মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / নগাওঁ জিলাৰ দুটি সফলতাৰ কাহিনী :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নগাওঁ জিলাৰ দুটি সফলতাৰ কাহিনী :

নগাওঁ জিলাৰ দুটি সফলতাৰ কাহিনীৰ বিষয়ে লিখা হৈছে ।

 

নগাওঁ জিলাৰ বৰঙাতলী গাঁৱৰ যুৱ কৃষক শ্ৰীৰাতুল ডেকাই নিজৰ পৈত্ৰিক পৰম্পৰা কৃষিতেই আত্মনিৱেশ কৰি মাত্ৰ ৮-১০ বছৰতেই নিজকে এজন সফল আৰু স্বচ্ছল কৃষক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। নেমু, কল, ধান, মাহ, সৰিয়হ আৰু বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতিৰ লগতে তেখেতে এখন চেগুণৰ বগানো প্ৰতিষ্ঠা কৰিছে। সুন্দৰভাৱে বেৰকোৰ দি ৰখা পথাৰখনত একেলগে কৰা নেমু, সৰিয়হ আৰু ৰঙালাউৰ খেতিৰ কাষতে কৰা পানীলাউ আৰু আন শাক-পাচলিৰে সেউজ দৃশ্য দেখিবলৈ অতি মনোমোহা হৈছে। কৃষিক্ষেত্ৰৰ পৰা কৰা উপাৰ্জনেৰে এটা সুন্দৰ পকী ঘৰ বনোৱাৰ উপৰিও শ্ৰী ডেকাই তেখেতৰ ছয়জনীয়া পৰিয়ালটিক স্বচ্ছলভাৱে চলাই নিবলৈ সক্ষম হৈছে। কৃষিক্ষেত্ৰত সৌৰ শক্তি চালিত পাম্পৰ ব্যৱহাৰ কৰি পানী যোগান ধৰা আৰু পুখুৰী খান্দি তাতে মাছৰ লগতে হাঁহ, কুকুৰা আৰু বিভিন্ন উদ্যান শস্যৰ খেতিৰ যি পৰিকল্পনা আৰু প্ৰস্তুতি শ্ৰী ডেকাই কৰি আছে, তাতো তেখেতৰ বৃহৎ সফলতা কামনা কৰিলো।

ম: ইদ্ৰিছমুঞ্চি ওৰফে নুৰুল ইছলাম, নগাওঁ জিলাৰ গেৰুৱা গাঁৱৰ এজন প্ৰগতিশীল কৃষক। এটি কৃষক পৰিয়ালত জন্ম হয় যদিও ম: মুঞ্চিয়ে পৈত্ৰিক সম্পত্তি হিচাপে লাভ কৰে মাত্ৰ ২ (দুই) বিঘা মাটি। সেই ২(দুই) বিঘা মাটিকেই সাৰোগত কৰি নিজৰ শ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে আগবাঢ়ি গৈ অসম চৰকাৰৰ কৃষি বিভাগৰ লগত ওত:প্ৰোত: ভাৱে জড়িত হৈ থাকি উন্নত পদ্ধতিৰে খেতি-বাতি কৰি বৰ্ত্তমান প্ৰায় ৫০ বিঘা ভুমিৰ অধিকাৰী। কেৱল সেয়ে নহয়, কৃষিৰ পৰা পোৱা উপাৰ্জনেৰে ম: মুঞ্চিয়ে নিজৰ পাচোঁটিকৈ সন্তানক উচ্চ শিক্ষা দিবলৈকো সক্ষম হৈছে। তাৰে ভিতৰত দুটি পুত্ৰ সন্তানে বৰ্ত্তমান চহৰত ছাত্ৰাবাসত থাকি উচ্চ শিক্ষা অৰ্জন কৰি আছে।

ম: মুঞ্ছিৰ ঘৰৰ পিছফালৰ শাক-পাচলি খেতিডৰা দেখিলেই অনুমান কৰিব পাৰি তেখেতৰ খেতিয়ক হিচাপে দক্ষতা। আমি সাধাৰণতে শস্য প্ৰাব্যলতা (Cropping Intensity) ২০০ বা ৩০০ হ’লেই যথেষ্ট সন্তুষ্টজনক বুলি ভাবো যদিও ম: মুঞ্চিয়ে একেডৰা মাটিতে এটা বছৰত ৬ বিধ খেতি কৰি শস্য প্ৰাব্যলতা ৬০০ কৰি দেখুৱাই কৃষি বিষয়া তথা কৃষি বিজ্ঞানীকো চমকিত কৰিবলৈ সক্ষম হৈছে। বৰ্ত্তমান তেখেতে নেমু, কলৰ উপৰিও ধান, মাহ, সৰিয়হ আৰু বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰি আছে। ইয়াৰ উপৰিও বৰ্ত্তমান তেখেতৰ উদ্যোগত এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ সহযোগত মুঠ ৬০ বিঘা ভুমিত ‘চিপচ’ প্ৰস্তুত কৰিব পৰা জাতৰ আলুৰ খেতি কৰিছে। এনে ধৰণৰ খেতিয়কে অকল নিজৰ উন্নতি কৰাই নহয়, আন বহুতো উদীয়মান কৃষকৰ অনুপ্ৰেৰণাৰ হোৱাৰ উপৰি দেশৰ আৰ্থিক উন্নতিতো পৰোক্ষভাৱে অৰিহণা যোগাইছে। তেখেতৰ আৰু অধিক উজ্জ্বল সেউজ ভবিষ্যতৰ কামনা কৰিলো।

লেখক: নাছিমা আহমেদ (সেউজ সোপান)

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top