মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / কচু খেতিৰে স্বাৱলম্বী মধু শৌলমাৰীৰ একাংশ কৃষক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কচু খেতিৰে স্বাৱলম্বী মধু শৌলমাৰীৰ একাংশ কৃষক :

কচু খেতিৰে স্বাৱলম্বী মধু শৌলমাৰীৰ একাংশ কৃষকৰ বিষয়ে লিখা হৈছে ।

মধু শৌলমাৰী, বটৰতল, ভেলাকোবা, ক্ষুদিমাৰী, চাবগড়, দক্ষিণ ৰায়পুৰ আদিকে ধৰি গৌৰীপুৰ চহৰৰ পাৰ্শ্বৱৰ্তী একাংশ অঞ্চলত আলু, বেঙেনা, তিয়ঁহ, ভেন্দী, লাউ-কোমোৰা আদিৰ পৰিৱৰ্তে এবিধ বিশেষ ধৰণৰ কচুৰ(যিবিধ কচুক স্থানীয় ভাষাত বলা কচু বুলি কোৱা হয়) খেতি কৰি একাংশ প্ৰগতিশীল কৃষক স্বাৱলম্বী হোৱাৰ পথত আগবঢ়া দেখা গৈছে।

কচুৰ বহুত উপজাতি, যেনে-

  • ওলকচু,
  • কণিকচু,
  • কলীয়া কচু,
  • দহি কচু,
  • পানী কচু,
  • ছমুখীয়া কচু,
  • মান কচু,
  • শ্যামা কচু আদিৰ তুলনাত এই বলা কচুৰ খেতিত পৰিশ্ৰম কম, কিন্তু উৎপাদন বেছি।

সেয়ে উক্ত অঞ্চলৰ কৃষকসকলে বলা কচুৰ খেতি কৰি অৰ্থনৈতিভাৱে স্বচ্ছল হোৱাৰ বাবে আগ্ৰহী হোৱা পৰিলক্ষিত হৈছে।

মধুশৌলমাৰী প্ৰথমখণ্ড গাঁও নিৱাসী অশোক ৰায় নামৰ এজন প্ৰগতিশীল কৃষকে তেওঁৰ নিজত ডেৰবিঘা মাটিত বলা কচুৰ খেতি উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছে।

এনেধৰণৰ প্ৰচেষ্টাৰে বলা কচুৰ খেতি কৰি ধীৰেন ৰায়, বীৰেন ৰায় আৰু মনজিৎ ৰায়ে অঞ্চলটোত আদৰ্শ কৃষক হিচাপে পৰিগণিত হৈছে। একেই পদ্ধতিৰে কচু খেতি কৰি দক্ষিণ ৰায়পুৰৰ যুৱ কৃষক দেৱেন চন্দ্ৰ ৰায়ে বিৰল দৃষ্টান্ত দাঙি ধৰিছে।

বলা কচুৰ খেতিৰ বাবে ওখ আৰু বৰষুণৰ পানী জমা হ’ব নোৱাৰা মাটিৰ প্ৰয়োজন। এঢলীয়া আৰু পানী জমা হৈ থকা মাটিত কচু খেতি কৰিলে উৎপাদন আশা কৰা ধৰণে পোৱা নাযায়াৰু কচুৰ মানো নিম্নস্তৰৰ হয়। সেইকাৰণে তেওঁলোকে ওখ ঠাই বাছি লৈহে এই খেতি কৰে।

প্ৰথমে কৃষকসকলে মাটিডৰা ভালকৈ চহাই আৰু অলাগতিয়াল ঘাঁহ-বন আঁতৰাই মাটিডৰাত চূণ আৰু গোবৰ সাৰ প্ৰয়োগ কৰে। মাটিডৰা সাজু হ’লে কাতি মাহৰ প্ৰথম ভাগতে কচুৰ পুলিবোৰ শাৰী শাৰীকৈ ৰুই দিয়ে। এবিঘা মাটিত প্ৰায় তিনি হাজাৰ পুলি ৰুব পাৰে।

প্ৰতিবিঘা মাটিৰ বলা কচুৰ খেতিত ছয়-সাত হেজাৰ টকা খৰচ পৰে। কচুৰ পুলিবোৰ সজীৱ হৈ উঠিলে কচুবিলাকত গুৰিত শুকান মেটেকা দলিচাৰ দৰে পাৰি দিয়ে।

কচুগছ সাধাৰণতে গৰু-ছাগলীয়ে নাখায় আৰু সেইবাবে কৃষকসকলে জেওৰা আদি দিয়াৰো প্ৰয়োজন নাই। আনহাতে, কচু গছ উঠাই পৰিষ্কাৰ কৰি বিক্ৰী কৰালৈ বিশেষ যতনৰো আৱশ্যক।

কৃষকসকলে জানিবলৈ দিয়া মতে, তেওঁলোকে ব’হাগ মাহৰ আৰম্ভণিৰপৰাই খেতিডৰাৰপৰা কচু উঠাই বিক্ৰীৰ মাটিৰ কচু বিক্ৰী কৰি পয়ত্ৰিশ-চল্লিশ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে। তদুপৰি গা-গছডালৰ গুৰিৰপৰাই উৎপন্ন হোৱা লুটি কচু বিক্ৰী কৰিও অতিৰিক্তভাৱে ধন উপাৰ্জন কৰিব পাৰে।

বলা কচুৰ আঞ্জা অতি সু-স্বাদু। বিশেষকৈ ইলিছ মাছৰ সৈতে ৰন্ধা কচুৰ সোৱাদেই সুকীয়া। যিয়ে এবাৰ এনে আঞ্জা খাইছে, তেওঁ আৰু কেতিয়াও আঞ্জাখনৰ সোৱাদ পাহৰিব নোৱাৰে। তদুপৰি কচুৰ গা-গছ পাতল আৰু চুটি চুটিকৈ কাটি ভাজিও খাব পাৰি। সৰু সৰু মাছেৰে কচুৰ লটিবোৰৰ আঞ্জা ৰান্ধিলে সেই আঞ্জাও অতি সোৱাদযুক্ত হয়।

কিন্তু দুৰ্ভাগ্যজনকভাৱে কৃষকসকল এই খেতিৰপৰা উপযুক্ত মূল্য লাভৰপৰা বঞ্চিত হোৱাৰ অভিযোগ আছে।

এচাম মধ্যভোগী ব্যৱসায়ীয়ে পোনপটীয়াকৈ কৃষকসকলৰপৰা কচু ক্ৰয় কৰি বিভিন্ন ঠাইলৈ, বিশেষকৈ উত্তৰবংগলৈ লৈ গৈ অধিক মূল্যত বিক্ৰী কৰা দেখা যায়।

নিজৰ উৎপাদিত কচু বজাৰলৈ আনি বিক্ৰী কৰিব নোৱাৰাৰ বাবে তেওঁলোক লোকচানৰো সন্মুখীন হৈ আহিছে। তথাপি কৃষকসকলে কচু খেতি কৰা নাই আৰু নতুন উদ্যমেৰে খেতি কৰাত আশাৰ ৰেঙণি দেখিবলৈ সমৰ্থ হৈছে।

লেখক: অম্বুনাথ শৰ্মা(দৈনিক অসম)

2.77777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top