যি সময়ত ৰাজ্যৰ হেজাৰ হেজাৰ যুৱকে কৰ্ম সংস্থাপনৰ পথ বিচাৰি বহিঃৰাজ্যলৈ ঢপলিয়াইছে, তেনে সময়তে বন্যা বিপন্ন মাজুলীৰ দৰে এখন ঠাইৰ এজন উদ্যমী যুৱকে কৃষিকৰ্মৰে নিজক আৰ্থিকভাৱে টনকিয়াল কৰাৰ লগতে কেইবাটাও পৰিয়ালক দিছে জীৱিকাৰ পথ। তেওঁ হ’ল মাজুলী মহকুমাৰ সদৰ গড়মূৰৰ গাঁৱৰ প্ৰয়াত মুক্তিযোদ্ধা গণেশ দত্ত আৰু দম্বিকা দত্তৰ মাজুপুত্ৰ ৰাজেন দত্ত। পঁইত্ৰিশ বছৰীয়া অবিবাহিত যুৱকজনে হাইস্কুলত পঢ়ি থকা দিনৰে পৰা হালবোৱাকে ধৰি পথাৰৰ কৃষিকৰ্মত পিতৃক সহায় কৰিছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ বাবে মন নেমেলি সম্পূৰ্ণৰূপে কৃষিকৰ্মত একাণপতীয়াকৈ লাগি পৰে। দোপতদোপে উন্নতিৰ শিখৰত বগাই তেওঁ ঘৰৰ পিচফালে এলেংমৰা পথাৰত ঘৰৰ বাৰীৰ পৰা সংলগ্ন হৈ আছে ডেৰ বিঘা মাটিৰ এটা ফিছাৰী, তাৰ পৰা আৰম্ভ হৈছে ১৬ বিঘা মাটিৰ কুঁহিয়াৰ, ১২ বিঘা মাটিৰ সৰিয়হ, ৮ বিঘা মাটিৰ মাহ, ৭ বিঘা টি পি এছ বীজৰ আলু, ৭ বিঘা মাটিত কবি, বিলাহী আৰু জলকীয়া, ৮ বিঘা মাটিত শালিধান, ১৭ বিঘা মাটিত বাওধানৰ খেতি। সম্পূৰ্ণ জৈৱিক সাৰ প্ৰয়োগ কৰি উচ্চজাতৰ বীজ নিৰ্বাচন কৰি আধুনিক পদ্ধতিত এই খেতিসমূহ কৰা হৈছে। তেওঁ ইতিমধ্যে নিজাকৈ ক্ৰয় কৰি লৈছে এখন ট্ৰেলৰসহ ট্ৰেক্টৰ, এটা পানী যোগান মেচিন, অন্যান্য আৱশ্যকীয় সা-সামগ্ৰী। তেওঁ কৃষিকৰ্মত নিজে শ্ৰম কৰাৰ লগতে স্থায়ীভাৱে ৰাখিছে তিনিজন শ্ৰমিকক।
লিখকঃ অৰুণ বৰা, অসমীয়া প্ৰতিদিন
শেহতীয়া উন্নীতকৰণ: : 3/16/2020