অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুঁহিয়াৰ, ইকৰাৰ খেতিৰে স্বাৱলম্বন

কুঁহিয়াৰ, ইকৰাৰ খেতিৰে স্বাৱলম্বন

বাকসা জিলাৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ঢেকীভঙা গাঁও নিবাসী সৰবৰহী যুৱক ধনজিৎ কলিতাই প্ৰায় দুবিঘা মাটিত ব্যৱসায়ভিত্তিক কুঁহিয়াৰৰ খেতি কৰি আৰ্থিকভাৱে বহু পৰিমাণে লাভৱান হৈছে। ২০১০ চনৰ পৰা ব্যৱসায়ভিত্তিত কুঁহিয়াৰ খেতি আৰম্ভ কৰা ধনজিৎ কলিতাই এই খেতিৰে আৰ্থিক দিশত অগ্ৰগতি লাভ কৰাৰ পিছত ২০১১ চনত পুনৰ নতুনকৈ দুবিঘা মাটিত এই খেতি কৰে। তেওঁ এই দুবিঘা মাটিত প্ৰায় আঠ হেজাৰটো কুঁহিয়াৰৰ আগ ৰোপণ কৰে, যিখিনিৰ বজাৰ মূল্য বৰ্তমানৰ সময়ত প্ৰায় আঠ হেজাৰ টকা হ’ব। অৱশ্যে পূৰ্বে কৰা কুঁহিয়াৰৰ খেতিৰ পৰা কেইহেজাৰমান আগ সংৰক্ষণ কৰি ৰোপণ কৰাত আৰ্থিক দিশত তেওঁ কিছু সকাহ পাইছিল। কুঁহিয়াৰবোৰ বিক্ৰী কৰিবৰ সময় হোৱাত তেওঁ সেইবোৰ বাক্সা জিলাৰ নবস্তি, বাগানপাৰা নলবাৰী জিলাৰ ধম্‌ধমা বজাৰলৈ লৈ যায়। এইখিনিতে উল্লেখ কৰিব পাৰি যে ধৰ্মীয় উৎসৱ বিশ্ব কৰ্মা পূজা আৰু লক্ষ্মী পূজাত কুঁহিয়াৰবোৰ বিক্ৰী কৰাৰ বাবে উল্লেখিত বজাৰলৈ নিয়া হয়। অকল সেয়াই নহয় বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন ঠাইৰ লোকে ধনজিৎ কলিতাকে ধৰি বহুজনৰ ঘৰৰ পৰা কুঁহিয়াৰ ক্ৰয় কৰি নিয়ে। এই কুঁহিয়াৰ ১২ টকাৰ পৰা ১৫ টকা পৰ্য্যন্ত দামত বিক্ৰী কৰা হয় বুলি ধনজিতে এই প্ৰতিবেদকক জানিবলৈ দিয়ে। কুঁহিয়াৰ খেতি লাভজনক যদিও এই খেতিত কষ্টও কৰিব লাগে যথেষ্ট পৰিমাণে। কুঁহিয়াৰ গছৰ শুকান পাতবোৰ এৰুৱাই থাকিব লাগে। সেয়েহে এজন মানুহে প্ৰায়েই এই খেতিৰ লগত লাগি থাকিবই লাগে। এই শুকান পাতবোৰ এৰুৱাবলৈ হাতত হাত মোজা পিন্ধিব লাগে। তদুপৰি, কুঁহিয়াৰবোৰ যাতে হাউলি মাটিত বাগৰি পৰি নাযায়, তাৰ বাবে খুটি মাটি বাহ বান্ধি দিব লাগে। অৱশ্যে এনেবোৰ ক্ষেত্ৰত জ্যেষ্ঠ ভাতৃ নগেন কলিতা আৰু পিতৃ গোপাল কলিতাই সহায় কৰা হেতুকে ধনজিতৰ কষ্ট কিছু পৰিমাণে লাঘৱ হৈছে। কুঁহিয়াৰ খেতিৰে স্বাৱলম্বনৰ পথ বাছি লোৱা ধনজিতে ইতিমধ্যে ইকৰা খেতি কৰিও লাভৱান হৈছে। কেইবছৰমান পূৰ্বে আৰম্ভ কৰা ইকৰাসমূহ বিভিন্ন ঠাইৰ পৰা বেপাৰী আহি লৈ যায় আৰু মাজে-সময়ে গাঁও অঞ্চলৰ লোক আহি  ধনজিতৰ ঘৰৰ পৰা ক্ৰয় কৰি নিয়ে। খেতিৰ জৰিয়তে স্বাৱলম্বনৰ উৎকৃষ্ট নিদৰ্শন হোৱা ধনজিতৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ।

লিখক: প্ৰদীপ কুমাৰ নাথ, নমাটি, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate