মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / খৈৰাণীত গ্ৰীণ টী উৎপাদনত ব্যস্ত যুৱ চাহ খেতিয়ক অমিত বড়ো:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খৈৰাণীত গ্ৰীণ টী উৎপাদনত ব্যস্ত যুৱ চাহ খেতিয়ক অমিত বড়ো:

খৈৰাণীত গ্ৰীণ টী উৎপাদনত ব্যস্ত যুৱ চাহ খেতিয়ক অমিত বড়োৰ বিষয়ে লিখা হৈছে

 

তামুলপুৰ মহকুমাৰ খৈৰাণী গাঁৱৰ এজন যুৱকে জৈৱিক পদ্ধতিৰে ‘গ্ৰীণ টী’ উৎপাদনত ব্যস্ত হৈ পৰিছে। যুৱকজনৰ নাম অমিত বড়ো(৩২)। তেওঁৰ জন্ম ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ ডিমাকুছিৰ খাইগৌৰবাৰী গাঁৱত। কৃষিজীৱী পৰিয়ালৰ ল’ৰা অমিতে গাঁৱৰ পাঠশালাত পঢ়ি থাকোতেই ব্যৱসায়ৰ চিন্তা কৰিছিল। হাইস্কুলত পঢ়ি থাকোতে তেওঁ গাঁৱৰ ওচৰতে থকা বজাৰ-সমাৰত চাউলৰ বেপাৰ কৰি পঢ়া-শুনাৰ খৰচ উলিয়াইছিল। এনেদৰেই অমিতে এদিন হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিল। অমিতে পিছত দুবছৰ পৰিয়ালৰ সহযোগত পঢ়া-শুনা কৰি ২০১১ চনত ডিমাকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। অমিতে পঢ়ি থকা অৱস্থাতে গ্ৰামাঞ্চলতে ক্ষুদ্ৰ উদ্যোগ গঢ়ি, কৰ্মসংস্থাপনৰ সৃষ্টি কৰি নিজক সংস্থাপিত কৰাৰ লগতে আন যুৱক-যুৱতীৰ বাবে নিয়োগৰ সুবিধা কৰাৰ কথা চিন্তা কৰিছিল। এনে এক সুস্থ চিন্তা মগজুত পুহি ৰাখি অমিতে চাহ খেতিৰ প্ৰতি এদিন ক’ব নোৱাৰাকৈয়ে আকৃষ্ট হৈ পৰিছিল। ভাৰত-ভূটান সীমান্তৰ ডিমাকুছি অঞ্চলত সেই সময়ত চাহ খেতিৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰাত ডিমাকুছিৰ নিজ গাঁৱতে অমিত বড়োৱে পিতৃৰ নামত থকা ভূমিতে চাহ খেতি আৰম্ভ কৰে। পিছত অমিতে এদিন এই চাহ খেতিত ব্যস্ত হৈ থকাৰ সময়তে ২০১৩ চনতে ডিমাকুছিৰ থাইগৌৰবাৰীৰ ঘৰৰপৰা ৪৫ কিলোমিটাৰ আঁতৰত থকা পাগলাদিয়া নদীৰ পাৰত অৱস্থিত খৈৰাণী গাঁৱলৈ আলহী খাবলৈ আহে। অমিতে খৈৰাণী গাঁৱৰ পৰিৱেশত মুগ্ধ হৈ পৰে। সেই সময়তে তেওঁৰ পাগলাদিয়া নদীৰ আশে-পাশে বহু ছন পৰি থকা ভূমি চকুত পৰে। ভূমি ছন পৰি থকা দেখি অমিতৰ মনটোৱে যেন প্ৰাণ পাই উঠিল। অমিতে এই ভূমিক লৈ চাহ খেতি আৰম্ভ কৰাৰ সপোন দেখিবলৈ আৰম্ভ কৰিলে। এই সপোন দিঠকত পৰিণত কৰাৰ বাবে অমিতে কিছুদিন পিছতে খৈৰাণীৰ দুই-এজন স্থানীয় লোকৰ সহযোগত কিছু মাটি নিজাকৈ কিনি লোৱাৰ উপৰি ছন পৰি থকা ভূমি অধিগ্ৰহণ কৰি মুঠ ৫০ বিঘা মাটিত চাহ বাগিচা খোলাৰ বা প্ৰস্তুতি চলায়। তাৰ পিছত এদিন অমিতে বুকুত সাহস বান্ধি চাহ খেতি কৰাৰ লক্ষ্য লৈ বয় বস্তুসহ ডিমাকুছিৰ খাইগৌৰবাৰীৰপৰা যাত্ৰা আৰম্ভ কৰে তামুলপুৰৰ খৈৰাণী গাঁৱলৈ। তাৰ পিছত খুব কম দিনতে পাগলাদিয়া নদীৰ পূব পাৰত থকা দুটা পৃথক অঞ্চলত প্ৰায় ৫০ বিঘা মাটিকালিৰে আগুৰা চৌহদ দুটা চাফ-চিকুণ কৰি চাহ খেতিৰ উপযোগী কৰি তোলে। অমিতে ডিমাকুছিত থকা নিজৰ চাহ বাগিচাত উৎপাদন কৰা চাহ গছৰ পুলি আনি ২০১৩ চনৰ মে’ মাহৰপৰা খৈৰাণীত ৩৫ বিঘা মাটিত ৰোপন কৰে। পত্নী বনশ্ৰী বড়োৰ সহযোগত অমিতে ডিমাকুছিৰপৰা কিছু অভিজ্ঞতাপুষ্ট শ্ৰমিক আনি চাহ বাগিচাৰ কামত লগায়। খৈৰাণীৰ কিছুসংখ্যক লোকৰ সহযোগত অমিতে চাহগছ ৰোপণ কৰাৰ পিছত লালন-পালনত ব্যস্ত হৈ পৰে। এইবাৰ বাকী থকা ১৫ বিঘা মাটিতো অমিতে চাহপুলি ৰোপণ কৰে।

খৈৰাণী গাঁৱত যথেষ্ট পৰিমাণে পোৱা কেঁচা গোবৰ সংগ্ৰহ কৰি তাৰপৰা জৈৱিক সাৰ প্ৰস্তুত কৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে চাহ খেতিডৰাৰ যতন লোৱাত ব্যস্ত হৈ পৰে অমিত। আনকি চাহ গছৰ পোক-পৰুৱা নিয়ন্ত্ৰণৰ বাবে ঘৰতে মূত্ৰ, নিমপাত, নিম গছৰ গুটি পানীত তিয়াই তাক পচাই লৈ পিছত শোধন কৰি জৈৱিক কীটনাশক ঔষধ প্ৰস্তুত কৰি চাহ গছবোৰত মেচিনৰ সহায়ত ছটিয়াই পোক-পৰুৱা নিয়ন্ত্ৰণ কৰে। ২০১৫ চনত অমিতৰ বাগিচাৰ চাহৰ গছবোৰ ক্ৰমাৎ পৈণত হৈ উঠিবলৈ ধৰে। এটি কলি দুটি পাতৰ কোমল সান্নিধ্যত অমিতে নতুন জীৱন পাবলৈ সক্ষম হয়। ২০১৫ বৰ্ষৰ মে’ৰপৰা অমিতে খৈৰাণীৰ চাহ বাগিচাখনৰপৰা পাত ছিঙিবলৈ আৰম্ভ কৰে। এই কেঁচা চাহপাতবোৰ প্ৰথম বছৰত ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাৰ কাষত থকা মেনকা চাহ বাগিচাৰ কলঘৰত যোগান ধৰে। তেওঁ প্ৰতিকিলোগ্ৰাম কেঁচা চাহপাত বিশ টকা দৰত বিক্ৰী কৰিবলৈ সক্ষম হয়।

এনেদৰে অমিতে প্ৰতি সপ্তাহত প্ৰতি বিঘাৰপৰা ৬০ কিলোগ্ৰামকৈ কেঁচাপাত সংগ্ৰহ কৰিবলৈ সক্ষম হয়। বছৰত ন মাহ ধৰি কেঁচা চাহপাত উৎপাদন কৰিব পাৰি। এই ৯ মাহত অমিতে কেঁচা চাহপাত বিক্ৰী কৰি ভাল অংকৰ ধন পাবলৈ সক্ষম হয়।

