অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পটল খেতিৰে স্বাৱলম্বী লাহৰীঘাটৰ নৱ ডেকা

পটল খেতিৰে স্বাৱলম্বী লাহৰীঘাটৰ নৱ ডেকা

কৰ্মসহিষ্ণু এজন অসমীয়া যুৱক| যুৱকজনৰ নাম নৱ ডেকা| মৰিগাওঁ জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত পলাশবাৰি গাঁৱৰ এইজন উদ্যমী যুৱক বিগত ছবছৰ ধৰি নিয়োজিত হৈ আহিছে পটল খেতিত| প্ৰায় ৮ বিঘা মাটিত পটল খেতি কৰিছে যুৱ কৃষকজনে| পটল খেতিৰ জৰিয়তে আৰ্থিকভাৱে টনকিয়াল হোৱা উদীয়মান কৃষকজনে জনোৱা মতে, পটল খেতিটো এটা অতি লাভজনক খেতি| প্ৰতি বিঘা মাটিত প্ৰায় ২০ হাজাৰ টকা খৰচ কৰি ৬০-৮০ হাজাৰ টকা অৰ্জন কৰিব পাৰি| তেওঁ জানিবলৈ দিয়া মতে, প্ৰথম বছৰ এবিঘা মাটিত বিছ হাজাৰ টকা খৰচ কৰিব লাগে যদিও একেখিনি খৰচতেই তিনি বছৰৰ ফচল পাব পৰা যায়| সেই অনুসৰি প্ৰথম বছৰতকৈ দ্বিতীয় আৰু তৃতীয় বছৰত পটল খেতিত কৃষক সকল অধিক লাভৱান হয়| নৱ ডেকাই বিগত বছৰ সমুহত প্ৰতি বিঘা পটল খেতিত ৪০-৬০ হাজাৰ টকা লাভ পাই আহিছে| উল্লেখ্য যে শাক-পাচলিৰ খেতিত অধিক পৰিশ্ৰম যদিও সংখ্যালঘু অধ্যুষিত অঞ্চলটোত মুছলমান সম্প্ৰদায়ৰ লোকসকলে পটল খেতিকে ধৰি কবি, বিলাহী, জলকীয়া আদি খেতি কৰি লাভান্বিত হোৱা দেখি যুৱক জন আগবাঢ়ি আহিছিল কৃষিকৰ্মৰ প্ৰতি| কষ্টকো কষ্ট বুলি নাভাবি কৃষি উদ্যমী যুৱকজনে প্ৰথমে মাত্ৰ এবিঘা মাটিত পটল খেতি কৰি লাভৰ মুখ দেখি পিছলৈ মাটিৰ পৰিমাণ বঢ়াই যায়| এনেদৰে যোৱা ছবছৰে পটল খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱা যুৱক জন অইনৰ বাবেও আদৰ্শ হৈ পৰিছে| কৃষক জনে জনোৱা মতে, বৰ্তমান প্ৰতি কিলোগ্ৰাম পটলৰ দাম ২০-২২ টকা| কিন্তু এই বছৰ অতিমাত্ৰা বৰষুণৰ বাবে পটলৰ কৃষক সকলে লোকচানৰ সম্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিছে| যি ধৰণে পটল উৎপাদন হ’ব লাগিছিল সেয়া বৰষুণৰ বাবে এইবাৰ হোৱা নাই বুলি ক’লে যুৱ কৃষকজনে| ইফালে, এনে কৃষক সকলৰ প্ৰতি চৰকাৰে মনোযোগ দিব লাগে যদিও বান-খহনীয়াগ্ৰস্ত অঞ্চলটোৰ এনে কষ্টসহিষ্ণু প্ৰকৃত কৃষকসকল কিন্তু দীৰ্ঘদিনে কৃষি বিভাগৰ অভিলাষী আঁচনি সমুহৰ পৰা বঞ্চিত হৈ আহিছে|

লেখক: বিষ্ণু ডেকা

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate