অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষি কাৰ্য্যৰে স্বাৱলম্বী দহকাউনীয়াৰ শিক্ষিত নিবনুৱা হৃষিকেশ ভাগৱতী

কৃষি কাৰ্য্যৰে স্বাৱলম্বী দহকাউনীয়াৰ শিক্ষিত নিবনুৱা হৃষিকেশ ভাগৱতী

কৃষিৰ জৰিয়তেও যে স্ব-নিৰ্ভৰশীল হৈ জীয়াই থাকিব পাৰি তাৰ দৃষ্টান্ত দাঙি ধৰিছে নলবাৰী জিলাৰ অন্তৰ্গত দহকাউনীয়া গাঁৱৰ শিক্ষিত নিবনুৱা হৃষিকেশ ভাগৱতীয়ে। কৃষিকেই জীৱিকাৰ পথ হিচাপে বাছি লোৱা ভাগৱতীয়ে যোৱা ২০১৩ চনৰ পৰাই কেপচিকাম, ৰঙালাউ, আলু, ভেণ্ডি, ৰজনীগন্ধা, মালভোগ কল, মাকৈ আদিৰ খেতি কৰিবলৈ লয়। এইবোৰ খেতিৰ পৰা প্ৰথম বছৰত আশাজনকভাৱে নহ’লেও তেওঁ কিছু পৰিমাণে লাভৱান হয়। ইয়াৰ পিছৰ বছৰত তেওঁ আৰ্থিক দিশত বেছ লাভৱান হয়। বিশেষকৈ তেওঁ ৰঙালাও বিক্ৰী কৰি প্ৰায় ৬০ হাজাৰ টকা, কেপচিকামত ২৫ হাজাৰ টকা, মালভোগ কলত প্ৰায় ১৫ হাজাৰ টকা উপাৰ্জন কৰে। ২০১৫ চনত তেওঁ জাৰবেৰাফুল বিক্ৰী কৰি কমেও ৩০ হাজাৰ টকা, বেঙেনা বিক্ৰী কৰি প্ৰায় ২৫ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। ইফালে এইবাৰো তেওঁ ইতিমধ্যে বেঙেনা, আলু, কেপচিকাম, ষ্ট্ৰবেৰী, বীট, চজিনা আদিৰ খেতি কৰিছে। তদুপৰি প্ৰায় ৪ বিঘা মাটিত তেওঁ মীন পালনো কৰিছে। উল্লেখ্য, ভাগৱতীয়ে ২০১৩ চনত চৰকাৰী সাহাৰ্য্যত এটি চেলো টিউবৱেল বহুৱাই ৰবি শস্যৰ লগতে ধান খেতি কৰি কিছু লাভৱান হৈছিল। বৰ্তমানলৈ এটি ‘গ্ৰীণ হাউছ’ৰ বাবে তিনিবাৰ আবেদন কৰাৰ পিছতো তেওঁৰ নামত মঞ্জুৰ নোহোৱা বুলি ভাগৱতীয়ে আক্ষেপ কৰিছে আৰু অতি শীঘ্ৰে নলবাৰী জিলা কৃষি বিষয়াক গ্ৰীণ হাউছ মঞ্জুৰ কৰিবলৈকো অনুৰোধ জনাইছে।

অকল কৃষিৰ ওপৰ নিৰ্ভৰ কৰিয়েই পৰিয়ালক ভৰণ-পোষণ দিয়া এইজন শিক্ষিত নিবনুৱাই যোৱা বছৰত ইউকো বেংকৰ উদ্যোগত ৰুৰেল ছেলফ্‌ এমপ্লয়মেন্ট ট্ৰেইনিং ইনষ্টিটিউটৰ পৰা গাহৰি পালনৰ প্ৰশিক্ষণ লৈছিল।

লিখক: প্ৰদীপ কুমাৰ পাঠক, নমাটি, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate