মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / আমাৰ কৃষক, আমাৰ গৌৰৱ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমাৰ কৃষক, আমাৰ গৌৰৱ

গোসাঁই গাঁৱৰ কুসুম বিলত ফুল খেতিৰে স্বাৱলম্বী যুৱক-যুৱতীঃ

 

যি সময়ত ৰাজ্যৰ হেজাৰ হেজাৰ যুৱক-যুৱতী কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়তে গোসাঁই গাঁও মহকুমাৰ কুসুম বিলৰ একাংশ যুৱক-যুৱতীয়ে ফুল খেতিৰে স্বাৱলম্বী হোৱাৰ নিদৰ্শন দাঙি ধৰিছে। গোসাঁই গাঁও মহকুমাৰ কুসুম বিলৰ একাংশ লোকে ফুলৰ খেতিৰে স্বাৱলম্বী হৈ এক বিপ্লৱৰ সূচনা কৰিছে। অঞ্চলটোৰ কৃষিজীৱী ৰাইজে ধান, মৰাপাট, ৰবি শস্যৰ উপৰি ফুল খেতি কৰি সাফল্যৰ মুখ দেখিবলৈ সক্ষম হৈছে। অঞ্চলটোৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে চৰকাৰী চাকৰিৰ আশা বাদ দি ফুল খেতিত মনোনিৱেশ কৰিছে। তেওঁলোকে ফুলৰ খেতি কৰি লাভৱান হৈছে যদিও চৰকাৰীভাৱে তেওঁলোকে আজিলৈকে কোনো সুযোগ-সুবিধা পোৱা নাই। চৰকাৰে যদি ফুলৰ উপযুক্ত বজাৰ আৰু ফুল সংৰক্ষণ ব্যৱস্থা কৰি দিয়ে তেনেহ’লে আৰু অধিক লাভান্বিত হ’ব পাৰিলেহেঁতেন বুলি অঞ্চলটোৰ উদ্যমী যুৱক-যুৱতীসকলে জনাইছে। সঁচাকৈ ফুল খেতিয়ে অঞ্চলটোত এক দৃষ্টনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে। অঞ্চলটোৰ ফুল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তথা বিদেশলৈ যোৱা বুলিও খেতিয়কসকলে জানিবলৈ দিয়ে। তেনে এজন উদ্যমী যুৱক নিৰঞ্জন বৰ্মনে কয়- আমি প্ৰতি বছৰেই এই সময়ত ফুলৰ খেতি কৰো। ফুলৰ খেতি কৰি এই অঞ্চলটোৰ বহুতো যুৱক-যুৱতী লাভৱান হৈছে যদিও এইক্ষেত্ৰত যদি চৰকাৰে আমাক ফুলৰ উপযুক্ত বজাৰ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰি দিয়ে, আমি আৰু অধিক লাভান্বিত হ’লোহেঁতেন। এইক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে উদ্যগী যুৱক-যুৱতীসকলে।

(উৎসঃ অসমীয়া খবৰ, কামাখ্যা সৰকাৰ)।

কাঠফুলা খেতিৰে স্বাৱলম্বী কোকৰাঝাৰৰ যুৱকঃ

 

চাকৰিমুখী আজিৰ যুৱ প্ৰজন্মক কৰ্ম-সংস্কৃতিৰ পথ দেখুৱাই সাধাৰণ অৱস্থাৰ পৰা প্ৰতিষ্ঠিত এক ব্যৱসায়ৰ গৰাকী হোৱা এজন উদ্যমী যুৱক হৈছে কোকৰাঝাৰৰ মইনাগুৰি গাঁৱৰ উজ্জ্বল সূত্ৰধৰ। বিগত দহ বছৰ ধৰি তেওঁ নিৰৱচ্ছিন্ন কষ্ট, যত্ন তথা অধ্যৱসায়ৰ যোগেদি কাঠফুলা উৎপাদন তথা বিক্ৰীৰ সৈতে জড়িত হৈ আছে। ১৯৯৭ চনতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰিৰ বাবে আশা কৰি বহি নাথাকি পৈতৃক মাটিখিনিতে খেতিৰ লগতে কাঠফুলা উৎপাদনৰ কামো আৰম্ভ কৰে। মাত্ৰ ১৫০০ টকা মূলধন হিচাপে লৈ সৰুকৈ ঘৰতে আৰম্ভ কৰা এই খেতিয়ে কম দিনৰ ভিতৰতে ঠন ধৰি উঠাত লাহে লাহে ধানখেতিৰ লগে লগে বেছিকৈ কাঠফুলা উৎপাদনত মনোনিৱেশ কৰিলে। এইক্ষেত্ৰত তেওঁক কৃষি বিভাগ, কোকৰাঝাৰৰ তৰফৰ পৰা দিহা-পৰামৰ্শ দি উৎসাহিত কৰাৰ লগতে উত্তৰবংগ কৃষি বিশ্ববিদ্যালয়ত এমাহৰ কাঠফুলা উৎপাদনৰ প্ৰশিক্ষণৰ বাবেও পঠায়। বৰ্তমান তেওঁৰ নিজৰ চাৰিজনীয়া পৰিয়ালৰ লগতে গাঁওখনৰ আন ৮ জন লোকেও এই কাঠফুলা উৎপাদন প্ৰক্ৰিয়াত কাম কৰি ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বৰ্তমান তেওঁ উৎপাদনৰ লগতে কাঠফুলাৰ বীজ প্ৰস্তুতকৰণ আৰু পেকেজিঙৰ কামো সমানে কৰে। দোতমা, ফকিৰাগ্ৰাম, কোকৰাঝাৰৰ লগতে তেওঁ কেঁচা আৰু শুকান দুয়োবিধ কাঠফুলা ভূটানতো বিক্ৰী কৰে। বছৰি কাঠফুলা খেতিৰ পৰাই ৭০-৮০ হেজাৰ টকা লাভ উপাৰ্জন কৰা উজ্জ্বলে কাঠফুলা ছিঙাৰ পাছত ৰৈ যোৱা পেকেটৰ খেৰখিনি প্লাষ্টিক আঁতৰাই নিজৰ খেতি পথাৰত হাল মাৰি মিহলাই দিয়ে, যাৰ বাবে কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈয়ে ভাল উৎপাদন লাভ কৰিবলৈ সক্ষম হৈছে। কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ চমুকৈ আত্মা (ATMA) দোতমা ব্লকৰ ফালৰ পৰা এই কাঠফুলা খেতিৰ অৱশিষ্টখিনি কেৱল মাটিত প্ৰয়োগ কৰি, অন্য একো ৰাসায়নিক সাৰ নিদিয়াকৈ জিকা খেতি প্ৰদৰ্শনীমূলকভাৱে কৰিবলৈ দিয়া হৈছিল, য’ত অতি সন্তোষজনক আৰু লাভজনক ফল পোৱা গৈছিল। অয়ষ্টাৰ কাঠফুলাৰ লগতে শেহতীয়াকৈ মিল্কী কাঠফুলাৰ খেতিও সফলভাৱে কৰিবলৈ সক্ষম হৈছে। তেওঁৰ এই উদ্যমিতা, কৰ্মৰ প্ৰতি উৎসৰ্গিত মন আৰু সফলতাই ওচৰৰ আন বহু শিক্ষিত নিবনুৱা যুৱকক এই খেতিৰ প্ৰতি আকৰ্ষিত কৰিছে আৰু বহুজনে ইয়াক আৰম্ভ কৰিছে। আনক প্ৰতি ক্ষেত্ৰতে সহায় কৰি স্বাৱলম্বী হোৱাত সহায়ৰ হাত আগবঢ়াবলৈ সদা প্ৰস্তুত সূত্ৰধৰৰ নিৰ্দেশনাত বহু আত্মসহায়ক গোটেও কাঠফুলা খেতিৰ প্ৰতি আগবাঢ়িছে যিটো এক শুভ লক্ষণ। তেওঁৰ উজ্জ্বলৰ পৰা উজ্জ্বলতৰ হওঁক তাৰ কামনা কৰিলো।

(উৎসঃ অসমীয়া খবৰ, নিবেদিতা দত্ত)।

মুগা পালনেৰে আত্মনিৰ্ভৰশীল হোৱা ঝাৰগাঁৱৰ যুৱকঃ

যিটো সময়ত ৰাজ্যখনৰ পৰা বহিঃৰাজ্যলৈ দৈনিক কৰ্মসংস্থাপনৰ বাবে বহু যুৱকে ঢাপলি মেলিছে, সেই সময়তে ওদালগুৰি জিলাৰ কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝাৰগাঁৱৰ মহিৰাম ডেকাই মুগা পালনেৰে আত্মনিৰ্ভৰশীল হৈ এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। অসম চৰকাৰৰ ৰেচম বিভাগৰ ওদালগুৰি জিলা কাৰ্যালয়ৰ অন্তৰ্গত সমগ্ৰ জিলাখনতে ৰেচম শিল্পই গা কৰি উঠা পৰিলক্ষিত হৈছে। জিলাখনৰ বিভিন্ন অঞ্চল আৰু গাঁওসমূহত যুৱক-যুৱতীয়ে ৰেচম শিল্পৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে। নিশ্চয়কৈ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এয়া ভাল খবৰ। প্ৰয়াত শুকুৰা ডেকা আৰু ভোগেশ্বৰী ডেকাৰ পুত্ৰ মহিৰাম ডেকাই বিগত ২০০৪ চনৰ পৰা মুগা শিল্পৰ লগত একাত্মভাৱে জড়িত হৈ আত্মনিৰ্ভৰশীল হোৱাই নহয়, অৰ্থনৈতিকভাৱেও স্বাৱলম্বী হৈ পৰিয়ালটিক সুন্দৰভাৱে পৰিচালনা কৰি আহিছে। ২০০৪ চনত তিনি বিঘাৰো অধিক মাটিত চোম গছৰ চাৰি শতাধিক পুলি ৰোপণ কৰি ২০০৮ চনত ইয়াৰ উৎপাদন লাভ কৰিবলৈ সক্ষম হয়। ২০০৯ বৰ্ষত ৩১ হেজাৰ ছীড আৰু ২০১১ বৰ্ষত ২৫ হেজাৰ ছীড চেণ্ট্ৰেল ছিল্ক বোৰ্ডৰ গুৱাহাটী কাৰ্যালয়ে ক্ৰয় কৰি লৈ যায়। ওদালগুৰি জিলা ৰেচম বিভাগেও ৯ হেজাৰ ছীড ক্ৰয় কৰে। ২০১৩ বৰ্ষত মহিৰাম ডেকাই ৭৫০ গ্ৰাম ছীডৰ জৰিয়তে ৫৫ হেজাৰ মুগা লেটা উৎপাদন কৰিবলৈ সক্ষম হয়। বছৰত দুবাৰকৈ জেঠুৱা আৰু কতিয়া মুগা উৎপাদন কৰে ডেকাই। এইবেলিও ৭৫০ গ্ৰাম ছীডৰ দ্বাৰা মুগা উৎপাদনত তেওঁ পত্নী মনেশ্বৰী শৰণীয়া আৰু পুত্ৰসমন্বিতে ব্যস্ত হৈ পৰিছে দিনে-নিশাই। উল্লেখ্য যে ৭৫০ গ্ৰাম ছীডৰ মূল্য সাত হেজাৰ টকা হ’লেও ইয়াৰ লাভাংশ সকলো ঠিকে-ঠাকে থাকিলে ৬০ৰ পৰা ৭০ হেজাৰলৈকে হ’ব বুলি ডেকাই জানিবলৈ দিয়ে। এইবাৰ ডেকাই ৪০-৫০ হেজাৰ টকা লাভৰ আশা কৰিছে। ডেকাই ২০০৪ চনৰ পৰা মুগা শিল্পৰ লগত জড়িত হৈ পত্নী আৰু তিনি সন্তানক সুন্দৰকৈ ভৰণ-পোষণ দিয়াৰ উপৰি সংসাৰৰ অন্যান্য আৰ্থিক প্ৰয়োজন পূৰণ কৰিবলৈ সক্ষম হৈছে।

(উৎসঃ অসমীয়া খবৰ, বাপন শৰ্মা)।

মাছৰ খাদ্য উৎপাদন কৰি আদৰ্শৰ চানেকি মৰিগাঁৱৰ যুৱকৰঃ

 

মাছৰ ৰাজ্যখনত যদিও কেইবাটাও প্ৰতিষ্ঠানৰ পৰিপূৰক খাদ্য উপলভ্য তৎসত্ত্বেও সকলোৰে গুণগত মান তথা পুষ্টিগুণ আশংকাৰ ঊৰ্ধত নহয়। এনে এক পটভূমিত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ অগ্ৰণী অনা-চৰকাৰী সংস্থা ‘বহুগুণা আৰ্থ-সামাজিক উন্নয়ন সমিতি’য়ে প্ৰস্তুত কৰা কমপেক্ট মাছৰ খাদ্যই সৰ্বতো দেশৰে পৰা কঢ়িয়াই আনিছে আশাৰ বতৰা। মৰিগাঁও জিলাৰ চাৰণ বিলৰ পাৰত অৱস্থিত অতি অত্যাধুনিক উৎপাদন উদ্যোগত তেওঁলোকে বিভিন্ন প্ৰজাতি আৰু বিভিন্ন পৰ্যায়ৰ মাছৰ বাবে প্ৰস্তুত কৰে ভিন ভিন পৰিপূৰক খাদ্য। উদাহৰণস্বৰূপে গুড়ি খাদ্য, বৰি খাদ্য, চেৱৱৈ জাতীয় খাদ্য আদিয়েই প্ৰধান। ২০০৫ চনত আয় সৃষ্টি কাৰ্যসূচীৰ উদ্দেশ্যে গঠিত হোৱা বহুগুণা আৰ্থ-সামাজিক উন্নয়ন সমিতিয়ে বিভিন্ন নিয়োগ আৰু আয় সৃষ্টি কাম-কাজৰ জৰিয়তে ৰাজ্যৰ আৰ্থ-সামাজিক উন্নয়নত প্ৰভূত বৰঙণি আগবঢ়াই আহিছে। ৰাষ্ট্ৰীয় পৰ্যায়তো পুৰষ্কৃত তথা স্বীকৃত হৈছে সংস্থাটি। ৰাজ্যৰ মীনপালকক গুণগত মানৰ মীন খাদ্য যোগান ধৰি মৎস্য উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে ২০১৫ চনত অসম মীন উন্নয়ন নিগমৰ বন্ধ হৈ থকা উৎপাদন গোটটি তেওঁলোকে বন্দবস্তিত লয়। এইক্ষেত্ৰত বিশেষ উদ্যমী ভূমিকা লয় সংস্থাটিৰ সাধাৰণ সম্পাদক পৰেশ চন্দ্ৰ বৈশ্য, কাৰিকৰী পৰ্যবেক্ষক কেশৱ চন্দ্ৰ বৈশ্য আৰু সৰবৰহী প্ৰতিষ্ঠিত ব্যৱসায়ী নগাঁৱৰ নুৰুল ইছলামে। অৰ্থনীতিৰ স্নাতকোত্তৰ পৰেশ বৈশ্য, আঞ্চলিক গৱেষণাগাৰৰ প্ৰকল্প ৰূপায়ণত জড়িত কেশৱ বৈশ্য আৰু গ্ৰাম্য বিদ্যুতীকৰণৰ ৰূপত দেশৰ ভিতৰত দ্বিতীয় স্থানপ্ৰাপ্ত ইছলাম আৰু অন্যান্যসকল নিজ নিজ ক্ষেত্ৰত বিশেষ অভিজ্ঞতা আৰু প্ৰজ্ঞাৰে সমৃদ্ধ। তেওঁলোকে ৰাজ্যৰ বাহিৰৰ পৰা কাৰিকৰী বিশেষজ্ঞ আনি মিলটো পুনৰ নতুনকৈ ঠিক-ঠাক কৰি গঢ়ি লোৱাৰ ব্যৱস্থা কৰে। দেশৰ ভিতৰত অন্যতম উৎকৃষ্ট মিল হিচাপে পৰিগণিত কমপেক্ট খাদ্য উৎপাদন গোটত আৰম্ভ হ’ল সন্তোষজনক উৎপাদন। মীন পালকসকলেও আদৰি ল’লে কমপেক্ট খাদ্য। কাৰণ কম দামত সম্পূৰ্ণ পৰিপুষ্টিৰ উপকৰণসহ মাছৰ গ্ৰহণযোগ্য আন খাদ্য নাই। উল্লেখ্য যে যিয়ে এবাৰ কমপেক্ট খাদ্য ব্যৱহাৰ কৰিছে, যি পুনৰ আহিবই। অৱশ্যে বৃহৎ বৃহৎ বহু ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ পৰিপূৰক খাদ্যৰে দপদপাই থকা বজাৰখনত পোনতে প্ৰৱেশ কৰিবৰ বাবে যথেষ্ট কষ্ট কৰিবলগা হৈছিল পৰেশহঁতে। এইক্ষেত্ৰত অৱশ্যে নুৰুলৰ ব্যৱসায়িক চাতুৰ্যই বিশেষ সহায় কৰিছে। ২৫ শতাংশ প্ৰ’টিনবিশিষ্ট গুণগত খাদ্য ২২ টকা কেজি দৰত যোগান ধৰাটো বৰ উজু কথা নহয়। গোটটিৰ গুণগত মান নিশ্চিত আৰু কাৰিকৰী পৰামৰ্শদাতা হিচাপে জড়িত হৈ আছে মীন বিশেষজ্ঞ ড ভবেন্দ্ৰ লাহন। কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ড দীপেশ দেৱনাথ আৰু ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদৰ উত্তৰ-পূব আঞ্চলিক শাখাৰ মূৰব্বী ড সঞ্জয় শৰ্মা (৯৪৩৫৩-০৯৫৬৮)। ড সঞ্জয় শৰ্মাই এই প্ৰতিবেদকক ব্যক্ত কৰা মৰ্মে অলপতে তেওঁৰ আমন্ত্ৰণক্ৰমে গোটটি পৰিদৰ্শন কৰা দেশৰ অগ্ৰণী মীন পৰিপুষ্টি বিষয়ক বিজ্ঞানী তথা ভূবনেশ্বৰৰ কেন্দ্ৰীয় অলৱণীয় জলসংবৰ্ধন প্ৰতিষ্ঠানৰ প্ৰধান বিজ্ঞানী ড কে এন মহন্ত আৰু বিজ্ঞানী দলে মিলটো পৰিদৰ্শন কৰি উচ্চ মতামত লিপিবদ্ধ কৰিছে। তেওঁলোকৰ অভিমত অনুযায়ী কমপেক্ট খাদ্য উৎপাদনকাৰী গোটটো দেশৰ ভিতৰতে অন্যতম সমৃদ্ধ উৎপাদন গোট আৰু ই দেশৰ যিকোনো অত্যাধুনিক মাছৰ খাদ্য উৎপাদনকাৰী গোটৰ লগত ফেৰ মাৰিবলৈ সক্ষম। গোটটিৰ উৎপাদনৰ গুণগত মান নিশ্চিতিৰ বাবে বিশেষ সতৰ্ক। সেয়েহে তেওঁলোকে বিভিন্ন উপকৰণ, যেনে- চাউলৰ মল, সৰিয়হৰ খলিহৈ, মাকৈ, শুকান মাছৰ গুড়ি, মটৰ, চয়াবিন আদি নিজে সংগ্ৰহ কৰে আৰু স্বাস্থ্যসন্মত মজুতকৰণৰ প্ৰতি বিশেষ দৃষ্টি ৰাখে। উৎপাদিত খাদ্য টোপোলাকৰণ বা ভঁৰালত ৰাখিবলৈও বিশেষ যতন লয় এওঁলোকে। বিগত বৰ্ষত ৭০০০ মেট্ৰিক টন খাদ্য উৎপাদন কৰা গোটটোৰ চাহিদা অনুযায়ী যোগান নিশ্চিত কৰিবলৈ আৰু অধিক উৎপাদনৰ প্ৰয়োজন। মিল প্ৰাংগণত লগ পোৱা কাৰ্বিআংলঙৰ মীন বিষয়া বাপুৰাম টেৰণ, পুৰষ্কৃত মীনপালক ছফিকুল ইছলাম আৰু কেইবাজনো মীনপালকে জনোৱা মৰ্মে কমপেক্ট খাদ্যৰ ফলাফল আন খাদ্যতকৈ বহু ওপৰত। সেয়েহে এবাৰ এই খাদ্য ব্যৱহাৰ কৰা মীনপালকে পৰৱৰ্তী সময়ত আন খাদ্য নিবিচাৰে। ৰাজ্যৰ মীন সঞ্চালক স্বপন কুমাৰ দাস, বিশেষ কৰ্তব্যৰত বিষয়া পদ্মকান্ত হাজৰিকা, কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ উত্তৰ-পূব শাখাৰ মুৰব্বী ড বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অধি উপাচাৰ্য ড আৰ কে শৰ্মা, যুটীয়া মীন সঞ্চালক সত্যজিৎ শৰ্মা (৯৪৩৫১-৬০৪১৪) আদি ব্যক্তিয়ে সততে উৎসাহিত কৰি আহিছে সংস্থাটিক।

