মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / কৃষক ডম্বৰুধৰ বৰা: শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষক ডম্বৰুধৰ বৰা: শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ

কৃষক ডম্বৰুধৰ বৰা: শূণ্যৰ পৰা শ্ৰেষ্ঠত্বলৈ, সেই বিষয়ে লিখা হৈছে ।

“এমুঠিত দুটকাকৈ চাৰিমুঠি লেচেৰামাহৰ দাম আঁঠ টকা, এটা জাতিলাও, যাৰ দাম হ’ব দুটকা, মুঠ দহ টকা পাম, এসাঁজ ভাতৰ বাবে প্ৰয়োজনীয় চাউলৰ লগতে মাছ-পুঠি কিবা এটাও যোগাৰ হ’লে ৰাতিৰ ভাত সাঁজ ভালকৈ খাবলৈ পাম- এই আশাৰে বজাৰলৈ গৈছিলোঁ৷ কিন্তু…..” তেওঁ বাকৰুদ্ধ হৈ পৰিল৷ তেওঁৰ আবেগত গধূৰ হৈ পৰা মাতটোৱে কথোপকথন আগুৱাই নিয়াত বাধা প্ৰদান কৰিলে৷ চকুলৈ জলপ্লাৱন নামি অহাৰ আগজাননী আহিল, লগে‍ লগে তেওঁৰ মুখাৱয়বত ফুটি উঠিল সেই প্লাৱনক বাধা প্ৰদান কৰাৰ এক সকৰুণ ৰূপ ৷ মানুহৰ এনে ৰূপে মোক বৰকৈ বিচলিত কৰে ৷

তেওঁৰ ব্যথিত ৰূপে মোকো সংক্ৰমণ কৰাৰ মূহুর্ত্ততে মই প্ৰশ্ন কৰিলোঁ “পাচলি বিক্ৰী কৰিব নোৱাৰিলে নে দাম নাপালে?”৷

“বিকিব নোৱাৰিলোঁ ছাৰ”৷

“কিয় ?”

“দুজনমান ভব্য-গব্য মানুহে পাচলি খিনি খোজাত মই দি দিলোঁ”৷

“ ভব্য-গব্য হ’ল বুলিয়েই…” ৷

“ ছাৰ,আপুনি যদি মোৰ পৰা পাচলি খিনি বিচাৰি‍লেহেঁতেন, মই আপোনাৰ পৰা পইচা ল’ব পাৰিলো হেঁতেন নে ?”

মোক ভব্য-গব্যৰ শাৰীত নেপেলাবলৈ আনুৰোধ কৰিলোঁ -“এয়া কেতিয়াৰ কথা ?” মই সুধিলোঁ ৷

“মই যেতিয়া দুখীয়া আছিলোঁ তেতিয়াৰ কথা” তেওঁ ক’লে ৷ হয় ৷ বর্ত্তমান স্বাচ্ছন্দ্যৰ গৌৰৱেৰে অভিজাত হৈ পৰা কৃষক ডম্বৰুধৰ বৰা এসময়ত দিন- হাজিৰা কৰিবৰ বাবে এখন দাৰ বাবেও হাঁহাকাৰ কৰিছিল ৷ ভাগ্যৰ ভ্ৰুকুটিক গণিতা নকৰি দুর্ভাগ্যৰ সৈতেই তেওঁ যুজত অৱতীর্ণ হ’ল। দৰিদ্ৰতাৰ দুখে তেওঁৰ কর্মযজ্ঞত ঘৃতাহুতি দিলে ৷ তেওঁৰ পৰিকল্পিত প্ৰচেষ্টাই সঁহাৰি লভিলে ৷ যজ্ঞকুণ্ডলৈ নামি আহিল নিৰঙ্কুশ সফলতা ইপ্সিত সৌভাগ্য ৷ কৃষিৰ ক্ষেত্রত সাফল্যৰ শিখৰত আৰোহন কৰিবলৈ হ’লে কৃষকজন যিবোৰ গুণৰ অধিকাৰী হোৱা বাঞ্চনীয় সেইবোৰ হ’ল পৰি‍শ্রম,ধৈর্য্য,সাহস,নেৰানেপেৰা চেষ্টা,সঠিক কর্ম আঁচনি,কামৰ প্ৰতি ভালপোৱা ভাৱকে আদি কৰি কৃষিৰ প্ৰতি উচ্চ ধাৰণা আৰু উচ্চাভিলাষী মনোভাৱ ৷ এই সকলো খিনি গুণ তেওঁৰ ধমনিত প্ৰৱাহিত হৈ আছিল আৰু হৈ আছে ৷

এই সকলোবোৰ গুণ যাৰ থাকে তেওঁ এজন সেনাধ্যক্ষই যেনেদৰে তেওঁৰ আজ্ঞাবহ সৈন্যসকলক লয়যুক্ত সংগীতৰ তালে তালে কুচকাৱাজ কৰায় তেনেদৰে এজন কৃষকেও শস্যক প্ৰণালীবদ্ধ আৰু শাৰীবদ্ধ কৰি সিহঁতৰ শ্রীবৃদ্ধিৰ নিয়ন্ত্ৰক হ’ব পাৰে, শস্যক অভীপ্সিত উৎপাদন দিবলৈ বাধিত কৰিব পাৰে ৷

তেওঁৰ তামোলবাৰীখনৰ সম উচ্চতাবিশিষ্ট সমদূৰত্বত থকা পাণ আৰু জালুকেৰে আলিঙ্গনাৱদ্ধ তামোল গছবোৰ দেখিলে, শাৰীবদ্ধ ডাংবডি, কেৰেলা(কাকিৰল), বেঙেনা বা ধান খেতি দেখিলে এনে লাগে যেন সেয়া শস্য নহয়, কুচকাৱাজ কৰা মিলিটেৰী কায়দাত থিয় হৈ থকা একো একোজাক সৈন্য ৷ সেইজাক সৈন্যই তেওঁৰ আজ্ঞা পালনৰ বাবেই যেন প্ৰস্তুত হৈ আছে ৷ পৰিচ্ছন্ন পৰিবেশত উদ্ভাসিত তেওঁৰ কৃষি কর্মৰ নান্দনিক দৃশ্যসজ্জাই কৃষিক এক কলালৈ পর্যবসিত কৰা যেন লাগে আৰু তেওঁ যেন তেতিয়া হৈ পৰে এক বিচক্ষণ শিল্পী ৷ নাঙলৰ সীৰলুত গজি উঠা সপোনবোৰ বাস্তৱায়িত কৰা এক নিপুন যাদুকৰী শিল্পী ৷ বিশ্বনাথ মহকুমাৰ অন্তর্গত জিনজিয়া অঞ্চলত প্ৰায় দহ সহস্ৰাধিক হেক্টৰ মাটিত কৰা আলু খেতিয়ে মহকুমাটোৰ লগতে শোণিতপুৰ জিলালৈ সুনাম কঢ়িয়াই আনিছে ৷ এই সফলতাৰ আঁৰত থকা কৃষকসকলৰ তেওঁ অন্যতম৷

শোণিতপুৰ জিলাৰ বিশ্বনাথ মহকুমাৰ পূৱ জিনজিয়া গাঁও নিবাসী  পিতৃ‍ গোলোক চন্দ্ৰ বৰা আৰু মাতৃ পুতু বৰাৰ গৃহত ১৯৬০ চনত জন্ম গ্ৰহণ কৰা ডম্বৰুধৰ বৰাই মাত্ৰ নৱম শ্ৰেণীলৈকে পঢ়ি স্কুলীয়া শি‍ক্ষা সাং কৰে ৷ বিয়া-বাৰু কৰাই দুটা সন্তানৰ পিতৃ হোৱাৰ পিছত দেউতাকে তেওঁৰ চাৰিজনীয়া পৰিয়ালটোক বেলেগ কৰি দিয়াত তেওঁ ওচৰৰে ঘৰ এটাত থাকিবলৈ লয় ৷ বৰাই মাটিৰ অংশ নোপোৱাকৈ গুছি অহা বাবে পৰিয়ালটো পোহপাল দিবৰ বাবে দিন হাজিৰা কৰিব লগীয়া হৈছিল ৷ এইদৰে দুবছৰ কাল যোৱাৰ পিছত সেই গাঁৱৰে এজন লোকৰ পৰা এবিঘা মাটি বন্ধকত লৈ জিকা খেতি কৰে আৰু উৎপাদিত জিকা বিক্ৰী কৰি ২৫০০০.০০ টকা উপার্জ্জন কৰে ৷ সেয়াই আৰম্ভণি‍ ৷ তেওঁৰ জীৱনটোৱে ল’লে এক নতুন মোৰ৷ আৰম্ভ হ’ল ক্ৰমোদ্গতিৰ এক উর্দ্ধগামী যাত্ৰা ৷ তেওঁৰ প্ৰথম বৃহৎ উপার্জ্জনেৰে কিছু আৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰি বাকী টকা তেওঁ খেতিত খটুৱায় ৷ তেওঁ দহ বিঘা মাটি বন্ধকত লৈ কুঁহিয়াৰ, ধান, আলু আৰু শাক-পাচলিৰ খেতি কৰে৷ প্ৰথম অৱস্থাত চাৰি বিঘা মাটিত তেওঁ কানপুৰী আলুৰ খেতি কৰি‍ছিল ৷ এই আলুৰ উৎপাদন ক্ষমতা কম কিন্তু বজাৰমূল্য অন্য আলুতকৈ বেছি হোৱা বাবে তেওঁ যথেষ্ঠ লাভবান হৈছিল ৷ সেই সময়তে দেউতাকে তেওঁৰ প্ৰাপ্য আঠ বিঘা মাটি দিয়ে ৷ দূৰত থকা মাটি বিক্ৰী কৰি পোৱা ধনৰ লগত খেতিৰ ধন যোগ দি‍ তেওঁ আঠাঈশ বিঘা মাটি কিনি ল’লে ৷

ইয়াৰে ১৫ বিঘাত আলু খেতি কৰি তেওঁ দুই লাখ টকা পালে ৷ এইবাৰ তেওঁ কৃষি বিভাগৰ পৰা ৰেহাই মূল্যত এটা অগভীৰ নলীনাদ ক্ৰয় কৰে ৷ ইয়াৰ পিছত প্ৰশিক্ষণ, কর্ম-অভিজ্ঞতা আৰু আশাশুধীয়া চেষ্টাৰ ফলত উদ্গতিৰ দ্বাৰবোৰ ক্ৰমোন্মোচিত হ’ব ধৰিলে আৰু বাণিজ্যিকভাৱে সফল কৃষক হিচাপে তেওঁ সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হ’ল ৷ ২০০৬ চনত তেওঁক আলু আৰু ধান উৎপাদনৰ কাৰণে বিশ্বনাথৰ মহকুমাধিপতিৰ দ্বাৰা মানপত্ৰ প্ৰদান কৰা হয় ৷ ২০০৯ চনত তেজপুৰত অনুষ্ঠি‍ত “অসম কৃষি মেলা”ত তেওঁক ‘প্ৰগতিশীল কৃষক’ হিচাপে মানপত্ৰ প্ৰদান কৰা হয় ৷ ২০১২ চনত তেওঁক শোণিতপুৰ জিলাৰ উপায়ুক্তই আর্থিক মাননী আৰু মানপত্ৰ প্ৰদান কৰে ৷ ২০১১-১২ চনত হোৱা সদৌ অসম ভিত্তিত হোৱা কৃষক প্ৰতিযোগিতাত তেওঁ অসমৰ শ্ৰেষ্ঠ কৃষক বিবেচিত হয় আৰু ২০১৩ চনত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ দ্বাৰা খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীর্য্যপূর্ণ সম্বর্দ্ধনা সভাত তেওঁক এখন পাৱাৰটিলাৰ, এটা ধানকটা যন্ত্ৰ আৰু মানপত্ৰ পুৰস্কাৰ স্বৰূপে প্ৰদান কৰা হয় ।

২০১৫ চনত এই প্ৰথিতযশা প্ৰগতিশীল কৃষকজনৰ পূৱ-জিনজিয়াস্থিত ঘৰ, উদ্যান আৰু শস্যক্ষেত্র পৰিদর্শন কৰোঁতে তেওঁৰ চালে চকু ৰোৱা কর্মই মোক অভিভূত কৰে ৷ সম্পূর্ণ খেতিৰ ধনেৰে নির্মিত ৬টা শোৱনীকোঠা যুক্ত সুদৃশ্য পৰিচ্ছন্ন অসম আর্হিৰ ঘৰ, ঘৰৰ আগফালে এখন ছালিৰ তলত সজাই থোৱা পাৱাৰটিলাৰ, ধান চপোৱা যন্ত্ৰ, কুঁহিয়াৰ পেৰা যন্ত্ৰ আৰু কুঁহিয়াৰ শালৰ অন্যান্য আহিলা, পিছফালে থকা গুদাম ঘৰত বিক্ৰীৰ বাবে ৰখা ৭০০ টিন গুড়, ২০০ বস্তা কানপুৰী আলু, ২০ টা ছাগলী থাকিব পৰা চাফ-চিকুনকৈ ৰখা আবাস, ৩ জনী গাই থকা এটা গোহালি, পাণেৰে‍ আলিঙ্গনাৱদ্ধ শাৰী শাৰীকৈ সমদূৰত্বত থকা এবিঘা তামোলেৰে পৰিচ্ছন্ন এখন বাৰী, বাৰীত অন্তর্বর্ত্তী নানা ফলমূল, ঘৰৰ কাষে কাষে এশাৰী কলগছ, ভূতজলকীয়াৰ বাৰী, শাক-পাচলিৰ সুবিন্যস্ত শোভাই মোক মন্ত্ৰমুগ্ধ কৰে ৷

ঘৰৰ চৌদিশ নাৰিকল, দেৱদাৰু আদি গছেৰে সুশোভিত ৷ আনহাতে ৰতোৱা গাঁৱৰ পথাৰত আছে তেওঁৰ বাণি‍জ্যিক কৃষিৰ কেবাখনো দৃষ্টিনন্দন উদ্যান আৰু শস্যক্ষেত্র ৷ পৰিদর্শন কালত মোৰ দৃষ্টিগোচৰ হৈছিল ৬বিঘা বেঙেনা, ৪ বিঘা কেৰেলা, ২ বিঘা লেচেৰা মাহ আৰু ৩ বিঘা কুঁহিয়াৰ ৷ তেওঁ ২০ বিঘা মাটিত ধান, ২৫ বিঘাত আলু খেতি কৰে ৷ ধান খেতি কৰা পথাৰখনৰ কাষতে ৬ বিঘা কালিৰ এটা পুখুৰী যিটো শস্যত জলসিঞ্চন আৰু মৎস্য পালন উভয়তে ব্যৱহৃত হয় ৷ তেওঁ শস্যক্ৰম পৰিবর্ত্তন(শস্যাৱর্ত্তন) কৰি বছৰত ন্যুনতম তিনিটা খেতি কৰে; উদাহৰণস্বৰূপে শালিধান-আলু-লেচে‍ৰামাহ বা কেৰেলা, ধান-কবিজাতীয় শস্য- মাহজাতীয় শস্য ইত্যাদি ৷ ৩ বিঘা মাটিত তেওঁ বাঁহৰ খেতিও কৰিছে ৷

এজন বাণিজ্যিকভাৱে সফল প্ৰগতিশীল কৃষকে নিজৰ আৰু পৰিয়ালৰ উপৰিও বহুতো লোকৰ সংস্থাপনৰ বাট মুকলি কৰি দিয়ে ৷ উদাহৰণস্বৰূপে ডম্বৰুধৰ বৰাৰ শস্যক্ষেত্ৰত হালবোৱা, কোৰমৰা, ৰোৱা, সাৰ-কীটনাশক প্ৰয়োগ কৰা, নিৰণি কৰা, শস্য চপোৱা, মৰণা মৰা, কুঁহিয়াৰ পেৰা আদিৰ কামত বহুতো কৃষি বনুৱা নি‍য়োজিত হৈ আছে ৷ তেওঁৰ কৃষিজাত সামগ্ৰীৰ ব্যৱসায় কৰি পাইকাৰী আৰু খুচুৰা ব্যৱসায়ী সকলৰ ৰোজগাৰ হৈ আছে ৷ এই সামগ্ৰী সমূহৰ পৰিবহনৰ লগত জড়িত গাড়ীৰ মালিক, চালক, বনুৱা সকলো উপকৃত হৈ আছে ৷ উন্নত জাতৰ বীজ, সাৰ আৰু কীটনাশক  বিক্ৰেতাৰ কথা নকলোৱেইবা ৷

নব্বৈৰ দশকৰ পৰা মোৰ তত্বাৱধান আৰু সহযোগত পুৰস্কৃত হোৱা কেবাজনো প্ৰগতিশীল কৃষকৰ ক্ষেত্ৰত লক্ষ্য কৰিছিলো যে সাফল্যৰ এক নিৰ্দ্দিষ্ট শিখৰ পোৱাৰ পিছত বিভিন্ন সভা-সমিতিত সম্বর্দ্ধনা পোৱা, অনুষ্ঠান-প্ৰতি‍ষ্ঠান বা মাঙ্গলিক অনুষ্ঠান মুকলি কৰা (ফিটা কটা) আদিৰ দ্বাৰা তেওঁলোকৰ সামাজিক মর্য্যাদাৰ উত্তৰণ ঘটিছিল, সেই সকলৰ দুই একে কোনো শক্তিশালী ৰাজনীতিকৰ ছত্ৰ-ছায়া লাভ কৰি কৃষিক বিসর্জন দি অন্য উদ্যোগ গ্ৰহণ কৰিছিল ৷ কিন্তু ডম্বৰুধৰ বৰা এনে এজন কৃষক যিজনে কৃষিক অতি উচ্চ আসন দিয়ে, এই বৃত্তিক পুৰুষানুক্ৰমিক কৰিবৰ অর্থে তেওঁৰ নিজ পুত্ৰক  শিক্ষানবিচৰ দৰে সকলো কৃষি কার্যত জড়িত কৰাইছে যাতে তেওঁৰ উত্তৰাধিকাৰীয়ে তেওঁৰ দ্বাৰা দক্ষতাৰে পৰিচালিত কৃষি কার্যৰ ধাৰাবাহিকতা অটুট ৰাখিব পাৰে ৷ এনে ব্যতিক্ৰমী মনোভাৱতো তেওঁৰ শ্ৰেষ্ঠত্ব ফুটি উঠিছে ৷ তেওঁৰ আদর্শই নৱ-প্ৰজন্মৰ উৎসাহী কৃষকসকলক সদায় অনুপ্ৰাণিত কৰিব।

লেখক :- হেমেন্দ্ৰ কুমাৰ বৰি

উৎস :- সেউজ চিন্তা

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top