মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / ফুলৰ সুবাসেৰে আমোলমোলাই থকা এখন গাওঁ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফুলৰ সুবাসেৰে আমোলমোলাই থকা এখন গাওঁ :

ফুলৰ সুবাসেৰে আমোলমোলাই থকা এখন গাওঁৰ বিষয়ে লিখা হৈছে ।

 

ফুলৰ সুবাসেৰে আমোলমোলাই থকা এখন গাওঁ। অৱশ্যে পদুলি বা ঘৰৰ সন্মুখত সাধাৰণ ফুলৰ বাগিচা পাতি গাওঁখনৰ ৰাইজে ফুলৰ আমোলমোল পৰিৱেশ সৃষ্টি কৰা নাই। এই পৰিৱেশ সুচনা হৈছে ফুলৰ ব্যৱসায়ক কেন্দ্ৰ কৰি। ৰাজ্যখনত এতিয়াও ফুল খেতি বহল পৰিসৰত হোৱা নাই যদিও শোণিতপুৰ জিলাৰ এখন গাঁৱত ফুল খেতিৰে জীৱন-জীৱিকাৰ পথ সুগম কৰি অহাৰ এক সুন্দৰ নিদৰ্শনে ৰাজ্যবাসীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে। বিভিন্ন ধৰণৰ ফুলৰ মনোমোহা সুগন্ধিৰে গাওঁখনৰ চাৰিওদিশ প্ৰৱাহিত হৈ আছে। ফুল খেতিৰে এনেদৰে এক সুন্দৰ পৰিৱেশ সুচনা কৰা গাওঁখন হ’ল শোণিতপুৰ জিলাৰ বিহগুৰি মৌজাৰ ১ নং পুথিমাৰী গাওঁ। এই গাওঁখনৰ প্ৰায় ৩০ টা পৰিয়ালে বিগত ২০ বছৰ ধৰি ফুল খেতিকে মুল জীৱিকাৰ পথ হিচাপে গ্ৰহণ কৰি আহিছে। ১ নং পুথিমাৰী গাঁৱত ফুল খেতিৰপৰা উৎপাদিত বিভিন্ন ধৰণৰ ফুলসমুহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত বিক্ৰী হোৱাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বজাৰো দখল কৰিবলৈ সক্ষম হৈছে। যি সময়ত ৰাজ্যৰ নিবনুৱা যুৱকসকলে কৰ্মসংস্থাপনৰ কাৰণে হাবাথুৰি খাই বহি: ৰাজ্যলৈ ঢাপলি মেলিবলগীয়া হৈছে, তেনে সময়তে শোণিতপুৰৰ ১ নং পুথিমাৰী গাঁৱৰ এইসকল লোকে ফুল খেতিৰে নিবনুৱা সমস্যা সমাধানৰ সম্ভাৱনীয়তাৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিলে। শোণিতপুৰ জিলাৰ পুথিমাৰী গাঁৱত ২৫ বছৰ পুৰ্বে প্ৰথমে এজন লোকে এই খেতিৰ পাতনি মেলিছিল। কিন্তু পৰৱৰ্তী সময়ত ইয়াৰপৰা হোৱা লাভৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান গাওঁখনৰ সকলো পৰিয়ালেই ফুল খেতি কৰিবলৈ আৰম্ভ কৰি এতিয়া এই খেতিৰেই তেওঁলোকে জীৱিকাৰ পথ সুগম কৰিছে। গাওঁখনৰ ৰঞ্জন ৰহিদাস, গোপাল মাহাতো, শিৱাজী মাহাতো, হৰিলাল ৰহি দাস, মহৰ আলী আদিকে ধৰি প্ৰায় ৩০ টা পৰিয়ালে ফুলৰ খেতি কৰি জীৱিকা-নিৰ্বাহ কৰি আছে। ৰঞ্জন ৰহিদাসে ‘দৈনিক অসম’ক জনোৱা মতে, গাওঁখনৰ লোকসকলে মেৰিগ’লড, বাসৰুৱা নাৰ্জী, কেলেণ্ডুনা, ডালিয়া, ক্ৰিচানথিয়াম (ইন্দ্ৰমালতী), ডাইনথাচ, ছুইট উইলিয়াম ,ষ্টাৰ কছমছ, কেণ্টিটপ আদিকে ধৰি প্ৰায় ২৫ বিধ ফুলৰ খেতি কৰি আহিছে। পশ্চিমবংগৰ পৰা এই ফুলবোৰৰ বীজ ক্ৰয় কৰি প্ৰথমে পুলি উৎপাদন কৰাৰ পিছত তেওঁলোকে মাটি চহাই খেতি কৰে। উৎপাদিত বিভিন্ন ধৰণৰ ফুল শোণিতপুৰ জিলাৰ বিভিন্ন বজাৰৰ লগতে ৰাজ্যখনৰ ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, নগাওঁ, লখিমপুৰৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মেঘালয়লৈ ৰপ্তানি কৰা হয়। ফুলৰ খেতি কৰা একাংশ কৃষকে জানিবলৈ দিয়া মতে, তেওঁলোকে এই খেতি কৰাৰ পুৰ্বে অতি দৰিদ্ৰতাৰ মাজৰে জীৱন-নিৰ্বাহ কৰিবলগীয়া হৈছিল। কিন্তু বিগত ২০ বছৰ ধৰি এনেদৰে ফুলৰ খেতি কৰি গাওঁখনৰ প্ৰতিঘৰ লোকৰে জীৱিকাৰ পথ সুগম হৈছে। এতিয়া তেওঁলোক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাত তেওঁলোকৰ জীৱন-যাত্ৰাৰ আমুল পৰিবৰ্তন হৈছে। অৱশ্যে এইক্ষেত্ৰত চৰকাৰৰ পৰা তেওঁলোকে যেনেদৰে সহায় পাব লাগিছিল সেয়া আজি পৰ্যন্ত নোপোৱাত গাওঁখনৰ ফুলৰ খেতিয়কসকলে ক্ষোভ প্ৰকাশ কৰে। ব্যৱসায়িক ভিত্তিত ফুল উৎপাদনেৰে ৰাজ্যখনত ফুলৰ চাহিদা পুৰণৰ লগতে স্বাৱলম্বিতাৰ যি নিদৰ্শন ১ ন্ং পুথিমাৰী গাঁৱৰ গঞাই দাঙি ধৰিছে, সেয়া সকলোৰে বাবে আদৰ্শনীয়। পুথিমাৰীৰ গঞা ৰাইজৰ দৰেই যদি অসমত ফুলেৰে আমোলমোলাই থকা আৰু এশখন গাওঁ গঢ় লৈ উঠে, তেন্তে ফুল উৎপাদনৰ ক্ষেত্ৰত অসম নিশ্চিতভাৱেই আত্মনিৰ্ভৰশীল হ’ব আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ গাওঁসমুহলৈ কঢ়িয়াই আনিব।

লেখক: পংকজ কুমাৰ নাথ (দৈনিক অসম)

2.87179487179
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top