মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / গৌৰীপুৰৰ এগৰাকী প্ৰগতিশীল মহিলা কৃষক উদ্যমিতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৌৰীপুৰৰ এগৰাকী প্ৰগতিশীল মহিলা কৃষক উদ্যমিতা

গৌৰীপুৰৰ এগৰাকী প্ৰগতিশীল মহিলা কৃষক উদ্যমিতাৰ বিষয়ে লিখা হৈছে ।

গৌৰীপুৰ চহৰৰ ওচৰৰ লাউখোৱাপাৰ নিৱাসী কনক প্ৰসাদ ৰায়ৰ পত্নী আৰু দুটি পুত্ৰ সন্তানৰ মাতৃ সুজাতা ৰায়ে নিজৰ পট্টাভুক্ত মাটিত তুলসী জহা ধানৰ খেতি কৰি সমগ্ৰ অঞ্চলটোতে বিৰল দৃষ্টান্ত দাঙি ধৰিছে।

তিনি বিঘা মাটিত তুলসী জহা ধানৰ খেতি কৰি মহিলাসকল যে পুৰুষ কৃষকতকৈ কোনো গুণে পাছপৰা নহয়, সেই কথা সুজাতা ৰায়ে প্ৰমাণ কৰিবলৈ সক্ষম হৈছে। ১৯৮৪ চনৰপৰা খেতি কৰি অহা সুজাতাই নিজৰ ভৰিত থিয় দি জহা ধানৰ উপৰি পাঁচ বিঘা মাটিত বন্ধা কবি আৰু আলুৰ খেতি কৰি যি উদ্যমিতাৰ নিদৰ্শন দাঙি ধৰিছে, তাক অঞ্চলটোৰ সকলো স্তৰৰ লোকে একেমুখে প্ৰশংসা কৰা দেখা গৈছে।

সুজাতাই তুলসী জহাধানৰ বীজ স্থানীয় বজাৰৰপৰা প্ৰতি কিলোগ্ৰামত ২০০ টকাকৈ কিনি আনি ওখ ঠাইত কঠীয়া পাৰে। কঠীয়া এহাতমান ওখ হ’লে শিপা নভঙাকৈ সযতনে তুলি আনি পূৰ্বতে হাল বাই সাজু কৰি লোৱা পথাৰত শাওণ মাহত ৰুই দিয়ে।

ধানৰ কঠীয়া সজল ধৰি উঠাৰ সময়ত অধিক উৎপাদনৰ বাবে সুজাতাই ৰাসায়নিক সাৰ, গোবৰ আৰু মেটেকা সাৰ প্ৰয়োগ কৰে।

ধানৰ কঠীয়াবোৰৰ পৰা থোৰ ওলোৱাৰ উপক্ৰম হ’লে পোক-পৰুৱাৰ উপদ্ৰবৰপৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে তেওঁ ৰাসায়নিক ঔষধ প্ৰয়োগ কৰে। সম্পূৰ্ণ নিজ প্ৰচেষ্টাৰে খেতি কৰি তেওঁ অৰ্থনৈতিকভাৱে সচ্ছল হৈও উঠিছে।

খেতিৰ সময়ত দিনে ৮-১০ ঘন্টাকৈ পৰিশ্ৰম কৰিও সুজাতাই হাৰ মনা নাই। অৱশ্যে তেওঁৰ এই কামত স্বামী কনক প্ৰসাদ ৰায়েও সহায় কৰে আৰু প্ৰয়োজনত দুই-চাৰিজন বনুৱাও নিয়োগ কৰে। এনেদৰে হাড়ভঙা পৰিশ্ৰম কৰিও সুজাতাই কিন্তু ঘৰুৱা কাক-কাজলৈ পিঠি নিদিয়ে।

যৎসামান্য শিক্ষাৰে শিক্ষিত হৈও তেওঁ পুত্ৰ সন্তান দুটিৰ পঢ়া-শুনাৰ বাবে সদায় যত্নবান হৈ থাকে। তেওঁৰ ডাঙৰ পুত্ৰ হৰিপ্ৰসাদ ৰায়ে সম্প্ৰতি তেজপুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত এম টেক পঢ়ি আছে আৰু কনিষ্ঠ পুত্ৰ কল্যাণ ৰায়ে গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি আছে।

সাধাৰণতে, আঘোণ মাহৰ শেষত ধান কাটে আৰু প্ৰতি বিঘা মাটিত ১০-১১ মোনকৈ তুলসী জহা ধান উৎপন্ন হয়। এই সুগন্ধময় তুলসী জহা ধান ওচৰৰ বজাৰৰ প্ৰতি মোনাত ১১০০ টকাকৈ বিক্ৰী কৰিবলৈ সমৰ্থ হয়।

নিজে খোৱাৰ বাবে সুজাতাই আইজুং আদি ধানৰ খেতি কৰে যদিও জহাধানৰ খেতিৰ প্ৰতিহে তেওঁৰ উৎসাহ বেছি বুলি এই প্ৰতিবেদকৰ আগত প্ৰকাশ কৰিছে। নিজৰ ঘৰুৱা ব্যৱহাৰৰ কাৰণে ২-৩ বিঘা মাটিত সৰিয়হৰো তেওঁ খেতি কৰি আহিছে।

সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে তুলসী জহাধানৰ খেতি কৰি অহা সুজাতাই প্ৰমাণ কৰি দেখুৱাই দিছে যে পুৰুষতকৈ মহিলাসকলেও উপাৰ্জন কৰি স্বচ্ছল হৈ উঠিব পাৰে।

তেওঁৰ এনে প্ৰচেষ্টাৰ নিদৰ্শন দেখি ওচৰৰ দেবেন ৰায় আৰু বীৰেন ৰায় নামৰ দুজন কৃষকেও তুলসী জহাধানৰ খেতি কৰা আৰম্ভ কৰিছে।

এনে এগৰাকী উদ্যমী আৰু সাহসী মহিলা কৃষকৰ কাম-কাজ কিন্তু চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই। তেওঁ আক্ষেপেৰে ক’লে যে এতিয়ালৈকে কোনো এজন কৃষি বিষয়াই তেওঁৰ এনে একক প্ৰ্চেষ্টা সম্পৰ্কে বুজ লোৱা নাই। নাইবা কোনো প্ৰকাৰে দিহা-পৰামৰ্শও দিয়া নাই।

সঠিকভাৱে সাৰ প্ৰয়োগ, কীট-পতংগ নিধনৰ পৰামৰ্শ, জলসিঞ্চন, সমৰ্থন মূল্যত ধান ক্ৰয় আদি বিষয়ত পৰামৰ্শ দিবলৈ কৃষি বিভাগৰ ক্ষেত্ৰ কৰ্মীৰ অনুপস্থিতি উল্লেখনীয় বুলিও প্ৰমাণিত হৈছে।

এনে এগৰাকী উদ্যমী আৰু সাহসী মহিলা কৃষকক ৰাজ্য চৰকাৰে উচিত মৰ্যাদা দিয়াটো সময়ৰ দাবী বুলি সচেতন লোকসকলে মন্তব্য কৰিছে।

লেখক: অম্বুনাথ শৰ্মা(দৈনিক অসম)

 

টিহুৰ আদৰ্শ মীনপালক জয়ন্ত কলিতা -

নলবাৰী জিলাৰ টিহুৰ সমীপৱৰ্তী মথুৰাপুৰৰ উচ্চ শিক্ষিত মীনপালন জয়ন্ত কলিতা নিশ্চিতভাৱে শত-সহস্ৰ উচ্চ শিক্ষিত যুৱক-যুৱতীৰ বাবে অনুকৰণীয় চানেকী। অতি সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান জয়ন্তই মীন পালনকে পেছা হিচাপে গ্ৰহণ কৰি প্ৰমাণ কৰি দিছে যে নিষ্ঠা, সততা, একাগ্ৰতা আৰু দূৰন্ত অভিলাসেৰে কৰ্মত অগ্ৰসৰ হ’লে প্ৰাপ্তিৰ পথত একোৱেই হেঙাৰ হ’ব নোৱাৰে।

জয়ন্তৰ মীন পালনত জড়িত হোৱাৰ পৰিঘটনাও অতি আমোদজনক। ১৯৯৫ চনত শিক্ষা সাং কৰি তেওঁ বন্ধুৰ লগত বৰপেটালৈ গৈছিল ফুৰিবলৈ। বৰপেটাত থকাৰ সুবাদতে প্ৰত্যক্ষ কৰিছিল মীন পালন সম্পৰ্কীয় বিভিন্ন কাম-কাজ। বিশেষকৈ মীন পালনেৰে দেশৰ ভিতৰতে পৰিচিত হোৱা ডাবালিয়াপাৰা অঞ্চলৰ কাম-কাজ দেখি তেওঁ অত্যন্ত মোহিত হৈছিল।

কথা-বতৰা পাতি লাভ-লোকচানৰ হিচাপেটোও লৈছিল জয়ন্তই। তেতিয়াই সংকল্প হৈছিল- ‘ময়ো এদিন আদৰ্শ মীনপালক হ’ম আৰু মীন পালনৰ জৰিয়তে প্ৰতিষ্ঠা কৰিব নিজৰ মৰ্যাদা’। যেনে সিদ্ধান্ত তেনে কাম। ১৯৯৬ চনত দুবিঘা মাটি ক্ৰয় কৰি নিৰ্মাণ কৰিছিল মীন পাম এখন। বিশেষ কাৰিকৰী জ্ঞানৰ ব্যতিৰেকেও আৰম্ভ কৰি দিছিল মীন পালন। প্ৰথম বছৰতে হাতত আহিছিল প্ৰায় এক লাখ টকা। ইয়ে জয়ন্তক বাৰুকৈয়ে উৎসাহিত কৰিছিল।

সেয়াই আৰম্ভণি। পৰৱৰ্তী সময়ত লভ্যাংশৰ ধন ব্যয় কৰি জয়ন্তই নতুন পুখুৰী নিৰ্মাণ কৰি অব্যাহত ৰাখে কাম-কাজ। ২০০২ চনত আৰম্ভ কৰে চাৰি বিঘা জলকালিৰ মীন পাম। ২০০৭ চনত পুনৰ সাত বিঘা ভূমি ক্ৰয় কৰি সম্প্ৰসাৰণ কৰে মীন পাম। এইদৰে জয়ন্তই অব্যাহত ৰাখে জয়যাত্ৰা। উপাৰ্জনো সমান্তৰালভাৱে বাঢ়ি যায় জয়ন্তৰ।

২০০৯ চনত জয়ন্তই লগ পায় কৃষ্ণ মণ্ডলক। কৃষ্ণ মণ্ডলেও মীন পালনত জড়িত হোৱাৰ সুবাদত জয়ন্তৰ লগ লাগে। ইতিমধ্যে কৃষ্ণই বিভিন্ন মীন সম্পৰ্কীয় কাম-কাজত জড়িত হৈ আহৰণ কৰিছিল অভিজ্ঞতা। এইবাৰ জয়ন্তৰ গতি হ’ল আৰু দুৰ্বাৰ।

