মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / তিঁয়হ খেতিৰে লক্ষাধিক টকা উপাৰ্জন কলগাছিয়াৰ তাজুদ্দিনৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তিঁয়হ খেতিৰে লক্ষাধিক টকা উপাৰ্জন কলগাছিয়াৰ তাজুদ্দিনৰ :

তিঁয়হ খেতিৰে লক্ষাধিক টকা উপাৰ্জন কলগাছিয়াৰ তাজুদ্দিনৰ, তাৰ বিষয়ে লিখা হৈছে ।

 

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওঁপুৰ গাঁৱৰ তাজুদ্দিন মিঞাই তিঁয়হ খেতিৰে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে। চলিত বৰ্ষত ক্ষুদ্ৰ খেতিয়ক তাজুদ্দিন মিঞাই এবিঘা বালিচহীয়া মাটিত তিঁয়হ খেতি কৰিছে। তাজুদ্দিন মিঞাই জানিবলৈ দিয়া মতে, এবিঘা মাটি ট্ৰেক্টৰেৰে চাহ কৰি বীজ কিনা আৰু সাৰ-পানী দিয়াৰ বাবদ খৰচ হয় দহ হাজাৰ টকা। এই টকাখিনি খৰচ কৰাৰ অন্তত তাজুদ্দিন মিয়াই এই পৰ্যন্ত ৭০-৮০ হাজাৰ টকাৰ তিঁয়হ বিক্ৰী কৰিবলৈ সমৰ্থ হৈছে। তেওঁ তিঁয়হ প্ৰথমাৱস্থাত কুইণ্টলে প্ৰতি ১৮০০ টকাত বিক্ৰী কৰি বৰ্তমান ৮০০ টকাকৈ বিক্ৰী কৰি আছে। খেতিয়কগৰাকীয়ে জানিবলৈ দিয়া মতে, সপ্তাহত তিনিবাৰকৈ তিঁয়হ তোলে আৰু সেই তিঁয়হবোৰ সৰু ট্ৰাকেৰে বৰপেটাৰোডলৈ নি পাইকাৰী দৰত বিক্ৰী কৰে। তেওঁ আশা কৰা মতে আৰু ৪০ হাজাৰ টকাৰ তিঁয়হ বিক্ৰী কৰিবলৈ সমৰ্থ হ’ব। কোনো চৰকাৰী ঋণ গ্ৰহণ নকৰাকৈ আৰু কোনো কৃষি বিভাগৰ কৰ্মচাৰীৰ সহায় নোলোৱাকৈ ক্ষুদ্ৰ খেতিয়কগৰাকীয়ে এবিঘা ৰবি শস্যৰে খেতিৰে লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱাটো গুৰুত্বপুৰ্ণ কথা। খেতিয়কগৰাকীয়ে জানিবলৈ দিয়া মতে, অহা বৰ্ষত তেওঁ তিনি বিঘা মাটিত তিঁয়হ খেতি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁৰ মতে, এবিঘা মাটিত ধান খেতি কৰিলে বছৰেকত যিমান উপাৰ্জন হয়, ৰবি শস্যৰ খেতি কৰিলে তাতকৈ পাঁচগুণ অধিক উপাৰ্জন হয়। তাজুদ্দিন মিঞাৰ তিঁয়হ খেতিৰ প্ৰতি লক্ষ্য ৰাখি অহবেলি আৰু বহুতো খেতিয়কে এই খেতি কৰিবলৈ সিদ্ধান্ত লোৱাৰ কথা জানিব পৰা গৈছে। এই ক্ষুদ্ৰ খেতিয়কসকলক চৰকাৰে পৰ্যাপ্ত বিত্তীয় সকাহ আৰু কৃষি বিভাগে দিহা-পৰামৰ্শ দিলেই তাজুদ্দিন মিঞাৰ নিচিনা অনেক ক্ষুদ্ৰ খেতিয়কে ৰবি শস্যৰে খেতিৰে স্বাৱলম্বী হ’ব পাৰিব বুলি অঞ্চলটোৰ সচেতন লোকসকলে মন্তব্য কৰিছে।

লেখক: আব্দুৰ ৰহমান (দৈনিক অসম)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top