মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / জৈৱিক খেতিৰে জাগৰণ আনিব বিচৰা কেইজনমান উদ্যমীৰ কথাৰে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জৈৱিক খেতিৰে জাগৰণ আনিব বিচৰা কেইজনমান উদ্যমীৰ কথাৰে

বৰ্তমান প্ৰাকৃতিক চাহ বা জৈৱিক চাহ যথেষ্ট জনপ্ৰিয় হৈ উঠিছে৷ আমি এই বিষয়ত বিভিন্ন জনৰ লগত যোগাযোগ কৰোতে লগ পাইছিলো কুলজিৎ নাথ আৰু কংকন দেৱ গোস্বামীক৷ তেওঁলোকে প্ৰাকৃতিক ভাৱে উৎপাদন কৰা চাহ হাতেৰে বা ঢেঁকীত খুন্দি প্ৰস্তুত কৰি উলিয়াইছিল৷ এই জৈৱিক চাহ বিষয়ৰ আন এটা লেখা আমি আমাৰ আলোচনীৰ যোৱা সংখ্যাতো প্ৰকাশ কৰিছিলো৷ কব পাৰিযে এই হাতেৰে নিৰ্মিত চাহৰ বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰতো যথেষ্ট সমাদৰ আছে৷ লক্ষীমপুৰৰ গোবিন হাজৰিকা দেৱক এই ক্ষেত্ৰত আগৰণুৱা বুলি কব পাৰি যদিও ধীৰেণ ফুকন দেৱেও প্ৰায় সমসাময়িক ভাৱেই আৰম্ভ কৰিছিল৷


আমি আজি আলোচনা কৰিম সংগৱদ্ধ ভাৱে ৬৫ জন যুৱকে নানা ধৰণৰ বাধা নিষেধ আওঁকান কৰি একগোট হৈ কি দৰে ব্ৰহ্মপূত্ৰ জৈৱিক সমিতি, অসম আৰম্ভ কৰিলে৷ আমি সুধিছিলো তেওঁলোকে কিদৰে বা কি কাৰণে তেওঁলোকে জৈৱিক চাহ কৰিবলৈ আগ্ৰহী হ’ল৷ আমি তেওঁলোকক লগ কৰিছিলো মনিৰাম দেৱান ট্ৰেড চেন্টাৰত৷ তাত আমি লগ পাইছিলো সমিতিখনৰ কেইবাজনো সদস্যক৷ আমি তেওঁলোকক সুধিছিলো, তেওঁলোক কি কাৰণে এই বিশেষ ধৰণৰ চাহ খেতি কৰিবৰ কাৰণে আগ্ৰহী হ’ল ?

এইবিষয়ত ছচাইটি খনৰ কোষাধক্ষ্য তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ কংকন দেৱ গোস্বামীয়ে কৈছিল যে, ২০১০ চনত তেওঁৰ দেউতাক কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছিল৷ তেতিয়া তেওঁলোকে শুনিবলৈ পাইছিল যে, জৈৱিক সেউজ চাহ কেঞ্চাৰ ৰোগৰ প্ৰতিষেধক৷ কিন্তু সেই সময়ত জৈৱিক সেউজ চাহ বজাৰত সহজলভ্য হোৱা নাছিল৷ আনহাতে, খুব কম সময়ৰ ব্যৱধানত তেওঁৰ দেউতাক তেওঁলোকৰ ওচৰৰ পৰা বহুত দূৰলৈ গুচি গৈছিলে৷ সেইসময়ত দেউতাকক জৈৱিক সেউজ চাহৰ যোগান ধৰিব নোৱাৰা বাবে গোস্বামীৰ মনৰ কৰবাত দুখ ৰৈ গৈছিলে৷ তেওঁৰ দেউতাকক লৈ মনত যিটো দুখ সেইয়া যাতে বেলেগ এজনে লব নালাগে তেনেধৰণৰ চিন্তা কৰিয়েই বিভিন্নজনৰ লগত যোগাযোগ কৰি তেওঁ জৈৱিক চাহ বনোৱাৰ এটা প্ৰচেষ্টা আৰম্ভ কৰে৷ তেনেতে অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ চাহ কৃষি কৰ্ম আৰু প্ৰযুক্তি বিভাগত লোৱা এটা আৱাসিক প্ৰশিক্ষণ শিবিৰতেই প্ৰশিক্ষণ লোৱাৰ পাছত তেওঁলোক একগোট হৈছিল আৰু প্ৰত্যেকেই এনে ধৰণে প্ৰাকৃতিক চাহ তৈয়াৰ কৰিবৰ কাৰণে আগ্ৰহী হৈ উঠিছিল৷ ইয়াতেই তেওঁলোকে অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ প্ৰযুক্তি বিভাগৰ অধ্যাপক ডঃ গৌতম কুমাৰ শইকীয়াদেৱক লগ পাইছিলে আৰু তেখেত ৰ অনুপ্ৰেৰণাতে ব্ৰহ্মপুত্ৰ জৈৱিক সমিতি অসমৰ জন্ম হৈছিলে।

এইবিষয়ত আন এজন যুৱক গহপুৰৰ ভোলাগুৰি বাগানৰ ওচৰৰ শ্যামন্তই কৈছিল যে, তেওঁ জৈৱিকভাৱে চাহখেতি আগৰে পৰা কৰি আছিলে যদিও ২০১৩ চনৰ পৰা ১৫ চনলৈ কেচাঁপাতৰ বজাৰদৰ সাংঘাটিকভাৱে কমি যোৱাৰ কাৰণে তেওঁলোকৰ দৰে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ মাজত হাঁহাকাৰ লাগিছিলে৷ কলঘৰলৈ নিয়া চাহপাত পেলাই দিব লগা হৈছিলে৷ তেতিয়াই গহপুৰৰ চাহ উন্নয়ান বিষয়া শ্ৰী যুত ধীৰাজ শইকীয়াদেৱে তেওঁক এই হাতেৰে চাহ বনাব পৰা পদ্ধতিৰ বিষয়ে কৈছিলে আৰু এইদৰেই হাতেৰে জৈৱিক চাহ প্ৰস্তুত কৰিবলে লোৱা কাৰণে তেওঁলোকৰ কলঘৰৰ সমস্যা নাইকীয়া হৈছিলে৷ এইদৰেই তেওঁ এদিন বগাচাহ (Whit Tea) প্ৰস্তুত কৰাতো সফল হ’ল৷

ব্ৰহ্মপূত্ৰ জৈৱিক সমিতিখনৰ সভাপতি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলীৰ কুলজিত নাথে কৈছিল যে, তেওঁলোকে চাহখেতি আৰম্ভ কৰোঁতে যিদিনা বাগানত দৰব বা সাৰ দিয়ে সেইদিনা সন্ধিয়ালৈ সকলোৰে মূৰৰ বিষ হয়, গা বেয়া লাগে বা জ্বলা-পোৰা কৰে, ‘গেছ’ হয়, একো খাব নোৱাৰে বা বিভিন্ন ধৰণৰ অসুবিধা হয়৷ তেওঁ কৈছিল যে, “বাগানৰ শ্ৰমিক সকলে হয়তো সেইকাৰণেই সেইদিনা অলপ বেছিকৈ স্থানীয় মদবিধ খায়৷ কিন্তু আমাৰ কষ্ট হয় আৰু আমি আঁতৰিও থাকিব নোৱাৰো, কাৰণ দৰববোৰৰ দাম বেছি হয়৷ লোকচান হব পাৰে”৷ এইবিষয়ে তেওঁলোকে টোকোলাই আৰু অসম কৃষি বিশ্ববিদ্যালয়তো আলোচনা কৰিছিলে৷ তেতিয়া অঃকৃঃবিঃ ৰ পৰা কৈছিলে হয়তো সাৰ প্ৰয়োগ এনে সমস্যাসমুহৰ কাৰণ হব পাৰে৷ আৰু এইদৰেই নিজৰ সুৰক্ষাৰ কাৰণে, ভবিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে জৈৱিক খেতি কৰিবলে আৰম্ভ কৰাৰ লগতে উৎপাদিত চাহও সম্পুৰ্ণ প্ৰাকৃতিক ভাৱে হাতেৰে বনাবলৈ সিদ্ধান্ত লয়৷

আমি তেওঁলোকক আৰু সুধিছিলো, তেওঁলোকে এইদৰে প্ৰস্তুত কৰা চাহৰ বজাৰখন আগতীয়াকৈ গম পাই সেইম’তে উৎপাদন কৰিছিলে নেকি ?

এইবিষয়ত কিন্তু তেওঁলোকে কৈছিলে, তেওঁলোকে উৎপাদন কৰা হস্তনিৰ্মিট চাহ কোনো ধৰণৰ চাহিদা লক্ষ্য কৰি উৎপাদন কৰা হোৱা নাছিলে৷ প্ৰথমতে তেওঁলোকে মাত্ৰ অজৈৱিক ৱ্যৱস্থাৰ পৰা জৈৱিকলৈ ৰুপান্তৰ হৈ জীৱজগতৰ তথা পৰিবেশতন্ত্ৰৰ সংৰক্ষণৰ লগতে কেঞ্চাৰ আদি ৰোগৰ পৰা নিজেই বাচি থাকিবলে এই জৈৱিক চাহখেতি কৰি জৈৱিক পকা চাহ (Made Tea) তৈয়াৰ কৰিছিলে৷ এইদৰে উৎপাদন কৰি সফল হোৱাত বজাৰৰ কথা আহি পৰিছিলে আৰু তেতিয়া তেওঁলোকে ইয়াৰ বজাৰ চাহিদাৰ বিষয়ে গম পাইছিলে৷

আমি তেওঁলোকক আৰু তেওঁলোকৰ উৎপাদিত চাহৰ প্ৰকাৰ সমুহ আৰু প্ৰস্তুত প্ৰণালীৰ বিষয়ে সুধিছিলো৷ তেওঁলোকে জনাইছিলে – সেউজ চাহ (Green Tea), ক’লা চাহ(Orthodox Black Tea), ঢেঁকী চাহ (Dheki Tea), বগা চাহ (Whit Tea), চুঙা চাহ (Chunga Tea), ওলং চাহ (holong Tea)৷ এই সমুহ চাহ সম্পুৰ্ণ হাতেৰে তৈয়াৰ কৰা হয়৷ থলুৱা পৰম্পৰাগত যন্ত্ৰপাতি যেনে- ঢেকী, ডলা, চালনি হে এই চাহ তৈয়াৰী প্ৰক্ৰিয়াত ব্যৱহাৰ হয়৷ ফাৰ্মন্টেচন প্ৰক্ৰিয়া নকৰাকৈ সেউজ চাহ, ফাৰ্মেন্টেচন কৰি ক’লা চাহ, চেমি-ফাৰ্মেন্টেচন কৰি ওলং চাহ আৰু চাহ গছৰ কলি (Bud) ব্যৱহাৰ কৰি বগা চাহ তৈয়াৰ কৰা হয়৷ এই বগা চাহ এতিয়াও জনপ্ৰিয় হৈ উঠা নাই জনসাধাৰণৰ মাজত৷ শ্যামন্ত বৰুৱাই এই চাহ সম্পৰ্কত কৈছিলে যে, তেওঁ এই চাহ উৎপাদনৰ বাবে বিশেষভাৱে কেইটামান ক্লন বাছি লৈছে, যেনে – P-126, A3S3, Tin, Ali-17, D-90 ইত্যাদি৷ তেওঁ কৈছিলে যে, এই নিৰ্বাচিত জাতসমুহৰ প্ৰথমেই ওলাই অহা চাহৰ কলি বিলাক আলফুলে চিঙি আনি দুদিন ছাঁত শুকুৱাই তাৰ পাছত বগা বনোৱা হয়৷ তেওঁলোকৰ আৰু এবিধ প্ৰডাক্ট তেওঁলোকে বিক্ৰি কৰি আছে চুঙা চাহৰ নাম দি৷ ইয়াক চুঙা চাহ বুলি এই কাৰণেই কোৱা হয় যে, এই চাহ এবিধ বিশেষ ধৰণৰ বনৰীয়া বাহঁ ব্যৱহাৰ কৰি পৰম্পৰাগতভাৱে বনোৱা হৈছে৷ ইয়াৰ কাৰণে ব্যৱহাৰ কৰা চাহপাত সমুহ সাধাৰণতে আমি দেখা চাহবাগনবোৰৰ চাহগছৰ দৰে নহয়৷ এই চুঙাচাহটো আচলতে চিংফৌ সকলে ব্যৱহাৰ কৰা “ফালাপ”৷ তেওঁলোকৰ এই নামতো বেলেগে ব্যৱহাৰ কৰাত আপত্তি আছে কাৰণেই এওঁলোকে চুঙাচাহ ব্যৱহাৰ কৰিছে৷ আমি সুধিছিলো, চিংফৌ সকলৰ এই চুঙাচাহ এওঁলোকে কেনেকৈ বনাইছে৷ তেওঁলোকে আমাক জনাইছিলে, -“এই “ফালাপ” আচলতে আমি বনাব নোৱাৰো৷ কাৰণ গছৰ পৰা চিঙি অনাৰ পৰা প্ৰক্ৰিয়াতো সম্পুৰ্ণ হোৱালৈকে প্ৰায় দেৰ মাহ সময় লাগে৷ এই ফালাপ বনাবৰ কাৰণে প্ৰয়োজন হোৱা চাহপাত আমাৰ বাগানত নাই আৰু বিভিন্ন কাৰণত আমি বনাব পৰা নাই”৷ আমি দেখিবলৈ পাইছিলো যে, প্ৰতিজন সদস্যৰে উৎপাদিত এই প্ৰডাক্ট সমুহ এই ব্ৰহ্মপুত্ৰ জৈৱিক সমিতি অসমৰ নামতে বজাৰত বিচাৰি পোৱা গৈছে৷

আমি তেওঁলোকক সুধিছিলো, তেওঁলোকৰ উৎপাদিত প্ৰডাক্ট ভাৰতৰ বাহিৰত বিক্ৰি হৈছে নেকি ? তেওঁলোকে কৈছিলে তেওঁলোকে এতিয়ালৈকে export কৰা নাই৷ কিন্তু বিভিন্ন সময়ত বিভিন্ন ঠাইত Trade Fair বা Expo সমুহত কৰোতে ৰাছিয়া, বেলাৰুচ, পলেণ্ড, ম্যানমাৰ, বাংলাদেশ, ইণ্ডোনেছিয়া আৰু শেহতীয়াভাৱে USA ৰ লোকে কিনি লৈ গৈছে আৰু পুনৰ যোগাযোগ কৰিছে৷ কিন্তু তেওঁলোকে Export license খন নোপোৱাৰ বাবে আগবাঢ়িব পৰা নাই৷

আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছিলো, তেওঁলোকে আগবাঢ়ি যোৱাত ভাৰত তথা অসম চৰকাৰৰ পৰা কিবা সহায় পাইছিলে নেকি ?
