মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / নদুৱাৰত জৈৱিক পদ্ধতিৰে উৎপাদিত চাহ ৰপ্তানি হৈছে বহিঃৰাজ্যলৈ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নদুৱাৰত জৈৱিক পদ্ধতিৰে উৎপাদিত চাহ ৰপ্তানি হৈছে বহিঃৰাজ্যলৈ :

নদুৱাৰত জৈৱিক পদ্ধতিৰে উৎপাদিত চাহ ৰপ্তানি হৈছে বহিঃৰাজ্যলৈ, সেই বিষয়ে লিখা হৈছে ।

 

শোণিতপুৰ জিলাৰ নদুৱাৰ অঞ্চলৰ এজন শিক্ষিত নিবনুৱা যুৱক নিজৰ ঘৰতে গ্ৰীন টী প্ৰস্তুত কৰি নিবনুৱাৰ আদৰ্শ হৈ পৰিবলৈ সক্ষম হৈছে। যিটো সময়ত ৰাসায়নিক সাৰৰ ব্যাপক প্ৰচলনে মানৱ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে, তেনে সময়তে মানৱ শৰীৰক নিৰোগী কৰি ৰাখিব পৰাকৈ জৈৱিক জৈৱিক পদ্ধতিৰে চাহ খেতিত আত্মনিয়োগ কৰিছে নদুৱাৰৰ দীপলোঙা বালিজান গাঁৱৰ লোচন বৰা নামৰ শিক্ষিত নিবনুৱা যুৱকজনে। জৈৱিক পদ্ধতিৰে চাহ খেতি কৰি মানৱ জীৱনক বিভিন্ন ৰোগৰপৰা কিছু হ’লেও সকাহ দিয়াৰ চিন্তা কৰিয়েই যুৱকজনে ৬ বছৰ পূৰ্বেই ২৩ বিঘা মাটিত আৰম্ভ কৰিছিল চাহ খেতি। ৰাসায়নিক সাৰ প্ৰয়োগৰ জৰিয়তে উৎপাদন কৰা চাহৰ পাৰ্শ্বক্ৰিয়াৰ কথা উপলব্ধি কৰিয়েই বহু কষ্টেৰে নিজে ঘৰতে এটি ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি এইচাম যুৱকে এনেকৈয়ে ‘জিৰণী টী’ নামেৰে জৈৱিক চাহ উৎপাদন কৰাৰ কামত নিয়োজিত হয়। ইয়াৰ জৰিয়তে শিক্ষিত নিৱনুৱা যুৱকজন স্বাৱলম্বী হোৱাৰ উপৰি বৰ্তমান প্ৰায় ৩৮ গৰাকী যুৱক-যুৱতীক বিভিন্ন দিশত সংস্থাপন দিবলৈও সক্ষম হৈছে। মুঠ ৫৩ বিঘা চাহ খেতিৰ গৰাকী এইজন যুৱকে ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ বাবে চেষ্টা হাতত লৈছে। ক্ষুদ্ৰ চাহ খেতিয়ক লোচন বৰাৰ মতে, পুৱা শুই উঠিয়েই মানুহে সেৱন কৰা পানীখিনিৰ পিছতেই গ্ৰহণ কৰা চাহকাপো যদি ৰাসায়নিক সাৰ প্ৰয়োগৰ জৰিয়তে উৎপাদন কৰা হয়, তেন্তে সেয়া মানৱ জীৱনৰ বাবে ভাবুকি স্বৰূপ হৈ পৰে। সেয়ে তেওঁ ৰাসায়নিক সাৰৰ ব্যৱহাৰ ত্যাগ কৰি জৈৱিক পদ্ধতিৰে চাহৰ উপৰি কৃষিজাত সকলো খাদ্য সামগ্ৰী নিজৰ বাৰীত উৎপাদন কৰি লৈছে আৰু অন্য লোককো জৈৱিক পদ্ধতিৰেই কৃষিকাৰ্য কৰাৰ প্ৰতি আহ্বান জনাই আহিছে। উল্লেখ্য যে ১৯৯৮ চনত মাত্ৰ ডেৰ বিঘা মাটিত চাহ খেতি আৰম্ভ কৰা লোচন বৰাই গুৱাহাটীত অনুষ্ঠিত ‘নৰ্থ ইষ্ট এক্সপ’ত বিগত তিনি বছৰ ধৰি যোগদান কৰি জৈৱিক চাহ প্ৰ্দৰ্শন কৰাৰ লগতে বিগত বৰ্ষত নিজে উৎপাদন কৰা জৈৱিক চাহৰ গুণাগুণৰ আধাৰত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে গুজৰাত, মহাৰাষ্ট্ৰ আদিলৈও নিজে উৎপাদন কৰা জৈৱিক চাহ তথা ‘জিৰণী টী’ ৰপ্তানি কৰি আছে। উল্লেখ্য যে বৰাই নিজৰ ২৫ বিঘা ধান খেতিতো জৈৱিক সাৰ প্ৰয়োগ কৰি উৎপাদন বৃদ্ধি কৰিবলৈও সক্ষম হৈছে। নিজৰ ব্যক্তিগত লাভালভৰ কথা চন্ন্তা নকৰি জনস্বাস্থ্যৰ ওপৰত গুৰুত্ব দি ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰি খেতিত মনোনিৱেশ কৰা এইজন শিক্ষিত নিবনুৱা যুৱক তথা ক্ষুদ্ৰ চাহ খেতিয়ক সম্প্ৰতি নৱপ্ৰজন্মৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে।

লেখক: পংকজ নাথ(দৈনিক অসম)

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top