ভিন্নমুখী কৃষিকাৰ্যৰে স্ংস্থাপন
দৰিদ্ৰতাৰে যুঁজ দি পিছত কৃষিকৰ্মৰে আত্মস্ংস্থাপনৰ দিহা কৰি আন দহজন যুৱকৰ অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে তামুলপুৰৰ দুই যুৱক অতুল ৰাজবংশী আৰু বৰদা ৰাজবংশী। তামুলপুৰ মহকুমাৰ বৰনগৰ গাঁৱৰ লংকেশ্বৰ ৰাজবংশীৰ পুত্ৰ অতুলে দৰিদ্ৰতাৰ মুখামুখি হৈ শৈশৱ কাল পাৰ কৰিছিল এক কষ্টকৰ পৰিৱেশত। দৰিদ্ৰতাই পৰিয়ালটোক গ্ৰাস কৰাত পিতৃয়ে অতুলক ভালদৰে শিক্ষাৰ ব্যৱস্থা কৰি দিব পৰা নাছিল। সেয়ে গাঁৱৰ বিদ্যালয়ত মাত্ৰ পঞ্চম শ্ৰেণীলৈ পঢ়িয়ে অতুলে শিক্ষা গ্ৰহণৰ সপোন ত্যাগ কৰিবলগীয়া হৈছিল। স্কুলীয়া জীৱন আধৰুৱা কৰি পেটৰ ক্ষুধা নিবাৰণ তথা অন্ন বস্ত্ৰৰ সন্ধানত তেওঁ লোকৰ ঘৰত গৰখীয়া হিচাপে কাম কৰিবলৈ বাধ্য হৈছিল। এনেদৰে পোন্ধৰ বছৰ ধৰি লোকৰ ঘৰত কাম কৰাৰ পিছত অতুল ৰাজবংশীয়ে স্বাধীনচিতীয়াভাৱে কিবা এটা কৰাৰ পণ ল’লে। সেইমতে ২০০২ চনত পিতৃভূমিৰ দুই কঠা মাটিৰ এটা অংশত অলপ সাঁচতীয়া ধনেৰে গাহৰি, ব্ৰইলাৰ আৰু গাই গৰু পোহাৰ ব্যৱস্থা কৰিছে। সমান্তৰালভাৱে অতুলে থকা ঘৰৰ চালিতে কাঠফুলাৰ খেতি আৰম্ভ কৰিলে। দিনটো গাইগৰুৰ ঘাঁহ, গাহৰিৰ দানা-পানী, ব্ৰইলাৰৰ খাদ্য স্ংগ্ৰহ কৰাৰ লগতে এইবোৰৰ যতনৰ উপৰি কাঠফুলাৰ খেতিক লৈ ব্যস্ত হ’ল অতুল। ক্ৰমশ: অতুলৰ শৈশৱৰ দৰিদ্ৰতাৰ ভয়াবহ ছবিখন আঁতৰি মুখত হাঁহি বিৰিঙাবলৈ আৰম্ভ কৰিলে। সেই ২০০২ বৰ্ষৰ পৰা যেন অতুলে আৰু পিছলৈ চাব লগা নহ’ল। দিনৰ্ দিনটো কৰ্মব্যস্ত হোৱাৰ লগতে নিজৰ এখন আওপুৰণি চাইকেলেৰে তামুলপুৰ মহকুমাৰ সদৰৰ গাঁৱে-চহৰে গাখীৰ বিক্ৰি কৰি নতুন সঞ্জীৱনী লাভ কৰিবলৈ সক্ষম হ’ল অতুল ৰাজবংশী।
ইফালে, অতুল ৰাজবংশীয়ে কাঠফুলাৰ খেতিতো যথেষ্ট লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। পশ্চিমবংগৰ উপৰি গুৱাহাটীৰ খানাপাৰা আৰু তামুলপুৰৰ কাঁহিবাৰীৰ যুৱ কৃষক পদ্মধৰ বড়োৰ পৰা বীজ স্ংগ্ৰহ কৰি তেওঁ কাঠফুলাৰ খেতি কৰে। প্ৰথমে গ্ৰামাঞ্চলত কাঠফুলাৰ চাহিদা নাছিল, তেতিয়া কাঠফুলাৰ চাহিদা আছিল মাত্ৰ চুবুৰীয়া বিদেশী ৰাষ্ট্ৰ ভুটানত। এতিয়া অৱশ্যে তামুলপুৰতে কাঠফুলাৰ চাহিদা যথেষ্ট বাঢ়িছে। তেওঁ প্ৰতি কিলোগ্ৰামত ২০০ টকা দৰত্ কাঠফুলা বিক্ৰি কৰি আহিছে। এনেদৰে কঠফুলা বিক্ৰী কৰি তেওঁ মাহিলি ছহাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ব্ৰইলাৰ বিক্ৰী কৰি তেওঁ প্ৰতিমাহত উপাৰ্জন কৰে তিনি হাজাৰ টকা। গাহৰি বিক্ৰী কৰি বছৰি পায় ১০-১২ হাজাৰ টকা। ইফালে, জাৰ্চি গাইগৰু এটাৰ পৰাও গাখীৰ বিক্ৰী কৰী অতুলে মাহিলি চাৰিহেজাৰ টকা উপাৰ্জন কৰে।
বৰ্তমান অতুল ৰাজবংশীয়ে অকলে চম্ভালিব পৰা নাই কৃষিপামখনৰ কাম-কাজ। সেয়ে তেওঁ যোৱা বছৰ বৰনগৰ গাঁৱৰে যুৱক বৰদা ৰাজবংশীক কৃষিপামখনৰ অংশীদাৰ কৰি লৈছে। উল্লেখ্য যে যোৱা বছৰ ভুটানৰ পৰা বৈ অহা বাঢ়নী পানীয়ে নিশাৰ ভিতৰতে অতুলৰ কৃষিপামখনৰ পৰা ৪৫ টা গাহৰি পোৱালি, ৫০০টা ব্ৰইলাৰৰ পোৱালি উটুৱাই নিয়াত তেওঁৰ প্ৰায় ৯০ হাজাৰ টকা লোকচান হয়। এনে ক্ষতিৰ পিছতো অতুল আৰু বৰদাই কৃষি পামখনৰ কাম-কাজ চলাই আছে। অতুল ৰাজবংশীয়ে জনোৱামতে, অসম গ্ৰামীন বিকাশ বেংকৰ পৰা ৩৩,০০০ টকাৰ ঋণ লৈ তেওঁ বেংকৰ সৈতে সুন্দৰভাৱে লেনদেন কৰি আছে। পামখনত কাঠফুলাৰ খেতি আৰু পশুধনৰ নামত তেওঁ প্ৰায় ৭৫ হাজাৰ টকা খটুৱাইছে। সম্প্ৰতি দুই যুৱকে আধা বিঘা মাটিত ভোট জলকীয়াৰ খেতিও আৰম্ভ কৰিছে। দুই যুৱকৰ কৰ্মৰাজি আন যুৱক-যুৱতীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।
উৎপল ডেকা, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/8/2020
কৃষি কৰ্মৰে স্বচ্ছল বেঙেনাআটিৰ শিক্ষিত যুৱক আনোৱাৰ
কুঁহিয়াৰ খেতিৰে লাভৱনা বাঘমাৰাৰ বহু নিবনুৱা যুৱক
আত্মনিৰ্ভৰশীল নিদৰ্শন গোৱালপাৰাৰ নিবনুৱা যুৱকৰ
চাহ খেতিৰে স্বাৱলম্বী ভূটান সীমান্তৰ কেইবাশ যুৱক