মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / গ্ৰাম্য অৰ্থনীতি বিকাশৰ বাবে সাপ্তাহিক বজাৰসমূহৰ উন্নয়ন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰাম্য অৰ্থনীতি বিকাশৰ বাবে সাপ্তাহিক বজাৰসমূহৰ উন্নয়ন :

গ্ৰাম্য অৰ্থনীতি বিকাশৰ বাবে সাপ্তাহিক বজাৰসমূহৰ উন্নয়নৰ বিষয়ে লিখা হৈছে ।

 

যি এডোখৰ ঠাইত উৎপাদিত সামগ্ৰীসমূহ সমূহীয়া ভাৱে ক্ৰয়- বিক্ৰয় কৰা হয় সেই ঠাইডোখৰকে সাধাৰণ ভাষাত বজাৰ বুলি কোৱা হয়৷ বৰ্ধিত জনসংখ্যা আৰু জনসাধাৰণ চহৰমুখী হোৱা ফলত চহৰে নগৰে সৰু সৰু বজাৰ গঢ়ি উঠিছে৷ কিন্ত অতীতৰ ৰজা মহাৰজা দিনৰ পৰাই থকা গাঁৱৰ সামগ্ৰী বিক্ৰী কৰা বজাৰসমূহ আজিও এক মূখ্য ভূমিকা গ্ৰহণ কৰি আহিছে গ্ৰাম্য অৰ্থনীতিত৷

এই বজাৰসমূহ ঠাই বিশেষে সপ্তাহৰ মূৰত বহা পৰিলক্ষিত হয়৷ মানুহ জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন৷ খাদ্য বুলি ক'লে সততে ভাত আৰু ভাজিকে ধৰিব পাৰি৷ সেই ভাতসাঁজ খাবলৈ যি শাক-পাচলি, মাছ-মাংসৰ প্ৰয়োজন হয় বজাৰতে উপলব্ধ হয়৷ অসমৰ প্ৰতিটো চুকে-কোণে হেজাৰ হেজাৰ এনেকুৱা বজাৰ আছে।

এতিয়া আহো মূল কথালৈ৷ এই বজাৰসমূহ যদিও ৰাইজৰ খাদ্য বা অন্যান্য ঘৰুৱা সামগ্ৰীৰ কিনা বেচা কৰা হয় তাতোকৈ প্ৰয়োজনীয় বিষয় বস্ত হ'ল খেতিয়কৰ উৎপাদিত সামগ্ৰী এই বজাৰসমূহৰ পৰাই বিতৰণ হয়৷ পাচলি বা কল, হাঁহ-কুকুৰা, তামোল-পাণ, গাহৰি, গৰু-ছাগলী ইত্যাদি বেপাৰীসকলে কিনি নি অন্য ঠাইত বিক্ৰী কৰেগৈ৷ এই বজাৰবোৰক অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত মূখ্য ভুমিকা লয় বুলি এই বাবে কব পাৰি যে এই বজাৰবোৰতে খেতিয়কে নিজৰ সামগ্ৰী বিক্ৰী কৰি ঘৰখন চলাব চেষ্টা কৰে৷ ঘৰৰ হাঁহ ছাগলী দুটা বিক্ৰী কৰি দুপইছা অৰ্জন কৰি সন্তানৰ শিক্ষা-দীক্ষাৰ খৰচ বহন কৰে। বহুত মানুহৰ জীৱন বজাৰসমূহৰ উপাৰ্জনৰ পৰাই পৰাই চলি থাকে৷

কিন্ত সাম্প্ৰতিক সময়ত জীৱন ধাৰণৰ মানদণ্ড উন্নত হোৱাৰ ক্ষেত্ৰত এই বজাৰসমূহৰ আন্ত:গাঁথনিৰ অভাৱে দেখা গৈছে বা আন্ত:গাঁথনি আছে যদিও অৱহেলিত ৰূপত পৰি আছে৷ বৰষুণ, বোকা-পানী, গৰু-কুকুৰৰ মল মূত্ৰ, প্ৰস্ৰাৱগাৰ, পায়খানাৰ অভাৱ, ৰদ-বৰষুণৰ বাবে কোনে ব্যৱস্থা নাই, গাড়ী পাৰ্কিংৰ ব্যৱস্থা নাই৷ এই বজাৰসমূহৰ বেপাৰীসকললৈ লক্ষ্য কৰিলে দেখিব পোৱা যায় যে 80% বেপাৰী অশিক্ষিত আৰু দৰিদ্ৰ পৰিয়ালৰ৷

এই বজাৰ সমূহকলৈ তেঁওলোকৰ আক্ষেপ নাই বা বেছি আশাবাদী নহয়ো৷ কিন্ত সদায়ে যদি এইটো পৰ্যায়ত চলি থাকে শিক্ষিত মানুহৰ আগমনৰ সম্ভাৱনা যথেষ্ট কম৷ চহৰৰ শ্বপিং মল, বিগ বাজাৰ ইত্যাদিৰ যি শীত-তাপ নিয়ন্ত্ৰিত কোঠালি বা গাড়ী পাৰ্কিঙকে ধৰি যিধৰণৰ সুব্যৱস্থা গঢ়ি উঠিছে, সেই অনুপাতে আমাৰ নিজৰ বজাৰকেইখনৰ অৱস্থা অতিকৈ পুতৌজনক৷ আৰু এই বজাৰসমূহ যিহেতু চৰকাৰৰ অধীনত থাকে গতিকে ইয়াৰ আন্ত:গাঁথনিৰ উন্নয়ত চৰকাৰে দায়িত্ব লব লাগিব আৰু যেতিয়া আন্ত:গাঁথনি নিৰ্মাণ কৰা হ'ব খুউব অভিজ্ঞ ব্যক্তিৰ দ্বাৰা পৰিকল্পনা কৰোৱাব লাগিব। যি ডাকত বজাৰসমূহ লয় তেঁওৰো কৰ্তব্য থাকিব বজাৰ সমূহ চাফ চিকুনতাত গুৰুত্ব আৰোপ কৰাত৷ সেয়ে বজাৰসমূহৰ উন্নয়ন বৰ্তমান অতিকৈ প্ৰয়োজনীয় ৷ আশা কৰো সংশ্লিষ্ট পক্ষই বিষয়টো গুৰুত্ব প্ৰদান কৰিব।

লেখক: মানস জ্যোতি সোনোৱাল

উৎস: সেউজ চিন্তা

2.57142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top