মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / জৈৱিক পদ্ধতিৰে নীৰৱ কৃষি বিপ্লৱৰ সূচনা কৰিছে পংকজ হাজৰিকাই
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জৈৱিক পদ্ধতিৰে নীৰৱ কৃষি বিপ্লৱৰ সূচনা কৰিছে পংকজ হাজৰিকাই

জৈৱিক পদ্ধতিৰে নীৰৱ কৃষি বিপ্লৱৰ সূচনা কৰিছে পংকজ হাজৰিকাই, সেই বিষয়ে লিখা হৈছে ।

ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি উৎপাদন কৰা শস্য খাদ্যৰূপে ব্যৱহাৰ কৰাৰ পৰিণতিতে কেন্সাৰ, কিডনি, হৃদৰোগৰ দৰে দুৰাৰোগ্য ৰোগসমূহ সম্প্ৰতি ব্যাপক সমস্যাৰ ৰূপ ধাৰণ কৰিছে। আনকি মাটিৰ উৎপাদন ক্ষমতাও দ্ৰুত গতিত হ্ৰাস পোৱায়ে নহয়, জৈৱিক বৈচিত্ৰ্যতাৰ প্ৰতিও ভয়ানক বিপৰ্যয় নমাই আনিছে। সুস্থ শৰীৰ, সুস্থ মন, সুস্থ পৰিৱেশ অক্ষুন্ন ৰখাৰ স্বাৰ্থতে সেয়েহে ৰাসায়নিক সাৰক শস্য উৎপাদন কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ বাবে প্ৰতিৰোধ কৰাটো এতিয়া সময়ৰ আহ্বান হৈ পৰিছে। এইক্ষেত্ৰত উপযুক্ত প্ৰতিৰোধ ব্যৱস্থা হ’ল ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰৰে শস্য উৎপাদনত কৃষকে জৈৱিক সাৰৰ ব্যৱহাৰ কৰি শস্য উৎপাদন কৰাৰ ক্ষেত্ৰত এক নীৰৱ বিপ্লৱৰ সূচনা কৰিছে। যি গৰাকী কৃষক দিল্লীৰ আন্তঃৰ্জাতিক জৈৱিক আলোচনা চক্ৰত ‘কৃষক ৰত্ন’ৰ বঁটাৰে সমাদৃত হৈছিল। কৃষক গৰাকীৰ নাম হ’ল পংকজ হাজৰিকা। তেওঁৰ ঘৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মুঢ়াদলত। পংকজ হাজৰিকাই নিজৰ অঞ্চল জামুগুৰিহাটকে কৰ্মভূমি হিচাপে লৈ গাঁৱে-গাঁৱে মহিলাসকলক লৈ গোট গঠনৰে কেঁচু সাৰ(ভাৰ্মি কম্প’জ) উৎপাদন কৰাত তৎপৰ হৈ পৰিছে। তেওঁ নিজাববীয়াকৈ ঘৰতে ৪০ বিঘা মাটিত জৈৱিক সাৰ ব্যৱহাৰ কৰি ধান খেতিত আত্মনিয়োগ কৰিছে। পংকজ হাজৰিকাই জৈৱিক সাৰ ব্যৱহাৰ কৰি উৎপাদন কৰা কোমল চাউল, কলি জহা আৰু কুনকুনী জহাই কেৱল দেশতেই নহয়, বিশ্বত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এগৰাকী কৃষকে সহযোগী কৃষক সকলক লৈ উৎপাদন কৰা কোমল চাউল, কলি জহা আৰু কুনকুনী জহা চাউল দেশৰ দিল্লী, মুম্বাইৰ লগতে চুইডেন, ডেনমাৰ্ক আৰু চুডানকে আদি কৰি বিভিন্ন দেশতো সম্প্ৰতি ব্যাপক সমাদৰ লাভ কৰিছে। তেওঁৰ পৰা কোমল চাউল, কলি জহা আৰু কুনকুনী জহা চাউল বিচাৰি দেশ-বিদেশৰ পৰা সঘনাই তাগিদা অহা বুলি জানিব পৰা গৈছে।

নিজৰ ৪০ বিঘা কৃষি ভূমিত জৈৱিক পদ্ধতিৰে কৃষিকাৰ্য্য সম্পাদন কৰাতে সীমাবদ্ধ হৈ থকা নাই কৃষকগৰাকী। চৰকাৰীভাৱে থকা ১০০ বিঘা মাটিৰ জামুগুৰিহাতৰ বাকোলা বীজ ফাৰ্মখন লীজত লৈ এতিয়া আৰম্ভ কৰিছে জৈৱিক পদ্ধতিৰে কৃষি কাৰ্য। উক্ত কৃষি ফাৰ্মত জৈৱিক সাৰ ব্যৱহাৰৰে উৎপদান কৰিছে শালি খেতিৰ লগতে ৰবি শস্য আৰু নেমু খেতি। ইয়াৰোপৰি জামুগুৰিহাটৰ জীয়াভৰলী চাপৰিত ‘কন্যকা’ নামৰ দুহেজাৰ বিঘা মাটিৰে এখন কৃষি পাম প্ৰতিষ্ঠা কৰি জৈৱিক পদ্ধতিৰে কৃষি কাৰ্য সম্পাদন কৰাত নিয়োজিত হৈ পৰিছে পংকজ হাজৰিকাৰ নেতৃত্বত অঞ্চলটোৰ একাংশ কৃষক। এই ‘কন্যকা’ কৃষি পামতে এতিয়া-

  • ২০০ বিঘা মাটিত সৰিয়হ খেতি,
  • ২০ বিঘা মাটিত তিল খেতি,
  • ২০ বিঘা মাটিত মগু মাহৰ খেতি,
  • ৩৫ বিঘা মাটিত বনৌষধি গছৰ খেতি আৰম্ভ কৰিছে জৈৱিক পদ্ধতিৰে।

তদুপৰি কন্যকাত ৰোপণ কৰিছে-

  • অমৰা,
  • নেমু,
  • মধুৰিয়াম,
  • শিলিখা,
  • লেটেকু,
  • পনীয়ল,
  • বগৰী,
  • ডালিম,
  • চালকুঁৱৰী,
  • কলা জামু,
  • জামু,
  • পানী জামু,
  • বগী জামু প্ৰমুখ্যে অসমীয়া সমাজ জীৱনৰ পৰা হেৰাই যাব ধৰা পৰম্পৰাগত ফল-মূলৰ গছ।

পংকজ হাজৰিকাই কৃষি কাৰ্যত জৈৱিক সাৰ ব্যৱহাৰতে সীমাৱদ্ধ থকা নাই। শস্য উৎপাদন বৃদ্ধিৰ বাবে মাল্টিপাৰ্পাচ ভিটামিন আৰু কীটনাশক ঔষধো প্ৰস্তুত কৰিছে জৈৱিক পদ্ধতিৰে। শস্য সংশোধন জৈৱিক পদ্ধতিৰে উৎপাদন কৰা ঔষধক নামাংকিত কৰিছে ‘বীজামৃত’। এই ‘বীজামৃত’ ঔষধ প্ৰস্তুত কৰে গো-মূত্ৰ, নিমপাত আৰু জলকীয়া গুৰিৰে। ইপিনে আকৌ জৈৱিক পদ্ধতিৰে উদ্ভাৱন কৰা মাল্টিপাৰ্পাচ ভিটামিনক নামাংকিত কৰিছে ‘পঞ্চগব্য’। এই ’পঞ্চগব্য’ ভিটামিন প্ৰস্তুত কৰে-

  • গো-মূত্ৰ,
  • দৈ কেঁচা গোৱৰ,
  • পকা কল,
  • গুড়,
  • ডাবৰ পানীৰে।

কেৱল জামুগুৰিহাটতেই নিজৰ জৈৱিক খেতিৰ কৰ্মৰাজি সীমাৱদ্ধ কৰি ৰাখিব বিচৰা নাই কৃষক পংকজ হাজৰিকাই। অসমজুৰি জৈৱিক পদ্ধতিৰে খেতি কৰা কৃষকসকলক সু-সংগঠিত কৰি সদৌ অসম জৈৱিক কৃষি উৎপাদক সমিতি নামেৰে এক সংগঠন গঢ়ি তুলি সেই সংগঠনৰ সভাপতিৰ দায়িত্বত অধিষ্ঠিত হৈ জৈৱিক পদ্ধতিৰে কৃষি কাৰ্যত নিয়োজিত হ’বলৈ কৃষক সকলক আহ্বান জনাইছে।

৯০ৰ দশকৰ পৰাই তেওঁ জৈৱিক কৃষিকাৰ্যত জড়িত হৈ পৰিছিল। প্ৰথমেই ‘সেউজ জৈৱিক কৃষি পাম’ নামেৰে এক সমিতি গঠন কৰি বহু কেইজন কৃষকে জৈৱিক পদ্ধতিৰে দিকৰাইগুৰিত কুঁহিয়াৰ খেতি কৰিবলৈ আৰম্ভ কৰিছিল। এই সন্দৰ্ভত বহুবাৰ দেশৰ বিভিন্ন প্ৰান্তত জৈৱিক পদ্ধতিৰ কৃষিৰ সন্দৰ্ভত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। ২০০০, ২০১৪ আৰু ২০১৫ চনত তিনিবাৰকৈ কেৰালাত গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জৈৱিক কৃষি পদ্ধতিৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছিল। শ্ৰীশ্ৰী ৰবিশংকৰৰ বাংগালুৰুস্থিত জিৰ’ বাজেট অৰ্গেনিক ফাৰ্মত পাঁচদিনীয়া প্ৰশিক্ষণো গ্ৰহণ কৰিছিল। তদুপৰি চিকিমতো ৭ দিনীয়া জৈৱিক প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। এইবোৰৰ পৰা লাভ কৰা অভিজ্ঞতাৰ ভিত্তিতেই তেওঁ জৈৱিক পদ্ধতিৰে কৃষি কাৰ্যত আত্মনিয়োগ কৰি আহিছে।

খেতিয়কৰ মাজত ভ্ৰান্ত ধাৰণা আছে যে, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে বেছি শল্য উৎপাদন হয়। বাস্তৱত সেই কথা মিছা। কাৰণ জৈৱিক পদ্ধতিগত ভাৱে ব্যৱহাৰ কৰিলে ৰাসায়নিক সাৰতকৈ অধিক শস্য উৎপাদন হয়। ৰাসায়নিক সাৰ ব্যৱহাৰতকৈ জৈৱিক সাৰ ব্যৱহাৰ কৰি কৰা শস্যত ব্যয়ো কম। জৈৱিক সাৰ সাধাৰণতে অসমত প্ৰকৃতিগত ভাৱেই পোৱা যায়। জৈৱিক সাৰৰ মূল আধাৰ কেঁচু সাৰ যদিও মেটেকা, পৰিত্যক্ত জাৱৰ-জোঁথৰ আদিৰ পৰাও সাৰ উৎপাদন কৰিব পৰা যায়।

লেখক: অপূৰ্ব বৰা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top