মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / ঘৰে ঘৰে মৌ পালনেৰে দৰিদ্ৰতা নিৰ্মূল
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঘৰে ঘৰে মৌ পালনেৰে দৰিদ্ৰতা নিৰ্মূল

মৌ পালনেৰে কিদৰে স্বাৱলম্বী হʼব পাৰি সেই বিষয়ে লিখা হৈছে

ৰাজ্যৰ প্ৰথমখন ‘মৌ গাঁও’ হোৱাৰ পথত এখন দাৰিদ্ৰ্যপীড়িত গাঁও। এই গাঁওখনৰ ঘৰে ঘৰে মৌৰ উৎপাদন। প্ৰতিঘৰতে শাৰী শাৰী মৌবাহ। স্বাৱলম্বিতাৰ নিদৰ্শনেৰে উজলিছে প্ৰতিটো পৰিয়াল। এই দৃশ্য বাগসাৰ মুছলপুৰৰ সমীপৰ বিষ্ণুপুৰ খামৰি গাঁৱৰ। এটা সময়ত ইয়াৰ প্ৰায়বোৰ পৰিয়ালে আছিল দৰিদ্ৰতাত জৰ্জৰিত। কিন্তু এতিয়া সেয়া অতীত। মৌ পালনেৰে স্বাৱলম্বিতাৰ বাট বুলিছে গঞাই। গাঁওখনত প্ৰৱেশ কৰিলে দেখা যায় শাৰী শাৰী মৌবাহ। খামৰি গাঁওবাসীয়ে মৌ উৎপাদনত নামিছে সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত আৰু বিজ্ঞানসন্মতভাৱে। আনকি মৌপালকসকলে ‘মৌপালক’ লিখা বিশেষে হালধীয়া ইউনিফৰ্ম, মূৰত হান্টাৰ টুপী পিন্ধি ব্যস্ত থাকে মৌ পালনত। গাঁওখনত প্ৰৱেশ কৰিলে দেখা যায় এনে ইউনিফৰ্ম পৰিহিত মৌপালকসকলক। উল্লেখ্য যে তিনি বছৰ পূৰ্বে নাবাৰ্ডৰ অধীনত আৰু গ্ৰীন এনভাইৰনমেন্ট টাস্ক ফোৰ্চ নামৰ এক সংস্থাৰ সহযোগত গাঁওখনৰ দহগৰাকী লোকে মৌ পালনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি নিজ ঘৰতে মৌ পালন আৰম্ভ কৰে। এইকেইগৰাকী উদ্যোগীয়ে মৌ পালনৰ যোগেদি স্বাৱলম্বী হোৱাৰ পাছত গাঁওখনৰ প্ৰায়বোৰ পৰিয়ালে মৌ পালন আৰম্ভ কৰে। সম্প্ৰতি খামৰি গাঁৱৰ মৌপালকসকলে মাহেকত ডেৰশৰ পৰা দুশ লিটাৰ পৰ্যন্ত মৌ উৎপাদন কৰিবলৈ সক্ষম হৈছে। মৌ উৎপাদনেৰে দৰিদ্ৰতাক বিদায় দিবলৈ সক্ষম হৈছে আজি খামৰি গাঁওবাসীয়ে। অকল এয়ে নহয়, বজাৰত বিভিন্ন বহিঃৰাজ্যৰ পৰা অহা ভেজাল মৌক প্ৰত্যাহ্বান জনাই খামৰি গাঁৱৰ মৌপালকসকলে অসমৰ বজাৰত বিশুদ্ধ মৌ পেকেজিং কৰি বিক্ৰীৰ কামো আৰম্ভ কৰিছে। ‘খামৰি হনী’ নামৰ ব্ৰেণ্ডেৰে তেওঁলোকে বিশুদ্ধ মৌ বিজ্ঞানসন্মতভাৱে পেকেজিং কৰি বজাৰত মেলি দিছে। ইতিমধ্যে খামৰি গাঁৱৰ মৌপালকসকলে ‘খামৰি হনী’ৰে বজাৰত সমাদৰো লাভ কৰিছে। গাঁওখনৰ মৌপালকসকলৰ পৰা জানিব পৰা মতে, এবাহ মৌৰ পৰা বছৰত চাৰি হাজাৰ পৰ্যন্ত টকা পাব পাৰি। অৰ্থাৎ ঘৰতে সহজে পালন কৰিব পৰা ১০-১৫ বাহ মৌৰে এটা পৰিয়ালে সহজে স্বাৱলম্বী হ’ব পাৰে। ইয়াৰ বাবে মূলধন, কষ্ট, সময়ৰো বিশেষ প্ৰয়োজন নহয়। অকল এয়ে নহয়, খামৰি গাঁৱৰ মৌপালকসকলে মৌ পালনৰ লগত সংগতি ৰাখি আৰম্ভ কৰিছে ৰজনীগন্ধাৰ খেতি। আমোলমোলাই ফুলি থকা ৰজনীগন্ধাৰ খেতিৰ পৰা মৌক খাদ্য যোগানৰ লগতে তেওঁলোকে ৰজনীগন্ধা ফুল প্ৰতিগোটত ৩ৰ পৰা ১০টকালৈ বিক্ৰী কৰি অতিৰিক্ত লাভ কৰিছে। তেওঁলোকে মৌৰ পৰা অধিক মৌ ৰস পাবৰ বাবে সৰিয়হ, বেলিফুল আদিৰ খেতি কৰাৰ লগতে ৰোপণ কৰিছে বিবিন্ন ফুলো। মুঠতে মৌ পালনেই জীৱন, জীৱিকা হৈ পৰা শাৰী শাৰী মৌবাহে শুৱনি কৰা বাগসাৰ খামৰি গাঁও পৰিণত হৈছে ৰাজ্যৰ প্ৰথমখন ‘হনী ভিলেজ’ মৌ গাঁও হিচাপে।

লেখক: উৎপল কুমাৰ কলিতা(নিয়মীয়া বাৰ্তা)

3.02272727273
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top