মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / দীপেন বৰুৱা – সীমাৰ পৰিধি ভাঙি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দীপেন বৰুৱা – সীমাৰ পৰিধি ভাঙি

দীপেন বৰুৱা – সীমাৰ পৰিধি ভাঙি

অসম এখন কৃষিভিত্তিক ৰাজ্য। সেয়ে সমাজত এষাৰ কথা আছে, বোলে যাৰ নাই ধান, তাৰ নাই মান। আজি অৱশ্যে সেই দিনা নাই। নাই তাহানিৰ পথাৰ, গুটি ধানৰ ভঁৰালেৰে শুৱনি কৰি ৰখা গাঁওবোৰ। আধুনিক জীৱনৰ ন ন আহিলাই মানুহৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আনিছে আৰু তাৰেই হাত ধৰি সমাজো আগবাঢ়ি আহিছে। পৰম্পৰাগত কৃষি পদ্ধতিলৈকো আহিছে পৰিৱৰ্তন।

ধানৰ উৎপত্তিৰ অন্যতম স্থল সমূহৰ ভিতৰত অসমো অন্যতম। সময়ত অসমত প্ৰায় ১০,০০০ প্ৰজাতিৰ ধান আছিল বুলি কৃষি বিজ্ঞানী সকলে মত প্ৰকাশ কৰে। অসম কৃষি বিশ্ববিদ্যালয়তো প্ৰায় ৪০০০ বিধ ধানৰ জাতৰ বীজ সংৰক্ষণ কৰা হৈছে। আনহাতে, কৃষকক অৰ্থনৈতিক সুৰক্ষা দিয়াৰ বাবে উন্নত প্ৰজাতিৰ ধানৰ বীজ উদ্ভাৱন হোৱাৰ লগে লগে তুলনা মূলক ভাৱে কম উৎপাদনক্ষম ধানৰ বীজবোৰ কৃষি কৰ্মৰ জৰিয়তে লালন-পালন কৰাৰ প্ৰতি মানুহৰ আগ্ৰহ কমি অহা দেখা গৈছে। ফলশ্ৰুতিত, দিন যোৱাৰ লগে লগে আমাৰ মাজৰ পৰা চিনাক্ত ধানৰ প্ৰজাতিবোৰো হেৰাই যাবলৈ ধৰিছে। চৰকাৰী প্ৰতিষ্ঠান সমূহে নিজস্ব উদ্যোগ লৈ বিভিন্ন ধানৰ বীজ সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিলেও আচলতে খেতিয়কে যেতিয়া লৈকে পথাৰত সেইবোৰ ব্যৱহাৰিক ভাবে উৎপাদন নকৰে, তেতিয়া লৈকে সেই প্ৰজাতিবোৰ অকল গৱেষণা কেন্দ্ৰতহে সুৰক্ষিত হৈ থাকিবগৈ বুলি আশংকা হয়। কিন্ত ধানৰ জীৱন্ত যাদুঘৰ পথাৰ খনহে, গৱেষণা কেন্দ্ৰত সংৰক্ষিত বীজ কেইটা নহয়।

খেতিয়ক সাকলে উন্নত প্ৰজাতিৰ ধানৰ সমান্তৰাল ভাৱে পৰম্পৰাগত আৰু প্ৰায় বিলুপ্ত হ’বলৈ ধৰা বিৰল প্ৰজাতিবোৰ নিজৰ পথাৰত কমকৈ হ’লেও কিছু পৰিমাণে উৎপাদন কৰাটো এইবাবেই জৰুৰী যে, এনে থলুৱা ধানৰ প্ৰজাতি বোৰৰ উৎপাদনৰ ক্ষেত্ৰত কেতবোৰ বিশেষ দক্ষতাৰ লগতে পৰম্পৰাগত ভাৱে লাভ কৰা হাতে-খড়ি জ্ঞানৰ প্ৰয়োজন হয়। ই এনে এবিধ পৰম্পৰাগত ব্যৱহাৰিক দক্ষতা- যাক বিদ্যালয় বা বিশ্ববিদ্যালয়ৰ কিতাপ-পত্ৰ পঢ়ি অথবা গৱেষণাৰ দ্বাৰা অৰ্জন কৰিব নোৱাৰি। এই বিদ্যা আহৰণ কৰা হয় পৰম্পৰাগত ভাৱে- পিতৃৰ পৰা সন্তানলৈ, এটা পুৰুষৰ পৰা আন এটালৈ। পৰম্পৰাগত জ্ঞানেই এই ক্ষেত্ৰত মূল কথা। এনে অৱস্থাত, কোনো এখন গাঁও বা এলেকাত বিশেষভাৱে পোৱা কোনো থলুৱা ধানৰ প্ৰজাতি এটা যদি সেই অঞ্চলৰ খেতিয়ক সকলে একেবাৰেই উৎপাদন কৰিবলৈ এৰি দিয়ে তেন্তে সেই প্ৰজাতিটোৰ খেতি চিৰদিনৰ বাবে বিলুপ্ত হোৱাৰ সম্ভাৱনাই বেছি। আকৌ, কোনো এটা বিৰল প্ৰজাতিৰ ধান ৰাজ্য খনৰ কোনো এটা বিশেষ এলেকাতহে উৎপাদন হ’ব পাৰে। এনেকুৱা প্ৰজাতিবোৰৰ ক্ষেত্ৰতো সেই বিশেষ এলেকাৰ খেতিয়কক কম পৰিসৰত হ’লেও সেই বিশেষ প্ৰজাতিৰ ধান বিধৰ খেতি কৰি থাকিবলৈ খেতিয়ক সকলক উদগনি দিয়াটো খুবেই প্ৰয়োজন। এটি জীৱন মূখী গীত জীয়াই ৰাখিবৰ বাবে যি দৰে শিল্পী সকলে গীতটি গাই গাই জীয়াই ৰাখে, তেনেদৰে। যি কোনো এটি ধাৰা চলমান হৈ থাকিলেহে সি জীয়াই থাকিব বুলি আশা কৰিব পাৰি।

অসমৰ পথাৰ বোৰত ককুৱা বাও, ৰাঙলী বাও, অমনা বাও, বৰ জাহিঙা, সৰু জাহিঙা, কণ জহা, বগা জহা, তুলসী জহা, কুণকুণি জহা, বকুলবৰা, ইকৰা শালি, বেতগুটি শালি, নগা শালি, কুটকুটি শালি, আমপাখি, মনোহৰ শালি, সুৱাগমণি, মণিকী মধুৰী, মালভোগ চকোৱা, ক’লা বৰা, নেঘেৰি বাও, মাখন বৰা, চেনিচম্পা, শ’লপোনা, হেল্‌চি বৰা, নগঞা শালি, মৈমনচিঙিয়া বাও, মাগুৰী বাও, জিলিকা বাও, শলপোনা, এডলীয়া বৰা, থুপি বৰা আদি বিভিন্ন থলুৱা প্ৰজাতিৰ ধানৰ কথা আজিৰ প্ৰজন্মই হয়তো নাজানেই। আনকি গাঁৱৰ খেতিয়কৰ পৰিয়ালৰ সন্তান বোৰেও নাজানে। অৰ্থনৈতিক ক্ষেত্ৰত পিছ পৰা ৰাজ্য খনৰ খেতিয়ক সকলৰ আৰ্থিক অৱস্থা টনকিয়াল নহয় বাবেই তেওঁলোকে কৃষি-কৰ্ষণৰ সমৃদ্ধ ধাৰাটোৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে নিজৰ পৰিয়ালৰ আৰ্থিক নাটনিৰ দিশটোৰ কথা বিবেচনা কৰিহে খেতি কৰে। সেয়েহে ৰাজ্য খনৰ হাজাৰ হাজাৰ বিধৰ থলুৱা ধানৰ বীজ কৃষি-কৰ্মৰ পদ্ধতিৰে পথাৰত চলমান ভাৱ সংৰক্ষিত কৰি ৰখাটো এতিয়া এটা গুৰুতৰ সমস্যা বুলিয়েই ক’ব পাৰি।

আশাৰ কথা যে, সংখ্যাত কম হ’লেও সম্প্ৰতি যুৱ-প্ৰজন্মৰ কিছু খেতিয়কে এতিয়া থলুৱা প্ৰজাতিৰ ধান বোৰৰ খেতি কৰি এই বোৰৰ জীয়াই ৰখাৰ ধাৰাটো সবল কৰি তুলিছে। এই ক্ষেত্ৰত যোৰহাট জিলাৰ টীয়কৰ খনামুখ চাৰিঙীয়া গাঁৱৰ উদ্যমী খেতিয়ক দীপেন বৰুৱা নামৰ যুৱক জনে প্ৰচেষ্টাৰেই থলুৱা ৭০-টা প্ৰজাতিৰ ধানৰ বীজ নিজৰ পথাৰত উৎপাদন কৰি অসমৰ থলুৱা প্ৰজাতিৰ ধানৰ বীজবোৰ সংৰক্ষণ কৰাৰ সমান্তৰাল ভাৱে সেই বোৰৰ কৃষি পদ্ধতি চলমান কৰি ৰখাৰ ক্ষেত্ৰত বিৰল দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে। যোৱা প্ৰায় পোন্ধৰটা বছৰ ধৰি এই শিক্ষিত যুৱক জনে একক প্ৰচেষ্টাৰেই ৰাজ্য খনৰ বিভিন্ন অঞ্চলত পোৱা থলুৱা প্ৰজাতিৰ ধানৰ সঁচ সংগ্ৰহ কৰি আনি নিজৰ খেতি পথাৰত সেই বোৰৰ খেতি কৰি বীজ উৎপাদন কৰাৰ মাধ্যমেৰে নিজৰ ঘৰ খন আৰু খেতিৰ মাটি কেই ডৰাকেই এক জীৱন্ত যাদুঘৰলৈ পৰিণত কৰি তুলিছে।

১৯৯৮ চনত স্নাতক পৰীক্ষাত উৰ্ত্তীণ দীপেন বৰুৱাই অৱশ্যে নিজে কেতিয়াও এজন আদৰ্শ খেতিয়ক হ’ব বুলি ভবা নাছিল। কিন্ত খেতিয়কৰ সন্তান দীপেনে দেউতাক প্ৰয়াত টংকেশ্বৰ বৰুৱাক সহায় কৰাৰ নামতেই নিজে পথাৰ খনত বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰিবলৈ ভাল পাইছিল। একেডৰা মাটিতেই বিভিন্ন খেতিৰ উপৰিও, তেওঁ খেতিৰ মাটিত ঋতু কালীন মাছৰ্খেতিও কৰে। এনেকৈয়ে এদিন তেওঁ গম পাইছিল যে, ধানৰ খেতি কৰি ধান বিক্ৰী কৰাতকৈ ধানৰ বীজৰ খেতি কৰি বীজ বিক্ৰী কৰিলে আৰ্থিক ভাবে লাভাম্বিত হোৱাৰ সম্ভাৱনা প্ৰবল- তাতেই যদি সেই ধানৰ বীজ অসমৰ খেতিয়কৰ বুকুৰ আপোন কোনো অপুৰুগীয়া সঁচৰ হয়। এই উপলব্ধিয়েই তেওঁৰ জীৱনলৈ পৰিৱৰ্তনৰ জোঁৱাৰ আনে আৰু সমগ্ৰ ৰাজ্যৰ কৃষকৰ বাবে তেওঁ আশাৰ নাম হৈ উঠে।

এই উপলব্ধিৰেই দীপেনে আৰম্ভ কৰে নিজস্ব পৰিক্ৰমা। তেওঁ ক্ৰমে কাষৰীয়া ঠাই বোৰত থকা ধানৰ বীজ সংগ্ৰহ কৰি খেতি কৰা আৰম্ভ কৰে আৰু এই পৰ্যায়টো বহলাই নি থাকে। এনেকৈয়ে দীপেনৰ সংগ্ৰহত থকা ধানৰ বীজৰ পৰিমাণ ক্ৰমান্বয়ে বাঢ়ি যায়, আৰু থলুৱা ধানৰ সংগ্ৰাহক বুলি তেওঁৰ এটা চিনাকিও গঢ় লৈ উঠে। বিগত পোন্ধৰটা বছৰত থলুৱা সঁচকে ধৰি বিভিন্ন প্ৰজাতিৰ ১০০ টা প্ৰজাতি বৰ্তমান লৈকে তেওঁ নিজৰ সংগ্ৰহত ৰাখিবলৈ সক্ষম হৈছে। এইদৰে নিচাই হৈ উঠিছে তেওঁৰ পেছা। বিভিন্ন প্ৰজাতিৰ থলুৱা ধানৰ বীজৰ এক কিলোগ্ৰাম বা দুই কিলোগ্ৰাম সংগ্ৰহ কৰি সেইবোৰ বিজ্ঞান সন্মত ভাবে সংৰক্ষণ কৰি তেওঁ খেতি কৰি লয় আৰু সেই উৎপাদিত ধান পৰৱৰ্তী সময়ত বাবে বিক্ৰী কৰে। বিজ্ঞানসন্মত উৎপাদন কৰা বাবে ক্ৰেতাই তেওঁক উচিত মূল্য দিবলৈ কেতিয়াও বেয়া নাপায়। এই ক্ষেত্ৰত আদৰ্শ খেতিয়ক জনৰ নিজস্ব উপলব্ধি হৈছে যে, সামগ্ৰিক ভাৱে অসমৰ বতৰৰ আৰ্দ্ৰতাৰ বাবেই ধানৰ বীজ সংৰক্ষণ কৰাৰ কিছু বাস্তৱিক অসুবিধা আছে। আনহাতে থলুৱা ধানৰ খেতি জৈৱিক পদ্ধতিৰে কৰাৰ বাবেই সংৰক্ষণৰ বেলিকাও পোক-পৰুৱা, ভেঁকুৰ আদিৰ আক্ৰমণত নষ্ট নহ’বৰ বাবে তেওঁ জৈৱিক পদ্ধতিৰ সংৰক্ষণ প্ৰক্ৰিয়া আৰু ঔষধেই ব্যৱহাৰ কৰি আহিছে। আনহাতে থলুৱা প্ৰজাতিৰ সমান্তৰাল ভাৱে তেওঁ উন্নত প্ৰজাতিৰ অধিক উৎপাদন ক্ষম ধানৰ বীজৰো খেতি কৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। এই কামৰ বাবে দীপেন বৰুৱাই সদায় ৰাজ্যিক কৃষি বিভাগৰ বিশেষজ্ঞ সকলৰ পৰামৰ্শ গ্ৰহণ কৰি আহিছে।

এইদৰে খেতিয়কৰ পথাৰে পথাৰে গৈ ধানৰ বীজ সংগ্ৰহ কৰা পৰিক্ৰমাত তেওঁ সৌভাগ্য ক্ৰমে কিছুমান অতি বিৰল প্ৰজাতিৰ থলুৱা ধানৰ সঁচ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত থুপি বৰা ধানৰ অন্যতম। এইবিধ ধান আন ধানৰ দৰে নহয়, থোপা-থুপিকৈ লাগে বাবেই ইয়াৰ নাম থুপি বৰা ধান। এইবিধ ধানো পৰম্পৰাগত ভাৱে সেই এলেকাটোৰ মাটিতহে উৎপন্ন হয়। প্ৰায় বিলুপ্তিৰ পথৰ পৰা উদ্ধাৰ কৰি অনা এই প্ৰজাতিটোৰ ধানৰ পেটেণ্টৰ বাবে তেওঁ ইতিমধ্যে কৃষি বিভাগৰ নীতি-নিৰ্দেশনাৰে আগবাঢ়িছে। থুপি বৰা ধান বিধ খাবলৈ বৰ সোৱাদ। কিন্ত প্ৰতি বিঘা মাটিত ইয়াৰ উৎপাদনৰ পৰিমাণ কম হোৱাৰ বাবেই খেতিয়ক সকলে এই বিধ ধানৰ খেতি কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰে আৰু এনেকৈয়ে এইবিধ ধান প্ৰায় বিলুপ্তিৰ দিশলৈ গৈছিল। হয়তো দীপেন বৰুৱাই উদ্ধাৰ কৰি নোথোৱা হ’লে পথাৰৰ পৰা এই বিধ আপুৰুগীয়া ধানৰ সঁচ হেৰায়েই গ’ল হেঁতেন। তেওঁৰ সংগ্ৰহত থকা আন কেই বিধ মান আপুৰুগীয়া ধানৰ থলুৱা সঁচ হ’ল ক্ৰমে- বনগুটি, চৈমাৰী, গেজেপ শালি, কুটকুটি, আবৰ শালি, কেঁচা বাও, বিল বাও, এডলীয়া বাও, দেউৰী বাও, বদল বাও, ঘুগুলী জহা, পাখি বৰা, মাণিকী মধুৰী, কণী ধান আদি। ইয়াৰ লগে লগে কৃষি বিভাগৰ সহযোগত ৰঞ্জিত, পুছা আদিউন্নত প্ৰজাতিৰ অধিক উৎপাদন ক্ষম ধানৰ বীজৰ খেতি কৰিও তেওঁ আৰ্থিক ভাৱে লাভাম্বিত হৈছে। দীপেন বৰুৱাৰ নিজৰ মাটি ৩০ বিঘা। কিন্ত খেতিৰ বাবে অধিক মাটিৰ প্ৰয়োজন হোৱাত তেওঁ আত্ম সহায়ক গোটৰ ধাৰণাৰে পোন্ধৰ জন মান যুৱকৰ সৈতে লগ হৈ সমন্বিত খেতি পদ্ধতিত গুৰুত্ব দি নিজৰ লগে লগে গাঁৱৰ যুৱক সকলৰ বাবেও প্ৰেৰণা হৈ পৰিছে। আনহাতে কেৱল ধানৰ উৎপাদনতেই তেওঁৰ কৃষি কৰ্ম সীমাবদ্ধ হৈ থকা নাই। বছৰৰ বিভিন্ন সময়ত বিভিন্ন শাক-পাচলি, জলতীয়া আদিৰ খেতি কৰি নিজৰ কৃষক জীৱনৰ অভিজ্ঞতাৰ ভঁৰাল চহকী কৰি জীৱন সাৰ্থক কৰি তুলিছে। এইবোৰৰ পৰাও তেওঁৰ কিছু আৰ্থিক উপাৰ্জন হয়। সেইদৰে দুগ্ধ পালনতো সমান্তৰাল ভাবেই গুৰুত্ব দিছে। দুগ্ধ পালনৰ জৰিয়তে ওপৰঞ্চি হিচাপে তেওঁ ঘৰতেই জৈৱিক সাৰ লাভ কৰে।