তেওঁলোকে উত্তৰত কৈছিলে যে, চাহখেতি সম্পৰ্কত বিভিন্ন পৰামৰ্শ আৰু সহযোগৰ উপৰিও যোৱা ১৪ নৱেম্বৰ ২০১৬ চনত হোৱা ৩৬তম ভাৰতীয় আান্তঃৰাষ্ট্ৰীয় ব্যাণিজ্যমেলাত অসম চৰকাৰ উদ্যোগ আৰু বানিজ্য বিভাগৰ চাহ সঞ্চালকালয়ৰ সহযোগত চাহ বিক্ৰিকেন্দ্ৰত বিক্ৰি আৰু প্ৰদৰ্শণ কাৰিছিলে৷ আৰু যোৱা জানুৱাৰী ২০১৭ত অনুষ্ঠিত হোৱা অসম আান্তঃৰাষ্ট্ৰীয় কৃষি মেলাত অংশগ্ৰহণ কৰিছিলে৷ তেওঁলোকে কিন্তু বেংক বা আন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ বিত্তীয় সাহাৰ্য্য লোৱা নাই বুলিয়েই আমাক জনায়৷
তেওঁলোকক আমি সুধিছিলো তেওঁলোকৰ কিবা পৰিকল্পনা আছে নেকি তেওঁলোকৰ ব্যৱসায় বহলোৱাৰ বা ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ উন্নতিৰ কাৰণে৷
তেওঁলোকে আমাক কৈছিলে যে, ভাৰতীয় চাহ বৰ্ড ৰ উপাধ্যক্ষ শ্ৰী বিদ্যানন্দ বাৰকাকাটি ৰ সহযোগত ক্ষুদ্ৰ চাহ খেতিয়কৰ সুবিধাৰ কাৰণে “এখন খিৰিকী নীতি(Single Window Policy)” ৰ দৰে এটা প্ৰকল্প বনোৱা হৈছে৷ এই নীতিত খেতিয়ক সকলৰ কেঁচামাল উৎপাদন, বিভিন্ন ধৰণৰ চাহ বনোৱাৰ ব্যৱস্থা, বজাৰলৈ পঠোৱা আদিৰ দৰে কৰ্ম একে ধৰণেৰে আৰু এক সমমূল্য নীতি প্ৰযোজ্য কৰিবলৈ থিৰ কৰা হৈছে, যাতে খেতিয়ক সকল উপকৃত হয়৷
আমি তেওঁলোকক সুধিছিলো, চাহ খেতিৰ সংগীশস্য হিচাপে তেওঁলোকে কি কি উদ্যান শস্য কৰিলে ভাল হয় বুলি ভাৱে৷
তেওঁলোকে কৈছিলে, জৈৱিক খেতিত পৰিবেশ বিনষ্ট নকৰা বহুত ধৰণৰ গছ-গছনিয়েই লগাব পাৰে৷ যেনে, জালুক, পিপলি, আমলখি, শিলিখা, মধুৰী ইত্যাদি৷ আনহাতে বাগিচাৰ কিনাৰে কিনাৰে বা সুবিধানুসাৰে মাজতো চোম, কেচেৰু ইত্যাদি গছ ৰুই মুগা, এৰি ইত্যাদি পুহিব পাৰি৷ আনহাতে সংগী শস্য হিচাপে তামোলগছো ৰুব পাৰি৷ এইখিনিতে তেওঁলোকে এটা আকৰ্ষণীয় কথা কৈছিলে যে,
তেওঁলোকৰ চাহখেতিসমুহ অজৈৱিকৰ পৰা জৈৱিকলৈ ৰৃপান্তৰ কৰাৰ পাছত অঞ্চলবোৰত পখিলাৰ সংখ্যা বাহিছে৷ মাটিত কেঁচু-কুমটিবোৰো বাঢ়িছে৷ পখিলা বাঢ়িছিলে বাগানত৷
তেওঁলোকক আমি সুধিছিলো, তেওঁলোকে নতুন প্ৰজন্মৰ বাবে কিবা পৰামৰ্শ দিব বিচাৰে নেকি ?
তেওঁলোকে নতুন প্ৰজন্মৰ চাহখেতিৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতীসকললৈ অনুৰোধ কৰিছিলে যে, উপযুক্ত প্ৰশিক্ষণ আৰু প্ৰয়োজনীয় মাটি অবিহনে জৈৱিক চাহ খেতিত হাত দিব নালাগে৷ এই প্ৰশিক্ষণ অসম কৃষি বিশ্ববিদ্যালয় আৰু চাহ গৱেষনা কেন্দ্ৰ, যোৰহাটৰ লগত যোগাযোগ কৰি লব লাগে৷ আৰু যাৰ মনত উপাৰ্জন কৰাৰ লগতে প্ৰকৃততে পৰিবেশ উন্নয়ন আৰু সুৰক্ষাৰ ইচ্ছা আছে তেওঁলোকেহে জৈৱিক চাহ খেতিৰ বাবে আগবাঢ়িব লাগে৷ তেওঁলোকে লগতে অহা এপ্ৰিল মাহৰ পৰা এই জৈৱিক খেতিৰ প্ৰশিক্ষণ আৰম্ভ কৰিব বুলিও জনাই৷
শ্যামন্তই কৈছিলে যে, জৈৱিক খেতিৰ কাৰণে যুৱপ্ৰজন্ম এইকাৰণেই আগ্ৰহী হব লাগে যে, আমি জৈৱিক চাহ খোৱাটো স্বাস্থ্যৰ কাৰণে যিমান উপকাৰী খেতিয়ক সকলৰ কাৰণেও সমানেই উপকাৰী৷ আমি কীটনাশক, ভেঁকুৰনাশক, প্ৰয়োজনীয় সাৰ ইত্যাদি ঘৰুৱাভাৱে উৎপন্ন কৰো৷ ইয়াৰ ফলত আমাৰ খৰচো কম হয় আৰু স্বাস্থ্যৰ ক্ষতি নহয়৷
আমি তেওঁলোকে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে সুধিছিলো৷ তেওঁলোকে কৈছিলে, তেওঁলোকৰ দৰে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ প্ৰধান সমস্যা প্ৰয়োজনীয় সঁচ বা ভেৰাইটি পোৱা নাযায়৷ জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱ, কাৰণ এতিয়াও সমাজৰ একশ্ৰেণীয়েহে জৈৱিক চাহ উৎপাদনত গুৰুত্ব দিছে বা খাবলৈ লৈছে৷ বিশেষকৈ Whit Tea ইত্যাদিৰ প্ৰচাৰ খুব কম হৈ আছে৷ তেওঁলোকে আমাক জনোৱা আৰু এটা সমস্যা হৈছিলে- বজাৰৰ অভাৱ৷ যদিও উৎপাদন বাঢ়িছে স্থানীয় বজাৰ বা বাহিৰৰ বজাৰৰ ৰিটাৰ্ন এতিয়াও সন্তোষ জনক নহয় বুলিয়েই আমাক জনাইছিলে৷
শেষত আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছিলো তেওঁলোকৰ সমিতিখনৰ বিষয়ে৷
তেওঁলোকৰ সমিতিখনৰ নাম- ব্ৰহ্মপুত্ৰ জৈৱিক সমিতি, অসম৷ অসম কৃষি বিশ্ববিদ্যালয়,যোৰহাটৰ চাহ কৃষি-কৰ্ম আৰু প্ৰযুক্তি বিভাগৰ উদ্যোগত আৰু অসম চৰকাৰৰ চাহ সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত হোৱা এক আবাসিক জৈৱিক চাহ খেতিৰ প্ৰশিক্ষণত ২০১৬ চনৰ মে’ মাহৰ ২৪ তাৰিখে এই সমিতিখনৰ পৰামৰ্শদাতা ড° গৌতম কুমাৰ শইকীয়া চাৰৰ উদ্যোগত৷অসমৰ মুঠ ন-খন জিলাৰ ৬৫ জন জৈৱিক চাহ খেতিয়কৰ একান্ত প্ৰচেষ্টাত এই অনুষ্ঠানটোয়ে থন ধৰি উঠে৷এই অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্য হ’ল সকলো খেতিয়ককে হস্তনিৰ্মিত চাহ একেধৰণে (uniformly) উৎপাদন কৰাত সহায় কৰাৰ লগতে উৎসাহ জনোৱা৷ তদুপৰি বহ্মপুত্ৰ অসম চাহ নামৰ এটা ব্ৰেণ্ডত ৬৫ জন খেতিয়কৰ চাহক বজাৰত প্ৰতিষ্টা কৰিব বিচৰাতো এই সমিতিৰ অন্যতম উদ্দেশ্য৷
আমি লগ পোৱা প্ৰতিজন সদ্যস্যৰ মাজত এটা একতাৰ বান্ধোন দেখিবলৈ পাইছিলো আৰু প্ৰতিজনৰ চকুত আগুৱাই যোৱাৰ সপোন, মনত দৃঢ়তা দেখিবলৈ পাইছিলো৷ তেওঁলোকৰ কষ্ট সাৰ্থক হওক৷ অসমৰ জৈৱিক চাহৰ বজাৰত এটা জাগৰণ আহক৷ সেইয়াই আমাৰ ইচ্ছা৷
উৎস-কৃষক বন্ধু,লেখিকা-বৰ্নালী শৰ্মা বৰুৱা
2.9
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top