মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / বৈঠালাংছ’ৰ সফল কৃষক মহন্ত বড়ো:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৈঠালাংছ’ৰ সফল কৃষক মহন্ত বড়ো:

বৈঠালাংছ’ৰ সফল কৃষক মহন্ত বড়োৰ বিষয়ে লিখা হৈছে

 

কাৰ্বি আংলং নগাওঁ জিলাৰ সীমাৱৰ্তী চহৰ বৈঠালাংছ’ৰ সমীপৰ জামুগুৰি গাঁও। মৰিগাঁও জিলাৰ লাহৰিঘাটৰপৰা খহনীয়াত সৰ্বস্বান্ত হোৱা নগেন বড়োৰ পৰিয়ালটোৱে জীৱন আৰু জীৱিকাৰ তাড়নাত ২০০০ চনত এই গাঁওখনতেই আশ্ৰয় লৈছিল। গৰাখহনীয়াত নিশাটোৰ ভিতৰতে সকলো হেৰুৱাই পেলোৱা পৰিয়ালটোৰ সা-সম্পত্তি, মাটি-বাৰী, ধন-বিত বুলিবলৈ একোৱেই নাছিল। অত্যন্ত দুৰ্গম তথা আহুকলীয়া অঞ্চলটোত মাটি ভাঙি থিতাপি ল’বলৈ এমা-ডিমা সন্তানকেইটিৰ সৈতে পৰিয়ালটোৱে কিমান যে দুখ-কষ্ট মূৰ পাতি ল’ব লগা হৈছিল তাৰ কোনো লেখ-জোখ নাছিল। নগেন বড়ো কিন্তু হাৰি যোৱাবিধৰ লোক নাছিল। দুৰ্বাৰ সাহস আৰু গভীৰ আত্মবিশ্বাসেৰে তেওঁ আৰম্ভ কৰিছিল জীৱনযাত্ৰাৰ নতুন সংগ্ৰাম। নিষ্ঠা, একাগ্ৰতা, দৃঢ়তা, কষ্টসহিষ্ণুতা আৰু দুৰন্ত অভিলাষক মূলধন হিচাপে লৈ সকলো প্ৰতিবন্ধকতাক প্ৰত্যাহ্বান নেওচি নগেন বড়ো আগবাঢ়িছিল অনাগত ভৱিষ্যতৰ ৰং বোটলাৰ লক্ষ্যত। সফলতাই হাত বাউলি মতাৰ সময়তেই আকৌ যেন লাগি পৰিছিল খেলিমেলি। নগেন বড়োৱে কষ্টৰে কৰা বিভিন্ন কৃষিকৰ্মৰ ফচল বন্যহস্তীৰ উদৰস্থ হৈছিল। হস্তীকুলৰ অবাধ ৰম্যভূমি অঞ্চলটিত এয়া আছিল সকলোৰে বাবে তেনেই নৈমিত্তিক ঘটনা। তাৰ পিছত পোৱা-নোপোৱাৰ সংগ্ৰামৰ মাজতেই পৰিয়ালটোৱে চলাই গ’ল অৰ্দ্ধহাৰে-অনাহাৰে দুবেলা দুমুথি খাই লৈ জীয়াই থকাৰ পৰিক্ৰমা। লাহে লাহে সন্তানকেইটিয়েও পিতাকক কৃষিকৰ্মত সন্তানহঁতৰ সহযোগিতাই পিতাকক কেৱল সকাহ দিয়া নহয়, পামৰ সামগ্ৰিক আয় বৃদ্ধিতো অৰিহণা যোগায়। বড়োৰ দ্বিতীয় পুত্ৰ ক্মহন্ত এইক্ষেত্ৰত বিশেষ উদ্যমী। কেৱল উদ্যমীয়েই নহয়, ইতিবাচক উদ্ভাৱনী আৰু ব্যতিক্ৰমী চিন্তাৰো বাৰ্তাবাহক। মহন্তই মূল সমস্যাসমূহ উপলব্ধি কৰি কম ভূমিত অধিক উৎপাদন পাবৰ বাবে বহুমুখী পাম পদ্ধতিৰ পোষকতা কৰে। কৃষিকৰ্মত সমান্তৰালভাৱে ১৫-২০ কিলোমিটাৰ খোজকাঢ়ি বা চাইকেল চলাই গৈ পঢ়া-শুনাও চলাই যায় মহন্তি। তেনেদৰেই সুখ্যাতিৰে উচ্চতৰ মাধ্যমিকৰ ডেওনা পাৰ হয় যদিও আৰ্থিক দুৰৱস্থাই আৰু তেওঁক আগবাঢ়িবলৈ অনুমতি নিদিলে। অৱশ্যে আনুষ্ঠানিক শিক্ষা বেছি নহ’লেও মহন্তৰ মেধা, প্ৰজ্ঞা আৰু প্ৰতিভাত কাৰো সন্দেহ নাথাকে। কাম-কাজত পাকৈত, পৰিকল্পনাত নিখুঁত, ব্যৱস্থাপনাত সুন্দৰ মহন্তৰ ব্যক্তিত্বৰ কৰিশ্মা অঞ্চলটোত সৰ্বজনস্বীকৃত। মিষ্টভাষী, নম্ৰ, ভদ্ৰ, অমায়িক মহন্ত অঞ্চলটিত সকলোৰে অতি প্ৰিয় পাত্ৰ। ডেৰ কুৰি বসন্ত গৰকা যুৱকজনৰ চৰিত্ৰৰ অন্যতম ভূষণ হ’ল পৰোপকাৰিতা। মহন্তই চিন্তা কৰিবলৈ ল’লে- ‘এনেকৈ আৰু নহ’ব। হাতত থকা ১০ বিঘা কৃষি ভূমিকেই সফলভাৱে ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব’। এইখিনি সমলকে সাৰোগত কৰি মহন্তই বহুমুখী পাম পদ্ধতিৰে জয়যাত্ৰা আৰম্ভ কৰে। ইতিমধ্যে দুজন ভাতৃয়ে জীৱিকাৰ তাড়নাত আন ঠাইলৈ উঠি গৈ বিভিন্ন কামত জড়িত হয়। তাৰ পিছত সুন্দৰ পৰিকল্পনা, অভিজ্ঞতা আৰু উদ্ভাৱনী চিন্তাৰ সমাহাৰেৰে সমগ্ৰ কৃষিভূমি মহন্তই নকৈ সজোৱাৰ প্ৰয়াস কৰিলে। বিভিন্ন কৃষিকৰ্মৰ বাবে নিৰ্দিষ্ট কৰিলে সুকীয়া সুকীয়া ভূমি। উদাহৰণস্বৰূপে, ডেৰ বিঘামান মাটিত ধান খেতি কৰি বাকীখিনি ভিন ভিন পাচলি খেতিত ব্যৱহাৰ কৰিব ল’লে। উদ্দেশ্য- কোনোবা ডোখৰ মাটিৰপৰা আশানুৰূপ ফল নাপালেও আনডোখৰৰপৰা সেই ঘাটি যাতে পূৰাব পাৰি। ইতিমধ্যে মহন্তৰ লগত সম্পৰ্ক স্থাপিত হ’ল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ অগ্ৰণী বেচৰকাৰী সংস্থা ‘কলং-কপিলী’ৰ। এয়া আছিল মহন্তৰ উত্তৰণৰ অন্যতম যোগাত্মক ঘূৰ্ণন। কৃষি, মীন, পশুপালন, জলসিঞ্চন, মহিলা সবলীকৰণ আদি সফল প্ৰকল্প ৰূপায়ণেৰে বিশেষ সমাদৰ লাভ কৰা বেচৰকাৰী সংস্থাটিয়ে ‘নাবাৰ্ড’ৰ সহযোগিতাৰে জনজাতি উপ-আঁচনিৰ অন্তৰ্গত অঞ্চলটিত কৃষিভিত্তিক কাম-কাজেৰে উন্নয়নৰ বাবে আগবাঢ়ি আহিল। অতিকৈ পাছপৰা অঞ্চলটিত হাতী-মানুহৰ সহাৱস্থানেৰে বিকল্প কৃষি পদ্ধতিৰ সূচনা কৰাৰ বাবে সংস্থাটিয়ে কৰ্মপঞ্জী প্ৰস্তুত কৰি কাম হাতত ল’লে। সংস্থাটিৰ সম্পাদক আৰু সভাপতি ক্ৰমে জ্যোতিষ তালুকদাৰ আৰু বিনয় দাসে এই