মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / পটলৰ খেতিৰে নৈশাৰকুটিত কৃষি বিপ্লৱৰ সূচনা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পটলৰ খেতিৰে নৈশাৰকুটিত কৃষি বিপ্লৱৰ সূচনা :

পটলৰ খেতিৰে নৈশাৰকুটিত কৃষি বিপ্লৱৰ সূচনাৰ বিষয়ে লিখা হৈছে ।

 

গোলোকগঞ্জ ৰাজহচক্ৰৰ অন্তৰ্গত আৰু গদাধৰ নদীৰ পাৰত অৱস্থিত এখন সৰু গাঁও নৈশাৰকুটি। গাঁওখনৰ অধিকাংশ অধিবাসী বিহাৰী সম্প্ৰদায়ৰ। তেওঁলোকৰ এশ শতাংশ লোকেই কৃষিজীৱী। প্ৰধান খেতি পটল। তেওঁলোকৰ সমানে সমানে কিছুসংখ্যক মুছলমান কৃষকেও পটলৰ খেতি কৰি জীৱিক নিৰ্বাহ কৰে।

নদীখনৰ নাতিদূৰত খেতিপথাৰ। গাঁওখনৰ বেছিভাগ খেতিয়কে নিজৰ মাটিতে পটলৰ খেতি কৰে। দুই-এজনে অৱশ্যে বছৰেকীয়া চুক্তিত অইন কৃষকৰ মাটিতো খেতি কৰা দেখা যায়। গাওঁখনৰ ৰামকৃষ্ণ চৌহানে ৩৫ বিঘা মাটিত পটলৰ খেতি কৰি এগৰাকী আদৰ্শ আৰু বিত্তশালী খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। আন এগৰাকী খেতিয়ক ৰামপিয়াৰ চৌহানে ২৫ বিঘা মাটিত পটল খেতি কৰি বিৰল দৃষ্টান্ত দাঙি ধৰিছে। লক্ষণ চৌহান নামৰ আন এজন প্ৰগতিশীল কৃষকে ৪০ বিঘা মাটিত পটলৰ খেতি কৰি এক অভিলেখ স্থাপন কৰিছে। একেদৰেই নুৰুল হক নামৰ অন্য এজন কৃষকে ২০ বিঘা মাটিত খেতি কৰি আশাপ্ৰদ উৎপাদন কৰিবলৈ সমৰ্থ হোৱাৰ কথা এই প্ৰতিবেদকৰ ওচৰত প্ৰকাশ কৰে। তেনেদৰে নুৰুদ্দিন হক, নাছিৰুদ্দিন শেখ, দীপক চৌহান, অমৰ সিং চৌহান, ৰামদুলাল চৌহানকে ধৰি অৰ্দ্ধশতাধিক কৃষকে পটল খেতি কৰি ধনবান হ’ব পৰা দৃষ্টান্তও তেওঁলোকে দেখুৱাই দিছে। এওঁলোকৰ পটল খেতিৰ কৌশল অৱলম্বন কৰি চাহেবগঞ্জ, ঘটেৰঝাৰ, লালকুৰা আদি গাঁৱৰ কৃষকসকলেও খেতি কৰি লাভৱান হোৱা কথা প্ৰকাশ কৰিছে।

কৃষকসকলে ওখ আৰু সহজে বৰষুণৰ পানী জমা নোহোৱা ঠাইত আহিন-কাতি মাহত মাটিডৰা ভালকৈ চহাই অলপ ওখ কৰি আলি সজাই বীজ হিচাপে পটলৰ আগ শাৰী শাৰী কৰি ৰুই দিয়ে আৰু সহজতে পোখা মেলাৰ বাবে ৰুই দিয়া ডালৰ গুৰিত পচন সাৰ প্ৰয়োগ কৰে। পটলৰ পুলিবোৰ সজল ধৰি উঠি কিছু ওখ হোৱাৰ লগে লগে এক আঁঠুমান ওখ কৰি মৰাপাটৰ ঠাৰি আৰু গুনাৰে চাং পাতি দিয়ে। লাহে লাহে পুলিবোৰ ওখ হৈ চাঙত উঠিব পৰা হ’লে পোক-পৰুৱাই যাতে হানি কৰিব নোৱাৰে। তাৰ কাৰণে দৰৱ স্প্ৰে কৰে।

পটলৰ পুলি ৰোৱা, চাং পতা, সাৰ প্ৰয়োগ কৰা আদি কামত প্ৰতি বিঘা মাটিত প্ৰায় পোন্ধৰ হাজাৰ টকাৰ খৰচ পৰে। সাধাৰণভাৱে যতন কৰি আৰু অলাগতিয়াল গছ-বন চাফা কৰাৰ অন্তত চ’ত মাহৰ মাজভাগত ফল চপাব পৰা হয়। সাধাৰণভাৱে প্ৰতি বিঘা মাটিত ন্যূনতম ৪-৫ মোন পটল উৎপন্ন হয় আৰু এই পটল বিক্ৰী কৰি প্ৰতি বিঘাত ৬০ হাজাৰৰো অধিক টকা উপাৰ্জন কৰিব পাৰে। ফচল ভাল হ’লে উৎপাদন আৰু বেছি হয় বুলি অমৰসিং চৌহানে আমাক জানিবলৈ দিছে। এইবেলি অধিক খৰাং বতৰ হোৱা বাবে পটলৰ গছবোৰ শুকাই যোৱাত ফল আশানুৰূপ হোৱা নাই বুলি তেওঁলোকে আমাক জনালে। মৰি যাবলৈ ধৰা গছবোৰ সজীৱ কৰি ৰখাৰ ব্যৱস্থা নথকাত আৰু কৃষি বিভাগৰ অৱহেলাৰ ফলতে তেওঁলোকৰ এইবেলিৰ উৎপাদন ভালেখিনি হ্ৰাস পোৱা দেখা গৈছে।

উপযুক্ত শীতল ভাণ্ডাৰৰ অভাৱ, মধ্যাভোগী দালালৰ হেতা-ওপৰা, উৎপাদন হ্ৰাস আদি কাৰণত কৃষকসকলে তেওঁলোকৰ উৎপাদিত ফচল উচিত মূল্যত বিক্ৰী কৰিব নোৱাৰাত হতাশ হৈছে যদিও পটল খেতিৰে কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ সমৰ্থ হ’লে অঞ্চলটোৰ অৰ্থনৈতিক দৃশ্যপট সলনি হৈ পৰিব বুলিও ক’ব পাৰি।

লেখক: অম্বুনাথ শৰ্মা(দৈনিক অসম)

2.71428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top