মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / থাইলেণ্ড বগৰীৰ খেতিৰে স্বাৱলম্বী তেজপুৰৰ কমলেন্দু :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

থাইলেণ্ড বগৰীৰ খেতিৰে স্বাৱলম্বী তেজপুৰৰ কমলেন্দু :

থাইলেণ্ড বগৰীৰ খেতিৰে স্বাৱলম্বী তেজপুৰৰ কমলেন্দু ,তাৰ বিষয়ে লিখা হৈছে ।

 

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গাতে লাগি আছে কৃষি প্ৰধান চামধৰা গাওঁ। এই গাওঁখনতে ঘৰ কমলেন্দু ৰয়ৰ। ৰয়ে ২০১৫ চনত কলকাতাৰপৰা প্ৰতিটো থাইলেণ্ড বগৰী পুলি ১২০ টকাকৈ ১১০০ পুলি আনি তেওঁৰ বস্তিৰ লগতে থকা ১১ বিঘা মাটিত ৰোপণ কৰিছিল। উল্লেখ্য যে কৃষি বিজ্ঞানীসকলে নানা পৰীক্ষা-নিৰীক্ষাৰ অন্তত থাইলেণ্ড বগৰীৰ জাতটোৰ সৃষ্টি কৰিছিল। থাইলেণ্ড বগৰীৰ চাৰিটা জাত আছে। বাউ বগৰী, মাধৱ বগৰী, আপেল বগৰী আৰু ট্ৰাই ওৱান বগৰী। ট্ৰাই ওৱান বগৰী জাতটো এতিয়াও অসমলৈ অহা নাই। থাইলেণ্ড বগৰী খেতিৰ কাৰণে মাটিডৰা ৰ’দ পৰা বালিচহীয়া হ’ব লাগে। মাটিডৰাত যাতে পানী জমা হৈ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। বাউ বগৰী ১২*১০, মাধৱ বগৰী ১০*১০ আৰু আপেল বগৰী ৮*৮ অন্তৰে অন্তৰে ৰুব লাগে। থাইলেণ্ড বগৰীত এবছৰতে ফল ধৰে। বাউ বগৰী বৰ্ণসংকৰ মধুৰিআমৰ সমান ডাঙৰ আৰু মিঠা। মাধৱ বগৰী বাউ বগৰীতকৈ অলপ সৰু আৰু আপেল বগৰী মাধৱ বগৰীটোতকৈ সৰু। থাইলেণ্ড বগৰী জানুৱাৰীৰ মাজভাগৰ পৰা মাৰ্চৰ মাজভাগলৈ বজাৰত উপলব্ধ হয়। ৰয়ৰ বগৰীবাৰীৰপৰা প্ৰতি কিলোগ্ৰাম বগৰী ৩৫ টকাকৈ বেপাৰীয়ে পাইকাৰী দৰত ক্ৰয় কৰি নিয়ে। ৰয়ে ১১ বিঘা বগৰী খেতিৰপৰা বছৰি প্ৰায় ৫ লাখ টকা উপাৰ্জন কৰে। চাহ গছৰ দৰে বগৰী গছো এবাৰ ৰোপণ কৰিলেই হয়। এই খেতি কৰাৰ বাবে বাৰে বাৰে মুলধন ব্যয় কৰিব নালাগে। কেৱল প্ৰতি বছৰে ডাল-পাত কাটি, যাৱতীয় পানী, জৈৱিক সাৰ, ঔষধ আদি দি থাকিলেই হয়। ৰয়ে বগৰী গছত পানী দিবৰ বাবে খন্দা পাঁচটা পুখুৰীত মৎস্য পালন কৰিও বছৰত প্ৰায় ডেৰ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। তদুপৰি প্ৰায় দুবিঘা মাটিত অমৃত সাগৰ কল, অন্যান্য ফল-মুল, যেনে- নেমু, আম, অমিতা, জামু, মধুৰিআম, শাক-পাচলিৰ খেতি কৰি বছৰি প্ৰায় তিনি লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

কমলেন্দু ৰয়ৰ কৃষি কাৰ্যত সহায় কৰে তেওঁৰ একমাত্ৰ পুত্ৰ, শিক্ষিত যুৱক কৃষ্ণনেন্দু ৰয়ে। ৰয়ৰ কৃষিকাৰ্যত স্থায়ীভাৱে তিনিজন শ্ৰমিকে কাম কৰাৰ উপৰি ওচৰৰে দুজন লোকে তেওঁক সকলো সময়তে সহায় কৰে। ৰয়ৰ থাইলেণ্ড বগৰীৰ খেতিৰ সকলো দিশ চোৱা-চিতা কৰে স্থানীয় কৃষি সম্প্ৰসাৰণ সহায়ক বেদান্ত বিকাশ দাসে। প্ৰয়োজনীয় দিহা-পৰামৰ্শ দিয়াৰ লগতে কৃষি প্ৰশিক্ষণ দি আহিছে মহকুমা কৃষি বিষয়া (উদ্যান শস্য) হৰেশ্বৰ দাসে। লগতে শোণিতপুৰ জিলা কৃষি বিষয়া কৰুণাকান্ত নাথে থাইলেণ্ড বগৰীৰ বাগিচাখন পৰিদৰ্শন কৰি ৰয়ক উৎসাহিত কৰি আহিছে। ৰয়ে তেওঁৰ কৃষি কাৰ্যৰ বাবে কেতিয়াও কে চি চি বা বেংক ঋণ লোৱা নাই। এতিয়া অৱশ্যে তেওঁ শোণিতপুৰ জিলা কৃষি বিষয়া আৰু মহকুমা কৃষি বিষয়াৰ (উদ্যান শস্য)ফালৰ পৰা ৰাজসাহায্যযুক্ত গ্ৰীণ হাউছ এটাৰ অৱণ্টন পাইছে। অসমৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে কমলেন্দু ৰয় আদৰ্শ হওক।

লেখক: দেবেন দত্ত (দৈনিক অসম)

2.94871794872
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top