প্ৰতিবেদকক জানিবলৈ দিয়া মতে, পশুধনৰ লগত সমন্বিত মীন পালন আৰু বিকল্প কৃষি পদ্ধতিৰে অঞ্চলটিৰ উন্নয়ন সাধন কৰাই হৈছে তেওঁলোকৰ মূল কাৰ্যসূচী। উল্লেখ্য যে মীন বিশেষজ্ঞ ড° সঞ্জয় শৰ্মা সংস্থাটিৰ অন্যতম উপদেষ্টা। ড° শৰ্মাই জানিবলৈ দিয়া মৰ্মে মীন পালনে অঞ্চলটিত বিশেষ গতি লাভ কৰিছে আৰু মীন পালনত হাতীৰ সমস্যাও নাই আৰু ধান খেতি বা আন কৃষি কৰ্মতকৈ লাভ বহু বেছি। তেওঁলোকৰ এই যাত্ৰাপথত সহযোগী হিচাপে জড়িত হৈ পৰিল উদীয়মান প্ৰগতিশীল কৃষক মহন্ত বড়ো, ৰবীন চন্দ্ৰ খাখলাৰী, বাবলু খাখলাৰী, ৰঞ্জিত ৰাভা আদি। এনে এক প্ৰেক্ষাপটত মহন্তই নব্য উদ্ভাৱনী কৌশল আৰু বিকল্প ব্যৱস্থাৱলীৰে ‘কলং কপিলী’ৰ আচ্ছাদত আৰম্ভ কৰিলে সুনিৰ্দিষ্ট গতিপথ। মুঠ ভূমিৰ ডেৰ বিঘাত তিল খেতি, ডেৰ বিঘাত সৰিয়হ, তিনি বিঘাত মৰাপাটৰ খেতি কৰিবলৈ ল’লে মহন্তই। কৃষি বিশেষজ্ঞৰ লগত যোগাযোগ কৰি যাৱতীয় দিহা-পৰামৰ্শ দিয়া প্ৰয়োজনীয় বীজ-সাৰখিনিও কলং-কপিলীয়েই যোগান ধৰিলে। বাকী কিছু অংশত তামোল আৰু নেমুটেঙা ৰোপণ কৰি হাতীক সহজতে খেদিব পৰা অংশত কৰিবলৈ ল’লে ফুলকবি, বেঙেনা, লেচেৰা, ফ্ৰেন্সবীন, পানীলাউ, ৰঙালাউ আদি। বাকী ডেৰ বিঘাত মীন পালনৰ বাবে পুখুৰী খান্দি গাহৰিৰ লগত সমন্বয় কৰিলে। উল্লেখ্য যে তিল, সৰিয়হ, মৰাপাট, হালধি, তামোল, নেমুটেঙাৰ খেতিত হাতীয়ে ক্ষতি নকৰে। নিখুঁত ব্যৱস্থাপনা আৰু শৃংখলাবদ্ধ পদক্ষেপৰ ফলত মহন্তৰ আয় বৃদ্ধি পালে দুগুণলৈ। ইতিমধ্যে যুৱকজনে আৰু দুবিঘা ভূমি ক্ৰম কৰি মীন পালন সম্প্ৰসাৰণ কৰাৰ প্ৰস্তুতি প্ৰায় চূড়ান্ত কৰিছে। এই ধাৰা অব্যাহত থাকিলে অনাগত দিনত মহন্ত অধিক লাভাম্বিত্ হোৱাটো খাটাং। মীন বিশেষজ্ঞগৰাকীয়ে(৯৪৩৫৩০৯৫৬৮) জনোৱা মতে, অঞ্চলটোৰ মাটি, পানী, জলবায়ু, ভৌগোলিক অৱয়ৱ মীন পালনৰ বাবে অতি উপযুক্ত। সেয়েহে ইয়াত মীন পালনৰ জৰিয়তে কম কষ্টত অধিক লাভাম্বিত হোৱাত কোনো সন্দেহৰ অৱকাশ নাই। বুদ্ধিমানৰ পৰিচয় দি মহন্তই কেৱল নিজে খোৱাৰ বাবে ডেৰ বিঘা মানতহে ধান খেতি কৰে। বিপণনৰ বাবে নিজেই বৈঠালাংছ’ৰ বজাৰলৈ লৈ যায় ফচল। বছৰেকত সকলো খৰচ বাদ দি হাতত থাকে তিনি লাখমান টকা।

