মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / কাঠফুলাৰ খেতিৰে আৰ্থিকভাৱে সচ্ছল গোসাঁইগাঁৱৰ আল্পনাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কাঠফুলাৰ খেতিৰে আৰ্থিকভাৱে সচ্ছল গোসাঁইগাঁৱৰ আল্পনাঃ

কাঠফুলাৰ খেতিৰে আৰ্থিকভাৱে সচ্ছল গোসাঁইগাঁৱৰ আল্পনাৰ কথা লিখা হৈছে

 

গোসাঁইগাঁও মহকুমাৰ ৰেচটেকপুৰ (হাৰাপুটা) গাঁৱৰ আদিবাসী মহিলাই মাছৰুমৰ খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাই নহয় তিনিটাকৈ পৰিয়ালক পোহপাল দিছে। যি সময়ত আদিবাসী জনগোষ্ঠীৰ মহিলাসকলে কাম-বন নকৰি শুই বহিয়েই কটাইছে তেনে সময়তে ৰেচটেকপুৰ গাঁৱৰ আল্পনা হেমব্ৰমে নিজা সাংসাৰিক কাম-বন চম্ভালি পুৱাৰে পৰা সন্ধিয়ালৈ মাছৰুমৰ তত্ত্বাৱধানত থাকে। নিজে কোনো প্ৰশিক্ষণ নিদিয়াকৈ মাছৰুমৰ খেতি কৰি অধিক সন্তুষ্টি লাভ কৰিছে। নিজ গৃহতে মাছৰুমৰ খেতি কৰি টকা উপাৰ্জন কৰিব পাৰিছে আল্পনাই। যি সময়ত মানুহে কৃষি কৰ্ম পৰিহাৰ কৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়তে গোসাঁইগাঁৱৰ মহিলা আল্পনাই এক নিদৰ্শন দাঙি ধৰিছে। পূৰ্বতে কুৰিটা বীজ ৰোপণ কৰ মাছৰুমৰ খেতি কৰা আল্পনাই এতিয়া শ শ বীজ ৰোপণ কৰি দুটা গৃহত উৎপাদন কৰিব পাৰিছে মাছৰুম। আল্পনাই পুৱাৰে পৰা সন্ধিয়ালৈ নিজগৃহত চৌহদত থকা দুটাকৈ গৃহৰ ভিতৰত কৰা মাছৰুমৰ খেতিত পানী দিয়া, বান্ধি দিয়া, পোহৰ দিয়াকে ধৰি বিভিন্ন কামত ব্যস্ত হৈ আছে। নিজ খেতিত উৎপাদন কৰা উক্ত মাছৰুম গোসাঁইগাঁও মহকুমা সদৰ চহৰৰ বিভিন্ন বজাৰত কেঁচা আৰু শুকানকৈ বিক্ৰী কৰি আহিছে। পাইকাৰী কেঁচাটো প্ৰতিকেজি ১১০ টকাকৈ আৰু শুকানটো প্ৰতিকেজি ২৫০ টকাকৈ বজাৰত যোগান ধৰি আহিছে। আল্পনা হেমব্ৰমে উৎপাদন কৰা গোসাঁইগাঁৱৰ বিভিন্ন দোকানত উপলব্ধ। গোসাঁইগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰামৰ্শ অনুসৰি মাছৰুমৰ খেতি কৰি আহিছে দীৰ্ঘ ছটা বছৰে। পূৰ্বতে মাছৰুম উৎপাদন কৰি মানুহৰ ওচৰত বিতৰণ কৰিছিল। লাহে লাহে মাছৰুমৰ উৎপাদন বেছি হোৱাত সম্প্ৰতি তাক বিক্ৰী কৰি তিনিটা পৰিয়ালক পোহপাল দিছে আল্পনাই। নিজে টকা উপাৰ্জন কৰি স্বনিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে মহিলাগৰাকী মাছৰুমৰ খেতি কৰিবলৈ আৰম্ভ কৰে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।

(উৎসঃ নিয়মীয়া বাৰ্তা, মীৰ জিয়াউৰ ৰহমান)।

2.91489361702
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top