আৰম্ভ কৰে মীন পোনা উৎপাদনৰ কাম। ইয়াতো জয়ন্তৰ উদ্ভাৱনী চিন্তাৰ শলাগ ল’ব লাগিব। জয়ন্ত আৰু কৃষ্ণই পাশ্বৱৰ্তী নৈ এখনৰ সোঁতত হাপা বান্ধি মাছৰ প্ৰজনন সম্পন্ন কৰে আৰু পৰৱৰ্তী সময়ত পোনাখিনি নিজ পামলৈ আনি সৰু সৰু পুখুৰীত প্ৰতিপালন কৰে। এইখিনি কৰোঁতে প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশৰ মাজত কটাবলগীয়া হয় কেইবাটাও উজাগৰী নিশা। তদুপৰি ভ্ৰূণ পোনাখিনি সংগ্ৰহ কৰি পামলৈ অনাটোও যথেষ্ট কষ্টসাধ্য।

কিন্তু জয়ন্তৰ মতে, ইয়াত পোনাৰ গুণগত মান বহু ওপৰত থাকে। সেয়েহে জয়ন্তৰ পোনাৰ গুণগত মান সম্পৰ্কত কাৰো দ্বিমত নাই। জয়ন্তৰ পোনাৰ গুণগত মান সম্পৰ্কত জিলা মীন বিষয়া প্ৰতুল বেজবৰুৱায়ো এই প্ৰতিবেদকক(৯৮৫৪৪৭৯২০০) নিশ্চিত প্ৰদান কৰিছে। প্ৰতি বছৰে বিভিন্ন পাশ্বৱৰ্তী অঞ্চলৰ খেতিৰ অনুপযোগী মাটি তেওঁ ক্ৰয় কৰি আৰম্ভ কৰে মীন পালন।

বহুতো অব্যৱহৃত আৰু অৱহেলিত পুখুৰী লয় লীজত। বৰ্তমান নিজাকৈ প্ৰায় কুৰি বিঘা জলকালিৰ মীন পামেৰে সমৃদ্ধ জয়ন্ত। বন্দোৱস্তিত লোৱা চুক্তিমৰ্মে লোৱাখিনিৰ কথা সুকীয়া। জয়ন্তই বিজ্ঞান আৰু নিজা উদ্ভাৱনী চিন্তাৰ সমাহাৰেৰে কৰে মীন পালন। সচৰাচৰ বহুবাৰ পোনা মেলি একাধিকবাৰ ফচল চপোৱা, বিক্ৰীযোগ্য ডাঙৰ মাছৰ উৎপাদন, হোটেল জোখৰ উপযোগী মাছ উৎপাদন আদিৰ প্ৰযুক্তি অৱলম্বন কৰে জয়ন্তই।

পোনা কেৱল আঙুলি জোখৰহে বিক্ৰী কৰে। মীন পালনৰ জৰিয়তে জয়ন্ত কলিতা আজি সমগ্ৰ ৰাজ্যবাসীৰে পৰিচিত। বছৰেকত সকলো সমলৰপৰা ২০ টান আঙুলিজোখৰ পোনা, ১৫০ কুইন্টল হোটেল জোখৰ মাছ, ১৫০ কুইন্টল বিক্ৰীযোগ্য ডাঙৰ মাছ বজাৰলৈ উলিয়াই দিয়ে জয়ন্তই। স্থানীয় বিপণনৰ উপৰি শলমাৰা, ৰঙিয়া, গুৱাহাটী, খাৰুপেটীয়া, গোৱালপাৰা আদিত বিপণন কৰে জয়ন্তই।

বিপণনৰ বাবে আছে সুকীয়া গোট। সুখৰ বতৰা যে জয়ন্তৰ কৰ্মৰ পৌণিক ক্ৰিয়াৰ সুবাসে স্থানীয় বহু যুৱক-যুৱতীক মীন পালনলৈ আকৰ্ষিত কৰি স্বনিয়োজনৰ সমল যোগান ধৰিছে। জয়ন্তয়ো পাৰ্যমানে সহায় কৰিছে তেওঁলোকক। তেওঁলোকে মীন পালনৰ ব্যৱহাৰিক আদিপাঠ লৈছে জয়ন্তৰ পামত। অৱশ্যে জয়ন্তৰ আজিৰ উত্তৰণত জিলা মীন বিভাগো কৃতিত্বৰ অধিকাৰী।

জিলা মীন উন্নয়ন বিষয়া প্ৰতুল বেজবৰুৱাৰ(৮৪৮৬৬৯৯০৯৬) প্ৰত্যক্ষ তদাৰকতে মীন উন্নয়ন বিষয়াদ্বয় কল্পজিৎ কলিতা, বিৰাজ বল্লভ শৰ্মা, মীন প্ৰদৰ্শক ভবেন কলিতা আদিয় সততে কাৰিকৰী সহযোগিতাৰে পামখনক সমৃদ্ধ কৰিছে। বেজবৰুৱাই জানিবলৈ দিয়া মৰ্মে জয়ন্তৰ পামখনক আধাৰ হিচাপে লৈ তেওঁলোকে আৰু অধিক জয়ন্ত সৃষ্টি কৰাৰ তাগিদাত ব্ৰতী হৈছে।

ইচ্ছুক বা মীন পালনলৈ আগ্ৰহান্বিতসকলক যোগাযোগ কৰিবলৈ বিষয়াগৰাকীয়ে লগতে অনুৰোধ জনাইছে। অলপতে গুৱাহাটী দূৰদৰ্শনৰ অনুষ্ঠানৰ কাৰ্যবাহী দিলীপ গোস্বামীয়ে জয়ন্তৰ পাম পৰিদৰ্শন কৰি উচ্চ প্ৰশংসাসূচক মত লিপিবদ্ধ কৰিছে। তেওঁ জয়ন্তৰ কাম-কাজৰ বিষয়ে জনসাধাৰণক জনোৱাৰো আশ্বাস দিছে।

জয়ন্ত কলিতা(৯১০১৪৬৪২৬১) আজিৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এক অনুকৰণীয় চানেকী। আপুনিও এজন জয়ন্ত কলিতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰি স্বনিয়োজনৰ পথ প্ৰশস্ত কৰিব পাৰে। জয়ন্তৰ লগত বাৰ্তালাপ বা তেওঁৰ পাম পৰিদৰ্শন কৰিও উপকৃত হ’ব পাৰে।

আপোনাক যৎপৰোনাস্তি সহযোগিতা কৰিবলৈ জয়ন্ত সদা প্ৰস্তুত। মীন পালন সম্পৰ্কীয় যিকোনো কাৰিকৰী দিহা-পৰামৰ্শৰ বাবে ৯৪৩৫৩০৯৫৬৮ নম্বৰত যোগাযোগ কৰিব পাৰে।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা(দৈনিক অসম)

কুমাৰীকাটাৰ ১৩ মহিলাই দেখুৱাইছে নিদৰ্শন -

তামুলপুৰ মহকুমাৰ ২ নং দক্ষিণ কুমাৰীকাটাৰ দৰংগাপাৰত চলিছে ১৩ গৰাকী মহিলাৰ কৰ্মব্যস্ততা। অদম্য কৰ্মস্পৃহাক সাৰোগত কৰি তিনি বছৰমান পূৰ্বে আত্মসংস্থাপনৰ লক্ষ্যৰে তেওঁলোকে গাঁওখনত এটি ‘বাবা অনুকূল’ নামেৰে আত্মসহায়ক গোট গঠন কৰিছিল। তাৰ পিছত এই মহিলাসকলে তামুলপুৰ উন্নয়ন খণ্ডৰ তৰফৰপৰা বিভিন্ন সময়ত আত্মসংস্থাপনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছিল।

এনেকৈ এদিন এই মহিলাসকলে তেওঁলোকৰ সপোন দিঠকত পৰিণত কৰাৰ বাবে ঘৰৰ পুৰুষসকলৰ সহযোগত কাঠফুলাৰ খেতি কৰিবলৈ আৰম্ভ কৰে। সেইমৰ্মে নিজে ধানখেৰ যোগান কৰি কাঠফুলাৰ খেতিৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী তৈয়াৰ কৰি লয়। তাৰ পিছত মহিলাসকলে ঘৰৰ পুৰুষ সদস্যসকলৰ হতুৱাই পশ্চিমবংগৰপৰা কাঠফুলাৰ বীজ আনে।

তেনেকৈয়ে কাঠফুলাৰ খেতিৰে তেওঁলোকৰ জীৱন সংগ্ৰাম আৰম্ভ হয়। তিনিবছৰে কাঠফুলাৰ খেতি কৰি এতিয়া এই মহিলাসকলে সাফল্যৰ হাঁহি মাৰিবলৈ সক্ষম হৈছে।

মহিলা গোটটোৰ নেত্ৰী পখিলী ৰাজবংশীয়ে জানিবলৈ দিয়া মতে, টিনপাতৰ চালিৰ তলত ধানখেৰ কাটি টুকুৰা টুকুৰ কৰি প্লাষ্টিকেৰে একোটা ‘টোপা’ বনাই তেওঁলোকে তাত কাঠফুলাৰ বীজ ৰোপণ কৰে।

শিলগুৰিৰপৰা অনা এশ গ্ৰাম বীজৰপৰা তিনি কিলোগ্ৰাম কেঁচা কাঠফুলা উৎপাদন কৰিবলৈ সক্ষম হয়। বীজৰপৰা পৈণত কাঠফুলা উৎপাদন কৰিবলৈ ২৫ দিনমানৰ প্ৰয়োজন হয়। এতিয়া এই মহিলা আত্মসহায়ক গোটটোৱে এমাহত প্ৰায় চাৰিশ কিলোগ্ৰাম কাঠফুলা উৎপাদন কৰিব পাৰে।

প্ৰতি কিলোগ্ৰাম কেঁচা কাঠফুলাৰ আজিৰ দিনত বজাৰমূল্য প্ৰতি কিলোগ্ৰামত প্ৰায় ১৬০ টকা। শুকান কাঠফুলাৰ কিলোগ্ৰামে প্ৰতি এহাজাৰ টকা। উল্লেখ্য যে তামুলপুৰ উন্নয়ন খণ্ডৰ ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ যোগেদি পখিলী ৰাজবংশীৰ নেতৃত্বত এই মহিলাসকলে প্ৰশিক্ষণ গ্ৰহণ কৰিছ।

আত্মসহায়ক গোটৰ সদস্যসকল হৈছে- মঞ্জু ৰায়, সোণমণি ৰাজবংশী, নৰেশ্বৰী ৰাজবংশী, নীলু ওজা, মনোমতী বৰ্মণ, মনোমতী ৰাজবংশী, চম্পা ৰায়, প্ৰমিলা বৰ্মন আৰু গীতিকা বৰ্মণ।

লেখক: উৎপল ডেকা(দৈনিক অসম)

নৱ প্ৰজন্মৰ বাবে আদৰ্শ পদুম চন্দ্ৰ শইকীয়া -

চাকৰিৰপৰা অৱসৰ গ্ৰহণৰ পিছৰ অধিকাংশ লোকেই অলস আৰু আৰামপ্ৰিয় জীৱন কটাব বিচাৰে। কিন্তু নগাঁও জিলাৰ ননৈ দেউৰী গাঁৱৰ ভাৰতীয় সৈতে বাহিনীৰ এজন অৱসৰপ্ৰাপ্ত জোৱানে বৰ্তমান কৃষিকৰ্মৰ লগত জড়িত হৈস্ব-নিৰ্ভৰশীল হৈ আনক আদৰ্শ দেখুৱাইছে।

