মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / বহুমুখী কৃষিকাৰ্যৰে স্বাৱলম্বন:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বহুমুখী কৃষিকাৰ্যৰে স্বাৱলম্বন:

বহুমুখী কৃষিকাৰ্যৰে স্বাৱলম্বনৰ বিষয়ে লিখা হৈছে

 

তামুলপুৰ মহকুমাৰ সাপকাটা গাঁৱৰ এজন যুৱ খেতিয়ক। নাম বাবুৰাম বড়ো(৪১)। খেতিকে আলম হিচাপে লৈ কপালৰ ঘাম মাটিত পেলাই তেওঁ চলাই গৈছে জীৱন সংগ্ৰাম। ষষ্ঠ শ্ৰেণীত পঢ়ি থকা কালতে এদিন পিতৃ চাগেৰীয়া বড়োৰ সৈতে তেওঁ খাদী গ্ৰামোদ্যোগৰ প্ৰাণকেন্দ্ৰস্বৰূপ ‘তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘ’ত উপস্থিত হৈছিল। তাত তেওঁ দেখা পাইছিল মৌ পালনৰ আদব-কায়দা। মৌ পালনৰ অদব-কায়দাখিনি দেখা পাই বাবু ৰাম বড়োৱে সপোন দেখিছিল মৌ পালনৰ। ইপিনে, আৰ্থিক অনাটনত জুৰুলা দুখীয়া পৰিয়ালটোৰ নুমলীয়া পুত্ৰ বাবুৰামে নৱম শ্ৰেণীতে শিক্ষা জীৱন সমাপ্ত কৰি পিতৃ আৰু পৰিয়ালৰ আন সদস্যসকলৰ সৈতে পূৰ্বপুৰুষ খেতি মাটিখিনিকে সম্বল হিচাপে লৈ কৃষিকাৰ্যত মনোনিৱেশ কৰে। পৰৱৰ্তী সময়ত বাবুৰামে খেতিকে আত্মসংস্থাপনৰ অৱলম্বন হিচাপে লৈ পৈতৃক মাটিখিনিত নানা ধৰণৰ খেতি কৰিবলৈ লয়। এনেদৰে মাত্ৰ পাঁচবিঘা মাটিত ধান খেতি কৰি পৰিয়ালৰ প্ৰয়োজনীয় ভাতমুঠি আহৰণ কৰাৰ উপৰি উপৰি প্ৰায় চাৰিবিঘা বস্তি-মাটিত তেওঁ পৰিকল্পিতভাৱে উদ্যান শস্যৰ খেতি আৰম্ভ কৰে। আটোমটোকাৰিকৈ সজাই-পৰাই লোৱা বাৰীখনত তামোল-পাণৰ খেতিতেই মুখ্য যদিও জালুক-মালভোগ কলৰ খেতিৰপৰা কমলা খেতিলৈ, মৌ পালনৰপৰা মীন পালনলৈ সকলো খেতিয়েই আছে। বাবুৰামে পঢ়া এৰি কেইদিনমানৰ বাবে দ্বাৰকুছিত আছিল। তাতে খাদী গ্ৰামোদ্যোগৰ জৰিয়তে তেওঁ মৌ পালনৰ এক প্ৰশিক্ষণো লৈছিল। তাৰ পিছৰপৰাই বাবুৰামে ঘৰতে মৌ-বাহ কাঠেৰে সাজি মৌ পালনত ব্যস্ত হৈ পৰে। বৰ্তমান বাবুৰামে বাৰীৰ চাৰিওফালে ১৫ টামান মৌ-বাহ স্থাপন কৰি মৌ পালন কৰি আছে। বাবুৰামে অঞ্চলটোৰ য’তে মৌ-মাখিৰ সন্ধান পায়, তাতেই ঘৰৰ গৃহস্থৰ সৈতে কথা পাতি মৌ পালনৰ দিহা কৰি দিয়ে। এনেদৰে তেওঁ বেলেগ বেলেগ ঠাইত ৮০টা মৌ বাহত মৌ পালন কৰি আহিছে। বছৰটোৰ ৯ মাহ ধৰি ৰস উৎপাদন