মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / চাহ-ৰবৰ খেতিৰ নতুন দিগন্তৰ সূচনা উত্তৰ শালমাৰাবাসীৰ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চাহ-ৰবৰ খেতিৰ নতুন দিগন্তৰ সূচনা উত্তৰ শালমাৰাবাসীৰ:

উত্তৰ শালমাৰা গাঁৱৰ চমু আভাষ-

 

চাহ খেতি আৰু ৰবৰ বাগানৰ লগতে ক্ষুদ্ৰ উদ্যোগেৰে নতু দিগন্তৰ সূচনা কৰিছে বঙাইগাঁও জিলাৰ অন্তগত এখন গাঁও উত্তৰ শালমাৰাই।বঙাইগাঁও চহৰৰ পৰা ষোল্ল কিলোমিটাৰ দক্ষিণত একত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা উত্তৰ শালমাৰাই দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শনো।গাঁওখনলৈ গ’লে আজি যি পৰিবেশ দেখা পোৱা যাব,সেই পৰিবেশত নব্বৈৰ দশকৰ আগভাগলৈ দেখা পোৱা নগৈছিল।চাৰিওফালে সেউজীয়া হৈ পৰা গাঁওখনৰ ৰাইজেও হয়তো ভাবিব পৰা নাছিল যে তেওঁলোকৰ গাঁৱত এদিন কৃষি বিপ্লৱ সফল হ’ব,স্থাপন হ’ব উদ্যোগো।

গাঁওবাসীৰ সাফল্যৰ বিষয়ে-

 

উল্লেখযোগ্য যে আন বহু গাঁৱৰ দৰে উত্তৰ শালমাৰাৰ কৃষকে খেতিপথাৰত ধান তথা আন খেতি কৰি লাভৰ মুখ দেখা নাছিল।ৰঙামাটিৰ গাঁওখনত পানীৰ মূল্যতো মাটি ক্ৰয় কৰিবলৈ সন্মত হোৱা নাছিল বহু লোকে।আজি সেই সময়ৰ পৰিবৰ্তন হৈছে।1989 চনত অমৰেন্দ্ৰ মেধি(বৰ্তমান প্ৰয়াত)আৰু উমেশ ৰায়ৰ লগতে চাৰিজন লোকে উত্তৰ শালমাৰাত আৰম্ভ কৰিছিল ৰবৰ খেতি।তেওঁলোকক উদগনি দিয়ে প্ৰসিদ্ধ ৰবৰ খেতিয়ক তথা বিজনী ৰাজবংশৰ ব্যক্তি কবীন্দ্ৰ নাৰায়ণ দেৱে।তেওঁ সমবায় গঠনতো সহযোগিতা কৰে।তেওঁৰ অৱদান বঙাইগাওঁ জিলাৰেই ৰবৰ কৃষকৰ বাবে স্মৰণীয় হৈ ৰ’ল।ইপিনে অমৰেন্দ্ৰ মেধি তেওঁৰ প্ৰচেষ্টাৰ সফল হোৱাৰ বিপৰীতে উমেশ ৰায় সম্পূৰ্ণৰূপে সফল নহ’ল।বাকীসকল সফল হ’ব নোৱাৰিলে।কিন্তু ছজন ব্যক্তিৰ প্ৰচেষ্টাই গাঁওখনত এক নতুন চিন্তাৰ উদ্ৰেক ঘটায়।এজন-দুজনকৈ গাঁওখনৰ বহুলোক ৰবৰ খেতি কৰিবলৈ আগবাঢি আহে।বৰ্তমান গাওঁখনৰ ডেৰ শতাধিক লোকে গঢি তুলিছে 135 খন ৰবৰ বাগান।তেওঁলোকৰ বাগানে সামৰি লৈছে 77 হেক্টৰ ভূমি।ৰবৰ ব’ৰ্ডৰ অন্তৰ্ভূক্ত নোহোৱা বাগানো আছে গাঁওখনত।প্ৰাপ্ত তথ্যমতে গাঁওখনত সৰু-ডাঙৰ 170 খনৰো অধিক ৰবৰ বাগান গঢি উঠিছে।ৰবৰ গছৰ পৰা সংগৃহীত আঠাৰে ৰবৰৰ ‘শ্বীট’ প্ৰস্তুত কৰাৰ বাবে 1994 চনত উত্তৰ শালমাৰাত স্থাপন হয় ‘গ্ৰুপ ৰাবাৰ প্ৰচেছিং ইউনিট’।শেহতীয়াকৈ এই বছৰৰ পৰা ইউনিটত মেচিনেৰে ৰবৰৰ শ্বীট প্ৰস্তুত কৰাৰো ব্যৱস্থা কৰা হৈছে।উল্লেখ্য যে সমূহীয়া ভিত্তিত এনেদৰে ৰাবাৰ প্ৰ্চেছিং ইউনিট স্থাপন কৰা উত্তৰ শলমাৰাই হ’ল ত্ৰিপুৰাক বাদ দি উত্তৰ-পূবৰ একমাত্ৰ গাঁও।ইউনিটটোত এই বছৰ এপ্ৰিল মাহৰ পৰা নৱেম্বৰ মাহলৈ 2.25 লাখ ৰবৰ শ্বীট আৰু স্ক্ৰেপ বিক্ৰী কৰি পোৱা গৈছে প্ৰায় 2.55 কোটি টকা।আনহাতে এইখন উত্তৰ শালমাৰা গাঁৱতে 1997 চনত অংকুৰিত হয় ‘এটি কলি দুটি পাত’ৰ বীজ।গাঁওখনৰ জগদীশ ৰায় নামৰ ব্যক্তি এজনে পৰীক্ষামূলকভাৱে আৰম্ভ কৰে চাহ খেতি।প্ৰায় একেই সময়তে 1998 চনত তদানীন্তন বিধায়ক তথা অগপ নেতা ভূপেন ৰায়ৰ উদ্যোগত ছজন কৃষকে বুঢ়াপাহাৰ ‘টি ফাৰ্ম’ গঠন কৰি উত্তৰ শালমাৰা আৰু ইয়াৰ কাষৰীয়া ইকৰাবাৰীত চাহ খেতি আৰম্ভ কৰি স্থানীয় লোকসকলকো চাহ খেতি কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।প্ৰথমাৱস্থাত মানুহৰ ঘৰে ঘৰে গৈও দলটোৱে বিশেষ সফল হোৱা নাছিল যদিও তেওঁলোকৰ চাহ বাগানে ঠন ধৰি উঠা প্ৰত্যক্ষ কৰি এজন-দুজনকৈ বহুতেই আগবাঢি আহিল চাহ খেতি কৰিবলৈ।বৰ্তমানে উত্তৰ শালমাৰা গাঁওখনতে আছে সৰু-মজলীয়া প্ৰায় তিনিশ চাহ বাগিছা।বছৰি 12-13 লাখ কিলোগ্ৰাম কেঁচা চাহপাত উৎপাদন কৰে কেৱল উত্তৰ শালমাৰা ৰাজহ গাঁওখনে।অৰ্থাৎ প্ৰায় দুই কোটিৰ ব্যৱসায়।গাঁওখনৰ 1,200 বিঘাৰো অধিক মাটি সামৰি লৈছে চাহ খেতিয়ে।উত্তৰ শালমাৰা আৰু ইকৰাবাৰীত গঢ়ি উঠা চাহ খেতি লাহে লাহে বঙাইগাঁও জিলাৰ বিভিন্ন এলেকালৈ সম্প্ৰসাৰিত হয়।গঠন হয় বঙাইগাঁও জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা।সম্প্ৰতি উত্তৰ শালমাৰা,ইকৰাবাৰী,ঘিলাগুৰি,শংকৰঘোলা,খগৰপুৰ,কাকৈজানা,ছিপনছিলা,চোকাপাৰা,বিদ্যাপুৰ আৰু দেওহাটী গাঁও পঞ্চায়তলৈ সম্প্ৰসাৰিত হৈছে ক্ষুদ্ৰ খতিয়কৰ চাহ খেতি।চাৰিটা আত্মসহায়ক গোটত সংযুক্ত হৈছে জিলাখনৰ চাহ খেতিয়কসকল।এই চাৰিটা আত্মসহায়ক গোট হ’ল ক্ৰমে লক্ষ্মীনাৰায়ণ,পাহাৰী,সেউজী আৰু গ্ৰীনগ’লড।এই গোটৰ খেতিয়কসকলক লৈয়েই যোৱা আগষ্ট মাহত উত্তৰ শালমাৰাত গঢ়ি উঠে এটা চাহ ফেক্টৰী(কলঘৰ)।নজন সঞ্চালকেৰে ‘ব’ৰ্ড অব ডাইৰেক্টৰ’ গঠন কৰি কলঘৰটো পৰিচালনা কৰা হৈছে।ইয়াত চাহ খেতিয়কসকলেও গোটৰ ‘শ্বেয়াৰ’ৰ যোগেদি ধন বিনিময় কৰিছে।আগতে ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেওঁলোকৰৰ বাগিচাত উৎপাদিত কেঁচা চাহপাত পুঁজিপতি বণিক গোষ্ঠীক বিক্ৰী কৰিবলগা হোৱাত কেঁচা চাহপাতৰ উচিত মূল্য লাভ কৰাৰ পৰা বঞ্চিত হ’ব লগা হৈছিল।বঙাইগাঁও জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সেই সমস্যা দূৰ কৰিছে মহাৰাণী টি কোম্পানী লিমিটেড নামৰ এই চাহ ফেক্টৰীটোৱে।এই ফেক্টৰীত উৎপাদিত চাহপাতৰ ‘ব্ৰেণ্ড’ৰ নাম হ’ল মহাৰাণী টি।এইবেলি চাহ নিলাম কেন্দ্ৰৰ যোগেদি এই উৎপাদিত চাহ বিক্ৰী কৰা হৈছে।হিন্দুস্তান লিভাৰ,টাটা টিৰ দৰে প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানেও লৈছে ‘মহাৰাণী টি’।প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে চলিত বছৰটোত জিলাখনত 30 লাখ কিলোগ্ৰাম কেঁচা চাহপাত উৎপাদন হৈছে।অৰ্থাৎ 4.5 কোটি টকাতকৈ অধিক ধন লাভ কৰিছে খেতিয়কসকলে।এই চাহপাতৰ পৰা চাহ তৈয়াৰ হৈছে ফেক্টৰীটোত।উল্লেখযোগ্য যে সমূহীয়াভাৱে সকলো ক্ষুদ্ৰ চাহ খেতিয়কক লৈ চাহ ফেক্টৰী গঢ়ি তোলা দৃষ্টান্ত অসমত বিৰল।ফেক্টৰীটো মুকলি কৰি ৰাজ্যৰ উদ্যোগ মন্ত্ৰীগৰাকীয়েও উত্তৰ শালমাৰাৰ আদৰ্শ লৈ সমূহীয়াভাৱে চাহ ফেক্টৰী কৰাৰ বাবে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকললৈ আহ্বান জনাইছে।চৰকাৰে ইয়াৰ বাবে ৰাজসাহায্য দিয়াৰ কথাও কৈছে।উত্তৰ শালমাৰাৰ চাৰিওফালে এতিয়া চাহ আৰু ৰবৰ বাগান।উত্তৰ শালমাৰাত অংকুৰিত হোৱা ক্ষুদ্ৰ খেতিয়কৰ ৰবৰ আৰু চাহ খেতিয়ে সম্প্ৰতি বঙাইগাঁও জিলাৰ বিভিন্ন এলেকা সামৰি লৈছে।চাহ-ৰবৰ বাগিচাত কাম কৰি কৰ্মসংস্থাপন পাইছে বহুতেই।প্ৰণিধানযোগ্য যে ৰবৰ আৰু চাহ খেতিৰ এই সফল ৰবৰ ব’ৰ্ড,টি ব’ৰ্ড,যোৰহাটৰ কৃষি বিশ্ববিদ্যালয় আৰু সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰো সহায়-সহযোগিতা,হিদা-পৰামৰ্শ।মন কৰিবলগা যে ৰবৰ-চাহ উদ্যোগেই নহয়,উত্তৰ শালমাৰাৰেই প্ৰথম খণ্ডত ৰবি ৰায় নামৰ অশিক্ষিত লোক এজনে নিজৰ চেষ্টা আৰু সাধনাৰ বলত জন্ম দিছে এটা কেমিকেল বাটাম উদ্যোগ।উক্ত উদ্যোগত তেওঁ নিৰ্মাণ কৰি গৈছে ঘৰ নিৰ্মাণৰ নতুন সামগ্ৰী।ছুপাৰ ষ্ট্ৰং কেমিকেল পাওডাৰ,এবিধ চিমেন্ট পাওডাৰ,ডেমপ্ৰুফ পাওডাৰ,বজাৰত পোৱা চিমেন্ট,বগা চিমেন্ট,শিলৰ গুড়ি,বালি আদিৰে বনোৱা মিশ্ৰণ আৰু এই মিশ্ৰণত প্ৰয়োজনবোধে লোৰ মিহি ৰড,তাঁৰ আদি ব্যৱহাৰ কৰি ৰবি ৰায়ে তৈয়াৰ কৰি আছে বাটাম,দুৱাৰ-খিৰিকীৰ ফ্ৰেমকে ধৰি গৃহ নিৰ্মাণৰ বিভিন্ন সামগ্ৰী।তেওঁ কৰ্মসংস্থাপন দিছে কেইবাজনকো।গছ সংৰক্ষণত গুৰুত্ব দি অহা ৰবি ৰায়ে উৎপাদন কৰা এই সামগ্ৰীৰে কেইবাশ ঘৰ ইতিমধ্যে নিৰ্মাণ হৈছে।এইদৰে উত্তৰ শালমাৰাই কৃষি,উদ্যোগ আৰু আত্মসংস্থাপনৰ দিশত নতুন দিগন্তৰ সূচনা কৰিছে।নিবনুৱা সমস্যাই গ্ৰাস কৰা অসমত উত্তৰ শালমাৰাই জন্ম দিছে নতুন সম্ভাৱনাৰ।

উৎস: অসমীয়া প্ৰ্তিদিন

3.03448275862
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top