মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / দ্বাৰাগাঁৱত ব্যৱসায়িক ভিত্তিত কচু খেতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দ্বাৰাগাঁৱত ব্যৱসায়িক ভিত্তিত কচু খেতি

দ্বাৰাগাঁৱত ব্যৱসায়িক ভিত্তিত কচু খেতিৰ বিষয়ে লিখা হৈছে

 

ৰান্ধনীশালৰ এবিধ উপাদেয় পাচলি হ’ল কচু।বহুতে কচুক আলুৰ পৰিপুৰক হিচাপে ব্যৱহাৰ কৰে।কচু সিজাই পিটিকা হিচাপে বা আঞ্জা বান্ধি খাব পাৰি।গৰৈ মাছেৰে কচুৰ আঞ্জাৰ জুতিয়েই সুকীয়া।বহুতে আকৌ কচুৰ বিজলুৱা ভাব নোহোৱা কৰাৰ বাবে কম পৰিমাণে টেঙাও দিয়ে।একাংশ বড়ো জনগোষ্ঠীৰ লোকে আকৌ সৰু সৰু কচুৰ পেটা সিজাই লৈ চাহেৰেও খায়।এই কচু খেতিৰেই নিজৰ জীৱন-সংগ্ৰামত নামি পৰিছে দ্বাৰাগাঁৱৰ খেতিয়ক উকিল ৰামছিয়াৰীয়ে।তেওঁ নিজৰ দহ বিঘা আৰু আন লোকৰ লীজত লোৱা ছয় বিঘা মাটিত ব্যৱসায়িক ভিত্তিত কচু খেতি কৰিছে।ৰামছিয়াৰীয়ে ওল কচু আৰু মিৰি কচুৰ খেতি কৰিছে।তেওঁ এপ্ৰিল –মে’মাহত কচুৰ আগ মাটিত পুতি আগষ্টৰ মাজভাগৰ পৰা কচুবোৰ উঠাই বজাৰত বিক্ৰী কৰি আহিছে।উকিল ৰামছিয়াৰীৰ ক চুৰে এতিয়া নিকাছি,মুছলপুৰ,বৰবৰী,ডুমুনী আদিৰ বজাৰ ভৰি পৰিছে।

দ্বাৰাগাঁৱৰ আন লোকেও কচু খেতি কৰিছে যদিও তেওঁলোকে কিছু পলমকৈ এই কচু খেতি কৰিছে।সেই কাৰণে বজাৰত এতিয়া উকিল ৰামছিয়াৰীৰ কচুহে উভৈনদী।তেওঁ হাজিৰাত মানুহ লগাই কচুবোৰ উঠাই চাফা কৰি দিয়াৰ পিছতে পাইকাৰী বেপাৰী তেওঁৰ ওচৰত গৈ উপস্থিত হয়।বৰ্তমান তেওঁ প্ৰতি কিলোগ্ৰামত ২০ টকা দৰত কচু বিক্ৰী কৰি আছে।টিহু,নলবাৰী,পাঠশালা ,হাউলী আদিৰ পৰা পাইকাৰী ব্যৱসায়ী দ্বাৰাগাঁৱলৈ আহি বা কেতিয়াবা সাপ্তাহিক বজাৰলৈ আহি কচু লৈ যায়।বিগত প্ৰায় পঁচিশ-ত্ৰিশ বছৰ ধৰি উকিল ৰামছিয়াৰীয়ে এইদৰে কচু খেতি কৰি আদৰ্শ খেতিয়ক হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিছে যদিও তেওঁ কোনো চৰকাৰী আঁচনিৰ সুযোগ পোৱা নাই।পঁচিশ-ত্ৰিশ বছৰে এইগৰাকী খেতিয়কৰ সাক্ষাৎ ঘটা নাই কৃষি বিভাগৰ গ্ৰামসেৱক বা কৃষি সম্প্ৰসাৰণ কৰ্মীৰ।ফলত পুৰণিকলীয়া পদ্ধতিৰে কচু খেতি কৰি আহিছে এই গৰাকী কৃষকে।বাকসা জিলা কৃষি বিভাগেও প্ৰকৃত কৃষকক নিবিচাৰি সহজতে পোৱা লোকক কৃষিগত পৰামৰ্শ দি আঁচনি ফলৱতী কৰাৰ চেষ্টা কৰি আহিছে।ফলত জিলাখনত বহুক্ষেত্ৰত কৃষিগত দিহা বা কৃষি ঋণ উকিল ৰামছিয়াৰীৰ দৰে প্ৰকৃত কৃষকে নোপোৱাকৈ আছে।বিপৰীতে কৃষিৰ অ আ,ক খ নজনা লোকে সেইবোৰ সুবিধা পাই আহিছে।পিছে দ্বাৰাগাঁৱৰ উকিল ৰামছিয়াৰীৰ দৰে আদৰ্শ কৃষক সদায়ে উপেক্ষিত হৈ থাকিব নেকি?বাকসা জিলা কৃষি বিভাগে এই দিশত অলপ নজৰ দিবনে?

লেখক:কাৰ্তিক দাস (দৈনিক অসম)

2.86206896552
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top