মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / জলকীয়াৰ খেতিৰে স্বাৱলম্বী হোৱাৰ পথত চাহেবগঞ্জবাসী :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জলকীয়াৰ খেতিৰে স্বাৱলম্বী হোৱাৰ পথত চাহেবগঞ্জবাসী :

জলকীয়াৰ খেতিৰে স্বাৱলম্বী হোৱাৰ পথত চাহেবগঞ্জবাসীৰ বিষয়ে লিখা হৈছে ।

 

গোলোকগঞ্জ ৰাজহ চক্ৰৰ অন্তৰ্গত চাহেবগঞ্জ এখন সৰু গাঁও। এই গাওঁখনত ঘাইকৈ মুছলমান আৰু বিহাৰী সম্প্ৰদায়ৰ লোকসকলে বসবাস কৰে।

গাঁওখনৰ অধিকাংশ লোক কৃষিজীৱী। ধান, মৰাপাট, পটল আৰু জলকীয়াৰ খেতিয়ে তেওঁলোকৰ উৰ্পাজন সীমিত হোৱাত শেহতীয়াভাৱে অধিকাংশ কষকে জলকীয়াৰ খেতিত প্ৰাধান্য দিয়া দেখা গৈছে।

গাওঁখনৰ দাতিয়েদি গদাধৰ নদী বৈ গৈছে। গদাধৰ নদীৰ পাৰতে তেওঁলোকে জলকীয়াৰ খেতি কৰে। তাৰ বাবে তেওঁলোকে অতি সাৰুৱা আৰু পানী জমা নোহোৱা ওখ ঠাই নিৰ্বাচন কৰে।

কৃষকসকলে এই মাটি ভালকৈ চহাই ৰাসায়নিক সাৰ প্ৰয়োগ কৰি খেতিডৰাৰ মাজত সৰু সৰু আলি কৰি আৰু আলিৰ মাজত দুই-ডেৰ ফুট ঠাই এৰি জলকীয়াৰ পুলি ৰুই দিয়ে।

এসপ্তাহ অথবা এপষেকৰ অন্তত পুলিবোৰ সতেজ হৈ উঠিলে পানী ছটিয়াই দিয়াৰ ব্যৱস্থা কৰে। তিনি-চাৰি মাহমানৰ অন্তত গছত ফুল ধৰিবলৈ আৰম্ভ কৰে আৰু এমাহমানৰ অন্তত জলকীয়া পূৰঠ হৈ উঠিলে ছিঙি আনি বিক্ৰীৰ বাবে সাজু কৰি তোলে।

এইখন গাঁৱৰে প্ৰগতিশীল কৃষক খবিৰুদ্দিন শ্বেখে এইবেলি পাঁচ বিঘা মাটিত জলকীয়াৰ খেতি কৰিছে। আমিনুৰ হকশিকাৰীয়ে তিনি বিঘা মাটিত জলকীয়াৰ খেতি কৰিছে।

চাহেবগঞ্জ গাঁৱৰ গাতে লাগি থকা নৈশাৰকুটি চুবুৰিৰ-

*ৰামকৃষ্ণ চৌহানে আঠ বিঘা,

*লক্ষ্মীচান্দ চৌহানে ছবিঘা,

*গণেশ চৌহানে পাঁচ বিঘা,

*ৰামপিয়াৰী চৌহানে চাৰি বিঘা মাটিত জলকীয়াৰ খেতি কৰি আশানুৰূপ ফচল উৎপাদন কৰিবলৈ সক্ষম হৈছে।

তেনেদৰে লক্ষ্মণ চৌহানে তিনিবিঘা, শিৱমংগল চৌহানে দুবিঘা, আতাউৰ আলীয়ে দুবিঘা মাটিত জলকীয়াৰ খেতি কৰি আশানুৰূপ উৎপাদন কৰিবলৈ সমৰ্থ হৈছে।

দুই-এগৰাকী কৃষকে অৱশ্যে বছৰেকীয়া চুক্তিৰ ভিত্তিত অইন লোকৰ মাটিতো খেতি কৰা বুলি জানিব পৰা গৈছে।

তেওঁলোকে আমাক জনোৱা মতে, প্ৰতি বিঘা মাটিত আঠ হাজাৰমান টকা খৰচ পৰে আৰু উৎপাদন ভাল হ’লে প্ৰতি বিঘা মাটিত পাঁচ কুইন্টল পৰ্যন্ত উৎপাদন হয় আৰু প্ৰতি বিঘা মাটিত উৎপাদিত জলকীয়া বিক্ৰী কৰি ২৫ হাজাৰ পৰ্যন্ত টকা উপাৰ্জন কৰে।

কৃষি বিভাগৰপৰা কোনোধৰণৰ সাহায্য নাইবা দিহা-পৰামৰ্শ লাভ নকৰাকৈ সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে জলকীয়াৰ খেতি কৰি স্বাৱলম্বী হ’বলৈ চেষ্টা কৰিও তেওঁলোক সফল হৈ উঠিব পৰা নাই।

কাৰণ তেওঁলোকে উৎপাদিত জলকীয়া উচিত মূল্যত বিক্ৰী কৰাৰপৰা বঞ্চিত হোৱা বুলি প্ৰকাশ কৰিছে। উত্তৰবংগৰ একাংশ ব্যৱসায়ীয়ে সূলভ মূল্যতে জলকীয়া ক্ৰয় কৰি লৈ যায়।

জলকীয়াত পৰা আচাৰ, জলকীয়াৰ গুড়ি ব্যৱহাৰ কৰি তৈয়াৰ কৰা ফাষ্টফুড আদি সৰু সৰু কুটিৰ উদ্যোগ উত্তৰবংগত গঢ়ি উঠাত জলকীয়াৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা দেখা গৈছে, কিন্তু দুৰ্ভাগ্যবশতঃ জিলাখনৰ কোনো ঠাইতে তেনে ক্ষুদ্ৰ উদ্যোগ গঢ়ি উঠা নাই।

তদুপৰি জিলাৰ উদ্যোগ বিভাগৰ উদ্যমহীনতাৰ বাবে তেনে উদ্যোগ স্থাপন কৰাৰ বাবে কোনো চেষ্টা হাতত লোৱা দেখা পোৱা হোৱা নাই।

ফলস্বৰূপে অঞ্চলটোৰ কৃষকসকলে এনে মধ্যভোগীৰ কবলত পৰি লোকচানৰ সন্মুখীন হ’বলগীয়াও হৈছে।

উপযুক্ত শীতল ভাণ্ডাৰৰ অভাৱ, চৰকাৰী উদ্যমহীনতা, কুটিৰ শিল্প গঢ়ি নুঠা, চৰকাৰীভাৱে জলকীয়া ক্ৰয় কৰাৰ ব্যৱস্থা নথকা আদি কাৰণত একাংশ উদ্যমী কৃষক হতাশ হোৱা দেখা গৈছে আৰু বহুকেইজনে জলকীয়াৰ খেতি বাদ দি অইন লাভজনজ খেতি কৰাৰো পৰিকল্পনা কৰা বুলি আমাক জনাইছে।

অৱস্থাৰ উন্নতি নঘটিলে অদূৰ ভৱিষ্যতে কেঁচা আৰু শুকান দুয়োবিধ জলকীয়া আমদানি কৰি আনিবলৈ বাধ্যত পৰিলেও আচৰিত হ’বলগীয়া নহ’ব।

লেখক: অম্বুনাথ শৰ্মা(দৈনিক অসম)

2.84615384615
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top