অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তেজপুৰত মীন পালনেৰে মইনুদ্দিনৰ নীল বিপ্লৱৰ সুচনা :

তেজপুৰত মীন পালনেৰে মইনুদ্দিনৰ নীল বিপ্লৱৰ সুচনা :

 

শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ নিকটৱৰ্তী কৰৈয়নী বঙালী গাঁৱৰ ভোজখোৱা চাপৰিৰ ‘মইনুদ্দিন মীন পাম’ ৰাজ্যৰ অন্যতম এখন আদৰ্শনীয় মীন পাম। পোনা উৎপাদন, পোনা প্ৰতিপালন, বছৰেকীয়া পোনা প্ৰস্তুত, সংমিশ্ৰিত মীনপালন, সমন্বিতভাৱে ধানৰ লগত মীনপালন আদিৰে এখন পুৰ্ণাংগ মীন পাম হিচাপে প্ৰতিষ্ঠিত ‘মইনুদ্দিন মীন পাম’ নিশ্চিতভাৱে উদীয়মানসকলৰ বাবে অনুকৰণীয় চানেকি। আদৰ্শ মীনপালক তথা পামখনৰ স্বত্বাধিকাৰী মইনুদ্দিনে প্ৰমাণ কৰি দিছে যে নিষ্ঠা, সততা, একাগ্ৰতা আৰু দুৰন্ত অভিলাষেৰে কৰ্মত অগ্ৰসৰ হ’লে প্ৰাপ্তিৰ পথত একোৱেই হেঙাৰ হ’ব নোৱাৰে। লগতে এইটোও প্ৰমাণ কৰি দিছে যে অত্যন্ত চালুকীয়া অৱস্থাৰ পৰা নিৰৱচ্ছিন্ন উদ্যমেৰে মীন পালন কৰি ধৰাতেই সৰগ ৰচিব পাৰি। আনুষ্ঠানিক শিক্ষাত বিশেষ ডিগ্ৰীধাৰী নহ’লেও ব্যৱহাৰিক শিক্ষাত মইনুদ্দিন শৈশৱৰ পৰাই অঞ্চলটিত আগৰণুৱা। পিতাকে প্ৰান্তীয় কৃষিকৰ্মৰে পৰিয়ালটো পোহপাল দিছিল যদিও মইনুদ্দিনে ক্ৰমাৎ লক্ষ্য কৰিব ধৰিলে যে কৃষিকৰ্মত লাহে লাহে কষ্ট আৰু বিনিয়োগৰ তুলনাত লাভৰ পৰিমাণ কমি আহিছে। গতিকে বিকল্প কিবা এটা চিন্তা কৰিবৰ হ’ল। যি কি নহওক, ১৯৮৭ চনত দুই ভাতৃৰ মাজত পৈতৃক সম্পত্তি ভাগ হয়। মইনুদ্দিনৰ ভাগত পৰিল ১৬ বিঘা কৃষি ভুমি। ইয়াৰ অন্তৰ্গত আছিল পথাৰ সংলগ্ন তিনি কঠাৰ এটা অৱহেলিত পুখুৰী। তাতে তেওঁ কৃষিকাৰ্য কৰিলে যদিও আশানুৰুপ লাভ নাপালে। ইতিমধ্যে কাকত-আলোচনী, অনাতাঁৰ, দুৰদৰ্শনৰ পৰা মীনপালনৰ প্ৰাসংগিক আৰু ব্যাপক লাভলাভ সম্পৰ্কে মইনুদ্দিন কিছু অৱগত হৈছিল। ১৯৮৮ ত সেইটোকে ঠিক-ঠাক কৰি আৰম্ভ কৰে পোনা প্ৰতিপালন। অৰ্থাৎ গুণগত মানৰ ভ্ৰুণ পোনা আনৰ পৰা আনি আঙুলি জোখলৈ পৰ্যবসন কৰি বিপণন। এটা ঋতুত তিনিবাৰ এনে কৰাৰ পাছত বাকীখিনি সময়ত মীনপালন। প্ৰথম বছৰতে আশাতীত লাভৰ মুখ দেখে মইনুদ্দিনে। তদুপৰি স্থানীয় মীনপালকসকলেও গুণগত মানৰ উপযুক্ত পোনা থাওকতে পোৱাত  অতিশয় উপকৃত হ’ল। তাৰ পাছত আৰু মইনুদ্দিন থমকি ৰোৱা নাই। ১৯৯০ চনত লাভৰ ধনৰে নিৰ্মাণ কৰে এটা তিনি বিঘা জলকালিৰ পুখুৰী। এইদৰে প্ৰতিবছৰে লাভাংশৰ এটা অংশ পাম সম্প্ৰসাৰণত ব্যয় কৰি ন ন পুখুৰী নিৰ্মাণ কৰি গ’ল মইনুদ্দিনে। অৰ্থনৈতিক সচ্ছলতাও আহিল