‘কৰ্মই ধৰ্ম’- এই বাক্যশাৰীকেই সাৰোগত কৰি কৃষিকৰ্মত নিয়োজিত এই অৱসৰপ্ৰাপ্ত সেনা জোৱানজনৰ নাম হৈছে পদুম চন্দ্ৰ শইকীয়া। তেওঁ ধান খেতিৰ লগতে বিভিন্ন ৰবি শস্যৰ খেতি, ২০০০ জোপা জাহাজী কলৰ খেতি, ৩ বিঘা মাটিৰে সমৃদ্ধ পুখুৰীত মীন পাম, ১৫০০ শ টা ব্ৰয়লাৰ মুৰ্গীৰ ফাৰ্ম আৰু ৭-৮ জনী জাৰ্ছি গৰুৰ ফাৰ্মৰ জৰিয়তে বছৰি ৬ লাখৰপৰা ৮ লাখ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে সাম্প্ৰতিক সময়ত অসমত নিয়োগৰ বিশেষ সুবিধা নথকা কাৰণে মাত্ৰ ১০-১২ হাজাৰ টকা দৰমহা লাভৰ বাবেই ৰাজ্যৰ বাহিৰলৈ ঢাপলি মেলা হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীক পদুম চন্দ্ৰ শইকীয়াই আদৰ্শ দেখুৱাইছে।

২০০৫ চনত ভাৰতীয় সৈন্য বাহিনীৰপৰা অৱসৰ গ্ৰহণ কৰা পদুমচন্দ্ৰ শইকীয়াই তেতিয়াৰপৰাই নিজৰ প্ৰায় ১৫ বিঘা মাটিত ধানৰ উপৰি কুঁহিয়াৰ, সৰিয়হ, মগুমাহ-মাটিমাহৰ খেতি কৰি আহিছে।

তদুপৰি বিভিন্ন ৰবি শস্য, যেনে-

  • ফুলকবি,
  • বন্ধাকবি,
  • পেপচিকাম,
  • ব্ৰ’কলি,
  • বিলাহী,
  • বেঙেনা,
  • ভেণ্ডী,
  • গাজৰ,
  • আলু,
  • পিঁয়াজ,
  • লেচেৰা,
  • ধনীয়া,
  • জিকা,
  • কোমোৰা,
  • জলকীয়া আদিৰ খেতিও তেওঁ কৰি আহিছে।

তদুপৰি এইবছৰ তেওঁ নিজ গাঁৱৰে গাঁওবুঢ়াৰপৰা লীজত লোৱা প্ৰায় চাৰি বিঘা মাটিত ২০০০ জোপা জাহাজী কলৰ পুলি ৰোপণ কৰি অঞ্চলটোৰ খেতিয়কসকলক কল খেতিক বিজ্ঞানসন্মতভাৱে কেনেকৈ ব্যৱসায়িক ৰূপ দিব পাৰি সেই বিষয়ে শিক্ষা দিছে। উল্লেখ্য যে বৃহত্তৰ ননৈ অঞ্চলত ব্যৱসায়িকভিত্তিত কল খেতি কৰা দেখা পোৱা নাযায়। যিহেতু কল খেতিত খৰচৰ মাত্ৰা বেছি, সেয়ে নগাঁৱত বিশেষকৈ জাহাজী কলৰ উৎপাদন বৰ সীমিত।

ঔষধি গুণসম্পন্ন জাহাজী কলৰ চাহিদা যথেষ্ট বেছি যদিও বৰ্তমান নগাঁৱত ব্যৱহায়িক ভিত্তিত কল খেতি কৰা কৃষক তেনেই তাকৰ। তথাপি আদৰ্শ কৃষকৰূপে অঞ্চলটোত নাম থকা পদুম চন্দ্ৰ শইকীয়াই কোনো চৰকাৰী সাহায্য লাভ নকৰাকৈ সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে এইদৰে কল খেতিকে ধৰি বিভিন্ন খেতি কৰি গৈছে।

‘দৈনিক অসম’ৰ আগত শইকীয়াই কয় যে তেওঁক এই সকলো ধৰণৰ কৃষিকৰ্মত সহায় কৰাৰ উপৰি দিহা-পৰামৰ্শ, অনুপ্ৰেৰণা দিয়াৰ মূলতে আছে তেওঁৰ পত্নী জোনমণি শইকীয়া। পত্নীৰ সাহস, উৎসাহ, অনুপ্ৰেৰণা নোহোৱা হ’লে হয়তো তেওঁ এজন সফল কৃষক হ’ব নোৱাৰিলেহেঁতেন। শইকীয়াই জনোৱা মতে, চৰকাৰৰ কৃষি বিভাগৰপৰা উদ্যান শস্য, ৰবি শস্যৰ বাবে নিবনুৱা যুৱক-যুৱতীসকলে আকৰ্ষণ কৰিব পৰাকৈ ফলপ্ৰসূ আঁচনি যুগুত কৰিলে যুৱক-যুৱতীসকলে সফলতা লাভ কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে।

আনহাতে, আত্মসহায়ক গোটসমূহক ৰবি, উদ্যান শস্যৰ বাবে কম পৰিমাণৰ সুদৰ ঋণ প্ৰদানৰ ব্যৱস্থা কৰিলে বহু শিক্ষিত যুৱক-যুৱতী কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী হ’ব পাৰিব বুলি শইকীয়াই অভিমত ব্যক্ত কৰে।

লেখক: চন্দনজ্যোতি বৰা(দৈনিক অসম)

চিত্ৰনলাৰ খেতিৰে স্বাৱলম্বী কোকৰাঝাৰৰ দীপালি ৰয় -

চৰকাৰী চাকৰিলৈ আশা নকৰি এটা সময়ত মালভোগ খেতিৰে স্বাৱলম্বী হ’বলৈ চেষ্টা কৰিছিল বি টি এ ডিৰ সদৰ কোকৰাঝাৰ চহৰৰ উদ্যমী মহিলা দীপালী ৰায়ে। কিন্তু সাত বছৰে কলৰ খেতি কৰি আশা কৰা ধৰণে সফল হ’ব নোৱাৰি তেওঁ ২০১৫ চনত পৰীক্ষামূলকভাৱে চিত্ৰনলাৰ খেতি আৰম্ভ কৰে। সেয়াই আৰম্ভণি।

সম্প্ৰতি ৫০ বিঘা মাটিত চিত্ৰনলাৰ খেতি কৰিছে দীপালী ৰায়ে। কোকৰাঝাৰ জিলা উদ্যোগ আৰু বাণিজ্যিক কেন্দ্ৰৰপৰা প্ৰধানমন্ত্ৰী ৰোজগাৰ যোজনা, চমুকৈ পি এম ই জি পিৰ জৰিয়তে ৬ লাখ টকা ঋণ লৈ যোৱা বছৰ তেওঁ চিত্ৰনলাৰ তেল উলিওৱা মেচিনো বহুৱাই লৈছে। দীপালী ৰয়ৰ ‘মেছাৰ্ছ কোকৰাঝাৰ এৰোমা ইণ্ডাষ্ট্ৰী’ৰ জৰিয়তে উৎপাদিত চিত্ৰনলা তেলে নামনি অসমৰ লগতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগ আৰু নতুন দিল্লীৰ বজাৰো দখল কৰিবলৈ সক্ষম হৈছে।

দীপালী ৰয়ে প্ৰৱল অৰ্থসংকটৰ মাজেৰে কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী ৰয়নাভাব্ৰী আৰু চাচাৰগাঁৱত মাটি লীজত লৈ ব্যৱসায়িক ভিত্তিত চিত্ৰনলাৰ খেতি কৰি নিজৰ সংসাৰৰ গুৰু দায়িত্ব পালন কৰাৰ লগতে কেইবাটাও পৰিয়ালক সংস্থাপন দিছে। অৱশ্যে তেওঁ বৰ্তমানলৈ ৫০ বিঘা মাটিত চিত্ৰনলা খেতি কৰি লাভ অৰ্জন কৰিছে যদিও ঋণ পৰিশোধ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই।

তাৰ বাবে তেওঁ এই খেতি সম্প্ৰসাৰণৰ চেষ্টা চলাইছে যদিও সফল হোৱা নাই। দীপালী ৰয়ে পৰিত্যক্ত মাটি বিচাৰি বি টি এ ডিৰ বন বিভাগৰ সৈতে কেইবাবাৰো যোগাযোগ কৰিছিল যদিও এতিয়ালৈকে কোনো সঁহাৰি লাভ কৰা নাই। তৎসত্ত্বেও স্বামী শিবু দাসৰ সহযোগ আৰু প্ৰেৰণাৰে তেওঁ নিজকে নামনি অসম তথা বি টি এ ডিৰ একমাত্ৰ মহিলা চিত্ৰনলা খেতিয়ক হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত দীপালী ৰয় আশাবাদী- এদিন তেওঁ সফলতাৰ মুখ দেখিবই আৰু সেইদিনটোলৈ তেওঁ অপেক্ষা কৰিব।

লেখক: অশোক কুমাৰ বৰ্মণ(দৈনিক অসম)

স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে মৰিগাঁৱৰ দুই উদ্যমী কৃষকে -

ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগৰ ফলত সকলো খাদ্য-শস্য বিষাক্ত হৈ পৰাৰ সময়তে ৰাজ্যখনৰ সীমিত সংখ্যক কৃষকেহে জৈৱিক পদ্ধতিৰে শস্য উৎপাদনৰ বাবে আগবাঢ়ি আহিছে। এনে দুজন উদ্যমী আৰু সাহসী কৃষক হৈছে মৰিগাঁৱৰ কবিন্দ্ৰ ডেকা আৰু সোণাৰাম বণিয়া।

পূৰ্বে এই দুজন কৃষকে পৃথকে কৃষিকৰ্মত নিয়োজিত হৈ অহাৰ পিছত যোৱা প্ৰায় দুবছৰ ধৰি তেওঁলোকে যুটীয়াভাৱে জিলাখনৰ মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দুৰনীত ‘পদুম পুখুৰী জৈৱিক পাম’ নামেৰে এখন কৃষিপাম চলাই আছে।

পামখনৰ মুঠ ২০ বিঘা মাটিত সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তিত এই দুজন কৃষকে উন্নত জাতৰ-

  • অমিতা(ৰেড লেডী, স্বপ্না),
  • ব্ৰ’কলী,
  • বেঙেনা,
  • ষ্ট্ৰ’বেৰী,
  • ফ্ৰেন্সবিন,
  • বন্ধা কবি,
  • আদা-হালধীৰ উপৰি কল,
  • নেমু টেঙা আদি ৰোপণ কৰিছে।

তদুপৰি বীজ উৎপাদনৰ বাবে বৰ্ণ শংকৰ জাতৰ বিলাহী, নাৰ্জি আৰু জাৰবেৰা ফুলৰ খেতি কৰিছে। লগতে মাংসৰ বাবে উন্নত জাতৰ হাঁহ পালন কৰিছে। এই সন্দৰ্ভত কৃষক দুজনে জনোৱা মতে, তেওঁলোকে কৃষি পামখনত কেৱল জৈৱিক সাৰৰ জৰিয়তে সকলো খাদ্য শস্য তথা শাক-পাচলি উৎপাদন কৰিছে।