ইপিনে, গ্ৰাহকৰ মাজত ‘গ্ৰীণ টী’ৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পোৱাত অমিতে পিছৰ বছৰত নিজৰ ৩৫ বিঘাৰ বাগিচাখনৰ পৰা সংগৃহীত সকলো কেঁচা চাহপাতৰপৰা ‘গ্ৰীণ টী’ উৎপাদনৰ পৰিকল্পনা হাতত লয়। সেইমতে পত্নীৰ সহযোগত ২০১৬ চনৰ অক্টোবৰ মাহত চাহ বাগিচাৰ কাষতে বাসস্থান হিচাপে সাজি লোৱা টিনপাতৰ চালিখনতে এতিয়া জেনেৰেটৰ আৰু এটি ক্ষুদ্ৰ ক’লঘৰ স্থাপন কৰি লয়। কেঁচা চাহপাত শুকোৱাৰ বাবে বাঁহ আৰু কাঠ ব্যৱহাৰ কৰি আহিলাও তৈয়াৰ কৰি লয়। অমিতে পত্নী আৰু চাহ শ্ৰমিকসকলৰ সহযোগত চাহপাত ছিঙাৰপৰা আৰম্ভ কৰি পাতবোৰ উতলোৱা, শুকোৱা আৰু কলঘৰত উপযুক্ত পৰিমাণৰ তাপ দিয়াৰ ব্যৱস্থ কৰি ‘গ্ৰীণ টী’ উৎপাদন কৰিবলৈ লয়। এনেদৰে অমিত বড়োৱে ১৬ গৰাকী পুৰুষ-মহিলাক শ্ৰমিক হিচাপে নিয়োগ কৰি দিনে-নিশাই ‘গ্ৰীণ টী’ উৎপাদন কৰিবলৈ লয়। অমিতে জানিবলৈ দিয়া মতে, জৈৱিক পদ্ধতিৰে গ্ৰীণ টী উৎপাদন কৰোতে প্ৰতিকিলো ‘গ্ৰীণ টী’ৰ বিপৰীতে খৰচ হয় ৮০০ টকা। মাহত ‘গ্ৰীণ টী’ উৎপাদন হয় ৮০ কিলোগ্ৰামকৈ। এনেদৰে অমিতে নিজৰ বাগিচাখনৰপৰা ৯টা মাহত ‘গ্ৰীণ টী’ উৎপাদন কৰি খৈৰানী অঞ্চলতে বিক্ৰী কৰি আহিছে। গ্ৰাহকসকলে অমিতৰ ক্ষুদ্ৰ কলঘৰত উৎপাদিত গ্ৰীণ টীৰ চাহিদা যথেষ্ট বাঢ়িছে। প্ৰতি কিলোগ্ৰাম গ্ৰীণ টী বিক্ৰী কৰি অমিতে ১৫০০-২০০০ টকা পাবলৈ সক্ষম হৈছে। এনেদৰে জৈৱিক পদ্ধতিৰে গ্ৰীণ টী উৎপাদন কৰি গ্ৰাহকক আকৰ্ষণ কৰিব পৰাত অমিতৰ মুখত হাঁহি বিৰিঙি উঠিছে। ইতিমধ্যে অমিতৰ এই প্ৰচেষ্টাক স্থানীয় বিধায়ক আৰু বি টি চিৰ দৰংগাজুলি সমষ্টিৰ এম চি এল এ গৰাকীয়েও প্ৰশংসা কৰিছে। অমিত-বনশ্ৰী বড়োৰ এই প্ৰচেষ্টা খৈৰাণীৰ লগতে তামুলপুৰৰ যুৱক-যুৱতীসকলৰ বাবে অন্যতম নিদৰ্শন হোৱা উচিত।

উৎস:উৎপল ডেকা(দৈনিক অসম)

3.08571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top