অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তামুলপুৰত এৰী-মুগা পলু পালনেৰে চলিছে নীৰৱ গ্ৰাম্য বিপ্লৱ

তামুলপুৰত এৰী-মুগা পলু পালনেৰে চলিছে নীৰৱ গ্ৰাম্য বিপ্লৱ

তামুলপুৰৰ এচাম মহিলাই নীৰৱে চলাইছে কৃষি বিপ্লৱ। মহিলাসকলে ঘৰৰ যাৱতীয় কাম-কাজ কৰি আজৰি সময়ত দুপইচা অৰ্জনৰ লক্ষ্যৰে ঘৰতে প্ৰাকৃতিক পৰিৱেশত আৰম্ভ কৰিছে এৰী-পলু পালনৰ ব্যৱস্থা। এইক্ষেত্ৰত মহিলাসকলক ৰাজ্য চৰকাৰৰ ৰেচম বিভাগে আগবঢ়াইছে সহায়ৰ হাত। বিভাগে বিশেষকৈ কণী যোগান ধৰি মহিলাসকলক উপকৃত কৰিছে। পূব কচুকাটাৰ ৰামনাথ ব্ৰক্ষ্ম এগৰাকী অভিজ্ঞতাপুষ্ট মুগাপালক। এই  ৰামনাথ ব্ৰক্ষ্মৰ ঘৰতে গাঁওখনৰ মহিলাসকলে এৰী পালনৰ দিহা কৰিছে। এড়া গছ আৰু খাৰুং গছৰ পাত এৰী-পলুৰ বাবে উৎকৃষ্ট খাদ্য। এৰা গছ আৰু খাৰুং গছৰ বাগান পাতি এৰী-পলু পালন কৰিব পাৰি। বছৰত বাৰমাহে এৰী-পলু পুহিব পাৰি। বছৰত বাৰমাহে এৰী-পলু পুহিব পাৰি। পূব কচুকাটাৰ অণিমা, পতেশ্বৰী, দেওবাৰীৰ দুলু ব্ৰক্ষ্মই পৰম্পৰাগতভাৱে এৰী-পলু পালন কৰিছে। ১০০ গ্ৰাম কণীৰ পৰা অনুকূল পৰিৱেশ পালে লেটা-ওলায় প্ৰায় ৬ কিলোগ্ৰাম পলু উৎপাদিত হয়। যিবোৰক খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। এই ৬ কিলোগ্ৰাম লেটা বিক্ৰী কৰি প্ৰতি কিলোগ্ৰামত ৫০০ টকাকৈ মুঠ ৩০০০ টকা উপাৰ্জন কৰিব পাৰি। আনহাতে, খাদ্য হিচাপে উৎপাদন কৰা পলু প্ৰতি কিলোগ্ৰামত ২০০ টকা দৰত বিক্ৰী কৰিলে ৩৬ কিলোগ্ৰামত ৭,২০০ টকা আহৰণ কৰিব পাৰি। এনেদৰে ১০০ গ্ৰাম কণীৰ পৰা ১০,০০০ টকা পৰ্য্যন্ত লাভ কৰিব পাৰি। এনে সহজ উপাৰ্জনৰ পথ হিচাপেই সম্প্ৰতি তামুলপুৰৰ বহু সংখ্যক মহিলাই নিয়োজিত হৈছে। সৌৰাগুৰি, গান্ধীবাৰী অঞ্চলতো স্থানীয় মহিলাসকল ব্যাপক হাৰত পলু পালনত ব্যস্ত হৈছে। ইফালে নাগ্ৰীজুলিৰ খাটৰবাৰী গাঁৱৰ মাইনাওশ্ৰী মহিলা আত্মসহায়ক গোটে মুগা পালনৰ বাবে খাদ্যবৃক্ষৰ ব্যৱস্থা কৰাৰ বাবে এখন বৃহৎ চোম গছৰ বাগিচা পাতিছে। ১১ জনীয়া আত্মসহায়ক গোটটোৰ সভানেত্ৰী হিচাপে আছে সুভদ্ৰা ব্ৰক্ষ্ম আৰু সম্পাদিকা হিচাপে আছে মহিলা ব্ৰক্ষ্ম। তেওঁলোকে ২০০১ চনত আত্মসহায়ক গোট গঠন কৰি নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ সেই সময়ৰ বিষয়া মানৱেন্দ্ৰ মেধি আৰু ৰেচম পৰিদৰ্শক কুশল দাসৰ তাগিদাত ভাওৰাগুৰি গাঁৱত ১৪ বিঘা মাটি দখল কৰি তাৰে প্ৰায় ১০ বিঘা মাটিত চোম গছ ৰোপণ কৰে। সম্প্ৰতি এই বৃহৎ বাগিচাখনত ১,৬০০ জোপা চোম গছ আছে। পূব কচুকাটাৰ মুগা খেতিয়ক ৰামনাথ ব্ৰক্ষ্ম, যুৱ উদ্যোগী টপ লাহিড়ীয়ে পুনৰ এই বৃহৎ বাগিচাখনত মুগা পলু পালনৰ দিহা কৰিব খুজিছে। তাৰ ফলত মহিলাসকলে পুনৰ উৎসাহিত হৈ পৰিছে। ৰেচম বিভাগৰ কৰ্মচাৰীসকলেও মুগা পালনৰ বাবে দিহা-পৰামৰ্শ দি আছে।

মুগাপালক ৰামনাথ ব্ৰক্ষ্মই জানিব দিয়া মতে, এবিঘা মাটিত ৪০০ গ্ৰাম মুগা পলু এৰি দিলে প্ৰায় ২০,০০০ লেটা উৎপাদন কৰিব পাৰি। বছৰত চাৰিবাৰ মুগা পালন কৰা হয় যদিও ব্যৱসায়িকভাৱে পালন কৰা হয়। কাতি মাহ আৰু জেঠ মাহত পলু পালন কৰিলে উৎপাদন ভাল হয়। তেওঁ জনোৱা মতে, ১৬০০ জোপা চোম গছৰ বাগিচাখনত অতি কমেও বছৰত দুবাৰ মুগা পালন কৰিলে খৰচ বাদ দি প্ৰায় দুই লাখ টকা অৰ্জন কৰিব পাৰি। মহিলাসকলে চোম গছৰ বাগিচাখনৰ যথেষ্ট ধন উপাৰ্জন কৰিব পৰাৰ সম্ভাৱনা আছে। নিজৰ হাততে থকা এই শিল্পই আমাৰ সকলোৰে জীৱন পোহৰাই তুলিব পাৰে।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate