মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / উপেন্দ্ৰ ৰাইচৰ নেপথ্য ব্যক্তি উপেন্দ্ৰ ৰাভা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উপেন্দ্ৰ ৰাইচৰ নেপথ্য ব্যক্তি উপেন্দ্ৰ ৰাভা

প্ৰযুক্তি-কৌশল আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰতিভূ অগ্ৰণী কৃষক উপেন্দ্ৰ ৰাভাই প্ৰমাণ কৰি দিছে উৎসৰ্গীকৃত মনোভাব,দুৰন্ত ইচ্ছাশক্তি,কৰ্মোদ্যম,অভিলাস আৰি নিষ্ঠা থাকিলে প্ৰাপ্তিৰ পথত একোৱেই হেঙাৰ হব নোৱাৰেআন্ত:ৰাষ্ট্ৰীয় স্বীকৃতিৰে মহীয়ান উপেন্দ্ৰ ৰাইচ’ৰে অসমী আইৰ মূখ উজলাইছে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ আমগুৰিপাৰা গাঁৱৰ প্ৰগতিশীল কৃষক উপেন্দ্ৰ ৰাভাই।

উপেন্দ্ৰ ৰাভা কোন-

প্ৰযুক্তি-কৌশল আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰতিভূ অগ্ৰণী কৃষক উপেন্দ্ৰ ৰাভাই প্ৰমাণ কৰি দিছে উৎসৰ্গীকৃত মনোভাব,দুৰন্ত ইচ্ছাশক্তি,কৰ্মোদ্যম,অভিলাস আৰি নিষ্ঠা থাকিলে প্ৰাপ্তিৰ পথত একোৱেই হেঙাৰ হব নোৱাৰেআন্ত:ৰাষ্ট্ৰীয় স্বীকৃতিৰে মহীয়ান উপেন্দ্ৰ ৰাইচ’ৰে অসমী আইৰ মূখ উজলাইছে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ আমগুৰিপাৰা গাঁৱৰ প্ৰগতিশীল কৃষক উপেন্দ্ৰ ৰাভাই।।প্ৰান্তীয় কৃষিকৰ্মৰে জীৱন-জীৱিকা প্ৰশস্ত কৰা কৃষিজীৱী পৰিয়াল এটিৰ সন্তান উপেন্দ্ৰ ৰাভাৰ আজিৰ স্বীকৃতি তথা মৰ্যদা বহুতেই ভবাৰ দৰে কিন্তু অনাকাংক্ষিত নাছিল।আকাশ চোৱাৰ বাসনাৰে একাণপতীয়াকৈ কৃষিকৰ্মকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহন কৰি অগ্ৰসৰ হোৱা ৰাভাৰ বাবে এই সকলোখিনি আছিল তেনেই অৱধাৰিত।চাৰিজন ককাই-ভাইৰে পূৰ্ণ পৰিয়ালটোৰ সম্পত্তি ভাগ বাটোৱাৰা কৰাত উপেন্দ্ৰৰ ভাগত পৰিছিল মাত্ৰ 15 বিঘা মাটি।সেয়া 1985 চনৰ কথা।বয়সে চুইছে মাত্ৰ কুৰিৰ দেওনা।ভিতৰুৱা অঞ্চলটিৰ চফল ডেকা উপেন্দ্ৰ যেন সৰুৰেপৰাই আনতকৈ কিছু ব্যতিক্ৰম।ঘৰতে থকা পুৰনা ৰেডিঅ’টোৰ কৃষিজগত অনুষ্ঠানটোৰ পৰা পোৱা দিহা-পৰামৰ্শকে সাৰথি কৰি তেঁও চলাই গৈছিল কৃষিকৰ্ম।ৰেডিঅ’যোগে সম্প্ৰচাৰিত কৃষি সম্পৰ্কীয় দিহাখিনি পৰ্যমানে কামত খটুৱাইছিল উপেন্দ্ৰ ৰাভাই।সেয়েহে আনতকৈ ফলো পাইছিল অধিক।স্থানীয় অঞ্চলত ইতিমধ্যে ডেকা উপেন্দ্ৰৰ কৰ্মৰ সুবাস সুঘ্ৰাণিত হবলৈ ধৰিছিল।তেতিয়া কৃষি উন্নয়ন বিষয়া দুলাল দাসে আনৰ পৰা এই যুৱক জনৰ কথা শুনি নিজে চাই আহো বুলি এদিন ৰাভাৰ পাম পালেগৈ।ৰাভাৰ আগ্ৰহ,উৎসাহ আৰু কৃষিকৰ্মৰ প্ৰতি থকা উৎসৰ্গস্কৃত মনোভাব্ৰ দাসক বাৰুকৈয়ে আকৰ্ষন কৰে।সৰবৰহী বিষয়া দাসেও সুযোগটো সদ্ব্যৱহাৰ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হল।যাৱতীয় দিহা-পৰামৰ্শ নিদানেৰে ৰাভাক কাৰিকৰীভাৱে সমৃদ্ধ কৰিবলৈ ললে।উপেন্দ্ৰৰ মতে,সেয়াই আছিল তেওঁৰ জীৱনৰ ইতিবাচক ঘূৰ্ণন।দুৰ্বাৰ গতিত চলিল ৰাভাৰ কৃষিকৰ্ম।1990 চনত তদানীন্তন মহকুমা কৃষি বিষয়াদ্বয় মুৰাৰীমোহন ৰয় আৰু আনন্দ কৰ্মকাৰক লগ পায় উপেন্দ্ৰই।বিষয়া দুজনেও উপেন্দ্ৰক উৎসাহিত কৰি ন উদ্যমেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগায়।সাফল্যৰ দিঠকত চুমুক দি উপেন্দ্ৰই অব্যাহত ৰাখে ধান,সৰিয়হ,আৰু ভিন ভিন শাক-পাচলিৰ খেতি।ইতিমধ্যে উপেন্দ্ৰৰ পৰিচিত জিলা প্ৰেক্ষাপটৰ পৰা ৰাজ্যিক প্ৰেক্ষাপটলৈ ধাৱমান হল।তাৰ পিছত তেওঁ 2001 চনত লগ পায় বিশিষ্ট কৃষি বিজ্ঞানী ড.নলীন মহনক।বিজ্ঞানীজনেও পৰামৰ্শদাতাৰ ভূমিকা গ্ৰহণ কৰি উপেন্দ্ৰৰ যাত্ৰা দুগণে ত্বাৰাম্বিত কৰে।নিজৰ ভূমিখিনিৰ উপৰি বন্দৱস্তিত লয় বিভিন্ন কৃষিভূমি।সুৰ্বাৰ গতিৰে আগবাঢ়ে ৰাভাৰ কাম-কাজ।ৰাভাৰ এই যাত্ৰাপথত সকলো সময়তে সহযোগীৰ ভূমিকা পালন কৰি আহিছে পত্নী নন্দিতা ৰাভাই।2011 চনত ৰাভাৰ বাবে অপেক্ষা কৰি আছিল আন এক নতুন পৰিক্ৰমাই।

উপেন্দ্ৰ ৰাইচৰ বিষয়ে-

 

দুধনৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ অনুষ্ঠান সমন্বয়ক তথা সৰবৰহী মীন বিজ্ঞানী ড.উত্তম কুমাৰ বৰুৱাই(9957565468)ৰাজস্থানৰ উদয়পুৰৰ কৰ্মশালা এখনৰপৰা অনেক কাকুতি-মিনতিৰে প্ৰদৰ্শনীৰ বাবে ৰখা এক কিলোগ্ৰাম ক’লা চাউলৰ ধান আনি পৰীক্ষামূলক ভাৱে খেতি কৰি চাবলৈ ৰাভাৰ হাতত দিয়ে।অনুসন্ধিৎসু আৰু নিটোল উৎসৰ্গীকৃত মনৰ অধিকাৰী ৰাভাই অশেষ চেষ্টা কৰি ইয়াৰে এটা ধানৰহে গজালি উলিয়াবলৈ সক্ষম হ’ল।প্ৰথম বছৰত এই এডাল কঠীয়াৰপৰা তেওঁ 130 গ্ৰাম ধান পাবলৈ সক্ষম হ’ল।সেইখিনিকে বীজ হিচাপে লৈ 2013 চনত ৰাভাই উৎপাদন কৰে 1600 কিলোগ্ৰাম ধান।ৰাজ্যৰ কৃষিখণ্ডত সংযোজিত হ’ল ক’লা চাউলৰ উৎপাদন।অৱশ্যে ৰাভাৰ এই সফলতাক বাস্তৱায়িত কৰাত দুধনৈ কৃষি বিজ্ঞান-কৰ্মচাৰীবৃন্দ,তদানীন্তন কৃষি উন্নয়ন বিষয়া বগাৰাম বড়ো(9435519974),জিলা কৃষি বিষয়া ভূমিধৰ কলিতা তথা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ অৱদান অনস্বীকাৰ্য।এই নব্য সংযোজন তথা ফচলবিধৰ ইতিবাচকতাই স্থানীয় কৃষকসকলক বাৰুকৈয়ে আকৰ্ষন কৰে।ৰাভাই উলিওৱাই দিয়া বাটেৰে বাট বুলি পৰৱৰ্তী বৰ্ষত আন 33 জন কৃষকে 99 বিঘা মাটিত ক’লা ধানৰ খেতি কৰি 44 মেট্ৰিক টন ধান উৎপাদন নিশ্চিত কৰে।কৃষিখণ্ডত সূচনা হয় নতুন দিগন্তৰ।প্ৰতি বছৰে সম্প্ৰসাৰিত হয় ৰাভাৰ নেতৃত্বত ক’লা ধানৰ খেতি।দেশ-বিদেশৰ বিভিন্ন আমোলা এন্টিঅক্সেডেন্টবিধে হ্ৰদযন্ত্ৰৰ ৰোগ আৰু কৰ্কট ৰোগ প্ৰতিৰোধত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।ক’লা চাউলত থকা 34 বিধ শৰ্কৰাই স্নায়ুতন্ত্ৰ সক্ৰিয় কৰি ৰখাত সহায় কৰে।মন কৰিবলগীয়া যে ¼ কাপ এনে চাউলে মানৱ দেহক 160 কেলৰি শক্তি যোগান ধৰে।এই চাউলবিধৰ জনপ্ৰিয়তা,উচ্চ বজাৰদৰ আৰু সৰ্বগ্ৰহণযোগ্যতাৰ গুপুত ৰহস্যও ইয়াতেই লুকাই আছে।বৰ্তমান 51 জন সদস্য বিশিষ্ট সমবায় সমিতি এখনে ৰাভাৰ নেতৃত্বত 1500 বিঘা মাটিত এই ধানবিধৰ খেতি কৰি আছে।ৰাজধানী চহৰ দিল্লীকে আদি কৰি দেশৰ বিভিন্ন চহৰ,ইউৰোপৰ বিভিন্ন দেশ আৰু বৃহৎ বিপণন মলত ‘উপেন্দ্ৰ ৰাইচ’ নামেৰে জনাজাত চাউলবিধে যথেষ্ট সমাদৰ লাভ কৰিছে।বিভিন্ন আন্ত:ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত ‘উপেন্দ্ৰ ৰাইচ’ক দিয়া হয় যথাযোগ্য মৰ্য্যদা।ৰাভাৰ সেৱা,কৰ্ম,সৃষ্টি আৰু স্বীকৃতিয়ে আজুৰি আনিছে বিভিন্ন বঁটা,সন্মান আৰু সম্বৰ্দ্ধনা।তাৰ ভিতৰত জিলাৰ শ্ৰেষ্ঠ কৃষকৰ বঁটা,তুৰাৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ত সম্বৰ্দ্ধনা,ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ বঁটা আৰু শেহতীয়াকৈ 2016 চনত কেন্দ্ৰীয় কৃষিমন্ত্ৰীয়ে নতুন দিল্লীত প্ৰদান কৰা উদ্ভাৱনী কৃষক বঁটা বিশেষভাৱে উল্লেশযোগ্য।কৃষিক বাণিজ্যিক স্তৰলৈ নি অধিক কৰ্মস্থল সৃষ্টিৰ উদ্দেশ্যে ৰাভাই গুণিতক পাম পদ্ধতিৰ পোষকতাৰে সমন্বিত মীন আৰু গাহৰি পালনতো জড়িত হৈছে।ৰাজহুৱা পুখুৰীত ৰাভাৰ নেতৃত্বত এই প্ৰচেষ্টা আৰম্ভ হৈছে।ধান খেতি আৰু উদ্যান শস্যৰ সমান্তৰালভাৱে সমন্বিত মীনপাম এখনৰো পৰিকল্পনা কৰিছে ৰাভাই।ৰাভাৰ কৰ্মৰাজিৰ পৌনিক ক্ৰিয়াৰ মীন খণ্ডকো সমৃদ্ধ কৰাতো খাটাং।আপুনিও ৰাভাৰ লগত বাৰ্তালাপ কৰি(9678207239)যাৱতীয় পৰামৰ্শ গ্ৰহণ কৰাৰ উপৰি অধিক তথ্য আহৰণ কৰিব পাৰে।

উৎস: দৈনিক অসম

2.97058823529
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top