মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / ক্লান্তিবিহীন সংগ্ৰামী কৃষক দুর্গেশ্বৰ পেগু
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ক্লান্তিবিহীন সংগ্ৰামী কৃষক দুর্গেশ্বৰ পেগু

ক্লান্তিবিহীন সংগ্ৰামী কৃষক দুর্গেশ্বৰ পেগুৰ বিষয়ে লিখা হৈছে ।

 

ৰিত্ৰীৰ বুকুত নাঙলৰ সিৰলুৰে নিজৰ ভাগ্যলিপি ৰচনা কৰোঁতে‍ কেতিয়াবা প্ৰখৰ ৰ’দৰ প্ৰচণ্ড উত্তাপে, কেতিয়াবা বিৰামহীন বৰষুণে, কেতিয়াবা আকৌ বজ্ৰ নিনাদেৰে ফাটি‍ পৰা আকাশখনে তেওঁক হতোদ্যম কৰিবলৈ‍ চেষ্টা কৰিছিল, ঘৰখনৰ মানুহ আৰু সমাজৰ পৰাও সহায় সহযোগ বিচ্ছিন্ন হৈ পৰিছিল। কৰ্তব্যৰ পৰা কাষ্ঠাৰে নির্মিত তেওঁৰ কঠিন শৰীৰ আৰু হৃদয়ত এটা দুৰন্ত ৰণুৱা ঘোঁৰাই থি‍তাপি লৈছিল। সেই কথা প্ৰত্যক্ষদৰ্শীয়ে অনুধাৱন কৰিয়েই তেওঁক ‘ৰণুৱা পেগু’ উপনামেৰে মাতিছিল।

উল্লিখিত কথাবোৰ অত্যুক্তি যেন লাগিলেও নিৰ্মমভাৱে সঁচা। অকল সেয়াই নহয়, পঢ়াশলীয়া জীৱনতো তেওঁ মেধাৰ পৰিচয় দিছিল। জ্যেষ্ঠ ভাতৃৰ পৰা এল পি স্কুলৰ পাঠ্যক্ৰম ঘৰতে ইমান সুন্দৰকৈ আয়ত্ব কৰিছিল যে এল পি স্কুললৈ এদিনো নোযোৱাকৈ এম ই স্কুলৰ প্ৰৱেশ পৰীক্ষাত উত্তীর্ণ হৈছিল। আনবোৰ ছাত্ৰৰ দৰে তেওঁ মুকলিমূৰীয়াকৈ পঢ়াৰ সুবিধা পোৱা নাছিল। দোকমোকালিতে তেওঁ পথাৰত হাল জুৰিব লাগিছিল। তেওঁ তেতিয়া নাঙলটোৰ সমানেই ওখ আছিল। সেই অকণমাণি শৰীৰটোত থকা সৰ্বশক্তিৰে নাঙলটো ধৰি আগৰহাল গৰুৰ পিছে পিছে হাল বাইছিল। পথাৰলৈ নিয়া কৰ্কৰা ভাত পথাৰতে খাই পুনৰ ঘৰলৈ আহি কিতাপ ফলি লৈ স্কুললৈ গৈছিল।