মহন্ত বড়ো(৮৭৫২৮৪৩৫৩০) অৰ্থনৈতিকভাৱে অনগ্ৰসৰ যুৱক-যুৱতীসকলৰ বাবে আদৰ্শৰ প্ৰতিভূ। মহন্তই প্ৰমাণ কৰি দিছে যে প্ৰবল ইচ্ছাশক্তি, দূৰন্ত কৰ্মোদ্যম আৰু কাম কৰাৰ অভিলাস থাকিলে প্ৰাপ্তিৰ পথত একোৱেই হেঙাৰ হ’ব নোৱাৰে। পিতৃ-মাতৃ, দাদা-বৌ, ভতিজী আদিৰে এখন ভৰা সংসাৰৰ মধ্যমণি মহন্ত। হাতী- মানুহৰ সংঘাতৰ বিপৰীতে ইতিবাচক সহাৱস্থান কৰি মহন্তই দেখুৱাই দিয়া পৰিক্ৰমা বহুতৰ বাবেই অনূকৰণীয় চানেকী। আপুনিও এবাৰ মহন্ত বড়োৰ পাম পৰিদৰ্শন কৰি উপকৃত হ’ব পাৰে। বিশদ তথ্যৰ বাবে মহন্ত বড়ো বা ‘কলং-কপিলী’ৰ সম্পাদক জ্যোতিষ তালুকদাৰৰ(৯৮৫৯৩৩৩৩২০) লগত যোগাযোগ কৰিব পাৰে। মীন পালন সম্পৰ্কীয় যিকোনো দিহা-পৰামৰ্শৰ বাবে সংশ্লিষ্ট বিষয়ক বিশেষজ্ঞৰ লগত(৯৪৩৫৩০৯৫৬৮) নম্বৰত যোগাযোগ আদৰণীয়।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা(দৈনিক অসম)

নাৰ্জি ফুলৰ খেতিৰে স্ব-নিয়োজন:-

 

ৰাজ্যৰ বহু ভিতৰুৱা অঞ্চল আছে, য’ত সহজ-সৰল মহিলাসকলে কৰ্মক্ষেত্ৰত পুৰুষৰ সৈতে সমানে সমানে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। গ্ৰামাঞ্চলৰ একাংশ মহিলাই ঘৰুৱা কামতে ব্যস্ত নাথাকি এখোজ আগবাঢ়ি আহি স্বনিয়োজনৰ বাট মুকলি কৰাই নহয়, অন্যৰ বাবে আদৰ্শস্বৰূপো হ’বলৈ হৈছে।

শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভঙা মন্দিৰ গাঁৱৰ ৩৫ গৰাকী মহিলাই এনে এক আদৰ্শ স্থাপন কৰিবলৈ সমৰ্থ হৈছে। এই মহিলা কেইগৰাকীয়ে ‘সমৃদ্ধি’ নামেৰে এটা গোট খুলি ৫ বিঘা মাটি লীজত লৈ সেই মাটিত নাৰ্জি ফুলৰ খেতি কৰিছে। অসমত যথেষ্ট চাহিদা থকা নাৰ্জি ফুলৰ বীজ মহিলাসকলে পশ্চিমবংগৰপৰা আনি ৫ বিঘা মাটিত ১৫ হাজাৰ পুলি লগাইছে। মহিলাসকলৰ খেতিৰ নাৰ্জি ফুল এতিয়া লহপহকৈ বাঢ়িবলৈ ধৰিছে। প্ৰায় এমাহৰ পিছত নাৰ্জি ফুলবোৰ মহিলাসকলে বজাৰত বিক্ৰী কৰিব পাৰিব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে ভঙা মন্দিৰ গাঁওখনৰ এই ৩৫ গৰাকী মহিলাই পুৱা ৪ বজাৰপৰা ৬ বজালৈকে আৰু বিয়লি ৪ বজাৰপৰা সন্ধিয়া ৬ বজালৈ খেতিৰ নামত শ্ৰমদান কৰি বাকী সময়খিনি ঘৰুৱা কামত ব্যস্ত হৈ পৰে। তেওঁলোকে জানিবলৈ দিয়া মতে ৫ বিঘা মাটিত নাৰ্জি ফুলৰ খেতি কৰোতে প্ৰায় ১ লাখ টকা খৰচ হৈছে। মহিলা গোটটোৰ খেতি কৰাৰ আগ্ৰহ দেখি বৰছ্লা উন্নয়ন খণ্ডত কৃষি বিভাগৰ তত্ত্বৱধানত তেওঁলোকক প্ৰশিক্ষণো দিয়া হৈছে। নিৰ্মলা দেৱী, ৰীমা ডুংগেল, কুমাৰী দেৱী, জগমায়া দেৱী, দীপা দেৱী, কমলা দেৱী, ৰুক্মণী দেৱী, মঞ্জু দেৱী, কলাৱতী দেৱী, হীৰা দেৱী, অম্বিকা দেৱী, সবিতা পৌড়েল, মেনেকা দেৱী, গংগা গৌতম, বিকমায়া দেৱী, পূজা দেৱী, ইন্দিৰা গজুৰেল, লিনা অধিকাৰী, সুমিতা অধিকাৰী, জানুকা গজুৱেল, মেনকা বহুৰা, সীতা নেৱাৰ, উষা দেৱী, মমুনা দেৱী, শোভা দেৱী, অলকা অধিকাৰী, ৰশ্মিতা গৌতম, ৰীতা সিতকে, সুমিত্ৰা জুৱেৰি, ৰীতা গঞ্জু আদিকে ধৰি এইসকল মহিলাৰ এনেধৰণৰ ব্যতিক্ৰমী পদক্ষেপ প্ৰত্যেক্ষ কৰি বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুয়ে তেওঁলোকক প্ৰয়োজনীয় সহায় কৰাৰ আশ্বাস দিছে। ইফালে মহিলা গোটটোয়ে নাৰ্জি ফুলৰ পিছত পেপছিকামৰ খেতি কৰাৰ পৰিকল্পনা হাতত লোৱা বুলি সদৰী কৰিছে। এনেদৰে মহিলাসকলে নাৰ্জি ফুলৰ খেতি কৰি অঞ্চলটোৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে সংস্থাপনৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।

লেখক: পংকজ নাথ(দৈনিক অসম)

2.77777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top