কৰা বাবুৰাম বড়োৱে বছৰেকত ডেৰশ লিটাৰমান মৌ ৰস সংগ্ৰহ কৰি প্ৰতি লিটাৰ পাঁচশ টকা দৰত বজাৰত বিক্ৰী কৰি আহিছে। এনেদৰে বছৰি খৰচ বাদ দি পঁচিশ/ত্ৰিশ হাজাৰ টকা অকল মৌ পালনৰপৰাই তেওঁ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইফালে, প্ৰায় চাৰি বিঘা মাটিকালিৰে আগুৰা বাৰীখনত তামোলগছৰ উপৰি ১৫০ পাণ আছে। পাণ আৰু তামোলৰপৰা যুৱকজনে বছৰি ৮০ হাজাৰমান টকা লাভ কৰি আহিছে। তদুপৰি নিজৰ বাৰীখনতে এখন নাৰ্ছাৰী খুলি তামোলপুলি বিক্ৰী কৰিও এটি মোটা অংকৰ ধন লাভ কৰি আহিছে। বাৰীখনত আছে দহ-বাৰ জোপা জালুকৰ গছ। তদুপৰি ২০ বছৰমান আগেয়ে ৰোপণ কৰা প্ৰায় এশজোপা কমলা টেঙা বিক্ৰী কৰিও তেওঁৰ হাতলৈ ত্ৰিশ হাজাৰ টকা আহে। ইফালে, লীজত লোৱা ছয় বিঘা মাটিত থকা ৩ টাকৈ পুখুৰীতো তেওঁ মীন পালন কৰি আহিছে। একেদৰে দুবিঘা মাটিত আছে কুঁহিয়াৰ খেতি। ২০১৪ চনৰপৰা বাবুৰাম বড়োৱে কৰিছে মালভোগ কলৰ খেতি। বিগত দুটা বছৰত মালভোগ কল বজাৰত বিক্ৰী কৰি এটা শকত অংকৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে। পৰিয়ালটোত হাঁহ, কুকুৰা, গাহৰি পালনৰো ব্যৱস্থা কৰিছে তেওঁ। এনেদৰে নিষ্ঠাৱান, কৰ্মপটু যুৱকজনে কৃষি কাৰ্যকে জীৱনৰ সাৰথি কৰি আশাৰ বাট বান্ধিবলৈ সক্ষম হৈছে। কৰ্ম সংস্কৃতিৰে ঘৰখনক জীপাল কৰি তোলাৰ লগতে তেওঁ গাঁওখনৰ যুৱক-যুৱতীসকলকো উজ্জীৱিত কৰি তুলিবলৈ সক্ষম হৈছে। যুৱ কৃষকজনৰ কৰ্মস্পৃহাৰ উমান ল’বলৈ বুলি অলপতে তামুলপুৰ কৃষি মহকুমা কাৰ্যালয়ৰ জ্যেষ্ঠ কৃষি পৰিদৰ্শক খগেন দাস আৰু কৃষি সম্প্ৰসাৰণ সহায়ক ধীৰেন দাসৰ নেতৃত্বত এটি কৃষি বিষয়াৰ দলে বাবুৰামৰ কৃষিকাৰ্য আৰু কৃষি পদ্ধতিৰ বুজ লোৱাৰ লক্ষ্যৰে সাপকাটা গাঁৱত উপস্থিত হৈছিল। বাবুৰামৰ বাৰীবস্তিত থকা উদ্যান শস্যকে ধৰি নানা তৰহৰ খেতি পৰিদৰ্শন কৰি কৃষি বিষয়াসকল উৎসাহিত হৈ পৰিছিল। মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ কৃষি সম্প্ৰসাৰণ সহায়ক ৰজনী বৰ্মন, লক্ষেশ্বৰ বড়ো আৰু পংকজ বৰ্মণো যুৱ কৃষকজনৰ কাম-কাজত উৎসাহিত হৈ পৰিছে।

লেখক:উৎপল ডেকা(দৈনিক অসম)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top