পথাৰলৈ ভাত বা জলপান নিয়া পলম হ’লে যথা সময়ত স্কুল পাবৰ বাবে ভাতৰ লদাটো বাটে বাটে খাই আহিছিল। স্কুলৰ পৰা আহি গৰু চৰোৱাৰ পাল। হাবিৰ মাজতে অকলে গৰু চৰাইছিল। বৰশী বাই, চেপা বা ডিঙৰা পাতিমাছ ধৰা, খৰি লুৰা আদি তেওঁৰ শৈশৱৰ নিত্য নৈমিত্তিক কাম আছিল। এনেকৈ শ্ৰমৰ মাজেৰেই শৈশৱ অতিবাহিত কৰি নর্থ লখিমপুৰ কলেজৰ স্নাতক ২য় বর্ষ পালেগৈ। সেইদিনা আছিল স্নাতকৰ শেষ বর্ষত নাম ভর্ত্তি কৰাৰ শেষ দিন। পকেটত ৮০০ টকা লৈ গৈছিল তেওঁ। কিবা কাৰণে চহৰত ৪০০ টকা খৰচ হোৱাত নাম ভর্ত্তি নকৰি ঘৰলৈ ঘূৰি আহিল। পিছদিনা কলেজ কৰ্তৃপক্ষক খাতিৰ-বাতিৰ কৰি হ’লেও নাম ভর্ত্তি কৰাৰ মানসেৰে আৰ-তাৰ পৰা ৪০০ টকা ধাৰলৈ বিচাৰিলে, কিন্তু কোনেও নিদিলে ধাৰলৈও। গতিকে সেই দিনাৰ পৰা কলেজলৈ যোৱা আৰু নহ’ল। শি‍ক্ষা সমাপ্ত হোৱাত বাট হেৰুৱা পথিকৰ দৰে হ’ল তেওঁ। জীৱনত বাট বুলিবলৈ প্ৰেয়সীকে সঙ্গী কৰাৰ মন মেলিলে তেওঁ। নবৌৱেকৰ ভণীয়েকৰ সৈতে হিয়া-দিয়া-নিয়া চলি আছিল। তেওঁকে‍ হঠাৎ এদিন পলুৱাই আনিলে। পৰিয়ালৰ অমতত পতা এই বিয়াই তেওঁৰ জীৱনলৈ কঢি়য়াই আনিলে দুৰ্ভোগ। পিতৃগৃহত তেওঁলোক বেলেগে থাকিব লগীয়া হ’ল। তেওঁলোকৰ চাংঘৰটোতে যেনে-তেনে এজন মানুহ সোমাব পৰা কুঠৰী এটাত থাকিব লগীয়া হ’ল। কাণছিগা বটুৱা এটা আৰু এখন ষ্টীলৰ থালকে সম্বল কৰি তেওঁলোকে‍ যুগ্ম জীৱন আৰম্ভ কৰিলে। কুঠৰীটোত জুহাল বহাবৰ ঠাই নোহোৱাত বাহিৰৰ মাটিতে খোৱাৰ আহাৰ তৈয়াৰ কৰিছিল। দুর্গেশ্বৰে আনৰ পথাৰত হাল বাই ভূঁই ৰুই, ধান দাই, ডাঙৰি কঢি়য়াই উপার্জন কৰি পেট প্ৰবৰ্তোৱাৰ উপৰি প্ৰতিদিনে জিৰণি বিহীনভাৱে কাম কৰি উপাৰ্জন কৰি কিছু সঞ্চয় কৰিছিল। ১নং কাৱৈমাৰী এল পি স্কুলৰ কাষত থকা বন্ধকত যোৱা ৪ বিঘা পৈতৃক মাটি তেওঁ ২০০০ টকাৰে মোকলালে। পিতৃয়ে সেইখিনি মাটি তেওঁক ভোগদখল কৰিব দিলে। অনুমতি পাই তাতে তেওঁ বাঁহৰ খুটা, বেৰ দি নৰাৰ ছালিৰে ঘৰ এটি সাজিলে‍।

লখিমপুৰৰ বগীনদী উন্নয়ন খণ্ডৰ ১নং কাৱৈমাৰী গাঁৱৰ এই পঁজা ঘৰটোতে আশ্ৰয় লৈ তেওঁ কঠোৰ সংগ্ৰামেৰে আৰম্ভ কৰিলে উত্তৰণৰ এক নতুন অধ্যায়। প্ৰথমতে তেওঁ আহুধান, তাৰপিছত শালিধানৰ খেতি কৰিলে। কিন্তু ধানখেতিৰ পৰা আশানুৰূপ আর্থিক লাভ নাপাই উদ্যান শস্যৰ প্ৰতি ধাউতি মেলিলে। প্ৰকৃততে আৰম্ভণীৰে পৰাই তেওঁৰ উদ্যান শস্যৰ বাগিছা পতাৰ সপোন আছিল। সেই সপোন বাস্তৱায়িত কৰিবলৈ প্ৰথমে কেইজোপামান বাঁহ ৰুলে-  “বোলে যাৰ নাই বাঁহ, তাৰ নাই সাহ”।  পিছে জেওৰা-জপনা নোহোৱা বাৰীৰ নতুনকৈ ওলোৱা বাঁহৰ আগলি আৰু পাত গৰুৱে নেখাবৰ বাবে কেঁচা গোবৰ সানি থৈছিল।

তাৰ পিছত তামোলৰ বাৰী পতাৰ মন মেলিলে। পিছে, হাতত নাই  কণটো, বৰ সবাহলৈ মনটো। তেওঁৰ হাতত নগদ ধন বুলিবলৈ ফুটাকডি় এটাও নাছিল। আনৰ পথাৰৰ ধান চপাই, ডাঙৰি কঢি়য়াই বিনিময়ত পোৱা ধানৰ বাহিৰে এখন খেৱালি জালহে আছিল। সেইখন জালৰ সীহৰ গুড়াখিনিৰ বিনিময়ত এজন কৃষকৰ পৰা ৩০ জোপা তামোলৰ পুলি পালে। সেই খিনি বাৰীত ৰুই গৰুৱে নেখাবৰ বাবে পুলিবোৰৰ ওপৰত গোৱৰ পানী ছটিয়াই আছিল। লাহে লাহে তামোলৰ মাজে মাজে জাহাজী কল আৰু নেমু ৰুলে। ৰঙালাও, জাতিলাও, কোমোৰা, ভোল, জিকা, ভাতকেৰেলা আদি গ্ৰীষ্মকালিন শাক-পাচলিৰ খেতি কৰিবলৈ ললে। হাঁহ, কুকুৰা, গাহৰি পালন কৰিবলৈ ললে।

