মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / কলাখাৰেৰে জগত জিনা নলবাৰীৰ কৃষক বাপুকণ বৰ্মণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কলাখাৰেৰে জগত জিনা নলবাৰীৰ কৃষক বাপুকণ বৰ্মণ :

কলাখাৰেৰে জগত জিনা নলবাৰীৰ কৃষক বাপুকণ বৰ্মণৰ বিষয়ে লিখা হৈছে ।

 

অসমৰ ঐতিহ্য আৰু সম্ভ্ৰমৰ বাৰ্তাবাহক ‘কলাখাৰ’ক বিজ্ঞানসন্মত দৃষ্টিকোণেৰে প্ৰস্তুত কৰি নিখুঁত উপস্থাপনেৰে জগত জিনিছে নলবাৰীৰ লখপুৰ গাঁৱৰ বাপুকণ বৰ্মণে। উচ্চ শিক্ষিত যুৱক বাপুকণ বৰ্মণ আজি ৰাজ্যৰ কৃষি-পশুপালন তথা মীন পৰিমণ্ডলত এটা পৰিচিত নাম। বৈদ্যুতিন আৰু ছপা মাধ্যমৰ লগত নুন্যতম সংযোগ থকাজনৰ বাবেও এটা চিনাকি নাম বাপুকণ বৰ্মণ। দুখ আৰু দাৰিদ্ৰ্যৰ জীৱন সংগ্ৰামৰ যাত্ৰা আৰম্ভ কৰা বাপুকণে দোকানে দোকানে পাণ বিক্ৰী কৰি, আনৰ ঘৰত হাজিৰা কৰি, পথাৰত আনৰ হৈ হাল বাই আৰু ঘৰুৱা শিক্ষকতাৰে উপাৰ্জন কৰি পৰিয়ালটোৰ জীৱিকাৰ জোৰা মৰাৰ সমান্তৰালভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিভাগত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰীও অৰ্জন কৰে। তাৰ পিছত বিভিন্ন চৰকাৰী চাকৰিৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হয় যদিও মৌখিক পৰীক্ষাত সদায়েই তেওঁ বিফল হৈ ৰয়। তাৰ পিছত তিনি বছৰমান আনৰ অটো চলায় যদিও মাটি আৰু পানীৰ দুৰ্দান্ত আকৰ্ষণৰ তাড়নাত ক্ৰমে ৰাইজৰ পৰিত্যক্ত ভুমি আৰু পতিত জলাশয় বন্দবস্তিত লৈ মীন পালন, কৃষিকাৰ্য আৰু পশুপালনত জড়িত হৈ পৰে। ইয়াৰ পিছত আৰু থমকি ৰোৱা নাই বাপুকণ। তেওঁ প্ৰমাণ কৰি দিছে যে নিষ্ঠা, সততা, একাগ্ৰতা আৰু দুৰন্ত অভিলাষ থাকিলে প্ৰাপ্তিৰ পথত একোৱেই হেঙাৰ হ’ব নোৱাৰে। বাপুকণৰ বাবে অপেক্ষা কৰি আছিল বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা, সন্মান আৰু স্বীকৃতিয়ে।

প্ৰয়াত মোহন চন্দ্ৰ বৰ্মণ আৰু মাতৃ সৰলা বৰ্মণৰ দ্বিতীয় সন্তান বাপুকণ বৰ্মণে সৰুৰেপৰাই হাৰি হাৰি জিকাৰ মানসিকতাৰে জীৱন-জীৱিকাৰ তাগিদাত সংগ্ৰাম কৰিছিল। সঁচা অৰ্থত প্ৰতিষ্ঠিত কৰিছিল সেই আপ্তবাক্যশাৰী-‘পৰিস্থিতিক জয় কৰিব পৰাটো পুৰুষত্বৰ পৰিচায়ক’। এক উদ্ভাৱনী চিন্তাৰ প্ৰতিভু বাপুকণে নিয়াৰিকৈ আৰম্ভ কৰা গুণিতক পামখন ২০০৬ চনত সম্পুৰ্ণভাৱে বিধ্বস্ত হয় বানত। মাছ, কৃষি, পশুধন আদি সকলোখিনি ধ্বংস হ’ল যদিও বানপানীৰ পলস পাই পৰৱৰ্তী সময়ত আঠীয়া কলখিনি ঠন ধৰি উঠিল। বাপুকণে ভাবিলে-মোৰ দুৰ্যোগৰ সময়ত আঠীয়া কলখিনিয়ে মোক দেখুৱাইছে আশাৰ ৰেঙণি, গতিকে এইখিনিৰেই মই হয়তো জগত জিনিব পাৰিম। যেনে চিন্তা, তেনে কাম। ঘৰতে আৰম্ভ কৰিলে ‘কলাখাৰ’ প্ৰস্তুত কাৰ্য। বৰমা বজাৰত বিক্ৰী কৰে কলাখাৰ। ইয়ে কোনোমতে পৰিয়ালটো বৰ্তি থাকি, ঠন ধৰি উঠাত সহায় কৰিলে। কিন্তু কলাখাৰ প্ৰস্তুত কৰি বিক্ৰী কৰা কামটোৰ বিৰুদ্ধে সৰৱ হ’ল অধিকাংশ ইষ্ট-কুটুম্ব, বন্ধু-বান্ধৱ, ওচৰ-চুবুৰীয়া আৰু স্থানীয় ৰাইজ। সকলোৱে সাজোৰে ক’বলৈ ল’লে – কলাখাৰ প্ৰস্তুত কৰি বিক্ৰী কৰাটো অসমীয়া কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰাৰ পৰিপন্থী। উপায় নাপাই বাপুকণে নিশা লুকাই-চুৰকৈ কলাখাৰ প্ৰস্তুত কৰিবলৈ ল’লে অৱশ্যে এই সময়ত বাপুকণক লগ দিয়ে বন্ধুসম সম্পৰ্কীয় ভাতৃ ধৰ্মেশ্বৰ বৰ্মণে। বাপুকণে প্ৰস্তুত কৰা কলাখাৰ দুয়ো নিশা বিভিন্ন বটলত ভৰাই বিক্ৰীৰ বাবে সাজু কৰে। ধৰ্মেশ্বৰে খাৰৰ পেকেট আৰু বতল চাইকেলেৰে বিভিন্ন ঠাইলৈ বিক্ৰীৰ বাবে লৈ যায় যদিও বেছিভাগ ক্ষেত্ৰতে সন্মুখীন হয় অপমান, গালি-গালাজ আৰু তিৰস্কাৰৰ। তথাপি থমকি নৰ’ল দুয়ো। লাহে লাহে অৱশ্যে এজন-দুজনকৈ বহুতৰে দৃষ্টিভ্ংগী সলনি হ’বলৈ ধৰিলে। এই সময়তে বিক্ৰী নোহোৱা কলাখাৰখিনি বাপুকণে পুখুৰীত প্ৰয়োগ কৰিবলৈ ল’লে। আচৰিতভাৱে সেই সময়ত তেওঁৰ পুখুৰীত হোৱা মাছৰ বেমাৰ সমুলে নিৰ্মুল হ’ল আৰু পৰৱৰ্তী সময়তো মাজে মাজে খাৰ প্ৰয়োগৰ বাবে মাছৰ বাঢ়ন দ্ৰুত হোৱাৰ লগতে বেমাৰৰো উম-ঘাম নোহোৱা হ’ল। বাপুকণে পোনতে কথাটো কাকো জনোৱা নাছিল যদিও পিছত কথাটো নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ মীনবিষয়ক বিজ্ঞানী সোণমইনা ভুঞাই গম পাই ত্ৰিপুৰা মীন মহাবিদ্যালয়ৰ বিজ্ঞানীক জনোৱাত তেওঁলোকে আহি বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণা কৰি কথাটো নিশ্চিত কৰে আৰু বৰ্তমান কেইবাজনো বিজ্ঞানীয়ে এই বিষয়টো মানকৃত কৰিবলৈ গৱেষণা অব্যাহত ৰাখিছে। ইতিমধ্যে ২০১৩ চনত জিলা উপায়ুক্ত , উদ্যান শস্য সঞ্চালক আদিয়ে তেওঁৰ পাম পৰিদৰ্শন কৰি কলাখাৰ প্ৰস্তুতৰ লগতে চলাই থকা কাম-কাজৰ বাবে যথেষ্ট উৎসাহিত কৰে। সেই সময়ত বাপুকণৰ কলাখাৰ কোচবিহাৰ, চিৰাং, বাকসা আদিৰ বিভিন্ন ঠাইত অতি জনপ্ৰিয় হৈছিল। তদানীন্তন উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে বাপুকণক পেকেজিঙৰ দিশত গুৰুত্ব দি ৰাজ্যৰ মুল মুল বজাৰসমুহলৈ লৈ যোৱাৰ পৰামৰ্শ দিয়ে। অৱশ্যে সেই সময়ত তদানীন্তন মহকুমা কৃষি বিষয়া ইউ দীপক সিং, জিলা পশুপালন বিষয়া ডা: সুৰেন শৰ্মা, জিলা মীন উন্নয়ন বিষয়া ভানু বৰা আদিয়ে লেবেল আদিৰ নমুনাৰ আভাস দি বাপুকণক উপস্থাপনত বিশেষ সহায় কৰে। তেনেতে নামেৰীত মুম্বাইৰ কেন্দ্ৰীয় মীন শিক্ষা প্ৰতিষ্ঠান (সমতুল্য বিশ্ববিদ্যালয়) ৰ উদ্যোগত আয়োজিত বিজ্ঞানী সমাৰোহত তেওঁৰ কাম-কাজক ভুয়সী প্ৰশংকা কৰে আৰু কলাখাৰ প্ৰস্তুত কৰি যোৱাৰ লগতে মীন পালনতো ইয়াক ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। ২০১৬ চনত জিলা কৃষি বিভাগৰ সহযোগত বাপুকণে খানাপাৰাৰ আন্ত:ৰাষ্ট্ৰীয় উদ্যান শস্য মেলাত কলাখাৰ বিক্ৰী কৰাৰ সুযোগ পায়। এই মেলাত তেওঁ লাভ কৰে দেশ-বিদেশৰ বিভিন্নজনৰ ব্যাপক সঁহাৰি। নিমিষতে সকলো কলাখাৰ শেষ হোৱাত তেওঁ মুঠ ধন লাভ কৰে ৩৩,০০০ টকা। দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও প্ৰতিষ্ঠানে বাপুকণৰ লগত কলাখাৰ বিপণনৰ চুক্তি সম্পন্ন কৰে। গুৱাহাটীৰ টেষ্টী প্ৰতিষ্ঠানৰ স্বত্তাধিকাৰী উদ্যোগী যুৱক জিতু কলিতাই আগধন দি বাপুকণক কলাখাৰ যোগানৰ বাবে চুক্তিবদ্ধ কৰে। তাৰ পিছত বাপুকণৰ কলাখাৰে ভুমুকি মাৰে দেশৰ বিভিন্ন প্ৰান্তত। আহৰণ কৰে ব্যাপক জনপ্ৰিয়তা। বিপণন প্ৰতিষ্ঠানটোৱে বাপুকণৰ জহা চাউল, ক’লা চাউল , বৰা চাউল আদিও এইদৰে দেশৰ বিভিন্ন প্ৰান্তৰ ক্ৰেতাৰ ওচৰলৈ লৈ যায়। বাপুকণে জানিবলৈ দিয়া মতে, এই সময়ত তদানীন্তন কৃষি বিভাগৰ সঞ্চালক জুৰি ফুকনে  আগবাঢ়ি যাবলৈ তেওঁক অনুপ্ৰাণিত কৰিছিল। ক্ৰমে বাপুকণক কলাখাৰ আৰু অন্যান্য সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিপণনৰ বাবে আমন্ত্ৰণ জনায় মুকালমুৱাত আয়োজিত ‘নমামি ব্ৰহ্মপুত্ৰ’ উৎসৱ, ধনবিহীন বিনিময় মেলা, গান্ধী জয়ন্তী উদযাপন সমিতি আদি বিভিন্ন অনুষ্ঠানে। অৱধাৰিতভাৱে সকলোতে বাপুকণে লাভ কৰে আশাতীত সফলতা। ২০১৮ চনৰ জানুৱাৰীত ডিব্ৰুগড়ত অনুষ্ঠিত কৃষি আৰু উদ্যান শস্যৰ আন্ত:ৰাষ্ট্ৰীয় মেলালৈ বাপুকণক বিশেষভাৱে আমন্ত্ৰণ কৰে উদ্যোক্তা মণ্ডলীয়ে । বাপুকণৰ বিপণী অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° কমলমল্ল বুজৰবৰুৱা, কৃষি সম্প্ৰসাৰণ সঞ্চালক, কৃষিমন্ত্ৰী আৰু ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে পৰিদৰ্শন কৰি উচ্চ প্ৰশ্ংসা কৰে। কেইবাটাও বিদেশী বিপণন প্ৰতিষ্ঠান বাপুকণৰ সামগ্ৰী তেওঁলোকৰ দেশত বিক্ৰী কৰিবলৈ চুক্তিবদ্ধ হয়। ৰাজ্য তথা দেশৰো কেইবাটাও প্ৰতিষ্ঠানে কলাখাৰ বিপণনৰ বাবে চুক্তিত স্বাক্ষৰ কৰে।  উল্লেখ্য যে ছুডানৰ ৰাষ্ট্ৰদুত চিৰাজউদ্দিন হামিদ ইউচুফেও তেওঁৰ বিপণী পৰিদৰ্শন কৰি কলাখাৰ সংগ্ৰহ কৰে আৰু পৰৱৰ্তী সময়ত সন্তোষজনক মতামত ব্যক্ত কৰি নিজ দেশত বিপণনৰ বাবে ব্যৱস্থা কৰে। বিদেশৰ কেইবাজনো স্থায়ী গ্ৰাহকেও বাপুকণৰ লগত যোগাযোগ কৰি কলাখাৰ আৰু আন জৈৱিক সামগ্ৰী নিয়মিতভাৱে সংগ্ৰহ কৰি আছে। বৰ্তমান তেওঁৰ কলাখাৰৰ চাহিদা অতি সন্তোষজনক। কলাখাৰৰ বাবে বাপুকণে বিশেষভাৱে খেতি কৰে আঠীয়া কলৰ। আঠীয়া কলৰ ফুল আৰু কল থোক পাৰি অনাৰ পিছতো গছজোপা বিশেষভাৱে প্ৰতিপালন কৰে বাপুকণে। কাতি মাহৰ পৰা চ’ত মাহলৈ কলগছৰ কাণ্ড পুৰি কলাখাৰৰ বাবে প্ৰস্তুত কৰা ছাইখিনি মজুত ৰাখে। কলগছৰ বাকলিখিনি সিজাই গাহৰিক দিয়ে খাদ্য হিচাপে। সিজাবলৈ কলচোঁচনিখিনি খৰি হিচাপে ব্যৱহাৰ কৰে। কলগছজোপাৰ মজ্জাখিনি আকৌ শুকুৱাই বিশেষ কৌশেলেৰে মিলত খুন্দি মাছৰ বাবে দানা প্ৰস্তুত কৰে। বৰ্তমান ৩০০ মিলিলিটাৰ আৰু ৫০০ মিলিলিটাৰ বটলত ভৰাই বাপুকণে কলাখাৰ বিক্ৰী কৰে। বাপুকনৰ সফলতা বৰ্তমান বিভিন্ন বৈদ্যুতিন আৰু ছপা মাধ্যমে প্ৰচাৰ কৰি ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলক এই কামটোলৈ আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে। বিভিন্ন সভা-সমিতিলৈ বাপুকণক আমন্ত্ৰন কৰি সন্মান যচাৰ লগতে তেওঁৰ লগত মত বিনিময়ৰ ব্যৱস্থা কৰিছে। ছজন স্থায়ী কৰ্মচাৰীৰ লগতে বাপুকণৰ সমগ্ৰ পৰিয়ালটো এই কামটোৰ লগত জড়িত। মাহেকত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ বছা বছা চহৰলৈ বিপণন প্ৰতিষ্ঠানৰ জৰিয়তে বাপুকণৰ কলাখাৰ উপলব্ধ হয়। বাপুকণৰ সফলতাই বৃহত্তৰ অঞ্চলটোত এক নতুন সম্ভাৱনাৰ উন্মেষ ঘটোৱাৰ লগতে শিক্ষিত নিবনুৱাসকলৰ বাবে আশাৰ বাট মুকলি কৰিছে।

বাপুকণ বৰ্মণ (৮৬৩৮১০২৮০৬/৯৮৫৪৫৫৫৫২৬) নি: সন্দেহে আজিৰ পটভুমিত এটা জীয়া আদৰ্শ। কলাখাৰক আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱা বাপুকণে প্ৰমাণ কৰি দিছে যে কিছু উদ্ভাৱনী চিন্তা আৰু একাগ্ৰতাৰ সমাহাৰেৰে আমাৰ ৰাজ্যখনত নিয়োগ সম্ভাৱনীয়তা প্ৰশস্ত কৰাটো তেনেই সম্ভৱ। আপুনিও বাপুকণৰ লগত বাৰ্তালাপ কৰিব পাৰে বা তেওঁক আমন্ত্ৰণ কৰি গুণিতক পাম পদ্ধতি সম্পৰ্কে ৰাজহুৱা মত বিনিময়ৰ ব্যৱস্থা কৰিব পাৰে। আপোনাক সহযোগিতা আগবঢ়াবলৈ বাপুকণ সদা প্ৰস্তুত।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা (দৈনিক অসম)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top