মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / কেঁচু সাৰ বিক্ৰি কৰি স্বাৱলম্বী হোৱা ৰঙিয়াৰ যুৱক জন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেঁচু সাৰ বিক্ৰি কৰি স্বাৱলম্বী হোৱা ৰঙিয়াৰ যুৱক জন

কেঁচু সাৰ বিক্ৰি কৰি স্বাৱলম্বী হোৱা ৰঙিয়াৰ যুৱক জন-

কামৰূপ জিলাৰ, ৰঙিয়া মহকুমাৰ লংকেশ্বৰ বৰ্মণ৷সহজ- সৰল মনৰ, প্ৰচাৰ বিমুখ এজন উদ্যমী যুৱক, যাক মই প্ৰথম লগ পাইছিলো ২০০৯-১০চনতে এজন কেঁচু সাৰ বিক্ৰেতা হিচাপে৷ঘৰৰ ধানেৰে বছৰটো তেওঁৰ চলি যায় যদিও খেতিয়কৰ লৰা খেতিয়েই তেওঁৰ উপাৰ্জনৰ আহিলা৷ ১৯৯৯ চন, বছৰ টোৰ চাউলমুঠি যোগাৰ কৰি লৈ তেওঁ উন্নত পদ্ধতিৰে বাকী ৰবি শস্য কিবা কিবি কৰাৰ চিন্তা কৰি তেতিয়াৰ মহকুমা কৃষি বিষয়া নুৰুল হক বৰভূঞাঁক লগ কৰিলে৷তেখেতে তেওঁক দিহা দিলে শাক- পাচলিত ৰাসায়নিক সাৰ দিয়াতকৈ জৈৱিক সাৰ দিয়ক৷ তেওঁ জৈৱিক সাৰৰ উপকাৰিতাৰ বিষয়েও ক’লে, কিদৰে কেঁচু সাৰ বনাব পাৰি সেয়াও ক’লে৷কিন্তু বৰ্মণৰ অসুবিধা হৈছিলে কাৰণ তেতিয়া আজিৰ দৰে কেচু সাৰ সহজ উপলব্ধ নাছিল বা জৈৱিক খেতিৰ ধাৰণা একেবাৰে নতুন আছিল৷ এজোপা গছৰ কাৰণে প্ৰয়োজনীয় NPK জৈৱিক সাৰত পোৱা নাযায় বা উৎপাদন কৰিব নোৱাৰি বুলি ভবা হৈছিলে৷ অৱশ্যে এতিয়া এই ধাৰণা বহুত সলনি হৈছে৷ সলনি হৈছে মানে এটা জৈৱিক জাগৰণ আৰম্ভ হৈ গৈছে৷বৰ্মণে জৈৱিক শাক পাচলিৰ উৎপাদন কৰিবলৈ লৈ যি সমস্যাৰ সন্মুখীন হ’ল, ইয়াৰ সমাধান নিজেই বিচাৰি উলিয়ালে৷ সেই সময়ত জৈৱিক সাৰ বুলিলে কেঁচু সাৰহে৷জৈৱিক সাৰৰ প্ৰতি আগ্ৰহী কৰি তুলিবলে নুৰুল হক বৰভূঞাঁ দেৱে বৰ্মণক টেকনলজি মিচনৰ অধীনত কেঁচু সাৰৰ প্ৰকল্প এটা দিম বুলি কথা দিলে৷সেইয়াই আৰম্ভনি৷
নুৰুল বৰভূঞাঁ দেৱৰ কথা ম’তেই তেওঁ AAU ৰ ড° ৰাতুল বৰাক লগ ধৰে৷তেওঁৰ পৰা প্ৰশিক্ষণ লৈ তেওঁৰ পৰামৰ্শ মতেই বৰ্মণে ২০০৩চনত ৬হেজাৰ কেঁচু কিনি আনে ৯হেজাৰ টকা দি৷ইয়াৰ লগত টেংকী বনোৱা ইত্যাদি কামত ১৬ হেজাৰ, মুঠ ২৫ হেজাৰ নিজা মূলধনেৰে কেচু সাৰ উৎপাদন কেন্দ্ৰটো আৰম্ভ কৰে৷ইয়াৰ পাচত তেওঁ ২০০৪-০৫ চনত অসম চৰকাৰৰ কৃষি বিভাগ, কামৰূপ জিলাৰ পৰা টেকনলজী মিছনৰ অধীনত ৬০হেজাৰ টকা ৫০% ৰেহাইত ৩০হেজাৰ টকা পাই ব্যৱসায় বহল কৰে৷তাৰ পাচৰ পৰা আৰু তেওঁ ঘুৰি চাব লগীয়া হোৱা নাই৷
সেই জৈৱিক সাৰৰ গুৰুত্ব নথকা সময়ৰে পৰা তেওঁ অশেষ পৰিশ্ৰম,কষ্ট আৰু ধৈয্যৰ মাজেৰে আগবাঢ়ি আহি নিজকে আজি সফল জৈৱিক সাৰ প্ৰস্তুত কৰ্তা হিচাপে নিজৰ চিনাকী দিছে৷ এই সময়, যি সময়ত আমি এতিয়াও এটা চৰকাৰি চাকৰিকে শেষ লক্ষ্য হিচাপে বাচি লও, নিজকে খেতিয়ক বুলি চিনাকি দিবলে লাজ পাও, এনে সময়তো এই জন প্ৰচাৰবিমুখ যুৱকে নিজৰ লগতে আন দহজনক অনুপ্ৰেৰণা যোগাই আহিছে৷ তেওঁ নিজা উৎপাদিত কেঁচু সাৰ নিজৰ ধান খেতিত প্ৰয়োগ কৰি নিজৰ অভিজ্ঞতাৰ বিষয়ে কৈছিলে যে, ৰাসায়নিক সাৰ দিয়া জহা ধানৰ গোন্ধ সোনকালে নোহোৱা হৈ যায়, কিন্তু কেঁচু সাৰ দিয়া জহা ধানৰ চাউল সিজালেও বেছি গোন্ধ উলাই আৰু বহুত দিনলৈ গোন্ধ থাকে৷ সেইদৰে আলু বেছিদিন ভালে থাকে, শাক -পাচলিৰ আকাৰ ডাঙৰ হয়, ফুলবোৰৰ ৰং বেছি উজ্বল আৰু সংখ্যা বেছি হয় ইত্যাদি৷আমি জৈৱিক ধানৰ বজাৰ চাহিদাৰ বিষয়ে কওতে তেওঁ অলপ দুখ কৰি কৈছিলে যে, তেওঁ জৈৱিক চাউল উৎপাদন কৰে কিন্তু সম্পুৰ্ণ জৈৱিক কৰি বিক্ৰি কৰিব নোৱাৰে৷ কাৰণ জানিব বিচৰাত তেওঁ কৈছিলে মিলৰ সমস্যাৰ কথা৷ তেওঁ কৈছিলে, “জৈৱিক ধান মই অকলে কৰো, ধান মোৰ সম্পুৰ্ণ জৈৱিক কিন্তু মিলত দিওতে ৰাসায়নিক সাৰ দিয়া ধানৰ লগত মিহল হৈ যায়”৷
বৰ্মণে কৈছিলে, তেওঁ প্ৰথম নিজা মূলধন প্ৰায় ২৫হেজাৰ খৰচ কৰি প্ৰায় ৭০হেজাৰ টকা উপাৰ্জন কৰিছিলে প্ৰথম বছৰত৷ইয়াৰে কিছু তেওঁ কেঁচু বিক্ৰি কৰি পাইছিলে আৰু বাকীখিনি সাৰ বিক্ৰি কৰি৷প্ৰথম অৱস্থাত নিজেই সব কৰা বৰ্মণে পাছলে প্ৰায় ১৮-২০ জন লোকক উপাৰ্জনৰ বাট দেখুৱাবলে সক্ষম হৈছিলে৷ আনহাতে, যেতিয়া প্ৰয়োজন হয় ৮০-৯০জন মানুহক দৈনিক ১৬-১৭ ঘন্টা কামত লগোৱা কিছুদিন আগত আমি নিজেই দেখিছিলো৷তেওঁ বৰ্তমান বছেৰেকত প্ৰায় গড়ে ৫০হেজাৰ কেঁচু বিক্ৰি কৰে বুলি আমাক জনাইছে আৰু প্ৰায় ৫০০ টন কেঁচুসাৰ উৎপাদন কৰে বুলি আমাক জনাইছে৷ এই কেঁচু প্ৰতি কেজিত ৩৫০ টকাৰ পৰা ৪৫০টকা আৰু সাৰ কুইন্টল ১০০০ -১২০০ টকা৷তেওঁ বৰ্তমান চাহবাগিচা আৰু নাৰ্চাৰী দুখন, জীৱানুসাৰ বনোৱা কেন্দ্ৰ এটাত দৈনিক সাৰ যোগান ধৰি আছে আৰু সুবিধা পালে চৰকাৰী চাপ্লায় ও দিয়ে৷এই ক্ষেত্ৰত বৰ্মণে কৈছিলে সাৰৰ গুণাগুণ আৰু ইয়াৰ প্ৰয়োজনীয় চাৰ্টিফিকেচনৰ কথা৷ তেওঁ কৈছিলে যে, তেওঁ নিজৰ উৎপাদিত সামগ্ৰী সমুহ অসম কৃষি বিশ্ববিদ্যালয়ত নি ইয়াৰ গুণগত মান নিৰ্ধাৰন কৰিছিলে আৰু ইয়াৰ মানদন্ড বজাই ৰাখিহে সদায় প্ৰস্তুত কৰে৷ইয়াৰ কাৰণে তেওঁৰ উৎপাদিত সামগ্ৰীক চাৰ্টিফাইড কৰা হৈছে৷ তেওঁৰ চাৰ্টিফিকেট নং 4 dt. 7-01-08, আৰু এই চাৰ্টিফিকেট ইচ্ছু কৰিছে কৃষি বিভাগ অসমে৷
বৰ্মণে কৈ গৈছিলে তেওঁৰ সংগ্ৰামৰ কাহিনী, ১৯৯৯ চনৰ পৰা এতিয়ালৈকে৷কেতিয়াবা গোবৰ, পচাঁপাত ইত্যাদি কেচাঁমালৰ অভাৱত চাহিদা অনুসৰি যোগান ধৰিব নোৱাৰাৰ কথা, কেতিয়াবা বনুৱাৰ অভাৱ, কেতিয়াবা ৰঙা ফিটাৰ মেৰ পাক, কেতিয়াবা উৎপাদনৰ সমস্যা-পোক পৰুৱাৰ উপদ্ৰৱ ইত্যাদি৷ অৱশ্যে এই ক্ষেত্ৰত তেওঁ কৃষি বিভাগৰ পৰা বিভিন্ন ধৰণৰ পৰামৰ্শ পোৱা বুলি কয়৷ ইয়াৰ বাবে তেওঁ ড° বংশীধৰ কলিতা চাৰক ধন্যবাদ জনাই৷খেতিয়কৰ লৰা বৰ্মণে কয়, ২০০৫ চনত তেওঁ দেউতাকক হেৰুৱাই৷ দেউতাকৰ চিকিৎসাৰ সম্পুৰ্ণ খৰচ, দুজনী ভণীয়েকৰ বিয়াৰ খৰচ, পকী ঘৰটোৰ খৰচ, নিজৰ বিয়াৰ খৰচ, অন্যান্য খৰচ সমুহো তেওঁ কেঁচু সাৰ বিক্ৰি কৰিয়ে কৰিছে৷
ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে বৰ্মণে কয় যে, তেওঁ “শংকৰদেৱ সাৰ উৎপাদন কেন্দ্ৰ” ক এটা উৎকৃষ্ট মানৰ বায়’ডায়নামিক সাৰ উৎপাদন কেন্দ্ৰ বনোৱাৰ পৰিকল্পনা আছে৷আৰু পাৰিলে সম্পুৰ্ণ জৈৱিক চাউল কৰিবৰ কাৰণে এটা মিলৰো চিন্তা কৰিছে আৰু এই পৰিকল্পনা বোৰ এটা FPC বনাই চৰকাৰৰ সহযোগত কৰিব পাৰি নেকি সেইয়াও চিন্তা কৰি আছে৷ শেষত কব পাৰি যে, নিজৰ আগ্ৰহ আৰু ইচ্ছা থাকিলে, লক্ষ্য স্থিৰ হ’লে আমি নিজৰ সপোন বাস্তৱত প্ৰতিফলিত কৰিব পাৰি৷ সংগ্ৰাম কৰি আজি নিজৰ চিনাকী দিবলৈ সক্ষম হোৱা লংকেশ্বৰ বৰ্মণ আমাৰ কাৰণে এটা উদাহৰণ৷

উৎস-কৃষক বন্ধু
2.93103448276
তেজস্বী Jan 23, 2019 05:57 PM

সুন্দৰ পদক্ষেপ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top