মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / কেইটিমান সফলতাৰ খবৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেইটিমান সফলতাৰ খবৰ :

কেইটিমান সফলতাৰ খবৰৰ বিষয়ে লিখা হৈছে ।

 

বেজেৰাৰ বৰ্ণনীল ফুড প্ৰ’ডাক্ট -

অসমত প্ৰতি বছৰে নানা ধৰণৰ থলুৱা ফলমুল আৰু শাক-পাচলি উৎপাদন হয়। ঠাই বিশেষে এই ফলমুল ও শাক-পাচলিৰ উৎপাদন যথেষ্ট হয়। গতিকে দেখা যায় যে অসমত ফলমুল সংৰক্ষণৰ উদ্যোগ গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনা আছে। বৰ্ত্তমান সময়ত ফলমুল সংৰক্ষণৰ ব্যৱসায়িক ভিত্তিত উদ্যোগ স্থাপন কৰি আৰ্থিকভাৱে লাভবান হব পাৰে। জিলা সদৰত থকা ফলমুল সংৰক্ষণ ও প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা প্ৰশিক্ষণ লৈ মাজে সময়ে কিছুমান প্ৰশিক্ষাৰ্থীয়ে ক্ষুদ্ৰ উদ্যোগ গঢ়ি ব্যৱসায় চলাই আছে। উদাহৰণ স্বৰুপে, কামৰুপ জিলাৰ বেজেৰা নিবাসী দুগৰাকী যুৱক ক্ৰমে শ্ৰীশান্তি কলিতা আৰু শ্ৰীসঞ্জীৱ দত্তই প্ৰশিক্ষণ লৈ যোৱা বছৰ অৰ্থাৎ ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত ফলমুল সংৰক্ষণৰ ‘বৰ্ণনীল ফুড প্ৰ’ডাক্ট’ নাম দি এটি ক্ষুদ্ৰ উদ্যোগ গঢ়ি ব্যৱসায় কৰি আছে। বৰ্ত্তমান এই উদ্যোগটোৰ উন্নতি সাধন আৰু প্ৰসাৰ কৰিবলৈ ১০.০০ লাখ টকাৰ এখনি আঁচনি প্ৰস্তুত কৰি কৃষি বিভাগৰ জৰিয়তে ঋণ লোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে।

পানীতোলাৰ ভোট জলকীয়াৰ খেতি -

ডিব্ৰুগড় জিলাৰ ৰাজগাওঁ আৰু পানীতোলা কৃষি চক্ৰৰ অন্তৰ্গত বিভিন্ন গাওঁৰ সৰ্ব্বমুঠ ৪১ টা কৃষক গোটক লৈ HMNEH আঁচনিৰ অধীনত ২০১৫-১৬ বৰ্ষত ভোট জলকীয়াৰ খেতি কৰি গড়ে প্ৰায় ১,৫০,০০০.০০ টকা প্ৰতি বিঘাত লাভ অৰ্জন কৰে। প্ৰতিটো গোটে প্ৰতি বিঘাত ১২-১৫ কুইণ্টল কেচা ভোট জলকীয়া উৎপাদন কৰে।

নেমু খেতি কৰি স্বাৱলম্বী হোৱা কৃষক -

বাক্সা জিলাৰ মুছলপুৰ কৃষি চক্ৰৰ এগৰাকী শিক্ষিত নিবনুৱা যুৱক শ্ৰীবিনোদ স্বৰ্গীয়াৰীয়ে, পিতা: স্বৰ্গীয় অকৰা স্বৰ্গীয়াৰী, গাওঁ: দক্ষিণ চুৱা, ডাকঘৰ: ধনবিল, HMNEH আঁচনিৰ নেমু খেতি কৰি গড়ে প্ৰায় ১,২০,০০০.০০ টকা প্ৰতি বিঘাত লাভ অৰ্জন কৰে। নেমুৰ উপৰিও তেখেতে কাজুবাদাম (বছৰি প্ৰায় ৬,০০,০০০.০০ টকা) আৰু মাটি কঠাল (বছৰি প্ৰায় ৭০,০০০.০০ টকা) ৰ খেতি কৰি যথেষ্ট লাভাম্বিত হৈছে।সেই অঞ্চলৰ কৃষকসকলৰ বাবে তেখেত এজন আদৰ্শ কৃষক হিচাবে পৰিগণিত হৈছে।

ষ্ট্ৰবেৰি আৰু  অমিতা খেতিৰে স্বাৱলম্বী হোৱা কৃষক -

কামৰুপ জিলাৰ বড়গাওঁ কৃষি চক্ৰৰ অন্তৰ্গত ভোগদৈবাৰী গাওঁৰ শিক্ষিত উদ্যমী কৃষক শ্ৰীকৃষ্ণকান্ত বড়ো, পিতা: শ্ৰীনিমাই বড়ো HMNEH  আঁচনিৰ পৰা লাভাম্বিত হোৱা কৃষকৰ ভিতৰত  অন্যতম। অমিতা খেতি কৰি নিজৰ লগতে সেই অঞ্চলৰ বহুতো শিক্ষিত নিবনুৱা যুৱকক পথ প্ৰদৰ্শন কৰা শ্ৰীবড়োৱে ২০১৫-১৬ বৰ্ষত ষ্ট্ৰবেৰী খেতি সফলতাৰে কৰি বকো অঞ্চলত এই শস্য বিধক জনপ্ৰিয় কৰি তুলিছে।

উৎস: সেউজ সোপান

2.88888888889
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top