অপ্ৰত্যাশিতভাৱে। অৱশ্যে মইনুদ্দিনে জানিবলৈ দিয়া মৰ্মে তেওঁৰ এই উত্তৰণত জিলা মীন বিভাগ বিশেষকৈ তদানীন্তন সম্প্ৰসাৰণ বিষয়াদ্বয় কৰুণাকান্ত ডেকা, প্ৰেমধৰ ডেকা (বৰ্তমান শিৱসাগৰৰ জিলা মীন উন্নয়ন বিষয়া ৯৪৩৫৩-২৭৮৪৬/৯৭০৬১০০৩৩৩), মীন প্ৰদৰ্শক নিৰ্মল দুৱৰা, তদানীন্তন জিলা মীন সম্প্ৰসাৰণ পৰামৰ্শদাতা ভদ্ৰেশ্বৰ মিলি ( বৰ্তমান লখিমপুৰৰ মীন উন্নয়ন বিষয়া, ৯৭০৬৭-২৭০০৪)অদিৰ নাম কৃতজ্ঞতাৰে স্বীকাৰ কৰে। ২০১৫ চনত মিলিৰ লগত পৰামৰ্শ কৰি আৰম্ভ কৰে মীন পদ্ধতিৰ অত্যাধুনিক পোনা উৎপাদন কেন্দ্ৰ। কেৱল ইমানেই নহয়, কেইবাদিনো বিনিদ্ৰ ৰজনী কটাই পামতে বাহৰ পাতি মিলিয়ে পোনা উৎপাদনৰ সকলো কাৰিকৰী কথা-বতৰা শিকাই দিয়ে মইনুদ্দিনক। দুগুণ উৎসাহেৰে মইনুদ্দিনে পোনা উৎপাদন আৰম্ভ কৰে। উল্লেখ্য যে পোনা উৎপাদনৰ ক্ষেত্ৰত অসম পোনা আইনৰ বিধিসমুহ তথা বিজ্ঞনসন্মত সমুহ দৃষ্টিকোণ আখৰে আখৰে পালন কৰে মইনুদ্দিনে। মিলিয়ে জানিবলৈ দিয়া মৰ্মে সেইবাবেই এই পামখনৰ পোনাৰ চাহিদা অতি বেছি। তদুপৰি এবাৰ যিয়ে পামখনৰ পৰা পোনা দিছে, সি পৰৱৰ্তী সময়ত দুনাই আহিবই। বছৰৰ প্ৰায় ১০ কোটিমান বিভিন্ন প্ৰজাতিৰ ভ্ৰুণ পোনা উৎপাদন কৰে পামখনে। পোনা আৰু মৎস্য বিপণনৰ পৰা বছৰত সকলো খৰচ বাদ দি তিনি লাখকৈ মুথ ছয় লাখমান টকা হাতত থাকে। তদুপৰি অঞ্চলটিৰ এক বুজনসংখ্যক ব্যক্তিয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে পামখনৰ লগত জড়িত হৈ স্ব-নিয়োজনৰ বাট প্ৰশস্ত কৰিছে। বহুতেই আকৌ মীনপালনৰ ব্যৱহাৰিক পাঠ গ্ৰহণৰ বাবে পামখনলৈ আহে। মইনুদ্দিনে এইক্ষেত্ৰত যৎপৰোনাস্তি সহযোগিতা আগবঢ়াই আহিছে সকলোকে। মইনুদ্দিনৰ মীন পামৰ সফলতাৰ পৌণিক ক্ৰিয়াৰ সুবাসে অঞ্চলটিৰ বহুতকে মীনপালনৰ প্ৰতি আকৰ্ষিত কৰি জীৱন-জীৱিকাৰ সন্ধান দিবলৈ সক্ষম হৈছে। বৰ্তমান বিভিন্ন জোখৰ পুখুৰীৰে প্ৰায় কুৰি বিঘা জলকালিৰে সমৃদ্ধ পামখন। দুই পুত্ৰ আৰু পৰিয়ালৰ সকলো পামখনৰ লগত জড়িত। অদুৰ ভৱিষ্যতে কাৱৈ, মাগুৰ, শিঙি আদি উচ্চ চাহিদাযুক্ত বায়ুশ্বাসী মাছৰ পোনা উৎপাদন আৰু পালনত মনোনিৱেশ কৰাৰ পৰিকল্পনা চুড়ান্ত কৰিছে। আপুনিও মইনুদ্দিন মীন পাম (৯০৮৫৭৩২৮৭৯) ভ্ৰমণ কৰি লাভৱান হ’ব পাৰে। আপোনাক সহযোগিতা আগবঢ়াবলৈ মইনুদ্দিন সদা প্ৰস্তুত।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা (নিয়মীয়া বাৰ্তা)

 

শেহতীয়া উন্নীতকৰণ: : 1/20/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate