মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / বাঁহজানীত গাহৰি পালনেৰে স্বাৱলম্বী কমল-পংকজ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাঁহজানীত গাহৰি পালনেৰে স্বাৱলম্বী কমল-পংকজ

বাঁহজানীত গাহৰি পালনেৰে স্বাৱলম্বী কমল-পংকজৰ বিষয়ে লিখা হৈছে ।

 

কোনোধৰণৰ চৰকাৰী চাকৰিক ভৰসা নকৰি একমাত্ৰ নিজৰ ঐকান্তিক প্ৰচেষ্টা, একাগ্ৰতা আৰু কষ্ট সহিষ্ণুতাৰ বলত গাহৰি পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰি যুৱ চামৰ মাজত আদৰ্শৰূপে থিয় দিবলৈ সক্ষম হৈছে নলবাৰী জিলাৰ বাঁহজানীত চান্দকুছি(উত্তৰ চুবুৰী)ৰ প্ৰয়াত ভগৱান তালুকদাৰৰ পুত্ৰ কমল তালুকদাৰে। ১৯৯৩ চনত মাত্ৰ ৫ টা গাহৰিৰে আৰম্ভ কৰা ‘চান্দকুছি তালুকদাৰ গাহৰি ফাৰ্ম’খনে বৰ্তমান সমগ্ৰ জিলাখনৰ ভিতৰতে এখন আগশাৰীৰ গাহৰি ফাৰ্ম হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। চৰকাৰীভাৱে কোনো ধৰণৰ আৰ্থিক সাহায্য অবিহনে আৰম্ভ কৰা ফাৰ্মখনত বৰ্তমানে ৯০ টা খাহী, ৭০ টা পোৱালি গাহৰি আৰু প্ৰজননৰ কাৰণে ৪ তা উন্নত প্ৰজাতিৰ মতা গাহৰি আছে। তালুকদাৰে জানিবলৈ দিয়া মতে এবাৰত এটা গাহৰিয়ে ১৫ টা পৰ্যন্ত পোৱালিৰ জন্ম দিয়ে আৰু এই পোৱালিসমূহ ৮-১০ মাহ ৰখাৰ পিছত একোটাৰপৰা প্ৰায় ২০ হাজাৰ টকা উপাৰ্জন হয়। বৰ্তমান অষ্ট্ৰেলিয়ান আৰু হিমচেয়াৰ প্ৰজাতিৰ গাহৰি বৰ্ণসংকৰ কৰাই এক উন্নত প্ৰজাতিৰ গাহৰি জন্ম দিয়া হয় এই ফাৰ্মখনত। এই গাহৰিসমূহ গুৱাহাটী আৰু শ্বিলঙলৈ ৰপ্তানি কৰা হয়। গাহৰি পালন এক পৰ্যাবৰণ অনুকূল ব্যৱসায়। ৰাস্তাৰ দাঁতিত থকা অপ্ৰয়োজনীয় কচু বা পুখুৰীত হোৱা অবাঞ্ছিত পানীমেটেকা গাহৰিৰ প্ৰিয় খাদ্য। তদুপৰি হোটেলৰ পেলনীয়া খাদ্য, চাপৰ, মাকৈ, ব্ৰইলাৰ দোকানৰ পেলনীয়া সামগ্ৰী গাহৰিক খাদ্য হিচাপে যোগান ধৰা হয়। উদ্যমী যুৱক কমল তালুকদাৰে জানিবলৈ দিয়া মতে, অসম চৰকাৰৰ পশুপালন বিভাগৰ তৰফৰপৰা আজি পৰ্যন্ত তেওঁক কোনো ধৰণৰ সহায় আগবঢ়োৱা নাই। আনকি তেওঁৰ বাসস্থানৰপৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত থকা ‘চান্দকুছি ৰাজ্যিক পশু চিকিৎসালয়’খনৰ পৰাও কোনো ধৰণৰ সুফল লাভ কৰা নাই। চৰকাৰৰ তৰফৰ বিভিন্ন আঁচনিৰ অধীনত এই ফাৰ্মখনত নিবনুৱা যুৱকসকলক সময়ে সময়ে গাহৰি পালনৰ প্ৰশিক্ষণ দিয়া হৈছে যদিও আজিকোপতি ফাৰ্মখনৰ স্বত্ত্বাধিকাৰীগৰাকীয়ে লাভ কৰা নাই কোনো চৰকাৰী সা-সুবিধা। ইফালে, গাহৰিৰ সততে হোৱা সংক্ৰামক ৰোগ ‘ছোৱাইন ফিভাৰ’(Swine Fever) আৰু ‘চবকা’(Food and Mouth Disease) ৰোগৰ চিকিৎসাও চৰকাৰী সা-সুবিধা অবিহনে নিজা খৰচত কৰিব লগা হয়। উক্ত ফাৰ্মখনৰ পৰা তালুকদাৰে বছৰত ১০-১২ লাখ টকা উপাৰ্জন কৰে আৰু এই উপাৰ্জনৰ ধনেৰে ফাৰ্মখনত থকা চাৰিগৰাকী কৰ্মচাৰীৰ লগতে নিজৰ পৰিয়ালটোকো সুন্দৰকৈ পোহপাল দি আছে। এই ফাৰ্মখনৰ কাষতে পংকজ তালুকদাৰ নামৰ এজন উদ্যোমী যুৱকৰ আন এখন গাহৰি ফাৰ্ম আছে। এই ফাৰ্মখনৰ জৰিয়তে পংকজেও স্বাৱলম্ভিতাৰ নিদৰ্শন দাঙি ধৰিছে। প্ৰায় ১০ বছৰ পূৰ্বকে পংকজ তালুকদাৰে আৰম্ভ কৰা ফাৰ্মখনত বৰ্তমান প্ৰায় ৬০ টা গাহৰি আছে। অশেষ কষ্ট কৰি চলাই থকা ফাৰ্মখন একমাত্ৰ বেংকে ঋণ যোগান নধৰাৰ বাবে সম্প্ৰসাৰণ কৰিব পৰা নাই বুলি পংকজে এই প্ৰতিবেদকক জানিবলৈ দিয়ে। তদুপৰি কমল তালুকদাৰ আৰু পংকজ তালুকদাৰে ধান খেতি, ৰবি শস্যৰ খেতি কৰাৰ লগতে আৰু পুখুৰীত মাছ পুহিও ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

উৎস: দৈনিক অসম(কামিনীকান্ত মিশ্ৰ)

3.27777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top