মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / ফুলকবিৰ খেতিৰে স্বাৱলম্বী নৈশাৰকুটিৰ কৃষক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফুলকবিৰ খেতিৰে স্বাৱলম্বী নৈশাৰকুটিৰ কৃষক :

ফুলকবিৰ খেতিৰে স্বাৱলম্বী নৈশাৰকুটিৰ কৃষকৰ বিষয়ে লিখা হৈছে ।

ধুবুৰী জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অধীনস্থ নৈশাৰকুটি গাঁৱৰ একাংশ প্ৰগ্ৰতিশীল কৃষকে ব্যাপক হাৰত ফুলকবিৰ খেতি কৰি অৰ্থনৈতিকভাৱে সবল হৈ উঠা দেখা গৈছে। গোলকগঞ্জৰপৰা প্ৰায় ১৫ কিলোমিটাৰ আঁতৰত গদাধৰ নদীৰ পাৰত অৱস্থিত গাঁওখনৰ ৫০ ঘৰ বিহাৰী সম্প্ৰদায়ৰ কৃষকে উত্তৰবংগৰ কোচবিহাৰ জিলাৰ তুফানগঞ্জ মহকুমাৰ প্ৰগতিশীল কৃষকসকলৰ আৰ্হি গ্ৰহণ কৰি ফুলকবিৰ খেতি কৰি অঞ্চলটোত কাৰ্যতঃ এক কৃষি বিপ্লৱৰ নিৰ্দশন দেখুৱাবলৈ সমৰ্থ হোৱা দেখা গৈছে।

অঞ্চলটোৰ কৃষকসকলে তুফানগঞ্জৰপৰা ফুলকবিৰ বীজ কিনি আনি ওখ ঠাইত বীজ সিঁচি দিয়ে। আগষ্ট মাহৰ আৰম্ভণিতে এনেদৰে সিঁচা বীজৰ গজালি মেলে আৰু পুলিবোৰ ২-৩ ইঞ্চি ওখ হ’লে পূৰ্বতে সাজু কৰি ৰখা পথাৰত ৰুই দিয়ে। সাধাৰণতে তেওঁলোকে প্ৰতি বিঘা মাটিত ৪ৰ পৰা ৫ হেজাৰ পৰ্যন্ত পুলি ৰোপণ কৰিব পাৰে। মাটি ডৰা সাজু কৰাৰ সময়ত কৃষকসকলে ৰাসায়নিক সাৰ প্ৰয়োগ কৰে।

এই গাঁওখনৰ লক্ষণ চৌহানে এইবেলি তিনি বিঘা মাটিত ফুলকবিৰ পুলি ৰুইছে। একেই পদ্ধতিৰে ৰামৰতন চৌহানে চাৰি বিঘা, অমৰ সিং চৌহানে তিনি বিঘা, ৰাজকুমাৰ চৌহানে দুবিধা আৰু তুফানী চৌহানে দুবিঘা মাটিত ফুলকবিৰ খেতি কৰিছে। তেওঁলোকে প্ৰকাশ কৰা মতে, এইবেলি যোৱা অক্টোবৰ মাহৰ প্ৰথম ভাগতে বজাৰত ফুলকবি বিক্ৰীৰ বাবে উলিয়াবলৈ সমৰ্থ হৈছে। কৃষকসকলে প্ৰকাশ কৰা মতে, প্ৰতি বিঘা ফুলকবিৰ খেতিত তেওঁলোকে প্ৰায় ছয় হাজাৰ টকা খৰচ কৰিব লাগে আৰু উৎপাদন আশানুৰূপ হ’লে ত্ৰিছ হাজাৰৰপৰা চল্লিশ হাজাৰ পৰ্যন্ত টকা উপাৰ্জন কৰিব পাৰে। এইবেলি বতৰ কিছু অনুকূল হোৱাত তেওঁলোকে আৰু অধিক উপাৰ্জনৰ আশা মনত পুহি ৰাখিছে।

ইমানৰ পিছতো কিন্তু কৃষকসকলে অতি দুখেৰে জনায় যে চৰকাৰী অৱহেলা আৰু কৃষি বিভাগৰ অভিজ্ঞ কৰ্মচাৰীৰ অনুপস্থিতিৰ বাবে তেওঁলোকে আৱশ্যকীয় দিহা-পৰামৰ্শৰপৰা দীৰ্ঘকাল বঞ্চিত হৈ আছে। উপযুক্ত পৰিমাণৰ সাৰ প্ৰয়োগ, জলসিঞ্চন আদি সমস্যাৰ বাবে সংকোচ কৰে আৰু তেনে অৱস্থাত পোনপটীয়াকৈ বজাৰলৈ ফুলকবি লৈ গৈ বিক্ৰী কৰাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰো উদ্ভৱ হয়। তদুপৰি তেওঁলোকৰ গাঁওখন অতি ভিতৰুৱা হোৱাত যাতায়তৰ সমস্যাও জটিল হৈ পৰিছে। তেওঁলোকৰ গাঁৱৰ ওচৰেদি যোৱা বালাজান-চাহেবগঞ্জ-মাটেৰঝাৰ গড়কাপ্টানি পথছোৱাৰ অৱস্থা জৰাজীৰ্ণ। ফলত যাতায়তৰ অসুচলতাৰ বাবে কম দামত তেওঁলোকে উৎপাদিত কবি মধ্যভোগীৰ ওচৰত বিক্ৰী কৰিবলৈ বাধ্য হয় আৰু এনে অৱস্থাত উচিত মূল্য লাভৰপৰাও তেওঁলোকে বঞ্চিত হ’বলগীয়াত পৰে।

যোৱা ৩০ বছৰে তেওঁলোকে কৃষি বিভাগৰ কৰ্মচাৰীৰ মুখ দেখা নাই। চৰকাৰী সাহায্যও পোৱা নাই। চৰকাৰীভাৱে জলসিঞ্চনৰ কোনো ব্যৱস্থা নাই। বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি অধিক উপাৰ্জন পাব পৰা কাৰিকৰী কৌশলো তেওঁলোকে নাজানে। সম্পূৰ্ণ নিজৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি এনেদৰে কৰি অহা খেতিৰ আশানুৰূপ ফল নোপোৱাত কিছুসংখ্যক কৃষক হতাশ হৈ পৰিছে। তথাপি নিজৰ জীৱিকাৰ অন্য উপায় নথকাত তেওঁলোকে পৰম্পৰাগতভাৱে ফুলকবিৰ খেতিয়েই কৰি আহিছে। তদুপৰি অঞ্চলটোত শীতল ভাণ্ডাৰো নাই।

উপযুক্ত চৰকাৰী সাহায্য, নিয়মিত পানী যোগান, কাৰিকৰী প্ৰশিক্ষণ, বাট-পথৰ উন্নয়ন আদি দিশবোৰৰ প্ৰতি চৰকাৰে দৃষ্টি দিলে তেওঁলোকে উৎপাদন কৰা ফুলকবি বজাৰত উভৈনদী হৈ পৰিব বুলি আশা প্ৰকাশ কৰিছে। তেনে ব্যৱস্থা ফলৱতী হ’লে ৰাইজে বাহিৰৰপৰা অহা ফুলকবি কিনি খাবলগীয়া নহ’ব বুলিও তেওঁলোকে মন্তব্য কৰে।

লেখক: অম্বুনাথ শৰ্মা(দৈনিক অসম)

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top