অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চামগুৰিত নেমু খেতিৰে কৃষি বিপ্লৱ :

 

নগাঁও জিলাৰ চামগুৰি অঞ্চলৰ এজন শিক্ষিত নিবনুৱা যুৱকে কেৱল নেমুৰ খেতিৰে কৃষি বিপ্লৱৰ সূচনা কৰা কাৰ্যই নিবনুৱা যুৱকসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। যুৱকজনৰ নাম ধ্ৰুৱ দাধৰা।

চামগুৰিৰ কুৰুৱাবাহী নিৱাসী যুৱকজনৰ পিতৃ আৰু মাতৃ হৈছে নৰেন্দ্ৰ দাধৰা আৰু দাধৰা। ২০০৯ চনতে নিজৰ ঘৰৰ এডৰা মাটিতে তেওঁ নেমুটেঙাৰ খেতি আৰম্ভ কৰিছিল। এতিয়া তেওঁৰ নেমুৰ খেতি কৰা মাটিৰ পৰিমাণ হৈছে ১৬ বিঘা।

বছৰৰ বাৰমাহে উৎপাদনক্ষম নেমু খেতিৰপৰা তেওঁ মাহিলি গড় হিচাপত উপাৰ্জন কৰে প্ৰায় এক লাখ টকা। ২০০৯ চনৰ আগলৈ বৃহত্তৰ অঞ্চলটোৰ লোকসকলে নেমু খেতিৰে যে স্বাৱলম্বী হ’ব পাৰে, সেই কথা ভবাই নাছিল।

তেনে এক অৱস্থাতে উদ্যোগী যুৱ কৃষক ধ্ৰুৱ দাধৰা আৰু তেওঁৰ বন্ধু তপন বৰাই গাঁওখনত আৰম্ভ কৰিছিল ব্যৱসায়িক ভিত্তিত নেমু খেতি। ২০০২ চনতে স্নাতক ডিগ্ৰী লাভ কৰা ধ্ৰুৱ দাধৰাই নিজ গাঁৱৰ সমীপত খাটোৱালত এখন ভেন্সাৰ স্কুলত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল যদিও বিদ্যালয়খন চৰকাৰীকৰণ হোৱা নাছিল।

পিছলৈ বিদ্যালয়খন চৰকাৰীকৰণ হ’ল যদিও তেওঁৰ শিক্ষকৰ পদটো নিয়মীয়াকৰণ হোৱাৰ আশা নেদেখি ২০০৯ চনতে শিক্ষকৰ চাকৰি ত্যাগ কৰি তেওঁ ব্যৱসায়িক দৃষ্টিভংগীৰে নেমুৰ খেতিত মনোনিৱেশ কৰে।

প্ৰথম বছৰতে নেমু খেতিৰ আশাব্যঞ্জক উৎপাদনে ধ্ৰুৱক এই খেতি কৰাৰ প্ৰতি অধিক উৎসাহিত কৰি তুলিলে। কেৱল নেমু খেতিক কিয় বাছি লোৱা হ’ল বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত ধ্ৰুৱই ক’লে যে বান্দৰৰ উপদ্ৰৱত গাঁৱৰ মানুহে একো খেতিকে কৰিব নোৱাৰা হ’ল।

নেমু খেতিত বান্দৰৰ উপদ্ৰৱ নহয়, লগতে অন্যান্য খেতি কৰিব নোৱাৰা মাটিতো এই খেতি কৰিব পাৰি। নিজৰ তিনি বিঘা মাটিৰ উপৰি আনৰ ১৩ বিঘা মাটি লীজত লৈ আৰম্ভ কৰা নেমু খেতিৰ ফচলেৰে তেওঁ সম্প্ৰতি অঞ্চলটোত এখন বৃহৎ বজাৰ গঢ়ি তুলিছে।

বতৰ সাপেক্ষে তেওঁ দৈনিক আঠশৰপৰা এহেজাৰ পোন নেমু উৎপাদন কৰিবলৈ সক্ষম হয়। এই অঞ্চলটোত যে কেৱল ধ্ৰুৱ দাধৰাৰে নেমু খেতি আছে, তেনে নহয়, বৰং আন বহুতো লোকেও কম-বেছি পৰিমাণে এই খেতিত নামি পৰিছে।

বৃহত্তৰ অঞ্চলটোৰ প্ৰায় প্ৰতিজন লোকেই উপাৰ্জনৰ প্ৰথম উৎস হিচাপে বাছি লৈছে নেমুৰ খেতি। অঞ্চলটোত নেমু খেতিৰ বাটকটীয়া হিচাপে চিহ্নিত হৈছে ধ্ৰুৱ দাধৰা।

তেওঁৰ পদাংক অনুসৰণ কৰিয়ে সম্প্ৰতি অঞ্চলটোৰ একাংশ নিবনুৱা যুৱকে নতুনকৈ নেমু খেতি আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।

অঞ্চলটোত ভ্ৰমণ কৰিলেই চকুত পৰিব নেমু খেতিৰ বিস্তীৰ্ণ এলেকা। ধ্ৰুৱই জনোৱা মতে, তেওঁৰ অনুকৰণতে অঞ্চলটোৰ প্ৰায় দুশ হেক্টৰ কৃষিভূমিত আৰম্ভ হৈছে নেমুৰ বাগিচা।

নেমু খেতিৰপৰা উপাৰ্জনেৰে ধ্ৰুৱই নিৰ্মাণ কৰিছে অসম আৰ্হিৰ এটা পকী ঘৰ। ইতিমধ্যে তেওঁ ‘ধ্ৰুৱ নেমু উদ্যান’ নামেৰে নামকৰণ কৰি নিজৰ খেতিৰ নেমু বিক্ৰী কৰাৰ লগতে নেমু পুলি বিক্ৰীৰ বৃহৎ বজাৰ গঢ়ি তুলিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় বিভিন্ন বজাৰলৈ ধ্ৰুৱৰ নেমু উদ্যানৰ নেমু দৈনিক সৰবৰাহ হয়। এতিয়া এটা সামান্য চাকৰি বিচাৰি হাহাকাৰ কৰি ফুৰা নিবনুৱাসকলৰ বাবে ধ্ৰুৱ দাধৰা হৈছে আদৰ্শ স্বৰূপ।

ইমানৰ পিছতো নগাঁও জিলা কৃষি বিভাগে ধ্ৰুৱ দাধৰাক স্বীকৃতি দিবলৈ অৱকাশ নোপোৱাটো উদ্বেগজনক কথা।

উৎস: দৈনিক অসম(তৰুণ মুক্তিয়াৰ)

 

কেপচিকামৰ খেতিৰে আশাতীত উপাৰ্জন মৰিগাঁৱৰ ৰফিকুল ইছলামৰ -

মৰিগাঁও জিলাৰ কৃষকসকলে দীৰ্ঘদিন ধৰি ধান, মৰাপাট আদিৰ উপৰি কবি, বিলাহী, বেঙেনা আদি শাক-পাচলিৰ খেতি কৰি আহিছে যদিও শেহতীয়াকৈ তেওঁলোক বিভিন্ন উন্নত প্ৰজাতিৰ ন ন শাক-পাচলিৰ খেতিত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে।

বন-খহনীয়াগ্ৰস্ত জিলাখনৰ লাহৰীঘাট আৰু মৈৰাবাৰী অঞ্চলৰ কৃষকসকলে এইক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। মৈৰাবাৰী অঞ্চলৰ তেনে এজন উদ্যমী কৃষক হৈছে ৰফিকুল ইছলাম।

লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম মৈৰাবাৰী গাঁৱৰ এই কৃষকজনে উন্নত পদ্ধতিৰে কেপচিকামৰ খেতি কৰি অন্য খেতিৰ তুলনাত অধিক লাভৰ মুখ দেখিছে। উল্লেখ্য যে এই বছৰ কৃষকজনে চাৰি বিঘা মাটিত কেপচিকামৰ খেতি কৰিছে।

এই খেতিৰপৰা তেওঁ ৬-৭ কুইন্টলকৈ কেপচিকাম তুলি আছে আৰু সেইবোৰ কুইন্টলে প্ৰতি ৪,০০০-৪৫০০ টকা পাইকাৰী মূল্যতে বিক্ৰী কৰি আহিছে।

কৃষকজনে জনোৱা মতে, এইবেলি চাৰি বিঘা মাটিত কৰা কেপচিকাম খেতিৰ বাবদ এতিয়ালৈকে তেওঁলোকৰ খৰচ হৈছে ১.৮০ লাখ টকা।

ইয়াৰ বিপৰীতে চাৰি বিঘা মাটিত উৎপাদিত কেপচিকাম বৰ্তমানৰ বজাৰ মূল্যত বিক্ৰী কৰিলে তেওঁ ৯-১০ লাখ টকা পাব বুলি জনাইছে।

ইয়াৰ পূৰ্বে তেওঁ যোৱা বছৰ সাত কঠা মাটিত পৰীক্ষামূলকভাৱে কেপচিকামৰ খেতি কৰিছিল। সাত্ কঠা মাটিত ৫০ হাজাৰ টকা খৰচ কৰি তেওঁ উপাৰ্জন কৰিছিল পাঁচ লাখ টকা।

তেওঁ প্ৰকাশ কৰা মতে, চাৰি বিঘা কৃষিভূমিৰ সাত কঠা মাটিত কেপচিয়ামৰ খেতি কৰি তেওঁ যেনেদৰে লাভাম্বিত হৈছিল, তাৰ তুলনাত কিন্তু তেওঁ বাকী কৃষিভূমিত কবি আৰু বিলাহীৰ খেতি কৰি সমান লাভ অৰ্জন কৰিব পৰা নাছিল।

প্ৰসংগক্ৰমে কৃষকজনে ৰাজ্যৰ কৃষি বিভাগৰপৰা কৃষকসকলে সা-সুবিধা পোৱাৰ দূৰৰে কথা, বছৰ বছৰ ধৰি দিহা-পৰামৰ্শও নোপোৱা বুলি তেওঁ অভিযোগ কৰে।

একমাত্ৰ নিজা প্ৰচেষ্টাতে আনক দেখি দেখি সাহসেৰে আগবাঢ়ি অহা কৃষকজনে এই প্ৰতিবেদকক জনোৱা মতে, কৃষি বিভাগে এইক্ষেত্ৰত অঞ্চলটোৰ শাক-পাচলিৰ কৃষকসকলৰ লগতে তেওঁকো কেপচিকাম কৃষি প্ৰণালীৰ বিষয়ে প্ৰশিক্ষণ দিলে তেওঁলোকে আৰু অধিক লাভাম্বিত হ’ব পাৰিলেহেঁতেন।

উৎস: বিষ্ণু ডেকা(দৈনিক অসম)

 

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate