অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বি টি এ ডিত আন এক সেউজ বিপ্লৱ

বি টি এ ডিত আন এক সেউজ বিপ্লৱ

মাতৃভূমিৰ ওপৰত চলা শোষণ, বঞ্চনাৰ পৰা মুক্তি বিচাৰি হাতত বন্দুক তুলি লোৱা এসময়ৰ বিপ্লৱী যোদ্ধা এতিয়া একো একো জন চাহ খেতিয়কৰ ৰুপত আৱিৰ্ভাৱ হৈ সমাজৰ অন্যতম সদস্য হিচাপে চিহ্নিত হৈছে। হাতৰ বন্দুক এৰি ক্ষুদ্ৰ চাহ খেতিৰ জৰিয়তে ৭ হাজাৰ যুৱকে ক্ষুদ্ৰ চাহ বাগিচা গঢ়ি তুলি স্বাৱলম্বী হোৱাই নহয়, ৪০ ৰ পৰা ৫০ হাজাৰ পৰিয়ালক দিব পাৰিছে আত্মসংস্থাপনৰ সুবিধা। বিদ্ৰোহী সংগঠন আলফা, এন ডি এফ বি, বি এল টি, বড়ো ভলণ্টিয়াৰ ফ’ৰ্চৰ উপৰি জাতীয় সংগ্ৰামী সংগঠন এবছুৰ প্ৰাক্তন নেতা-কৰ্মীৰ উপৰি এচাম জন প্ৰতিনিধি, সমাজকৰ্মীয়ে সেউজ বিপ্লৱৰ সূচনা কৰি অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে। এই সকল নেতৃ স্থানীয় লোকে সেউজীয়া সপোন বুকুত বান্ধি কৰ্ম সংস্কৃতিৰ আন এক সংগ্ৰামত জঁপিয়াই পৰিছে বি টি এ ডিৰ উৰ্বৰা মাটিত। প্ৰায় ২০ বছৰ ধৰি ক্ষুদ্ৰ চাহ খেতিৰ সৈতে জড়িত হৈ অহা প্ৰাক্তন বিদ্ৰোহ সকলৰ ভিতৰত আছে গৌতম শৰ্মা, হেম ডেকা, প্ৰমোদ হাজৰিকা, অৰুণ শইকীয়া, ৰিণ দাও, গৌতম বড়ো, জোনাক দৈমাৰী, দাউখা বড়ো, শুখ্ৰাম বড়ো, ফৌলাও বসুমতাৰী, তৰুণ বাগলাৰী, মণিৰাম বড়ো, জৌশ্ৰাং বড়ো, জাউলিয়া বড়ু আদি। উল্লেখ্য যে সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ডিমাকুছি মণ্ডলত ৪,২০০ জন ক্ষুদ্ৰ চাহ খেতিয়কৰ নাম পঞ্জীয়ন হৈ আহিছে। তদুপৰি এহাজাৰৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়ক পঞ্জীয়ন ভুক্ত নোহোৱাকৈ আছে। ইয়াৰে জৌশ্ৰাং বড়োৱে ৬৫ বিঘা, মণিৰাম বড়োৱে ৩০ বিঘা, ৰিণ দাৱে ৭০-৭৫ বিঘা, গৌতম শৰ্মাই ৩২ বিঘা, প্ৰমোদ হাজৰিকাই ৪০-৪২ বিঘা, ফৌলাও বসুমতাৰীয়ে ৩২ বিঘা গোবিন্দ বসুমতাৰীয়ে ২০-২৫ বিঘা, কনক বড়োৱে ১২ বিঘা, ৰুবুল বড়োৱে ৩০-৩৫ বিঘা মাটিত চাহ খেতি কৰিছে। ভৱেন বড়ো, হৰকান্ত দৈমাৰী, ৰমাকান্ত গয়াৰী, মনচুমা বড়ো, অৰুণ দৈমাৰী, গিৰীন বসুমতাৰী আদিয়ে সাধ্য অনুসৰি চাহ খেতিত লাগি পৰিছে। জন প্ৰতিনিধি তথা ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৭০ বিঘা, বি টি ছিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে ৪০ বিঘা, জগদীশ চৰকাৰে ২০ বিঘা, পানেৰীৰ বিধায়িকা কমলী বসুমতাৰীয়ে ৭০ বিঘা, বি ড়ি চিৰ উপাধ্যক্ষ নেৰছন বড়োৱে ১৫-২০ বিঘা, প্ৰাক্তন এম চি এল এ ৰাতিৰাম বড়োৱে ১০-১২ বিঘা মাটিত ক্ষুদ্ৰ চাহ খেতি গঢ়ি তুলিছে। প্ৰাক্তন বিদ্ৰোহী, ছাত্ৰনেতা, ৰাজনৈতিক ব্যক্তি, সমাজকৰ্মী, সংবাদ মাধ্যমৰ কৰ্মীৰ উপৰি একাংশ উচ্চ শিক্ষিত নিবনুৱা যুৱকে ওদালগুৰি জিলাৰ হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ডিমাকুছি মণ্ডলত চাহ খেতিত প্ৰৱল ৰুপত আত্ম নিয়োগ কৰি ৰাজ্য খনৰ শিক্ষিত নিবনুৱা সকলৰ বাবে আদৰ্শ হৈ পৰিছে।

ডিমাকুছি মণ্ডলত অধিক উন্নত মানৰ চাহপাত উৎপাদন কৰা চাহ খেতিয়ক সকলে দৈনিক ২ লাখ কিলোগ্ৰাম কেঁচা চাহপাত বিক্ৰী কৰি আহিবলৈ সক্ষম হৈছে। এই সকল ক্ষুদ্ৰ চাহ খেতিয়কে সু-সংগঠিত ভাৱে সাংগঠনিক কাম-কাজ পৰিচালনা কৰিবলৈ সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা নামৰ এটা সংগঠন গঢ়ি তুলিছে। কাম-কাজত সুবিধাৰ বাবে সংগঠনটোক ডিমাকুছি মণ্ডল, আমজুলি মণ্ডল, ভৈৰৱকুণ্ড মণ্ডল আৰু নাগ্ৰীজুলি মণ্ডলত বিভক্ত কৰিছে। সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি দায়িত্বত আছে প্ৰণয় বসুমতাৰী আৰু সম্পাদক পদত আছে বিজিত বসুমতাৰী। মূল সংগঠনটো ২১ জন সদস্যৰে গঠন কৰা হৈছে। আনহাতে, ডিমাকুছি মণ্ডলত দেবিডচন দৈমাৰীক সভাপতি, প্ৰমোদ হাজৰিকাক সম্পাদক ৰুপে লৈ ২১ জনীয়া সমিতি খনে কাৰ্যনিৰ্বাহ কৰি আইছে। ডিমাকুছি মণ্ডলত পুৰুষ শ্ৰমিকক ১২০ টকা আৰু মহিলা শ্ৰমিকক ১১০  টকাকৈ মজুৰি আদায় দি আহিছে। ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বাগিচাত ইয়াৰ প্ৰতিটো জাতি, জনগোষ্ঠীৰ শ্ৰমিকে কেচাঁপাত তুলি এক সমন্বয়ৰ বাৰ্তাও কাঢ়িয়াই আনিবলৈ সক্ষম হৈছে। শ্ৰমিক সকলক তেওঁলোকৰ প্ৰাপ্য মজুৰি সপ্তাহত আদায় দি অহাৰ লগতে দুৰ্গা পূজাত বোনাছ দি অহাৰো ব্যৱস্থা কৰি আহিছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই। ডিমাকুছি মণ্ডলত চাহৰ মান উন্নত হোৱাৰ বাবে ইয়াৰ চাহিদা বাঢ়ি আহিছে। ইয়াৰ বিপৰীতে অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ফেক্টৰী নথকাৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিব লগীয়া হৈছে বুলি জানিবলৈ দিছে। তদুপৰি মাটি ম্যাদী নোহোৱাৰ বাবে চৰকাৰী সা-সুবিধাৰ পৰাও তেওঁলোকে বঞ্চিত হৈ আহিব লগা হৈছে। ইফালে, হাতী-মানুহৰ তীব্ৰ সংঘাতৰ ফলত শ্ৰমিক সকলে আতংকত ভুগিব লগীয়া হোৱাৰ লগতে বহুজন শ্ৰমিকে মৃত্যুকো আঁকোৱালি ল’ব লগীয়া হৈছে।

ক্ষুদ্ৰ চাহ খেতিয়কে সন্থাই চাহৰ গুণাগুণ ৰক্ষা সম্পৰ্কত সজাগতা সৃষ্টি, ঔষধ প্ৰয়োগ আদি সকলো দিশ চোৱাচিতা কৰাৰ বাবে যোৰহাট কৃষি বিশ্ববিদ্যালয়ত প্ৰশিক্ষণ দিয়াই ৭ জন উচ্চ শিক্ষিত যুৱকক পৰিদৰ্শক ৰুপে নিয়োগ কৰিছে। কেচাঁপাত যোগান ক্ষেত্ৰতো যাতে কোনো সমস্যাৰ সন্মূখীন হ’ব নালাগে, তাৰ প্ৰতি লক্ষ্য ৰাখি ডিমাকুছি মণ্ডলত ৬২ খন সমিতি গঠন কৰা হৈছে। হত্যা, হিংসা, ধন দাবী, অপহৰণ, ভাবুকি আৰু সহজে ধন ঘটাৰ প্ৰৱণতাই এচাম যুৱকক গ্ৰাস কৰি অহাৰ সময়তে হাতৰ বন্দুক  পেলাই থৈ, ৰাজনীতিৰ পথাৰত থাকি কৰ্ম সংস্কৃতিত জড়িত হৈ নিজৰ লগতে সমাজ তথা ৰাজ্য খনলৈ আগবঢ়াই অহা বৰঙণি তথা অৱদান নিশ্চয়কৈ আদৰ্শ ৰুপে চিহ্নিত হৈছে।

লেখক: বাপন শৰ্মা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate