অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গেলেকীৰ কমলাবাৰীত মুগা পালনেৰে স্বাৱলম্বন

গেলেকীৰ কমলাবাৰীত মুগা পালনেৰে স্বাৱলম্বন

 

মুগা শিল্প অসমৰ আপুৰুগীয়া সম্পদ আৰু গোলকীয়কৰণৰ নিত্য নতুন বজাৰত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত মুগা শিল্পই বৰ্তমান সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।লগতে মুগাৰ পৰা উৎপাদিত সুতাই সোণালী সুতা বা মুগা কাপোৰ,সোণৰ পাট কাপোৰ হিচাপে বিদেশতো বজাৰ দখল কৰি ৰেচম শিল্পৰ গৌৰৱ বৃদ্ধি কৰিছে।ৰাজ্যখনত ৮৬০০ খনৰো অধিক গাঁৱত প্ৰায় ২.৯ লাখ লোকে মুগা শিল্পৰ লগত জড়িত থাকি স্বনিয়োজনৰ বাট মোকোলাৱাৰ লগতে ৰাজ্যখনৰ আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত প্ৰচুৰ অৱদান যোগাই আহিছে।শিৱসাগৰ জিলাৰ নাজিৰাসহ সীমাৱৰ্তী গেলেকীৰ কমলাবাৰীত ভালেসংখ্যক পৰিয়ালে মুগা পালনেৰে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে।উল্লেখ্য যে অসমৰ পৰ্যটন কেন্দ্ৰৰ মানচিত্ৰত ১০ বছৰ আগেয়ে সংযোগ হোৱা কমলাবাৰী অৰণ্যম পৰ্যটন কেন্দ্ৰৰ গাৰো-পৱন নামৰ পৰিচালনা সমিতিখনে শিৱসাগৰ জিলা প্ৰশাসন আৰু ন-পাম বাৰোতীয়া গাঁও পঞ্চায়তৰ উন্নয়নমুলক আঁচনিৰ অধীনত তিনিশ বিঘা মাটিত চোম গছৰ পুলি ৰোপণ কৰিছিল।সেই বৃহৎ চোমনীত ছশৰো অধিক চোম গছ লহ-পহকৈ বাঢ়ি অহাত বিগত তিনি বছৰত নাজিৰা,নামতি,গেলেকী,নামদঙীয়া আদি অঞ্চলৰ ভালেসংখ্যক পৰিয়ালে মুগা পুহি তাৰ পৰা উৎপাদন হোৱা পলু,লেটা,সুতাৰদ্বাৰা স্থানীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।এই বছৰত উত্তৰ লখিমপুৰ,ধেমাজি,ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ ১৪ জনকৈ মুগাপালকে ১২০ বিঘা মাটিকালিত সমুহীয়াভাৱে মুগা পুহি আশাতীতভাৱে লাভৱান হ’বলৈ সক্ষম হৈছে।জেঠ মাহত সাতশ খৰিকাত পলু মেলি ২০ হাজাৰ মুগা উৎপাদন কৰি লাভৱান হয় মুগা পালককেইজন।উল্লেখ্য যে আহাৰ মাহত মুগা পালনৰ সামৰণি মৰা অৰ্থাৎ জেঠুৱা মুগা পালনৰ দিন সামৰণি পৰাত পৰৱৰ্তী ভদীয়া মুগা পালনৰ বাবে সাজু হৈছে মুগা পালককেইজন।ধেমাজিৰ সোণাৰাম চেতিয়া (৬২),দুৰ্গেশ্বৰ বৰপাত্ৰগোহাঁই (৫৪),অমল কোচ (৫০),ৰঞ্জন দিহিংগীয়া (৩৭),নিপুল কোচ (২৭),তছিল চুতীয়া (৩২),ডিমৌৰ বিমান খনিকৰ (৩৬),ডিব্ৰুগড় বৰুৱা নগৰৰ মনোজ গগৈ (৩৭),গেলেকী দেউঘৰীয়াৰ ৰমা গগৈ,জীৱেশ্বৰ বৰা,কলিয়াপানীৰ লম্বোদৰ গগৈকে আদি কৰি ১৪ জন মুগাপালকে কমলাবাৰীত মুগা পালন কৰি সফলতা অৰ্জন কৰিছে।উল্লেখ্য যে ধেমাজিৰ নিপুল কোচ আৰু তছিল চুতীয়া দুয়োজন কলেজীয়া ছাত্ৰ।মুগা পালনৰ প্ৰতি সৰুৰ পৰাই আকৰ্ষিত হোৱা দুয়োজন ছাত্ৰই উচ্চ শিক্ষাৰ লগতে সমানেই মুগা খেতিত আত্ম নিয়োগেৰে নিজৰ শিক্ষা আহৰণৰ খৰচ উলিওৱাৰ লগতে পৰিয়াল চলাবলৈ সমৰ্থ হৈছে।মুগা শিল্পৰ প্ৰতি অতি আগ্ৰহ থকা নিপুল আৰু তছিলৰ লক্ষ্য হ’ল এই শিল্পৰ মাজেদি বাণিজ্যিক দিশত মুগা শিল্পক অধিক জনপ্ৰিয় কৰি তোলাৰ লগতে আনকো মুগা শিল্পৰ প্ৰতি আগ্ৰহান্বিত কৰি তোলা।

লেখক:অনুজ ৰাজখোৱা (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/20/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate