এটা সময় আছিল, যেতিয়া অসমীয়া চহা জীৱনৰ এক অবিচ্ছেদ্য অংগ আছিল কুঁহিয়াৰ পেৰা শালখন। প্ৰতিজন কৃষিজীৱি লোকেই খেতি কৰিছিল কুঁহি্য়াৰৰ। সেয়েহে কুঁহিয়াৰ চপাই পেৰাৰ সময়ত নিতান্তই প্ৰয়োজন হৈছিল এই শালখনৰ। দুহাল বলধ গৰুক অৱলম্বন কৰি কেইডালমান বাঁহ আৰু কাঠৰ সহায়ত সজা এই শালখনক উপজীৱ্য কৰি লৈয়েই বতৰত কুঁহিয়াৰ পেৰা হৈছিল। এটোপ-দুটোপ কৰি কুঁহিয়াৰৰ ৰস পৰি পৰি এটা সময়ত পাত্ৰৰ উপৰি পাত্ৰ ভৰি পৰিছিল। বজাৰৰ চাহিদাৰ ঊৰ্দ্ধমুখিতাৰ বাবেই এটা সময়ত সকলোৱে কুঁহিয়াৰ খেতি কৰিছিল। সেই সময়ত গাঁৱে গাঁৱে কুঁহিয়াৰ শাল আছিল। এতিয়া এইবোৰ স্মৃতি হ’ল। কুঁহিয়াৰৰ খেতিও কমি আহিল। কাজেই নোহোৱা যেনেই হ’ল। এনে প্ৰেক্ষাপটতেই শালখনত জড়িত ১০-১২ জন কৃষকৰ জীৱনলৈ আৰ্থিক সংশয় তথা অস্থিৰতা নামি আহিল। যিটো সময়ত শালখনক কেন্দ্ৰ কৰিয়ে অনেক লোকৰ জীৱন চকৰি ঘূৰি ফুৰিছিল, সেই সময়তে কুঁহিয়াৰৰ খেতিও গ্ৰাম্য চহা জীৱনত পৰ্য্যাপ্ত আছিল। আজি কিন্তু সকলো সলনি হৈ গ’ল। সেয়েহে কুঁহিয়াৰৰ শাল বা কুঁহিয়াৰৰ খেতি অতিয়া নেদেখা যেনেই হ’ল। এটা সময়ত অসমীয়াত এটা প্ৰবাদ আছিল ‘বাৰ পো’, তেৰ নাতি, তেহে কৰিবা কুঁহিয়াৰ খেতি’। কিন্তু এই প্ৰবাদক অসাৰ প্ৰতিপন্ন কৰি দেখুৱাইছে বজালীৰ ভৱেন চৌধুৰীয়ে। অসম আন্দোলনৰ অন্যতম নেতা বজালীৰ কছাৰিভিঠাৰ নিবাসী ভৱেন চৌধুৰীয়ে নিজে কুঁহিয়াৰ খেতি কৰি কুঁহিয়াৰ পেৰা শাল তৈয়াৰ কৰি লৈছে। এই শালত কুঁহিয়াৰ পেৰি ৰস উলিয়াই স্বাৱলম্বী হোৱাৰ লগতে আন দহ-বাৰজনকো জীৱিকাৰ পথ উলিয়াই দি এক বিৰল নিদৰ্শন দাঙি ধৰিছে। চৌধুৰীয়ে অসমৰ লোক পৰম্পৰাগত, জাতীয় জীৱনত কুঁহিয়াৰ শালখনৰ অস্তিত্ব পূৰ্ণৰূপত সংৰক্ষণ কৰাটো আৰু তাৰ প্ৰসাৰ ঘটোৱাটো বিচাৰিছে। চৰকাৰৰ সংশ্লিষ্ট বিভাগে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজন। নহ’লে হেৰাই যাব ধৰা এই শালখন বিচাৰি, ঐতিহ্যমণ্ডিত পেৰা মিঠৈৰ সোৱাদ বিচাৰি আমি হায়ৰাণ হ’ব লাগিব।
লিখকৰ নাম: হীৰেন কলিতা, উৎস: দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 3/16/2020