰা প্ৰায় পাঁচ লাখ টকা পৰ্যন্ত আয় হয়। নিজৰ সেউজ গৃহত প্ৰস্তুত কৰা পুলিৰেই খেতি কৰি স্বাৱলম্বী হৈছে যুৱককেইজন। অসম চৰকাৰপৰা পৰা ২০১৫ চনৰ ২৬ জানুৱাৰীত আদৰ্শ খেতিয়কৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় যুৱ খেতিয়ককেইজনে। আনকি আগ্ৰহী নিবনুৱাসকলকো দিহা-পৰামৰ্শ দিয়াত অমিতা খেতি কৰিবলৈ আগবাঢ়ি আহিছে বহু নিবনুৱা যুৱক। অমিতা পকা ফল হিচাপে বিক্ৰী কৰাৰ লগতে পাচলি হিচাপে বিক্ৰী হয়। ইমান বৃহৎ পৰিমাণৰ খেতি কৰাৰ পিছতো অমিতাৰ চাহিদা পুৰণ কৰিব নোৱাৰা বুলিও যুৱককেইজনে উল্লেখ কৰিছে।

লেখক: কামাৰুজ জামান (নিয়মীয়া বাৰ্তা)

2.96296296296
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top