(উৎসঃ নিয়মীয়া বাৰ্তা, ড ধ্ৰুৱজ্যোতি শৰ্মা)।

ওৰাঙৰ দিব্যাংগ মুক্তিকামৰ কৰ্মস্পৃহাঃ

 

ভাৰতৰ স্বাধীনতা আন্দোলনত মুক্তি সেনানী ৰূপে অংশগ্ৰহণ কৰা ওৰাঙৰ কাঠপুৰী গাঁৱৰ ৰাউনীবালা কোচ এগৰাকী মহীয়সী নাৰী, অঞ্চলটোৰ পৰম গৰিমা। তেওঁৰেই পৰিনাতি মুক্তিকাম বৰুৱা এজন স্নাতক ডিগ্ৰীধাৰী বিশেষভাৱে সক্ষম যুৱক। গাঁৱখনৰ একমাত্ৰ বৰুৱা উপাধিধাৰী পৰিয়ালৰ প্ৰয়াত মহেন্দ্ৰ বৰুৱা আৰু বিমলা বৰুৱাৰ পাঁচ পুত্ৰ, দুই কন্যাৰ কনিষ্ঠ মুক্তিকাম। জন্ম (৩০-০৫-১৯৮০)-ৰ পাছত দুৰ্ভাগ্যক্ৰমে পলিঅ’ ৰোগাক্ৰান্ত হৈ দুই ভৰি অক্ষম হয় মুক্তিকামৰ। পৰিয়ালৰ মৰম-আদৰ আৰু যত্নৰ ফলত ১৯৯০ চনত গাঁৱৰে নগাঁও দফলাপোটা প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা সাং কৰি ওৰাং এম ই স্কুলত নামভৰ্তি কৰে তেওঁ। ১৯৯৬ চনত ওৰাং হাইস্কুলৰ পৰা মেট্ৰিক আৰু ১৯৯৮ চনত ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা (বিজ্ঞান শাখা) উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা কৃতিত্বৰে উত্তীৰ্ণ হয়। শাৰীৰিকভাৱে প্ৰতিবন্ধী হৈও জীৱন ৰণৰ সৈনিক মুক্তিকামে ২০০৩ বৰ্ষত (ঘৰৰ পৰা প্ৰায় ১৭ কিঃ মিঃ) নিলগৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ) লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ পৰা বি.এ. পাছ কৰে। বহু কাৰুণ্য আৰু কষ্টৰ মাজতে দিব্যাংগ মুক্তিয়ে নিশকতীয়া ভৰি দুখনেৰে কৃষি কৰ্মত আত্মনিয়োগ কৰে। এই ক্ষেত্ৰত তেওঁ দৈনিক বনুৱাৰ সহায়ো লয়। উপযুক্ত শিক্ষাৰে শিক্ষিত মুক্তিকামে শাৰীৰিক প্ৰতিবন্ধকতাৰ পৰা কিছু উপশম প্ৰাপ্তিৰ আশাৰে ২০০৪ চনত স্থানীয় এখন এম ই স্কুলত বিজ্ঞান শিক্ষক ৰূপে নিয়োজিত হয়। স্বীকৃতিপ্ৰাপ্ত এই বিদ্যালয়খন প্ৰাদেশিকীকৰণ নোহোৱাত বিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰীৰ লগতে মুক্তিকামো আশাহত হয়। চৰকাৰী স্থায়ী সংস্থাপনৰ আশাত তেওঁ শিক্ষা, স্বাস্থ্য, সমাজ কল্যাণ আদি বিভিন্ন বিভাগৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হৈও বঞ্চিত হৈ আহিছে। বিশেষভাৱে সক্ষম শিক্ষিত লোকৰ বাবে থকা চৰকাৰী সংৰক্ষণ, সা-সুবিধাৰ আওতাৰ বাহিৰতে আজিও কৰ্মসংস্থাপনহীন হৈ ৰৈ গ’ল মুক্তিকাম। তথাপি নিষ্কৰ্মা নহৈ তেওঁ আজিও ঘৰতে বহুমুখী ক্ষুদ্ৰ উপাৰ্জনৰ হেতু গ্ৰাম্য আঁচনিত ব্ৰতী হৈ আহিছে। পৈতৃক সম্পত্তি হিচাপে লাভ কৰা ৬ বিঘা খেতিমাটিত শালি খেতি কৰি মুখ্য উপাৰ্জনৰ পথ সুগম কৰি ৰাখিছে। দুই বিঘা মাটিত সেউজীয়া সোণৰূপে আছে তামোল-পাণ, কমলা, কল, বাঁহগছ আদি। পথাৰৰ ওখ মাটিত উৎপাদন কৰে আলু, ৰঙালাউ আদি উপৰুৱা খেতি। ইপিনে, পুখুৰীৰ পানী ঢৌৱাই খলকনি তুলি থকা ৰৌ, ভকুৱা, মিৰ্গা, কাৱৈ, ছিলভাৰ, মাগুৰ, মোৱা, পুথি, ডঁৰিকণা আদিৰ উপৰি গোহালিত দুজনী ক্ষীৰতী গাই, গড়ালত হাঁহ-মুৰ্গী আদিবোৰেও তেওঁৰ খাদ্য চাহিদা পূৰোৱাৰ লগতে ব্যৱসায়িক উপাৰ্জনৰ অন্যতম উৎস ৰূপে পৰিগণিত হৈ আহিছে। এই আটাইবোৰৰ লালন-পালন, চোৱাচিতা কৰে মনোবল আৰু কৰ্মস্পৃহাৰে কাঠপুৰীৰ দিব্যাংগ যুৱক মুক্তিকামে। বাৰিষাৰ পথাৰত আলিৰ কাণ কটা, কঠীয়া তোলা, সোণালী আঘোণৰ পথাৰত ধান কটা, ঘাঁহ কটা, চোতালত মৰণা মৰা, ভাত বনোৱা, কাপোৰ ধোৱা সকলো কামতে নিপুণ তথা আগৰণুৱা মুক্তিকামৰ জীৱন পৰিক্ৰমা বিচিত্ৰ কৌতূহলপূৰ্ণ। কাম কৰি, খোজ কাঢ়ি আৰু চাইকেল চলায় ক্ষীণকায় ভৰিৰ বিষত প্ৰায়ে অসুস্থ হৈও কৰ্মযুঁজত বাধ্য হৈয়ে লাগি পৰে। তেওঁৰ আশাৰ চৰকাৰী চাকৰিটো হ’বনে ? ৩৭ বছৰ বয়সোৰ্ধ্বৰ মুক্তিকাম বৰুৱাই (উপযুক্ত) শিক্ষিত যুৱক আৰু বিশেষভাৱে সক্ষম হোৱা হেতুকে ৰজাঘৰীয়াৰ দৃষ্টি পৰিবনে তেওঁৰ ওপৰত ?

(উৎসঃ নিয়মীয়া বাৰ্তা, অতুল চন্দ্ৰ নাথ, ওৰাং)।

সৰিয়হ খেতিৰে দৰঙৰ মহিলাৰ অৰ্থনৈতিক বিপ্লৱঃ

 

দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ বুঢ়ীনগৰ পঞ্চায়তৰ অন্তৰ্গত ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী এখন অখ্যাত গাঁও চকীয়াপাৰা। পাঁচ শতাধিক জনসংখ্যাৰে গঠিত গাঁওখন যাতায়ত, বিশুদ্ধ খোৱাপানী, স্বাস্থ্যসেৱা, জলসিঞ্চন আদি বিভিন্ন দিশত সমস্যাৰে ভাৰাক্ৰান্ত। শালিধানৰ খেতিয়েই গাঁওখনৰ সৰহসংখ্যক পৰিয়ালৰ মূল জীৱিকা। কিন্তু শালিধানৰ খেতি চপোৱাৰ পিছত সম্প্ৰতি গাঁওখনৰ একাংশ পথাৰ হালধীয়া আৱৰণেৰে ভৰি পৰিছে। গাঁওখনৰ এই পথাৰত দৃষ্টি নিক্ষেপ কৰা সকলোৰে নয়ন জুৰাই পেলোৱা এক নৈসৰ্গিক দৃশ্য। যেন এখন সুন্দৰ দলিচাহে পথাৰত পাৰি থোৱা হৈছে। এই হালধীয়া দলিচাসদৃশ দৃশ্য আন একো নহয়- বিশাল পথাৰ আগুৰি ফুলা সৰিয়হ ফুল। ৰবি শস্যৰ বতৰত ব্যৱহৃত হৈ থকা কৃষিভূমিত সৰিয়হ ফুল ফুলাই পোন প্ৰথমবাৰৰ বাবে মহিলা সবলীকৰণৰ এক অনন্য দৃষ্টান্ত দেখুৱাইছে গাঁওখনৰ উদ্যমী ষোল্লগৰাকী মহিলাই। দেওমৰনৈ মহাবিদ্যালয়ৰ স্নাতক শেৱালি কলিতাৰ নেতৃত্বত প্ৰেমলতা চহৰীয়া কলিতা, সুভদ্ৰা ডেকা, বিউটি কলিতা, গীতা ডেকা, ৰম্ভা ডেকা, ভাৰতী বড়ো, কবিতা বড়ো, মাদেশ্বৰী ডেকা, লীলাৱতী ডেকা, দুলু ডেকা, মণিষা ডেকা, সংগীতা ডেকা, নৰ্মদা ডেকা আদি ২৫ বছৰৰ পৰা ৫৫ বছৰ বয়সৰ বিবাহিত-অবিবাহিত এইসকল মহিলাই নিজৰ দৈনন্দিন পাৰিবাৰিক ব্যস্ততাৰ মাজতো অতিৰিক্ত পৰিশ্ৰমেৰে প্ৰায় ১৫ বিঘা শুকান কৃষিভূমি জিলিকাই তুলিছে সৰিয়হ খেতিৰে। ‘আমাৰ সকলোৰে অৰ্থনৈতিক স্বাৱলম্বনৰ বাবে কিবা এটা কৰাৰ খুব হেঁপাহ। কিন্তু কি কৰিম সেয়া নিশ্চিত কৰিব পৰা নাছিলো। যোৱা নৱেম্বৰ মাহত আমি গাঁৱৰ এটা কাৰ্যসূচীত লগ পালো দৰং কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষিবিজ্ঞানী কেইগৰাকীমানক আৰু তেওঁলোকৰ পৰামৰ্শ, সহায়-সহযোগিতা পায়েই আমি মহলাসকল একগোট হৈ কাম আৰম্ভ কৰিলো’। শেৱালি কলিতাই এনেদৰে ব্যক্ত কৰে। লগতে তেওঁ কয় যে, ‘কৃষি বিজ্ঞান কেন্দ্ৰই আমাক উন্নত জাতৰ টি এছ-৩৮ প্ৰজাতিৰ বীজৰ লগতে খেতিত প্ৰয়োগ কৰিবলগা কীটনাশক দ্ৰব্য আদি বিনামূলীয়াকৈ যোগান ধৰিছে’। সেইদৰে আন এগৰাকী সদস্যা বিউটি কলিতাই কয়, ‘ব্যক্তিগত ভাড়া ট্ৰেক্টৰৰ জৰিয়তে মাটিখিনি চহোৱা হৈছিল আৰু তাৰ বাবে আমি প্ৰত্যেক গৰাকী মহিলাই নগদ এহাজাৰ টকাকৈ বহন কৰিছিলো’। তেওঁ লগতে আৰু কয়, ‘খেতিৰ বাকী কাম যেনে- সাৰ দিয়া, গুটি সিঁচা, বন চাফা কৰা আৰু খেতিডৰা পোহনীয়া গৰু-ছাগলীৰ পৰা ৰক্ষা কৰা আমি মহিলাসকলে পালপাতি কৰিছো’। ইয়াৰ মাজতে খৰাংসদৃশ পৰিস্থিতি আৰু জলসিঞ্চনৰ অভাৱৰ বাবে পথাৰত প্ৰয়োজনীয় পানী যোগানৰ বাবে মহিলাসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে। এই সম্পৰ্কত আন এগৰাকী সদস্যা প্ৰেমলতা চহৰীয়া কলিতাই কয়- ‘কালপানী বোৱঁতী জলসিঞ্চন প্ৰকল্প আদি অঞ্চলটোৰ কেবাখনো জলসিঞ্চন আঁচনি বছৰ বছৰ ধৰি অকাৰ্যক্ষম হৈ পৰি থকাত আমাৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। তথাপি মহিলাসকলে বিঘাই প্ৰতি তিনি-চাৰি মোনকৈ সৰিয়হ উৎপাদন পাব বুলি প্ৰচুৰ আশাবাদী’।

ইফালে এই সমগ্ৰ কাম-কাজৰ তত্ত্বাৱধানৰ দায়িত্বত থকা কৃষিবিজ্ঞানী ৰিংকুমণি ফুকনে এই সন্দৰ্ভত জনোৱা মতে তেওঁলোকে ২০১৬-১৭ বৰ্ষৰ ৰবি শস্যৰ বতৰত দৰং জিলাৰ আন ছখন গাঁৱৰ লগতে চকীয়াপাৰাত ‘ক্লাষ্টাৰ প্ৰদৰ্শনী’ৰ অধীনত এই কাৰ্য্যসূচী গ্ৰহণ কৰিছে। অৱশ্যে এই ক্ষেত্ৰত চকীয়াপাৰা গাঁও ব্যতিক্ৰম, কিয়নো আনকেইখন গাঁৱত পুৰুষক জড়িত কৰোৱাৰ বিপৰীতে ইয়াত কেৱল মহিলাকহে জড়িত কৰোৱা হৈছে। কৃষিবিজ্ঞানীগৰাকীয়ে লগতে প্ৰকাশ কৰা মতে অঞ্চলটোত পূৰ্বে এম-২৭ প্ৰজাতিৰ বীজ ব্যৱহাৰ কৰি প্ৰতি বিঘাত ডেৰ-দুই মোন সৰিয়হ পাইছিল। কিন্তু এইবাৰ উন্নত টি এছ-৩৮ প্ৰজাতিৰ বীজ প্ৰয়োগ কৰা হৈছে, যাৰ পৰা প্ৰতি বিঘাত তিনি মোনতকৈ অধিক উৎপাদন সক্ষম হ’ব।

(উৎসঃ সাদিন, গণেশ দত্ত)।

3.04081632653
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top