মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / কৃষি উদ্যমী যুৱক কুৰুছাৰ টিমুঙ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি উদ্যমী যুৱক কুৰুছাৰ টিমুঙ

কৃষি উদ্যমী যুৱক কুৰুছাৰ টিমুঙৰ বিষয়ে লিখা হৈছে ।

কাৰ্বি আংলঙৰ এজন কৃষি উদ্যমী কুৰুছাৰ টিমুঙ। সামাজিক কাম-কাজত সাংঘাটিকভাবে ব্যস্ত এজন কৃষক। তেখেত বৰ্তমান ভাৰতীয় কিষাণ সংঘ, অসমৰো সভাপতি।

সামাজিকভাবে এটি গুৰুত্বপূৰ্ণ পদত থাকিও তেখেত হাড়ে-হিমজুৱে এজন সফল কৃষক। তেখেতৰ কৃষি কৰ্মই ইতিমধ্যে জিলাখনৰ লগতে অসমখনৰো কৃষি উন্নয়নত যথেষ্ট ভুমিকা পালন কৰিছে।

উদ্যান শস্যৰ খেতি কৰা কুৰুছাৰ টিমুঙৰ কৃষি পামখনত আছে বিভিন্ন তৰহৰ ফলমুল -

১। লিচু – ১৫০ জোপা

২। আম – ১৫০ জোপা

৩। মধুৰীআম – ১০০ জোপা

৪। সুমথিৰা (খাচী মেণ্ডাৰিন)– ১০০ জোপা

৫। সুমথিৰা (নাগপুৰ)– ২৫ জোপা

৬। মালভোগ কল – ১০০০ জোপা

৭। চেনিচম্পা কল – ৫০০ জোপা

৮।  কল (জি-৯)  – ৩০০ জোপা

৯। জাহাজী কল – ১০০ জোপা

৯। কাচকল – ৫০ জোপা

১০। আপেল – ৪ জোপা

১১। আপেল বগৰী – ২০ জোপা

১২। ড্ৰেগন ফল – ১০ জোপা

১৩। পেচন ফল  – ১০ জোপা

উক্ত ফলমূলৰ খেতিৰ উপৰিও তেখেতে প্ৰায় ৭.৫ বিঘা মাটিত আদা, ৩.৫ বিঘা মাটিত হালধি, ২ বিঘা মাটিত  ষ্ট্ৰ-বেৰী আৰু প্ৰায় ১ বিঘা মাটিত ঋতুকালীন শাক-পাচলিৰ খেতিও কৰে।

কৃষি পামখনত ১ বিঘা মাটিকালিৰ দুটি পুখুৰীৰ উপৰিও চোম (১৫০ জোপা) আৰু কেচেৰু গছ (১০০ জোপা) (মুগা খেতিৰ বাবে), ১২ জোপা বাঁহ গছো আছে ।

মুঠতে কুৰুছাৰ টিমুঙৰ কৃষি পামখনে পাহাৰীয়া জিলাখনৰ কৃষি-অৰ্থনৈতিক বিকাশৰ এক চাক্ষুস চানেকি ডাঙি ধৰিছে।

উৎস :- সেউজ চিন্তা

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top