এনে আশা শুধীয়া প্ৰচেষ্টাৰ বাবেই দীপেন বৰুৱাই ২০১৪ চনত জগজীৱন ৰাম অভিনৱ কিষাণ পুৰস্কাৰৰ দৰে সন্মান লাভ কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ২০১২-১৩ বৰ্ষত অসম চৰকাৰৰ কৃষি বিভাগে বৰুৱালৈ আগবঢ়ায় ৰাজ্য খনৰ দ্বিতীয় শ্ৰেষ্ঠ কৃষকৰ সন্মান। অসম কৃষি বিশ্ববিদ্যালয়েও তেওঁৰ সাধনাক স্বীকৃতি জনাইছে। জিলা তথা আঞ্চলিক পৰ্যায়ৰ শ্ৰেষ্ঠ কৃষকৰ অলেখ সন্মানেৰে সন্মানিত তেওঁ। অনাগত দিনত এই কৃতী যুৱকে নতুন নতুন সম্পৰীক্ষাৰে অসমৰ কৃষিৰ জগতত নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিব পাৰি। হয়তো আগলৈকে এনে এটা দিন আহিব যেতিয়া অসমৰ নতুন প্ৰজন্মৰ গৱেষক সকলে থলুৱা ধানৰ প্ৰজাতি বোৰৰ ওপৰত গৱেষণা কৰি সেই বোৰৰ খেতিৰ ধাৰা সমৃদ্ধ কৰি তুলিবলৈ আগবাঢ়ি আহিব। অনাগত দিনত তেনে আগ্ৰহী শিকাৰুৰ বাবে পাথেয় হ’বলৈ দীপেন বৰুৱা নিজেই এজন দক্ষ – গেৱষক হৈ উঠক, তাকেই কামনা কঁৰিলো।

লেখিকা: ৰত্না ভৰালী তালুকদাৰ, এগৰাকী সাংবাদিক আৰু সু-সাহিত্যিক, এগ্ৰি হৰ্টি প্ৰদৰ্শনী।

2.921875
শিৱপ্রসাদ শইকীয়া Mar 09, 2018 11:37 AM

ভাল লাগিল । অসমীয়া জনজীৱনৰ আৰু অধিক তথ্য সম্বলিত লিখনিৰ বাবে আহ্বান জনালো ।

ইন্দ্ৰ Jan 12, 2016 04:50 PM

এজন অকলশৰীয়া লʼৰাই কেনেদৰে খেতি কৰি ইমন লাৱাম্বাবিত হয় সেই বিষয়ে পঢ়ি উৎফুল্লিত হʼলো। দীপেন বৰুৱাই তেওঁৰ কৰ্মৰ যোগেৰে এই কথা প্ৰমাণ কৰিছে।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
সম্পৰ্কীয় সামগ্ৰীসমূহ
অধিক ...
Back to top