বহুমুখী কৃষিপামখনৰপৰা তেওঁলোকে দুটা বছৰতে যথেষ্ট পৰিমাণে উপাৰ্জনৰ মুখ দেখিছে। কৃষকদ্বয়ে সদৰি কৰা মতে, পামখনৰ ২০ বিঘা মাটিৰ ভিতৰত ৪ বিঘামান ভূমিত ১০৫০ জোপা ৰেডলেডী আৰু স্বপ্না নামৰ উন্নত প্ৰজাতিৰ অমিতা যোৱা মে’ মাহত ৰোপণ কৰিছিল। বৰ্তমানলৈ প্ৰথম পৰ্যায়ত অমিতা বিক্ৰী কৰি তেওঁলোকে প্ৰায় ডেৰ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। লগতে এইবাৰ নাৰ্জি ফুলৰ মালা বিক্ৰী কৰি তেওঁলোকে ৪৫-৫০ হাজাৰ টকা উপাৰ্জন কৰিছে।

তেওঁলোকে জানিবলৈ দিয়া মতে, ব্ৰইলাৰ পালনৰ পদ্ধতিৰে পালন কৰা এই উন্নত প্ৰজাতিৰ বগা ৰঙৰ হাঁহবিধ ৫০-৬০ দিনৰ ভিতৰত আঢ়ৈৰ পৰা তিনি কিলোগ্ৰাম ওজনৰ হয়। প্ৰতিটো হাঁহ তেওঁলোকে বৰ্তমান ৪৫০-৫০০ টকাত বিক্ৰী কৰি আছে।

তদুপৰি এখন ব্ৰইলাৰ ফাৰ্মো চলাই আছে কোম্পানীৰ অধীনত। ব্ৰইলাৰ ফাৰ্মখনৰপৰা তেওঁলোকে এতিয়া প্ৰতি কিস্তিত ৩৫ৰ পৰা ৪০ হাজাৰ টকা উপাৰ্জন কৰি আছে। ইফালে, কৃষকদ্বয়ে একে সময়তে ১০ হাজাৰ পোৱালি পুহিব পৰা আন এখন বৃহৎ ব্ৰইলাৰ ফাৰ্মৰ নিৰ্মাণ কাৰ্য চলাই আছে। উল্লেখ্য যে যোৱা বছৰ এই জৈৱিক পামখনতেই ব্ৰ’কলী, মটৰমাহ, ৰঙালাউ, তৰমুজ, বিলাহী আদিৰ খেতি কৰি তেওঁলোক যথেষ্ট পৰিমাণে লাভাম্বিত হৈছিল।

এই বছৰত বৰ্তমানলৈকে তেওঁলোকে ৩.৫০ লাখমান টকা খৰচ কৰি উৎপাদিত শাক-পাচলি আদি বিক্ৰী কৰি ১০-১২ লাখ টকা পোৱাৰ আশা কৰিছে। লক্ষণীয় কথাটো হ’ল ঋণ নতুবা সাহায্য বিচাৰি বহু লোক বেংকে বেংকে, কৃষি বিভাগৰ কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি বিমুখ হ’ব লগা হয় বুলি উত্থাপিত অভিযোগ সম্পূৰ্ণভাৱে নাকচ কৰিছে কৃষক দুজনে।

তেওঁলোকৰ মতে, সততা আৰু নিষ্ঠাৰে কাম কৰিলে সকলোৱে সহায় কৰিবলৈ আগবাঢ়ি আহে। ইতিমধ্যে তেওঁলোকে ভাৰতীয় ষ্টেট বেংকৰ মৰিগাঁও শাখাৰপৰা ঋণ হিচাপে ৪.৫০ লাখ টকা লাভ কৰাৰ উপৰি ব্ৰইলাৰ ফাৰ্মৰ বাবে মৰিগাঁৱৰ ইউ বি আই শাখাই ৬ লাখ টকা মঞ্জুৰ কৰা বুলি জানিবলৈ দিছে।

অৱশ্যে জিলাখনৰ এই দুজন কৃষকে জৈৱিক পদ্ধতিৰে কৃষিকাৰ্যত বহু কষ্টৰে আগবাঢ়িছে যদিও উৎপাদিত সামগ্ৰীসমূহৰ উচিত মূল্য নোপোৱা বুলি তেওঁলোকে আক্ষেপ কৰে। ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি কম খৰচত অধিক উৎপাদনকাৰী কৃষকসকলৰ শাক-পাচলিয়ে তেওঁলোকক সময়ে সময়ে প্ৰত্যাহ্বানৰ সন্মুখীন কৰায় বুলিও দোহাৰে কৃষকদ্বয়ে।

এইক্ষেত্ৰত চৰকাৰ তথা কৃষি বিভাগে দৃষ্টি দিব লাগে বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে। কৃষক দুজনে এনেদৰে আগুৱাই যোৱাৰ ক্ষেত্ৰত মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰ, জিলা কৃষি বিভাগ, সোণাইপৰীয়া এফ পি অ’ৰ লগতে জিলা পশুপালন বিভাগৰ চিকিৎসক নিলোৎপল কাকতিয়ে দিহা-পৰামৰ্শৰে যথেষ্ট অৰিহণা আগবঢ়াই আহিছে বুলি জানিব পৰা গৈছে।

লেখক: বিষ্ণু ডেকা(দৈনিক অসম)

নলবাৰীত উৎপাদিত কাঠফুলাৰে ভূটানত বজাৰ দখল -

নলবাৰীৰ এচাম উদ্যমী কৃষকে ৰঙালাউ, কোমল চাউল, থলুৱা মাগুৰ মাছৰ পোনা উৎপাদন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰাৰ সমান্তৰালকৈ শেহতীয়াকৈ কাঠফুলা উৎপাদন কৰি বিদেশতো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰই আগবঢ়োৱা কাৰিকৰী পৰামৰ্শ গ্ৰহণ কৰি নলবাৰীৰ বহুসংখ্যক যুৱক-যুৱতী কাঠফুলাৰ খেতিৰে উপাৰ্জনৰ বাট মুকলি কৰিবলৈ আগবাঢ়ি আহিছে।

আনকি নলবাৰীৰ কাঠফুলাই ৰাজ্যখনৰ বিভিন্ন ঠাইত বজাৰ দখল কৰাৰ লগতে ভূটানত এখন সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ কৃষকসকলে উৎপাদন কৰা কাঠফুলা নলবাৰী, পাঠশালা, গুৱাহাটীত বিক্ৰী কৰাৰ উপৰি বাকী উৎপাদিত কাঠফুলা ভূটানৰপৰা অহা ব্যৱসায়ীসকলে ক্ৰয় কৰি নিয়ে। নলবাৰী জিলাৰ কেন্দুকুছিৰ যুৱক তপন দত্ত বৰুৱাই ২০১৫ চনত হিমাচল প্ৰদেশত থকা কাঠফুলা গৱেষণা সঞ্চালকালয়ত প্ৰশিক্ষণ লৈ আহি প্ৰথম ব্যৱসায়িকভাৱে কাঠফুলাৰ খেতি আৰম্ভ কৰে।

আনকি তেওঁ গাঁওখনৰ যুৱকসকলক লগত লৈ কেন্দুকুছি গাঁওখনক কাঠফুলাৰ গাঁও হিচাপে গঢ়ি তোলে। সেই সময়ৰ জিলা উপায়ুক্ত ডাঃ ওম প্ৰকাশৰ প্ৰচেষ্টাত গাঁওখনৰ প্ৰায়বোৰ পৰিয়ালক কাঠফুলা উৎপাদনত জড়িত কৰি এক বিপ্লৱৰ সূচনা কৰা হৈছিল। উল্লেখ্য যে এইজন উদ্যমী যুৱকক নলবাৰী কৃষি বিজ্ঞানকেন্দ্ৰই হিমাচল প্ৰদেশলৈ প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰিছিল।

২০১৫ চনত কৃষি বিজ্ঞান কেন্দ্ৰই মাত্ৰ দুজন যুৱকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰাৰ পিছত ২০১৭ আৰু ২০১৮ চনত ক্ৰমে দহজন আৰু বাৰজন যুৱকক হিমাচল প্ৰদেশত কাঠফুলা খেতিৰ প্ৰশিক্ষণ দি আহিছে। প্ৰাপ্ত তথ্য মতে, বৰ্তমান জিলাখনত দুই শতাধিক যুৱক-যুৱতীয়ে কাঠফুলা খেতিত জড়িত হৈ আছে।

নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° মৃদুল ডেকাই জানিবলৈ দিয়া মতে, বৰ্তমান জিলাখনত দ্ৰুত গতিত বাঢ়ি অহা কাঠফুলা খেতিৰ লাভজনক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অভিযান্ত্ৰিকৰ ছাত্ৰৰপৰা জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষলৈ সকলো আগবাঢ়ি আহিছে। নলবাৰী জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষা বিতুমণি দেৱী বৰ্তমান জিলাখনৰ এগৰাকী ভাল কাঠফুলাৰ উৎপাদনকাৰী মহিলা হিচাপে চিহ্নিত হৈছে।

তেওঁ নিজে হিমাচল প্ৰদেশত প্ৰশিক্ষণ গ্ৰহণ কৰি আহি নিজাকৈ কাঠফুলাৰ উৎপাদন আৰম্ভ কৰিছে। তদুপৰি বৰজাৰৰ হেমন্ত নাথ, পিপলিবাৰীৰ উপানন্দ দাস, বানেকুচিৰ ডলী ৰাণী হালৈ, বিপুল হালৈ, বৰগাছাৰ দীপক ডেকা, বানেকুচিৰ বিপুল তালুকদাৰ আদিয়ে জিলাখনত ব্যৱসায়িকভাৱে কাঠফুলাৰ খেতি কৰি আহিছে। বানেকুচিৰ আগ্ৰহী মহিলা ডলী ৰাণী হালৈয়ে অকল সতেজ কাঠফুলা বিক্ৰীতে ক্ষান্ত নাথাকি কাঠফুলাৰপৰা আচাৰ তৈয়াৰ কৰি বজাৰত গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে, কাঠফুলাৰ আচাৰৰ বজাৰত যথেষ্ট চাহিদা আছে।

নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড° ডেকাই জানিবলৈ দিয়া মতে, নলবাৰীৰ কৃষকসকলে অকল কাঠফুলা আৰু কাঠফুলাৰ আচাৰে বিক্ৰী নকৰে, তেওঁলোকে গ্ৰাহকক সতেজ কাঠফুলা দিয়াৰ বাবে কাঠফুলাৰ বীজৰ ‘ৰেডিমেড বেগ’ বিক্ৰীৰ ব্যৱস্থা কৰি আহিছে। এই বেগত সকলো সাজু কৰি দিয়া হয়।

কেৱল গ্ৰাহকে আন্ধাৰ কোঠাত ৰাখি পানী দি থাকিলে কাঠফুলা আহৰণ কৰিব পাৰিব। মুঠতে কাঠফুলাৰ খেতিয়ে জিলাখনলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। ইতিমধ্যে নলবাৰী জিলাত চলিত বৰ্ষত ‘মাশ্বৰূম প্ৰডিউচাৰ ছ’চাইটী’ গঠন কৰিছে।

এই ছ’চাইটীখনে নলবাৰীত এতি মাশ্বৰুম প্ৰডিউচাৰ কোম্পানী গঠন কৰি কাঠফুলাৰ কৃষকসকলক আৰ্থিক সকাহ দিয়াৰ বাবে দাবী উত্থাপন কৰিছে। চৰকাৰে সহায়ৰ হাত আগবঢ়ালে নলবাৰীৰ কাঠফুলাৰ খেতিয়ে অধিক যুৱক-যুৱতীক আত্মসংস্থাপনৰ সুযোগ দিব।

লেখক: ৰমেন কলিতা(দৈনিক অসম)

3.6
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top