মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / খেতিপথাৰত চফল ডেকাৰ ৰূপত সত্তৰোৰ্ধৰ লোক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খেতিপথাৰত চফল ডেকাৰ ৰূপত সত্তৰোৰ্ধৰ লোক

খেতিপথাৰত চফল ডেকাৰ ৰূপত সত্তৰোৰ্ধৰ লোক

নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তৰ এক সীমামূৰীয়া অঞ্চল বৰবুকীয়া। বৃহত্তৰ বৰভাগ মৌজাৰ অন্তৰ্গত অনগ্ৰসৰ এই অঞ্চলৰ কৃষিজীৱি ৰাইজে বিদ্যুতৰ পোহৰ দেখাৰো বেছি দিন হোৱা নাই। পূৰ্বৰ বৰলীয়া নদীৰ নৈপৰীয়া গোন্ধটো পদূলিৰ পৰা আতৰ নোহোৱা এই বৰবুকীয়াৰ প্ৰতিঘৰ বাসিন্দাৰেই চোতালত কৃষিৰ প্ৰতিচ্ছবি বিৰাজমান। এই বৰবুকীয়াৰে মালাকৰ চুবুৰীৰ বাসিন্দা অৰবিন্দ মালাকৰ। বয়সৰ জোখাৰে সম্প্ৰতি ৭২ ঘৰ স্পৰ্শ কৰা এইজন লোকে শিক্ষাগত অৰ্হতাৰ নামত পাঠশালা স্কুলৰ দেওনা পাৰ হৈছে। সেয়েহে তেওঁ সুন্দৰভাৱে পঢ়িব পাৰে অসমীয়া বৰ্ণৰ শাৰী। দেশ-বিদেশৰ খবৰ ৰখাতো তেওঁ সিদ্ধহস্ত। শেহতীয়াভাৱে এইজন লোক কৃষিকৰ্মৰ বাবেই চৰ্চালৈ অহাৰ লগতে নিজৰ অদম্য ইচ্ছাশক্তি আৰু কৰ্মস্পৃহাৰ বাবে বহুজনৰ মাজত আদৰ্শৰ ব্যক্তিৰূপে প্ৰতিষ্ঠিত হ’বলৈ সক্ষম হৈছে। বংশানুক্ৰমেই ‘খেতি’ শব্দটোৰ সৈতে জড়িত এই অৰৱিন্দ মালাকৰ নামৰ লোকজনে নাঙল, কোৰ আদি। কৃষিকাৰ্যৰ সহচৰ সঁজুলিবোৰৰ সৈতে ওত:প্ৰোত সম্পৰ্ক গঢ়ি তুলিছিল প্ৰায় ১৪ বছৰ বয়সৰ পৰাই। তেতিয়াৰে পৰাই তেওঁ বিগত প্ৰায় ৫৮ বছৰ ধৰি একাণপতীয়াভাৱে ব্যস্ত হৈ আছে কৃষি কাৰ্য্যত। উল্লেখ্য, বৰবুকীয়াৰ এই মালাকৰ চুবুৰিৰ প্ৰায় প্ৰতিঘৰ বাসিন্দাৰেই এক সহজ চিনাকি আছে ফুলৰ খেতিয়ক হিচাপে। পৰিচয়ৰ পৰা আঁতৰত অৱস্থান কৰা নাই ৭২ বছৰ বয়সীয়া অৰৱিন্দ মালাকৰেও। এইজন আদৰ্শৱান কৃষকে জনোৱা মতে, বৰ্তমান নিজৰ ৩ বিঘা মাটিত তেওঁ এইবাৰ কৰিছে ফুল (নাৰ্জি)ৰ খেতি। আহাৰ মাহৰ পৰা এই ফুলৰ খেতিৰ নামত খেতিপথাৰত ব্যস্ত থকা অৰবিন্দ মালাকৰে প্ৰকাশ কৰা মতে আহিন-কাতি মাহত ফুলগছবোৰ ঠন ধৰিবলৈ ধৰে আৰু আৰু পুহমাহৰ পৰা ফুলিবলৈ আৰম্ভ কৰে। চ’ত মাহলৈ এই ফুলৰ খেতি থাকে বুলি জনোৱা কৃষকজনে চলিত বছৰটোত ফুল বিক্ৰী কৰি প্ৰায় ৭০-৮০ হাজাৰ টকা পাব বুলি আশা কৰিছে। বৰবুকীয়াৰ নিজ গৃহৰ পৰাই একাংশ বেপাৰীয়ে এই সময়ছোৱাত তেওঁৰ উৎপাদিত ফুল ক্ৰয় কৰে বুলি জনোৱাৰ লগতে সুবিধা অনুযায়ী নিজেও গুৱাহাটীত গৈ এই ফুল বিক্ৰী কৰি পুনৰ গৰুক এড়াল দিয়াৰ পৰতেই আহি বৰবুকীয়াৰ ঘৰখন পোৱা এই অৰবিন্দ মালাকৰৰ কৃষকৰ পৰিচয় অকল ফুলৰ খেতিডৰাৰ মাজতেই সীমাবদ্ধ হৈ থকা নাই, ই পোখা মেলিছে পাণৰ মাজলৈও। নিজৰ প্ৰায় এক বিঘা তামোলৰ বস্তিত থকা কমেও ১০০ জোপা তামোল গছত তেওঁ পৰিকল্পিতভাৱে ৰোপণ কৰিছে সমসংখ্যক পাণ গছ। এই পাণ গছৰ বাবে প্ৰয়োজন হোৱা পানীৰ বাবে তেওঁ ইতিমধ্যে পুখুৰী খান্দি লোৱাৰ লগতে এটা মটৰো ক্ৰয় কৰি স্থাপন কৰিছে তামোলৰ বস্তিটোত। এই পাণ বিক্ৰী কৰি বছৰত কমেও ৪০-৫০ হাজাৰ টকা উপাৰ্জন কৰা বুলি জনোৱা অৰবিন্দ মালাকৰে নিসংকোচে ব্যক্ত কৰে- এই পাণ বিক্ৰীৰ নামতেই তেওঁ সত্ৰ, বিজুলীঘাট, বুল্লুটৰ সাপ্তাহিক বজাৰলৈ যোৱাৰ কথা। উল্লেখ্য পাণ আৰু ফুলৰ লগতে তেওঁ ৩ বিঘা মাটিত প্ৰতিবছৰেই বতৰৰ খেতি কৰি আহিছে। এই ৩ বিঘা মাটিত তেওঁ ইতিপূৰ্বে লেছেৰা, জিকা, তিয়ঁহ, ভেণ্ডী আদিৰ খেতি কৰাৰ পিছত বৰ্তমান সেই একেডৰা কৃষিভূমিতেই কৰিছে কবি, মূলা, আলুৰ লগতে বিভিন্ন শাক-পাচলিৰ খেতি। এইসমূহ উৎপাদিত ফচলৰ পৰাও বছৰত ১৫-২০ হাজাৰ টকা। উপাৰ্জন হোৱা বুলি প্ৰকাশ কৰিছে অৰবিন্দ মালাকৰে। ইপিনে, নিজৰ বলদ গৰুহালক ভৰসা কৰিয়েই অৰবিন্দ মালাকৰে প্ৰতিবছৰে নিজৰ ১৫ বিঘা মাটিত সুন্দৰভাৱে কৰি আহিছে ধান খেতি। নিজৰ পৰিয়ালটোৰ প্ৰয়োজন হোৱাকৈ ভঁৰালত ধান ৰখাৰ পিছতো প্ৰতিবছৰেই তেওঁ প্ৰায় ৭০-৮০ হাজাৰ টকাৰ ধান বিক্ৰী কৰিব পাৰে। এইবাৰ খৰাঙৰ বাবে ধান খেতি সকলো মাটিতে কৰিব নোৱাৰিলেও বৰ্তমান ৮ বিঘা মাটিত তেওঁ কৰিছে সৰিয়হৰ খেতি। এই সৰিয়হৰ খেতিৰ পৰাও ভাল উপাৰ্জন হোৱাৰেই আশা কৰি আছে তেওঁ। কৃষিৰ বাহিৰে আন কোনো বিকল্প চিন্তাই কোনোদিনেই আমনি নকৰা এইজন আদৰ্শ কৃষক অৰবিন্দ মালাকৰে খেতিৰ উপাৰ্জনৰ দ্বাৰাই পুত্ৰ-কন্যাক সু-শিক্ষিত কৰি তোলাৰ লগতে বিয়া-বাৰুও কৰাই দিছে। খেতিপথাৰৰ ইমানখিনি দায়িত্ব চম্ভলাৰ পিছতো ভাগৰি নপৰা অৰবিন্দ মালাকৰ নামৰ লোকজন এটা প্ৰায় ৫ বিঘাৰ পুখুৰীৰো গৰাকী। মীনপালনেৰেও স্বাৱলম্বিতাৰ দিশটোও এঢাপ আগবঢ়া অৰবিন্দ মালাকৰে সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তৰ পৰলৈ মূৰ দাঙিব নোৱাৰাকৈ ব্যস্ত থাকে বিভিন্ন কৰ্মত।

লিখক: অপূৰ্ব কুমাৰ নাথ, দৈনিক অসম।

2.94520547945
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top