লাহে লাহে কম পৰিসৰতে কৰা বাৰীৰ শস্য, মৎস্য আৰু পশু পালনৰ পৰা আশানুৰূপ উপাৰ্জন হ’ব ধৰিলে। এতিয়া তেওঁৰ বাৰীত ৫.৫ বিঘা তামোলৰ লগত মিশ্ৰ শস্য হিচাপে কল আৰু নেমু আছে‍, মুগা আৰু পলু পালন কৰি থকা ৩ বিঘা চোম, ২ বিঘা মাটি জুৰি ৩টা মাছ পোঁহা পুখুৰী, এড়ি আৰু পাটৰ বাবে ২ কঠা মাটিত কেঁচে‍ৰু আৰু নুনীগছ, ২ বিঘা মাটিত বাঁহ আছে। তেওঁৰ চোম, কেঁচেৰু আৰু নুনীৰ বাৰীখন এড়ি মুগা পালকসকলক ব্যৱসায়িক চৰ্তত পলু পালন কৰিব দিয়ে। সকলো ঠিকে থাকিলে কেৱল মুগা পালনৰ পৰাই তেওঁ বছৰি ডেড় লাখ টকা পায়। কলৰ পৰা বছৰি ২০-২৫ হেজাৰ, তামোলৰ পৰা বছৰি প্ৰায় ১ লাখ, ভাত কেৰেলাৰ পৰা বছৰি ৮-৯ হেজাৰ টকা পায়। এসময়ত ইকৰা খেতিৰ পৰা পাইছিল বছৰি ৩০,০০০ টকা। এতিয়া মাছৰ পৰা বছৰি ২০-২২ হেজাৰ টকা পাইছে যদিও ভৱিষ্যতে তিনিওটা পুখুৰীৰ পৰা তিনিগুণতকৈ অধিক উপাৰ্জন হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও তেওঁৰ বাৰীত পাণ, জালুক আৰু ভোট জলকীয়াৰো খেতিও কৰিছে। ছাগলী, কুকুৰা, গৰু আৰু গাহৰিৰ পৰাও যথেষ্ঠ উপাৰ্জন হয়। এতিয়া তেওঁ ধনৰ পিছে পিছে খেদাকুৰা কৰিব নালাগে। ধন তেওঁৰ গৃহলৈ স্বেচ্ছাই আহে। তেওঁৰ উৎপাদিত ফচল ক্ৰয় কৰিবলৈ স্থানীয় বেপাৰীসকলে তেওঁৰ ঘৰ ভিৰ কৰেহি৷

ব্ৰহ্মপুৱাতে মানুহ যেতিয়া শেতেলীত সুখনিদ্ৰাত থাকে তেতিয়া তেওঁ মাছ পুহিবৰ বাবে পুখুৰী খান্দে। সমগ্ৰ বাৰীৰ সকলো কাম তেওঁ অকলেই কৰে। গছপুলি ৰোৱাৰ পৰা সাৰ-জাবৰ দিয়া কামবোৰৰ কাৰণে তেওঁ কেতিয়াও কাৰো সহায় লোৱা নাই অথবা পাৰিশ্ৰমিকৰ বিনিময়ত কাকো কোনোদিন কামত লগোৱা নাই। তেওঁৰ যি হৈছে সকলো নিজৰ দুবাহুৰ জোৰত। তেওঁৰ কৃষিৰ আৰু এটা বৈশিষ্ট্য হৈছে‍-তেওঁ বাৰীৰ কোনো গছ বা শস্যতে কেতিয়াও ৰাসায়নিক সাৰ অথবা কোনো ধৰণৰ কৃত্ৰিম সংশ্লেষিত দ্ৰব্য প্ৰয়োগ কৰা নাই। তেওঁৰ বাৰীৰ ফচল সম্পূর্ণ জৈৱিক পদ্ধতিৰে উৎপাদিত। গতিকে এই বিলাক ৰাসায়নি‍ক বিষক্ৰিয়া বর্জ্জিত আৰু স্বাস্থ্যসন্মত।

এয়া তেওঁৰ কৃষি কৰ্মগত সফলতা। দুর্গেশ্বৰৰ দুৰন্ত ইচ্ছা আৰু দুর্দান্ত কৰ্মই তেওঁক Zero ৰ পৰা Hero লৈ উত্তৰণ  কৰিলে। তেওঁৰ শৰীৰ যেনেকৈ মেদহীন, তেনেকৈ তেওঁৰ অন্তৰখনো কলুষতা বিহীন। তেওঁ সম্পূর্ণ একক চেষ্টাৰে নিৰলস ভাৱে শ্ৰম কৰি সাফল্যৰ শিখৰ পালেগৈ। এয়া এজন সাধাৰণ মানুহৰ অসাধাৰণ কাম। এয়াইতো জীৱনৰ বাটত প্ৰতিটো দৃঢ় খোজেৰে ৰাখি যোৱা সফলতাৰ দৃষ্টান্ত।

লেখক :- হেমেন্দ্ৰ কুমাৰ বৰি

উৎস :- সেউজ চিন্তা

 

 

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top