মানুহৰ বা এখন সমাজৰ আৰ্থিক প্ৰগতিৰ প্ৰধান অন্তৰায় হিচাপে বিবেচিত হৈছে শ্ৰম বিমুখতা। নিজ কৰ্মলৈ পিঠি দি আলসুৱা জীৱন যাপনৰ অভ্যাস গঢ়ি তোলাৰ বাবেই যেনেদৰে আমাৰ ৰাজ্যখনত ভয়াৱহ ভাৱে নিবনুৱা সমস্যা বৃদ্ধি পাইছে, একেদৰে শ্ৰম বিমুখতাৰ বাবেই ৰাজ্যখনৰ আৰ্থিক বিকাশো মন্থৰ হৈ পৰিছে। একেদৰে আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হোৱা বা ডিগ্ৰী-ডিপ্ল’মা গ্ৰহণ কৰা ৰাজ্যখনৰ যুৱক-যুৱতীসকলে কেৱল চৰকাৰী চাকৰিৰ আশাত বন্দী হৈ ক্ৰমশ: জীৱনৰ অমূল্য সময়বোৰ অপচয় কৰাৰ প্ৰৱণত ৰাজ্যখনৰ উন্নয়নৰ পথ হেঙাৰ হিচাপে পৰিগণিত হৈছে। ডিগ্ৰী-ডিপ্ল’মা গ্ৰহণ কৰা আন একাংশই আকৌ আত্ম প্ৰতিষ্ঠাৰ বাবেই চৰকাৰী চাকৰিলৈ আশাপালি নাথাকি বিভিন্ন বহুজাতিক কোম্পানী বা অন্য কোম্পানী-প্ৰতিষ্ঠানত নিয়োজিত হৈ একোটা যন্ত্ৰৰ কাম কৰি নিজৰ মানসিক সন্তুষ্টি বিসৰ্জন দিবলৈ বাধা হৈছে। কিন্তু আমাৰ ৰাজ্যখনত ক্ৰমশ: বৃদ্ধি পোৱা এনে প্ৰৱণতাৰ বিপৰীতে তেজপুৰৰ এগৰাকী উচ্চ শিক্ষিত যুৱকে নিজৰ কৰ্ম আদৰ্শেৰে দাঙি ধৰিছে এক দৃষ্টান্ত।
আমাৰ ৰাজ্যখনৰ হাজাৰ হাজাৰ নিবনুৱা আৰু শ্ৰম বিমুখতাই গ্ৰাস কৰা যুৱকৰ বাবে আদৰ্শ হ’ব পৰা তেজপুৰৰ এই যুৱকজনৰ ঘৰ হ’ল তেজপুৰৰ নিকটৱৰ্তী ডিপোটা গাঁৱত। ২০০৯ চনত তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা আৰু ২০১২ চনত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰছিটী অৱ হেলথ ছায়েন্সৰ পৰা হাস্পতাল মেনেজমেন্টত এম বি এ ডিগ্ৰী গ্ৰহণ কৰা ধ্ৰুৱজ্যোতি শইকীয়া নামৰ এই শিক্ষিত যুৱকগৰাকীয়ে এটা চাকৰিৰ বাবে হাত সাবটি নাথাকি চৰকাৰৰ নীল বিপ্লৱ আঁচনিৰ জৰিয়তে মীনপালন আৰু ডিপোটা অঞ্চলতে পশুপালনেৰে জীৱিকাৰ পথ প্ৰশস্ত কৰি তুলিছে। উন্নত জাতৰ বীটেল প্ৰজাতিৰ ছাগলীৰ লগতে ইৰ্কছায়াৰ, লাৰ্জ ব্লেক আৰু থলুৱা প্ৰজাতিৰ গাহৰি ফাৰ্মৰ উপৰি হাঁহ, মুৰ্গী পালনৰ লগতে মীন পালনেৰে স্বাৱলম্বী হোৱাই নহয়, নিজৰ এই ফাৰ্মত তিনিগৰাকীকৈ কৰ্মচাৰী নিয়োজিত কৰি নিজৰ পৰিয়ালৰ লগতে আন তিনিটা পৰিয়ালকো আৰ্থিক সকাহ দিবলৈ সক্ষম হৈছে। তেজপুৰৰ এই শিক্ষিত যুৱক গৰাকীৰ প্ৰয়াসৰ প্ৰতি ইতিমধ্যে সঁহাৰি আগবঢ়াইছে ৰাজ্য চৰকাৰৰ মীন বিভাগে। প্ৰতিনিয়ত পশুপালন আৰু মীন পালনত নিয়োজিত হৈ কেৱল মাথোঁ উৎপাদনৰ সপোন দেখি শ্ৰম বিমুখ অসমীয়া যুৱকৰ বদনাম-অপবাদক নস্যাৎ কৰিব খোজা ধ্ৰুৱজ্যোতি শইকীয়াক এই ক্ষেত্ৰত হিউমেন ৰিছ’ৰ্চত এম বি এ ডিগ্ৰীধাৰী পত্নী কাকলি বৰাই প্ৰতিটো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াইছে।
উৎস: দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 9/8/2023